Class 9 Assamese Ch-10 | পােহৰৰ বাটেৰে আগবঢ়া গাঁওখন

পােহৰৰ বাটেৰে আগবঢ়া গাঁওখন

পােহৰৰ বাটেৰে আগবঢ়া গাঁওখন- পাঠভিত্তিক প্রশ্নোত্তৰ

ভাব বিষয়ক :-

১। চমুকৈ উত্তৰ লিখা :

(ক) ৰাজপুত বীৰ মহাৰাণা প্ৰতাপৰ জন্ম কত হৈছিল?

উত্তৰঃ ৰাজপুত বীৰ মহাৰাণী প্ৰতাপৰ জন্ম ৰাজস্থানৰ উদয়পুৰত হৈছিল।

(খ) পিপলান্ত্ৰি গাঁওখন ক’ত অৱস্থিত?

উত্তৰঃ পিপলান্ত্ৰি গাঁওখন ৰাজস্থানৰ ৰাজছমন্দ নামৰ জিলাখনত অৱস্থিত।

(গ) কিহৰ বাবে পিপলান্ত্রি গাঁওখনে ‘গ্রীণিজ ৱৰ্ল্ড ৰেকৰ্ড’ছত স্থান পাইছিল ?

উত্তৰঃ মাৰ্বল পাথৰৰ বাবে পিপলান্ত্ৰি গাঁওখনে গ্ৰীণিজ ৱৰ্ল্ড ৰেকৰ্ডছ’ত স্থান পাইছিল ৷

(ঘ) পৃথিৱীৰ কোনখন দেশৰ পাঠ্যক্ৰমত পিপলান্ত্ৰি গাঁৱৰ সফলতাৰ কাহিনী অন্তর্ভুক্ত হৈছে?

উত্তৰঃ ডেনমাৰ্কৰ প্ৰাথমিক শিক্ষাৰ পাঠ্যক্ৰমত পিপলান্ত্ৰি গাঁৱৰ সফলতাৰ কাহিনী অন্তৰ্ভুক্ত হৈছে।

(ঙ) Tree Sisters’ নামৰ চিনেমাখন কোনে নিৰ্মাণ কৰিছিল?

উত্তৰঃ আর্জেন্টিনাৰ দল এটাই ‘Tree Sisters’ নামৰ চিনেমাখন নিৰ্মাণ কৰিছিল।

(চ) কিৰণ কোন আছিল?

উত্তৰঃ  কিৰণ পিপলাঞ্জি গাঁওখনৰ মুখিয়াল শ্যাম সুন্দৰ পালিৱালৰ কন্যা আছিল ৷

(ছ) ৰাখী-বন্ধনৰ দিনা পিপলান্ত্ৰি গাঁৱৰ ছোৱালী আৰু মহিলাসকলে কি কৰে? 

উত্তৰঃ ৰাখী-বন্ধনৰ দিনা গাঁওখনৰ ছোৱালী আৰু মহিলাসকলে গাঁৱৰ গছসমূহত ৰছী অর্থাৎ ৰাখী বান্ধে ৷

(জ) “কিৰণ নিধি যোজনা’ৰ আঁৰৰ মানুহজন কোন? 

উত্তৰঃ ‘কিৰণ নিধি যোজনা’ৰ আঁৰৰ মানুহজন শ্যাম সুন্দৰ পালিৱাল।

(ঝ) কোনো এজন মানুহৰ মৃত্যুত পিপলান্ত্ৰি গাঁৱৰ মানুহে কি কৰে? 

উত্তৰঃ কোনো এজন মানুহৰ মৃত্যুত পিঁপলাঞ্জি গাঁৱৰ মানুহে ১১ টাকৈ গছ পুলি ৰোপণ কৰে।

পােহৰৰ বাটেৰে আগবঢ়া গাঁওখন

২। পিপলান্ত্ৰি গাঁৱৰ পৰিৱেশ কিয় দূষিত হৈছিল ?

উত্তৰঃ পিপলাত্রি গাঁওখন মাৰ্বল পাথৰৰ ক্ষেত্ৰত অতি চহকী হোৱাত ডাঙৰ ব্যৱসায়ীসকলে কেইবাটাও বৃহৎ মাৰ্বল পাথৰৰ খনি আৰম্ভ কৰিছিল। ফলত লাহে লাহে গাঁওখনৰ প্রকৃতি ধ্বংস হৈ পৰিছিল। গছ-গছনিৰ সংখ্যা দ্রুতভাৱে কমি যোৱাত বৰষুণৰ পৰিমাণো কমি গৈছিল। ফলস্বৰূপে গাঁওখনৰ পৰিৱেশ দূষিত হৈ পৰিছিল।

৩। শ্যাম সুন্দৰ পালিৱাল কোন? পিপলান্ত্রি গাঁওখন পৃথিৱীবিখ্যাত হোৱাত তেওঁৰ অৱদান সম্পর্কে চমুকৈ লিখা।

উত্তৰঃ ৰাজছমন্দ জিলাৰ পিপলাঞ্জি গাঁৱৰ বাসিন্দা আছিল শ্যাম সুন্দৰ পালিৱাল। 2005 চনত তেওঁসেই গাঁৱৰ মুখিয়ালো হৈছিল।

ছবছৰতে মাতৃহাৰা হোৱা শ্যামসুন্দৰে জীৱন সংগ্ৰামৰ বাবে গাঁও এৰি গুচি গৈছিল যদিও গাঁৱৰ প্ৰতি থকা এক অবুজ টানে তেওঁক গাঁৱলৈ এসময়ত আহিবলগা কৰে। সেই সময়ত গাঁৱৰ পৰিৱেশ দূষিত অৱস্থাত আছিল। বৃহৎ বৃহৎ ব্যৱসায়ীৰ কৰ্ম কাণ্ডৰ ফলত ভূ-গৰ্ভৰ পানী ৮০০ ফুট তললৈ নামিছিল। উশাহ ল’বলৈ বিশুদ্ধ বতাহো নাপাইছিল মানুহে কিয়নো গছৰ সংখ্যা কমি গৈছিল৷ তেনে সময়তে শ্যাম সুন্দৰ গাঁৱৰ মুখিয়াল হৈছিল। হঠাৎ তেওঁৰ জীয়ৰী কিৰণৰ এদিন মৃত্যু ঘটে আৰু শোকত ম্ৰিয়মান পালিৱালে জীয়ৰীৰ স্মৃতিত এটা গছপুলি ৰোৱে। মুখিয়াল হিচাপে তেওঁ গাঁৱত কন্যা সন্তান জন্মিলে ১১১ টা গছপুলি ৰোপণৰ নিয়ম প্ৰৱৰ্তন কৰিলে।

লগতে গাঁওবাসীক চাৰিটা দায়িত্বও দিলে – (১) কন্যা সন্তানক ল’ৰা সন্তানৰ সমানেই প্রতিপালন কৰা, (২) পানী সংৰক্ষণ কৰা, (৩) গছ-গছনি ৰুই প্রতিপালন কৰা আৰু (৪) খেতি-বাতিৰ দ্বাৰা জীৱিকা নিৰ্বাহ কৰা। তেওঁ জানিছিল যে গাঁৱৰ পৰিৱেশ উন্নত হ’বলৈ হ’লে গছ লাগিব, কিয়নো গছে কেৱল সেউজ পৰিৱেশ সৃষ্টি কৰাই নহয়, ই মাটি সাৰুৱা কৰে আৰু ভূগৰ্ভৰ পানী ওপৰলৈ আনে ।

অৱশেষত পিপলাঞ্জি গাঁৱত গছ-গছনি ৰোপণৰ ফলত বিশুদ্ধ বায়ু বলিবলৈ ধৰিলে। বৰষুণৰ ফলত ভূ-গৰ্ভৰ পানী ওপৰলৈ আহিল আৰু মাটি সাৰুৱা হোৱাত খেতি বাতিও ভাল হ’ল। বিভিন্ন প্রজাতিৰ চৰাই বছৰি সেই গাঁৱৰ গছ গছনিলৈ আহে। মুঠতে গাঁওখন পৃথিৱীবিখ্যাত হৈ পৰিল। শ্যাম সুন্দৰ পালিৱালৰ দূৰদৰ্শিতাই ইয়াৰ মূল কাৰণ। পিপলাঞ্জি গাঁৱলৈ সুখ-সমৃদ্ধি উভতি অহাত সৰ্বাধিক অৱদান তেওঁৰেই।

৪। ‘কিৰণ নিধি যোজনা’ কি? এই যোজনাৰ অধীনত পিপলান্ত্ৰি গাঁৱৰ মানুহে কি কি বিশেষ চাৰিটা দায়িত্ব পালন কৰিব লাগে ?

উত্তৰঃ ‘কিৰণ নিধি যোজনা’ হৈছে পিপলাঞ্জি নামৰ গাঁওখনত তাৰে মুখিয়াল শ্যাম সুন্দৰ পালিৱালে তেওঁৰ মৃত কন্যা কিৰণৰ স্মৃতিত প্ৰৱৰ্তন কৰা এক আঁচনি, যাৰ অধীনত উক্ত গাঁওখনত কন্যা সন্তান জন্মিলে গাঁৱৰ ৰাইজে ১১১ টা গছপুলি ৰোপণ কৰে। এই যোজনাৰ অধীনত পিপলাঞ্জি গাঁৱৰ মানুহবোবে পালন কৰা চাৰিটা বিশেষ দায়িত্ব হৈছে–কন্যা সন্তানসকলক ল’ৰা সন্তানৰ দৰেই ভালকৈ ডাঙৰ-দীঘল কৰা, পানী সংৰক্ষণ কৰা, গছ গছনি ৰোপণ কৰা আৰু খেতি-বাতি কৰি নিজৰ প্ৰয়োজন পূৰ্ণ কৰা।

৫। কন্যা সন্তান সুৰক্ষাৰ বাবে শ্যাম সুন্দৰ পালিৱালে কেনেধৰণৰ আঁচনি লৈছিল ?

উত্তৰঃ শ্যাম সুন্দৰ পালিৱালে কন্যা সন্তানৰ সুৰক্ষাৰ বাবে ‘কিৰণ নিধি যোজনা’ নামেৰে এখন আঁচনি প্ৰৱৰ্তন কৰাৰ লগতে কিছুমান বিশেষ নিয়মৰ প্ৰচলন কৰিছিল। এই নিয়মবোৰ আছিল গাঁৱৰ কোনো লোকে কন্যা ভ্রূণ হত্যা কৰিব নোৱাৰিব। দ্বিতীয়তে, কন্যা সন্তানটোক মৰমেৰে আলফুলে ডাঙৰ-দীঘল কৰিব লাগিব আৰু সেই একে মৰম তথা যত্নৰে তাইৰ জন্মৰ সময়ত ৰোপণ কৰা ১১১ টা গছপুলিকো প্রতিপালন কৰিব লাগিব। তৃতীয়তে, কোনো কন্যা সন্তানকে শিক্ষাৰ পৰা বঞ্চিত কৰিব নোৱাৰিব। চতুৰ্থতে, কোনো পৰিস্থিতিতে ছোৱালী জন্মৰ পিছতে পিতৃ-মাতৃ তথা গাঁৱৰ ৰাইজে মিলি তাইৰ নামত বেংকত ৩১,০০০ ধনৰাশি জমা থ’ব যি ধনৰাশি কেৱল তাইৰ পঢ়াৰ বা বিয়াৰ কামতহে খৰচ কৰিব পাৰিব।

৬। পিপলান্ত্ৰি গাঁৱত প্ৰকৃতি আৰু মানুহৰ মাজত কেনেদৰে আত্মিক সম্পর্ক গঢ় লৈ উঠিছিল পাঠৰ সহায়ত লিখা।

উত্তৰঃ পিপলান্ত্ৰি গাঁৱত প্ৰকৃতি আৰু মানুহৰ মাজত আত্মিক সম্পর্ক গঢ় লৈ উঠিছিল। 

গছবোৰে তেওঁলোকক উশাহ ল’বলৈ বিশুদ্ধ অক্সিজেন দিছিল, গছৰ বাবেই ভূমি উৰ্বৰা হোৱাত শস্য নদন-বদন হৈছিল আৰু মানুহৰ সুখ-সমৃদ্ধি বাঢ়িছিল৷ সেয়ে মানুহে গছৰ প্ৰতিপালন আন্তৰিকতাৰে কৰিছিল ৷ ৰক্ষা বন্ধনৰ দিনা গাঁৱৰ জীয়ৰী আৰু মহিলাসকলে গছত ৰছী অৰ্থাৎ ৰাখী বন্ধাৰ নিয়মো প্ৰচলন হৈছিল। বন্যা সস্তানৰ জন্মৰ সময়ত ৰোৱা ১১১ জোপা গছৰ পুলিৰ প্ৰতিটোকেই পূৰ্ণাংগ গছত পৰিণত কৰাবলৈ আস্তৰিকতাৰে প্ৰতিগৰাকী মানুহেই দায়িত্ব পালন কৰিছিল। সময়ৰ অগ্ৰগতিৰ লগে লগে গছ আৰু মানুহ এক আত্মিক-আন্তৰিক বান্ধোনেৰে বান্ধ খাই পৰিছিল।

৭। পিপলান্ত্ৰি গাঁৱৰ সফলতাৰ কাহিনী কোনে কেনেকৈ প্ৰচাৰ কৰিছে? 

উত্তৰঃ পিপলাস্ত্ৰি গাঁৱৰ গছবোৰত প্ৰতি বছৰে বিভিন্ন প্রজাতিৰ চৰাইৰ আগমন ঘটে আৰু সেইবোৰ চাবলৈ বিভিন্ন ঠাইৰ পৰা বছৰি মানুহ আহে। এই গাঁৱৰ সফলতাৰ কাহিনী এতিয়া মানুহৰ মুখে মুখে। ভাৰতবৰ্ষৰ প্ৰায় প্রত্যেক সংবাদ মাধ্যম আৰু বাতৰি কাকতৰ জৰিয়তে এই গাঁৱৰ কাহিনী প্ৰচাৰ হৈ আহিছে ৷ কেৱল ছপা বা বৈদ্যুতিন মাধ্যমেই নহয়, ছ’চিয়েল মিডিয়াতো প্ৰচাৰ হৈছে পিপলাঞ্জি গাঁৱৰ সাফল্যৰ কথা। ফেচবুক, টুইটাৰ, ইউটিউব আদিৰ জৰিয়তে গাঁওখনৰ বহুত তথ্য উপলব্ধ হৈছে, যাৰ বাবে দেশ-বিদেশৰ মানুহৰ মনত এই গাঁৱৰ প্ৰতি ঔৎসুক্য বৃদ্ধি পাইছে। বিভিন্ন গৱেষকৰ দল, তথ্য-চিত্ৰ নিৰ্মাণকাৰীৰ দল, চিনেমা নির্মাণকাৰী দল এই গাঁৱলৈ আহিবলৈ লোৱাত গাঁৱৰ ৰাস্তা-ঘাট পকী কৰিলে চৰকাৰে। পিপলাষ্ট্ৰি গাঁৱক লৈ চিনেমাও নির্মাণ হৈছে। যি প্ৰত্যক্ষ কৰি অইন গাঁৱতো পিপলান্ত্ৰিৰ অনুকৰণত কাম হোৱা দেখা গৈছে৷ মুঠতে ব্যক্তিগত, চৰকাৰী-বেচৰকাৰী সকলো মাধ্যমৰ দ্বাৰাই পিপলান্ত্ৰি গাঁৱৰ সফলতাৰ কাহিনী প্ৰচাৰ হৈছে বুলি ক’ব পাৰি ।

৮। পিপলান্ত্রি গাঁওখন কিয় এখন আদর্শ গাঁও বুলি তুমি ভাবা ? পাঠটোৰ শিক্ষণীয় দিশ কোনবিলাক ?

উত্তৰঃ পিপলান্ত্ৰি গাঁওখনক আদর্শ গাঁও বুলি ভাবোঁ গাঁওখনলৈ সু-পৰিৱেশ ঘূৰাই আনিবলৈ 

শ্যাম সুন্দৰ পালিৱালে যি চাৰিটা দায়িত্ব পালিবলৈ গাঁওবাসীক কৈছিল, সেই চাৰিটা হ’ল – (ক) কন্যা সন্তানক ল’ৰা সন্তানৰ দৰেই ডাঙৰ-দীঘল কৰা, (খ) বৰষুণৰ পানী সংৰক্ষণ কৰা, (গ) গছ-গছনি ৰুই প্রতিপালন কৰা আৰু (ঘ) খেতি-বাতিৰে নিজৰ প্ৰয়োজন পূৰ কৰা । 

এই চাৰিটা কাম পৃথিৱীৰ যিকোনো গাঁৱৰ লোকেই কৰাটো জৰুৰী বুলি মই ভাবোঁ। এই চাৰিটা কামে গাঁওখনক যি ৰূপ দিলে সেয়াই এখন প্ৰকৃত গাঁৱৰ ছবি। গছপুলি ৰোপণ কৰা, বৰষুণৰ পানী সংৰক্ষণ কৰাটো আজিৰ সময়ত অত্যন্ত জৰুৰীও হৈ পৰিছে ৷ কিয়নো জনবসতি ঘন অঞ্চলত পানীৰ অভাৱ যথেষ্ট পৰিমাণে হোৱা দেখা যায়। এনে কৰিলে অন্য গাঁওবোৰতো ভূ-পৃষ্ঠৰ পানী ওপৰলৈ উঠি আহিব আৰু অন্য পিপলাত্রি গাঁও এখন গঢ় লৈ উঠিব। একেদৰে একবিংশ শতিকাত ল’ৰা-ছোৱালীৰ প্ৰভেদ ৰখাটো একেবাৰেই সমর্থনযোগ্য নহয়, কিয়নো উভয়ৰে পৰস্পৰ সহযোগিতাতহে সমাজ আগবাঢ়ে। কন্যা সন্তানৰ জন্মত ৰোৱা গছপুলিৰ বাবেই সেই গাঁৱৰ মানুহ বিশুদ্ধ অক্সিজেন লৈ জীয়াই থাকিব পাৰিছে, অন্য গাঁৱতো তেনে আদর্শ অনুকৰণ কৰা উচিত। মুঠতে সকলো দিশৰ পৰা পিপলাতান্ত্রি গাঁওখনক আদর্শ গাঁও বুলি মই ভাবোঁ।

সঁচাকৈয়ে ‘পোহৰৰ বাটেৰে আগুৱাবলৈ’ পাঠটিত কেইবাটাও শিক্ষণীয় দিশ চকুত পৰে। যেনে— মানসিক দৃঢ়তা, সুনির্দিষ্ট পৰিকল্পনা, উদ্যম, আগ্রহ আদি। এইবোৰৰ সংমিশ্ৰণত কেনেদৰে দুর্ভিক্ষৰ কবলত পৰা গাঁও এখন আজি বিশ্ববাসীৰ বাবে আদৰ্শ গাঁৱত পৰিণত হৈছে– সেইটো সকলোৱে শিকিবলগীয়া কথা। তদুপৰি প্ৰকৃতিৰ লগত মানুহৰ যে আন্তৰিকতা বা আত্মীয়তা গঢ় লৈ উঠিব পাৰে পাঠটোত সেই কথাটোও সুন্দৰভাৱে ফুটি উঠিছে।

৯। বহলাই, বুজাই লিখা :-

(ক) বাটা মাহত তেৰটা খেতি।

উত্তৰঃ প্রশ্নোঙ্কৃত কথাফাকিৰ দ্বাৰা প্ৰয়োজনতকৈ অধিক পৰিশ্ৰম কৰাৰ কথা বুজাব খোজা হৈছে।

মাহে যদি মানুহ এটা খেতিৰ কামতো ব্যস্ত থাকে, তথাপি বছৰি মুঠ খেতিৰ সংখ্যা হ’ব লাগে বাৰটা। অর্থাৎ নিয়মীয়াকৈ পৰিশ্ৰমী কার্যত জড়িত থাকিলেও বছৰেকৰ সংখ্যাটোহে হয়গৈ। কিন্তু কিছু এনে পৰিশ্ৰমী মানুহ আছে যিসকলে দেহে-কেহে খাটি বছৰৰ মুঠ মাহতকৈও অধিক সংখ্যাত খেতি কৰে। তেনে লোকৰ উপাৰ্জনো সৰহ হয়। কিয়নো উৎপাদিত সামগ্রী বিক্ৰী কৰি তেওঁলোকে অইনতকৈ অধিক ধন লাভ কৰে। কষ্ট কৰিব পৰা বয়সত যথেষ্ট পৰিশ্ৰম কৰি একাংশ লোকে জীৱনজুৰি সুখত কটায়। তাৰ পৰিৱৰ্তে এচামে পৰিশ্ৰম নকৰি আৰামতে সকলো পাব খোজে আৰু ভবা মতে একো নাপাই হা হুমুনিয়াহ কাঢ়ি দিন কটায় ৷ প্রশ্নোদ্ধৃত কথাষাৰিৰ দ্বাৰা এই কথা স্পষ্ট হৈছে যে অধিক পৰিশ্ৰমী লোকৰ বাবে কামত দিন হিচাপ কৰাৰ অৱকাশ নাই, তেওঁলোকে অবাবত সময় নষ্ট নকৰি কেৱল জীৱনলৈ সুখ আর্জে৷ তেওঁলোকৰ বাবে এবছৰো কমহে হয় বৰ্ষপূৰ্তিৰ বাবে।

(খ) স্বচ্ছ ভাৰত অভিযান।

উত্তৰঃ স্বচ্ছ ভাৰত অভিযান মানে হৈছে এখন নিকা পাৰিপাৰ্শ্বিক অৱস্থাৰ ভাৰত গঢ়া। ২০০৪ চনৰ ২ অক্টোবৰত ভাৰতৰ তদাস্তীন প্রধানমন্ত্ৰীয়ে এই আঁচনিৰ শুভাৰম্ভ কৰিছিল ৷ ২০১৯ চনত মহামানৱ মহাত্মা গান্ধীৰ ডেৰশ বছৰীয়া জন্মজয়ন্তীত তেওঁৰ প্রতি শ্রদ্ধাঞ্জলি হিচাপে এই স্বচ্ছতা অভিযান পৰিপূৰ্ণ কৰাৰ লক্ষ্য নিৰূপণ কৰা হৈছে৷ সু-পৰিৱেশত সুস্বাস্থ্য নিশ্চিতকৰণেই এই আঁচনিৰ মূল উদ্দেশ্য। ৰাইজক অনাময়ৰ ব্যৱস্থা সম্পর্কে সজাগ কৰা, ব্যক্তিগত অনাময় ব্যৱস্থাৰ প্ৰয়োজনীয়তালৈ লক্ষ্য ৰখাৰ লগতে দেশখনৰ চাফ-চিকুণতাৰ প্ৰতি মানুহক সজাগ কৰি তোলাও এই আঁচনিৰ অন্যতম উদ্দেশ্য। এই আঁচনিৰ অধীনত গছপুলি ৰোপণ, নলা-নর্দমা পৰিস্কাৰকৰণ ইত্যাদিও সামৰি লোৱা হৈছে। স্বচ্ছ ভাৰত অভিযান সফল কৰিবলৈ সকলোৰে ঐক্যবদ্ধ চেষ্টাৰ প্ৰয়োজন। অকলে এদিনতে দেশখন পৰিস্কাৰ কৰাটো অসম্ভৱ। ব্যক্তিবিশেষৰ উন্নতিয়েহে ৰাষ্ট্ৰৰ প্ৰগতি নিশ্চিত কৰে, সেই কথালৈ মন দি দেশত স্বাস্থ্যসম্মত পৰিৱেশ সৃষ্টিত সকলোৱে হাত উজান দিয়াটো সমীচিন।

(গ) সামাজিক মাধ্যম।

উত্তৰঃ সামাজিক মাধ্যম বা ছ’চিয়েল মিডিয়া হৈছে ইণ্টাৰনেট নেটৱৰ্কিং বা ৱেব প্ৰযুক্তিৰ সহায়ত চলা এটি ধাৰা। মানুহে পৃথিৱীৰ বিভিন্ন ঠাইত থকা মানুহৰ সৈতে যোগাযোগৰ এক সুন্দৰ মাধ্যম হৈছে এই ৱেবযুক্ত সামাজিক মাধ্যমসমূহ। প্ৰযুক্তিবিদ্যাই দ্রুত পৰিৱৰ্তনশীল কৰি তোলা আজিৰ মানুহৰ দৈনন্দিন জীৱনত সামাজিক মাধ্যমৰ ভূমিকা অনস্বীকার্য। এই মাধ্যমসমূহৰ জৰিয়তে মানৱীয় সম্পর্ক, সাহিত্য-সংস্কৃতি, ৰাজনীতি, অর্থনীতি, সমাজনীতি আদি সকলো বিষয়ৰে যেন সমন্বয় ঘটিছে৷ দৰাচলতে সামাজিক সম্পৰ্কৰ ভিত্তিত গঢ়ি উঠা বিশেষ ৱেবছাইটৰ দ্বাৰা ব্যক্তিয়ে নিজস্ব চিন্তা, ধ্যান-ধাৰণা আদি নিজস্ব নেটৱৰ্কত তুলি ধৰি সামাজিক সম্পর্ক গঢ়ি তোলে৷

ফেচবুক, টুইটাৰ, ইউটিউব, ইন্‌ষ্টাগ্রাম, স্নেপছাট, উইচাট, ৱাটছআপ আদি হৈছে কেইটামান বহুল ব্যৱহৃত সামাজিক মাধ্যম। এনে মাধ্যমসমূহৰ জৰিয়তে মানুহে ভবা কথাবোৰ পোষ্ট বা মস্তব্য হিচাপে লিখি, ফটো বা ভিডিঅ’ আদি আপলোড কৰি অইনৰ লগত একাত্মীয়তা স্থাপন কৰে। সামাজিক মাধ্যমৰ জৰিয়তে কম সময়ত যোগাযোগ স্থাপন কৰিব পৰা যায়। অৱশ্যে এনে মাধ্যম ভালদৰে ব্যৱহাৰ নকৰিলে কুফল ভোগ কৰিবলগীয়াও হয়। সামাজিক মাধ্যমৰ অতিমাত্ৰা ব্যৱহাৰে মানুহৰ স্বাস্থ্যত প্ৰভাৱ পেলোৱাৰ লগতে সামাজিক অৱক্ষয় বা ক্ষতি হোৱাও দেখা যায় । সেয়ে সামাজিক মাধ্যমৰ সফলতা নিৰ্ভৰ কৰে ব্যৱহাৰকাৰীৰ ওপৰত।

১০। বাক্য ৰচনা কৰা :-

হাতকামে; নিয়ম-শৃংখলা; দিনে নিশাই; খেতি-বাতি, আনন্দ-উল্লাস; ডাঙৰ-দীঘল; সুখ-সমৃদ্ধি।

উত্তৰঃ

হাতে-কামে :হাতে-কামে লাগিলেহে নিজৰ কাম সুচাৰুৰূপে সম্পন্ন হয়।

নিয়ম-শৃংখলা : বিদ্যালয়ত সকলোৱে নিয়ম-শৃংখলা মানি চলা উচিত।

দিনে-নিশাই : দিনে-নিশাই পৰিশ্ৰম কৰি কিতাপখন মৰমীয়ে লিখি উলিয়ালে। 

খেতি-বাতি : খেতি-বাতি বৰষুণ পাই নদন-বদন হৈছে।

আনন্দ-উল্লাস : চুনুৰ বিয়াখন আনন্দ-উল্লাসৰ মাজেৰে পাৰ হৈ গ’ল। 

ডাঙৰ-দীঘল : মামাকে মাতৃহীনা তৰক বৰ আলাসত ডাঙৰ-দীঘল কৰিছে।

সুখ-সমৃদ্ধি :  ঘৰখনত সুখ-সমৃদ্ধি উপচি পৰাৰ আশীৰ্বাদ দি হুঁচৰি দলটোৱে বিদায় ল’লে ৷

১১। কিয় মূৰ্দ্ধণ্য ‘ণ’ হৈছে লিখাঃ-

বৰষুণ; পৰিমাণ; ৰূপায়ণ।

উত্তৰঃ একেটা পদতে থকা ‘ঋ’, ‘ৰ’ আৰু ‘ষ’-ৰ পাছত থকা দস্ত্য ‘ন’ মূৰ্দ্ধণ্য ‘ণ’ হয়৷

১২। তলৰ শব্দবোৰৰ প্ৰতিটোৰে একোটাকৈ সমার্থক শব্দ লিখা :-

মুক্ত; বায়ু; বৃহৎ; পানী; গছ; চকু; গাঁও।

উত্তৰঃ  মুক্ত        :  মুকলি

            বায়ু       :   পৱন

             বৃহৎ     :  স্থূল

             পানী     : জল

             গছ       : বৃক্ষ, তৰুণ

             চকু       : অক্ষি

            গাঁও       :  গ্রাম

১৩। তলৰ উপসৰ্গকেইটাৰে একোটিকৈ শব্দ গঠন কৰাঃ-

প্রতি; অধি; উপ; অৱ; দুৰ্‌।

উঃ প্রতিবাদ; অধিনায়ক; উপনদী; অৱবাহিকা; দুৰ্গম

Leave a Comment

Your email address will not be published. Required fields are marked *

error

Enjoy this blog? Please spread the word :)

Scroll to Top