Class 10 Assamese Chapter-14 | ধৰ ঝাৰু ধৰ ভাই

ধৰ ঝাৰু ধৰ ভাই

ধৰ ঝাৰু ধৰ ভাই

ধৰ ঝাডু ধৰ ভাই !
আৰু চাবৰ সময় নাই-
চাই থাকোঁতে মুখত কেৱল
ভৰিল কাজল-ছাই ।

সাতাম পুৰুষৰ
আহা! সোণৰ চোতাল ঘৰ
কত যুগৰ ভূঁহুৰ পৰি
আছে যে পোত খাই ।

কৰিলিতো ইমান দিনে
পৰ গোলামি হীনে-ঘিণে-
পূজা দিলি পৰ চৰণত
জীৱন ঢালি ধাৰে-ঋণে-
হ’ল এৱে তোৰ সময় হ’বৰ
জাতিৰ ঝাডুদাৰ যে ভাই ।

হিংসা-দ্বেষৰ, ভেদাভেদৰ,
ঘৃণা-ঘৃণি স্বার্থ ভেমৰ
কত যে কি মলি-মামৰ
ভৰি জাতিৰ জীৱন যায়,-
ধৰ ঝাডু ধৰ ভাই
বীৰ-বেশেৰে ধৰ ঝাডু ধৰ
জাতিৰ জীৱন কৰ মনোহৰ
সাৰি-পুছি চুকে-কোণে
যত যি আছে জাহি-জাবৰ

নহ’লে যে বিশ্ব-সভাত
নহ’ব তোৰ বহাৰ ঠাই ।

ধৰ ঝাৰু ধৰ ভাই- মূলভাৱ 

প্ৰতিটো কবিতাৰ মূল বিষয়বস্তু হল কবিতাৰ মূলভাৱ আৰু কিছু শব্দ-অৰ্থ । সেই গতিকে আমি প্ৰথমতে অসম  কেশৰী অম্বিকাগিৰী  ৰায়চৌধুৰীৰ ধৰ ঝাৰু ধৰ ভাই কবিতাৰ মূলভাৱ আলোচনা কৰিব গৈ আছোঁ।

ধৰ ঝাড়ু ধৰ  ভাই  ‘ কবিতাটিৰ  কবি  অম্বিকাগিৰী  ৰায়চৌধুৰীদেৱে  সকলোধৰণৰ  হিংসা , গোলামি তথা  পৰাধীনতাৰ  পৰা  সকলোকে  একগোট  হ’বলৈ  আহ্বান  জনাইছে ৷ অসম কেইবাযুগো  ধৰি  ইংৰাজৰ  শাসনৰ  অধীনত  আছিল৷  সেই  সময়ত  অসমৰ  নিজস্ব  ঐতিিহ্য  তথা  গৰিমা  কাণৰ  বুকুত  হেৰুওৱাৰ  উপক্ৰম  হৈছিল অসমীয়া  জাতিটোৰ  অস্তিত্ব  বিপন্ন হৈছিল ৷

তথাপি  অসমৰ  মানুহৰ  জাতীয়  চেতনা  জাগ্ৰত  হোৱা  নাছিল ৷ স্বাৰ্থ  ৰক্ষাৰ  বাবে বহুলোকে ইংৰাজৰ  তলত  গোলামিহে  খাটিছিল ৷ ব্যক্তিগত  লাভৰ  বাবে  এজন  অসমীয়াই আন  এজন  অসমীয়াক হিংসা  কৰিছিল  ৷ ঘৃণাৰ  জুয়ে  জাতিটোক  পুৰি  মুখত  ছাই  সানিছিল ৷ এনে  এক  পৰিৱেশ  কবিয়ে  সহিব  পৰা  নাছিল ৷

ধৰ ঝাৰু ধৰ ভাই

ভাৰতৰ  স্বাধীনতা  আন্দোলনৰ  অংশীদাৰ  আছিল  কবি  ৷ দেশ  তথা জাতিক  তেওঁ  বজ্ৰকণ্ঠে আহ্বান  জনাইছিল মুক্তিৰ  বাবে  যুঁজিবলৈ ৷ নিজৰ  মাজত  থকা  অসূয়া- অপ্ৰীতি দূৰ  কৰি জাতিৰ অস্তিত্ব  উদ্ধাৰৰ বাবে  অগুৱাই  আহিবলৈ  কৈছিল ৷ এই  সংগ্ৰামত  জনতাক  বীৰ বেশেৰে  উপস্থিত  থাকিবলৈও  তেওঁ নিৰ্দেশ  দিছিল ৷ নিজৰ  মাজত  থকা  বেয়াখিনিক  জাৱৰ জ্ঞান কৰি সেইবোৰ  চাফা  কৰি  পেলাবলৈও দেশৰ  মানুহক  তেওঁ  কৈছিল ৷ এগৰাকী ঝাড়ুদাৰে যেনেদৰে  ঘৰৰ চুক-কোণ সাৰি -পুছি  চিকুনাই  ৰাখে , তেনেদৰে  মানুহকো নিজৰ  মাজত থকা  ভেদাভেদ , ঘৃণা , হিংসা-বিদ্বেষ আদি  আঁতৰাই  একগোট  হৈ  দেশৰ  স্বাধীনতাৰ হকে  যুঁজিবলৈ  নিজৰ কণ্ঠৰে আহ্বান জনাইছিল ৷

কবিয়ে  ইয়াকো  কৈছিল যে  অসমীয়াই  সকলো  ভেদ-ভাব আঁতৰাই  সময়  থাকোঁতেই ইংৰাজৰ  বিৰুদ্ধে  নুযুঁজিলে  অসমৰ  স্থান  বিশ্বৰ  চকুত  অৱনমিত  হ’ব ৷

কবিতাটি  স্বদেশ  প্ৰেমৰ  ভাৱেৰে  ভৰি  আছে  য’ত  তেওঁ দেশমাতৃৰ  অস্তিত্ব  সুৰক্ষিত কৰাৰ  সংগ্ৰামত জয়ী হ’ব  বিচাৰিছে ৷ কবিতাটি পঢ়ি  প্ৰতিগৰাকী  পাঠকে  নিজকে  দেশৰ  বাবে  ঝাড়ুদাৰৰ  ৰূপত কল্পনা  কৰিব পাৰে আৰু  এয়াই  কবিৰ  সাৰ্থকতা ৷

ধৰ ঝাৰু ধৰ ভাই-  অতি  চমু প্ৰশ্নৰ  উত্তৰ

(ক) অম্বিকাগিৰী  ৰায়চৌধুৰীক  কি  আখ্যা দিয়া  হয়  ?
উত্তৰ:  অসম কেশৰী ৷

(খ) সাতামপুৰুষীয়  ‘ সোণৰ  চোতাল-ঘৰ ‘ কিহৰে  পোত  খাই  আছে  বুলি  কবিয়ে  কৈছে ?
উত্তৰ:
 বহু  যুগৰ  ভূঁহুৰ  পৰি  পোত  খাই  আছে ৷

(গ) জাতিৰ  জীৱন  মনোহৰ  কৰিবলৈ  কবিয়ে  কি  বেশেৰে  ঝাড়ু  ধৰিবলৈ কৈছে ?
উত্তৰ:
 ঝাড়ুদাৰ  বেশেৰে ৷

(ঘ) কবিয়ে  চাই  থাকোঁতে  থাকোঁতে  মুখ  কিহৰে  ভৰি  পৰিল  বুলিছে  ?
উত্তৰ:
 কাজল -ছাইৰে  ৷

ধৰ ঝাৰু ধৰ ভাই- চমু প্ৰশ্নৰ  উত্তৰ

2/ ‘ হ’ল  এৱে  তোৰ  সময়  হ’বৰ
জাতিৰ  ঝাড়ুদাৰ  যে  ভাই  ৷ ‘
-ইয়াত  কবিয়ে  কি  কাৰণে  ‘ জাতিৰ  ঝাড়ুদাৰ ‘ হোৱাৰ  সময়  হ’লহি  বুলি  সকীয়াই  দিছে ?

উত্তৰ:   কেইবাযুগো  ধৰি অসমীয়া জাতি  ইংৰাজৰ  শাসনৰ  অধীনত  আছিল যাৰফলস্বৰূপে  নিজস্ব  ঐতিহ্য  তথা  গৰিমা  কাণৰ  বুকুত  হেৰুওৱাৰ  উপৰিও জাতিটোৰ  অস্তিত্ব  বিপন্ন  হৈছিল ৷ তথাপি  অসমৰ  মানুহৰ  জাতীয়  চেতনা  জাগ্ৰত  হোৱা  নাছিল ৷ স্বাৰ্থ  ৰক্ষাৰ  বাবে বহুলোকে ইংৰাজৰ  তলত  গোলামিহে  খাটিছিল আৰু ধাৰে ঋণে ভৰি পৰিছিল ৷  ব্যক্তিগত  লাভৰ  বাবে  এজন  অসমীয়াই  আন  এজন  অসমীয়াক হিংসা  কৰিছিল  ৷ ঘৃণাৰ  জুয়ে  জাতিটোক  পুৰি  মুখত  ছাই  সানিছিল ৷ এনে  এক  পৰিৱেশ  কবিয়ে  সহিব  পৰা  নাছিল ৷ সেইবাবে  তেওঁ  সকলোকে নিজৰ জাতিটোৰ অস্তিত্ব ৰক্ষাৰ বাবে  ‘জাতিৰ ঝাড়ুদাৰ হোৱাৰ  সময়  হ’ল বুলি সকীয়াই  দিছে ৷

 ‘নহ’লে  যে  বিশ্ব  সভাত

নহ’ব  তোৰ বহাৰ  ঠাই  ৷ ‘
— বিশ্ব  সভাত  বহাৰ  ঠাই  পাবলৈ  কবিয়ে  কি  কৰিবলৈ নিৰ্দেশ  দিছে  ?

উত্তৰ: কবিয়ে  সকলোকে নিজৰ জাতিটোৰ অস্তিত্ব ৰক্ষাৰ বাবে তথা বিশ্বত নিজৰ স্থান অটুট ৰাখিবলৈ   ‘জাতিৰ ঝাড়ুদাৰ হ’বলৈ  নিৰ্দেশ  দিছে ৷ ইয়াৰ  বাবে  তেওঁ নিজৰ জাতিৰ চুকে -কোণে  থকা হিংসা , ঘৃণাৰ জাহি -জাবৰ চাফা কৰিবলৈ  বীৰ  বেশেৰে  ঝাড়ু  মাৰিবলৈ  নিৰ্দেশ  দিছে ৷

 ‘ধৰ ঝাডু ধৰ  ভাই  ‘ — কবিতাটিৰ  মূলভাৱ  লিখা ৷

উত্তৰ: প্ৰথমতে কবিতাটোৰ মূলভাৱ উল্লেখ কৰা হৈছে তাৰ পৰা আপুনি লব পাৰে।

ধৰ ঝাৰু ধৰ ভাই- ব্যাখ্যা  কৰা

৫/ (ক) হিংসা -দ্বেষৰ  , ভেদাভেদৰ  ,
     ঘৃণা – ঘৃণি  স্বাৰ্থ  ভেমৰ
      কত  যে  কি  মলি-মামৰ
      ভৰি জাতিৰ  জীৱন যায় ৷
উত্তৰ:
 উক্ত কবিতাফাঁকি আমাৰ পাঠ্যপুথি  ” অসমীয়া  সাহিত্য  চয়নিকা ‘ ৰ অন্তৰ্গত অম্বিকাগিৰী  ৰায়চৌধুৰীদেৱে   বিৰচিত ‘ধৰ ঝাডু  ধৰ  ভাই  ‘  নামৰ  কবিতাটিৰ পৰা তুলি দিয়া হৈছে ।
পৰাধীনতাৰ  শিকলিয়ে  অসমীয়া  জাতিৰ  অস্তিত্ব  কিদৰে  নিঃশেষ কৰি  পেলাইছিল  তাকে  ক’বলৈ  কবিয়ে এই  কবিতাফাঁকিৰ  অৱতাৰণা  কৰিছে ৷ 
যুগ  যুগ  ধৰি  অসম  ইংৰাজৰ  তলতীয়া  হৈ  আছিল  ৷ শাসনকাল  যুগমীয়া  কৰিবলৈ  ইংৰাজে  আশ্ৰয়  লৈছিল  বিভাজন  নীতিৰ ৷ মানুহৰ  মাজত  সৃষ্টি  কৰিছিল  হিংসা -অসুয়া , ভেদাভেদ আৰু  ঘৃণা ৷ ইংৰাজৰ প্ৰলোভনত  ভোল  গৈ স্বাৰ্থাম্বেষী হৈ পৰিছিল অসমৰ  বহু জনগণ ৷ নিজৰ  জাতি  তথা দেশৰ  স্বকীয়  অস্তিত্বৰ  কথা  পাহৰি  মানুহে  নিজ  ভেম -অহংকাৰ  ৰক্ষাত  গুৰুত্ব  দিছিল ৷ ফলত  সকলো  এৰি যুগৰ  পাছত  যুগ  মানুহে  গোলামি  খাটিছিল ইংৰাজৰ  বাবে ৷ অসমৰ  জনগণৰ  জাতীয়  চেতনাৰ  অভাৱত  জাতিটো  মৃতপ্ৰায়  অৱস্থাত উপনীত হৈছিল ৷  

(খ) ধৰ ঝাডু  ধৰ  ভাই  ৷
      আৰু  চাবৰ  সময়  নাই —
     চাই  থাকোঁতে  মুখত  কেৱল
      ভৰিল কাজল  -ছাই ৷

উত্তৰ:  উক্ত কবিতাফাঁকি আমাৰ পাঠ্যপুথি  ” অসমীয়া  সাহিত্য  চয়নিকা ‘ ৰ অন্তৰ্গত অম্বিকাগিৰী  ৰায়চৌধুৰীদেৱে   বিৰচিত ‘ধৰ ঝাডু  ধৰ  ভাই  ‘  নামৰ  কবিতাটিৰ পৰা তুলি দিয়া হৈছে ।
           পৰাধীন  অসমৰ  মানুহক  সজাগ  কৰিবলৈ  কবিয়ে  এই  কবিতাফাঁকি  প্ৰকাশ  কৰিছে ৷
    অসমক  বহু  বছৰ  ধৰি  শাসন  কৰিছিল  ইংৰাজে  ৷ নিজৰ  মাজত  মিলা-প্ৰীতি  নথকাৰ বাবে  আৰু  স্বাৰ্থপৰ  মনোবৃত্তিৰ বাবে  জাতিটোৰ গোলামিৰ  পৰা  মুক্ত হ’ব  পৰা  নাছিল ৷ নিজস্ব ঐতিহ্য , অস্তিত্ব ৰক্ষাৰ কথা পাহৰি া সমৰ  মানুহে  কেৱল  ইংৰাজৰ  তাত  দিন  কটাইছিল ৷  ফলত  অসম মৃত জাতি আৰু দেশত পৰিণত  হোৱাৰ  উপক্ৰম  হৈছিল ৷ তাকে  দেখি  কবিয়ে হাহকাৰ  কৰি  উঠিছিল ৷ দেশবাসীক  আহ্বান  জনাইছিল দেশৰ  হকে  যুঁজ  দিবৰ  বাবে ওলাই  আহিবলে ৷ দেশৰ  পৰাধীনতাক কবিয়ে কাজল-ছাইৰ লগত  তুলনা  কৰিছে আৰ  সেই  ছাই , পৰিস্কাৰ কৰিবলৈ অসমবাসিক  ঝাড়ুদাৰ  হ’বলৈ নিৰ্দেশ  দিছে ৷ ঝাড়ুদাৰে যিদৰে  চোতাল  ঘৰ  সাৰি -পুছি চিকুনাই  তোলে ৷ ঠিক  একেদৰেই  সময়  থাঁকোতেই অসমীয়াইও চৌপাশে থকা  ইংৰাজ  শাসনক  খেদি  অসমক  জাতি উদ্ধাৰ কৰিবৰ  সময়  হ’ল ৷

৬/ ‘ধৰ ঝাডু  ধৰ  ভাই  ‘ —কবিতাটিৰ  মাজেৰে  কবি  ৰায়চৌধুৰীৰ  স্বদেশপ্ৰেমৰ  ভাব  কিদৰে  প্ৰকাশ পাইছে  লিখা ৷

উত্তৰ: ‘ধৰ ঝাডু  ধৰ  ভাই  ‘ —কবিতাটিৰ   মুল  সুৰটোৱেই  হৈছে  স্বদেশপ্ৰেম  ৷ কবি  অম্বিকাগিৰী  ৰায়চৌধাৰী জাতীয়তাবাদী  চিন্তাধাৰাৰে পৰিপুষ্ট লোক ৷ জাতি  তথা  দেশৰ  উন্নতিৰ  বাবে  তেওঁ সদা উন্মখ  হৈ  আছিল ৷ এটা  সময়ত  অসম  ইংৰাজৰ  শাসনৰ  অধীনত  আছিল ৷ এটা  সময়ত  অসম  ইংৰাজৰ  শাসনৰ  অধীনত  আছিল   তথা গোলামি  খাটিবলগীয়া  হৈছিল ৷ ইংৰাজে  বিভেদৰ  ৰাজনীতিৰে  অসমৰ  জনগণৰ মাজত  বিয়পাই  দিছিল  ঘৃণা , অসূয়া ভেদাভেদৰ ভাব ৷ ফলত  নিজৰ  মাজত  অসমীয়া  পৰ  আছিল ৷ স্বাৰ্থপৰতাক প্ৰশয়  দি  ইংৰাজৰ  হকে  কাম  কৰি  বহু  অসমীয়াই এনে  কাৰ্যৰে  নিজৰ গাতে  কালিমা  সানিছিল ৷ কবিৰ  দেশপ্ৰেমিক  মনে  এইবোৰ  কথা  সহিব  পৰা  নাছিল ৷

মহাত্মা গান্ধীৰ  নেতৃত্বত  দেশজুৰি  চলা  আন্দোলনত  তেওঁ  আছিল  অক্লান্ত  কৰ্মী ৷ আন্দোলন  কৰি  কাৰবাস  খটাৰ  সময়ত  ৰচনা  কৰা  কবিতাটোত  সেয়ে  তেওঁৰ  দেশপ্ৰেম  উজ্বলি  উঠিছে ৷ এই  সংগ্ৰামত  জনতাক  বীৰ  বেশেৰে  উপস্থিত  থাকিবলৈও  তেওঁ নিৰ্দেশ  দিছিল ৷ নিজৰ  মাজত  থকা  বেয়াখিনিক  জাৱৰ  জ্ঞান কৰি সেইবোৰ  চাফা  কৰি  পেলাবলৈও দেশৰ  মানুহক  তেওঁ  কৈছিল ৷ এগৰাকী ঝাড়ুদাৰে যেনেদৰে  ঘৰৰ চুক-কোণ সাৰি -পুছি  চিকুনাই  ৰাখে , তেনেদৰে  মানুহকো নিজৰ  মাজত  থকা  ভেদাভেদ , ঘৃণা , হিংসা-বিদ্বেষ আদি  আঁতৰাই  একগোট  হৈ  দেশৰ  স্বাধীনতাৰ হকে  যুঁজিবলৈ  নিজৰ কণ্ঠৰে আহ্বান জনাইছিল ৷
         এনেদৰেই  কবিয়ে কবিতাটিৰ  মাজেৰে  স্বদেশপ্ৰেমৰ  ভাব  প্ৰকাশ  কৰিছে ৷

ধৰ ঝাৰু ধৰ ভাই- ভাষা বিষয়ক প্ৰশ্নৰ উত্তৰ

১/ বাক্য  ৰচনা  কৰা: হীনে –ঘিণে,  ধাৰে – ঋণে,  ঘৃণা-ঘৃণি, জাহি –জাবৰ, সাৰি –পুছি, মলি -মামৰ

উত্তৰ:

  • হীনে -ঘিণে: ইংৰাজৰ  শাসনকালত  কিছুমান  অসমীয়াই  হীনে-ঘিণে  ইংৰাজৰ  গোলামি  কৰিছিল ৷
  • ধাৰে – ঋণে:  আয় বুজি  খৰচ কৰিব নাজানিলে  ধাৰে -ঋণে  মানুহে মৰিবলগীয়া হয় ৷
  • ঘৃণা-ঘৃণি: মানুহে  মনৰ  পৰা  ঘৃণা-ঘৃণি ভাব  আতঁৰাই  চলিলে  আমাৰ  সমাজ খন  সুস্থ  হৈ  থাকিব ৷
  • জাহি –জাবৰ: আমাৰ  পৰিৱেশৰ পৰা  জাহি-জাবৰবোৰ  আঁতৰাই  ৰাখিলে পাৰিৱেশখন  চাফা হৈ  থাকে ৷
  • সাৰি –পুছি: মানুহজনীয়ে  ঘৰখন  সাৰি-পুছি ৰখাৰ  বাবে  ঘৰত বেমাৰ আজাৰ প্ৰায়ই  নহয় ৷
  • মলি –মামৰ: মনত  মলি-মামৰ  ভৰি  থকা  মানুহক  সমাজে  ঘৃণা কৰে ৷

২/  শব্দবোৰৰ  মূৰ্ধন্য ‘ ণ ‘ হোৱাৰ  কাৰণ দৰ্শোৱা: ঘৃণা,  ঋণ

উত্তৰ:  

ঘৃণা: একেটা  পদতে  থকা  ‘ ঋ ‘ বা ঋকাৰান্ত বৰ্ণৰ  পাছত দন্ত ন  মূৰ্দ্ধন্য  ‘ ণ ‘ হয় ৷

ঋণ:  একেটা  পদতে  থকা  ‘ ঋ ‘ ৰ  পাছত দন্ত ন  মূৰ্দ্ধন্য  ‘ ণ ‘ হয় ৷

৩/ বিপৰীত  শব্দ  লিখা : ঘৃণা,  স্ৱাৰ্থ, জীৱন, বীৰ

উত্তৰ:

শব্দ

বিপৰীত  শব্দ

 ঘৃণা

প্ৰেম

 স্ৱাৰ্থ

নিস্বাৰ্থ

জীৱন

মৰণ

বীৰ

কাপুৰুষ

Leave a Comment

Your email address will not be published. Required fields are marked *

error

Enjoy this blog? Please spread the word :)

Scroll to Top