Class-9 Assamese Chapter-12 | লোক সংস্কৃতি

Class-9 Assamese Question Answer| Chapter-12| লোক সংস্কৃতি

পাঠভিত্তিক প্রশ্নোত্তৰ:-

ভাব বিষয়ক :-

তলৰ প্ৰশ্নসমূহৰ অতি চমুকৈ উত্তৰ লিখা :

(ক) লোককৃষ্টিৰ সাধাৰণ উত্তৰণক কি বোলা হয়?

 উত্তৰঃ লোককৃষ্টিৰ সাধাৰণ উত্তৰণক লোকসংস্কৃতি বোলা হয় ।

(খ) লোকসমাজত কোন সময়ৰ কথাৰ অধিক সমাদৰ?

উত্তৰঃ লোকসমাজত পুৰণি দিনৰ কথাৰ অধিক সমাদৰ।

(গ) লোককৃষ্টি কাক বোলা হয় ?

উত্তৰঃ লোক বা জনৰ যি আচাৰ-অনুষ্ঠান, গীত-পদ, নৃত্য-নাচ, খোৱা-লোৱা, পিন্ধা-উৰা, পূজা-উপাসনা, ৰীতি-নীতি, উৎসৱ-অনুষ্ঠান, খেলা-ধূলা আদিৰ সমষ্টিক লোককৃষ্টি বোলা হয়।

(ঘ) লোকসংস্কৃতিৰ দৃশ্যমান দিশক কি বোলা হয় ?

 উত্তৰঃ  লোকসংস্কৃতিৰ দৃশ্যমান দিশক ভৌতিক বা বস্তুসংস্কৃতি বোলা হয়।

(ঙ) পাঠত উল্লিখিত লক্ষ্মীনাথ বেজবৰুৱাই সম্পাদনা কৰা সাধুকথাৰ পুথিখনৰ নাম কি?

উত্তৰঃ লক্ষ্মীনাথ বেজবৰুৱাই সম্পাদনা কৰা সাধুকথাৰ পুথিখনৰ নাম ‘বুঢ়ী আইৰ সাধু’।

২। লোকসমাজ সম্পর্কে কিছুমান লোকতত্ত্ববিদে দিয়া কি ধাৰণা গ্ৰহণ কৰিব নোৱাৰি বুলি লিখকে কৈছে? এই ধাৰণা গ্ৰহণ কৰিব নোৱাৰাৰ কাৰণ কি?

উত্তৰঃ কিছুমান লোকতত্ত্ববিদে লোকসমাজক সমাজৰ নিম্নস্তৰৰ আখ্যা দিয়ে। কিয়নো তেওঁলোক কৃষিজীৱী আৰু নিৰক্ষৰ। তেওঁলোকে লিখা-পঢ়াক কম গুৰুত্ব দিয়ে। পুৰণি দিনৰ কথাৰ গুৰুত্ব তেওঁলোকৰ মাজত বেছি। যুক্তিতকৈ অধিক গুৰুত্ব দিয়ে বিশ্বাসক৷ পুৰণি ধৰণ-কৰণ, ৰীতি-নীতি, ভূত-প্রেত, ধর্মীয়কৃত্য, ঔষধ-চিকিৎসা আদিৰ প্ৰতি তেওঁলোকৰ আকৰ্ষণ অধিক। বেমাৰ-আজাৰ, ৰোগ-ব্যাধি প্রাকৃতিক ঘটনা-দুর্ঘটনা আদিকো তেওঁলোকে বিজ্ঞানসন্মত দৃষ্টিভংগীৰে নাচায়। এক কথাত বৈজ্ঞানিক মানসিকতা তেওঁলোকৰ নাই কোনো কথাতে।

লোকসমাজ সম্পর্কে থকা এনে ধাৰণা পিছে লেখকে গ্ৰহণ কৰিব খোজা নাই। তেওঁৰ মতে বৈজ্ঞানিক মানসিকতা থাকিলেই যে এখন সমাজ উচ্চস্তৰৰ হ’ব পাৰে সেই কথা গ্রহণযোগ্য নহয় । একেদৰে লোকসমাজৰ অংগীভূত মানুহ প্ৰায়ে গাঁৱে ভূঞে বাস কৰে যদিও গঞা লোক নগৰ চহৰৰো বাসিন্দা। আনহাতে, অভিজাত শ্ৰেণীৰ লোক গাঁৱতো থাকে। গাঁৱৰ শিক্ষিত মানুহ গৈ ডাঙৰ বিজ্ঞানী হোৱাৰো উদাহৰণ আছে। তদুপৰি গাঁৱৰ মানুহ নহ’লে নগৰ চহৰৰ বিভিন্ন কাম-কাজ নচলে। কৰ্মসূত্ৰেই গৈ গঞগ্ন লোক চহৰ বা নগৰৱাসী হয় আৰু তেওঁলোকেই হয়গৈ উচ্চস্তৰৰ সমাজৰ অংশীদাৰ। সেয়ে লেখকে লোকসমাজ নিম্নস্তৰৰ বোলা ধাৰণাটো গ্রহণযোগ্য নহয় বুলি ভাবে।

৩। চমুটোকা লিখা :-

নিচুকণি গীত, মালিতা বা কাহিনী গীত, সাঁথৰ, জনশ্ৰুতি, জিকিৰ, দেহ বিচাৰৰ গীত, হুচৰী গীত।

উত্তৰঃ নিচুকণি গীত : নিচুকণি গীত হ’ল সৰু ল’ৰা-ছোৱালী বা শিশুক ওমলোৱা আৰু নিচুকুওৱা গীত। এই গীতবোৰক “ধাইনামো” বোলা হয়। নিচুকণি গীত হৈছে শিশুমনৰ অসংলগ্ন কল্পনা, অপৰিপক্ক বিচিত্র অনুভূতিৰ লগত সংগতি ৰক্ষা কৰি মৌখিকভাৱে সৃষ্টি হোৱা এবিধ লোকগীত। অপত্য স্নেহ আৰু মাতৃসুলভ অনুভূতি এই গীতবোৰৰ মাজেৰে প্ৰকাশ পাইছে। মিঠা কোমল সুৰৰ গীতবোৰৰ যোগেদি শিশুমনক এনে এখন ‘সব পেয়েছি’ৰ দেশলৈ লৈ যোৱা হয়। য’ত কালৰ দৌৰাত্ম্য নাই, দূৰত্বৰ ব্যৱধান নাই আৰু যি বিচাৰে তাকে পায়। শিশুক বিমল আনন্দ দানেই এই গীতবোৰৰ প্ৰধান উদ্দেশ্য। কিছুমান গীতত সস্তানটিয়েই যি পিতৃ-মাতৃৰ আশাৰ স্থল আৰু প্ৰায়বোৰ গীততে সন্তানটিক লৈ ভৱিষ্যতৰ জল্পনা-কল্পনা প্রতিভাত হোৱা দেখা যায়। প্ৰায়বোৰ নিচুকণি গীততে কথাৰ সংলগ্নতা নাই কিন্তু ছবি আছে – আলফুলীয়া কল্পনাৰ জাকি মাৰি উঠা ছবি– ভাবৰ। শিশুৰ অসংলগ্ন মনৰ লগত খাপ খোৱা কল্পনাপ্ৰৱণ, বিশ্বাসপ্ৰৱণ শিশুৰ মনৰ লগত ৰজিতা খোৱাকৈ এই গীতবোৰ ৰচিত হৈছে।

Class-9 Assamese Question Answer| Chapter-12| লোক সংস্কৃতি

মালিতা বা কাহিনীগীত : মালিতা বা কাহিনীগীতৰ মাজেদি একোটি আখ্যান বর্ণনা কৰা হয়। এনে গীতত বীৰত্বব্যজ্ঞক বা আদি ৰসাত্মক কাহিনী, দুঃসাহসিক বা অতিপ্রাকৃত ঘটনা আদিও বর্ণিত হয় যদিও কৰণ ৰসেই এনে গীতৰ প্ৰধান সুৰ। মালিতাক ইংৰাজীত বেলাড (Ballad) বুলি কোৱা হয়। ফৰাচী ‘Baller’ শব্দৰ পৰা ‘Ballad’ শব্দৰ উৎপত্তি। ‘Baller’ শব্দটোৱে নৃত্যক বুজায় বেলাডৰ বাবে নৃত্য বা বাদ্য অপৰিহাৰ্য নহয়। অৱশ্যে বাদযন্ত্র সংগত কৰি নৃত্যৰ সহায়তেই বেলাড গোৱা হয়। মালিতাত এফালে যেনেকৈ নাহৰৰ গীত, জয়মতী কুঁৱৰীৰ গীত, চিকণ সৰিয়হৰ গীত, মণিৰাম দেৱানৰ গীত, হৰদত্ত-বীৰদত্তৰ গীত আদিয়ে ঠাই পাইছে। সেইদৰে ঠাই পাইছে কিংবদন্তীপূৰ্ণ কমলা কুঁৱৰী, জনা গাভৰু, ময়নামতী, মণিকোৱৰ ফুলকোৱৰৰ গীত আদিয়েও। তদুপৰি ৰে’লৰ আলি, মটৰ-জাহাজ দুর্ঘটনা, বানপানী, ভুঁইকঁপ আদি বিষয়ো মালিতাৰ অন্তৰ্গত। বহুতো ধেমেলীয়া গীতৰ লগতে ঢোলৰ মালিতা, খোলৰ মালিতা, টোকাৰিৰ মালিতা আদিও কাহিনীগীতৰ ভিতৰৱা। বিভিন্ন দিশৰ পৰা মালিতাসমূহক সাতটা ভাগত ভগাব পাৰি—(ক) পুৰাণগত মালিতা, (খ) নৈদানিক মালিতা, (গ) ঐতিহাসিক মালিতা, (ঘ) জনশ্রুতিমূলক মালিতা, (ঙ) যাদুমূলক বা অলৌকিক মালিতা, (চ) ব্যংগাত্মক মালিতা আৰু (ছ) বাস্তৱানুগ মালিতা।

সাঁথৰ : সাঁথৰ হৈছে কিছুমান প্ৰশ্নৰ সমষ্টি, এই প্রশ্নবোৰ সাধাৰণ ধৰণৰ নহৈ প্রহেলিকাময় বা পাকলগা ধৰণৰ হয়৷ সদায় দেখি থকা বা জনা-শুনা বস্তু এটাৰ বিষয়ে তৎক্ষণাৎ কোনেও বুজিব নোৱাৰাকৈ দিয়া আওপকীয়া বৰ্ণনাই হ’ল সাঁথৰ । সাঁথৰক দিষ্টান বুলিও কোৱা হয়। সাঁথৰ ভাঙিবলৈ সাধাৰণ জ্ঞানে কেতিয়াবা কাম দিলেও বেছিভাগ সময়তে ইয়াৰ বাবে প্ৰয়োজন হয় বুদ্ধিমত্তাৰ। ফকৰাৰ সতে সাঁথৰৰ মিল আছে যদিও ফকৰাবোৰ ভকতীয়া আৰু সাঁথৰ হৈছে ঐহিক আৰু সাধাৰণ ৷ আমোদ প্ৰদানেই সাঁথৰৰ মূল কথা যদিও সাঁথৰৰ দ্বাৰা বুদ্ধিৰ প্ৰখৰতাও জানিব পাৰি ৷ পৃথিৱীৰ প্ৰায় সকলো ভাষাতে সাঁথৰ আছে। অসমীয়াত সাঁথৰ দুই প্ৰকাৰৰ – (ক) বৰ্ণনাত্মক সাঁথৰ আৰু (খ) টেটকুটিমূলক সাঁথৰ।

জনশ্রুতি : অঞ্চল অনুযায়ী মানুহৰ মুখে মুখে যিবোৰ লোক ইতিহাস বিষয়ক ঘটনা বা কাহিনী পৰম্পৰাগতভাৱে চলি আহিছে সেইবোৰেই জনশ্রুতি বা জনশ্ৰুতিমূলক মালিতা ৷ জাতীয় আৰু সামাজিক নায়ক, ন্যায়ৱান অথবা অধার্মিক নায়ক, স্থান, নদী, পর্বত-পাহাৰ, হ্রদ-পুখুৰী, অতীতৰ ভাস্কৰ্য আদিক কেন্দ্ৰ কৰিয়েই ৰচিত হয় জনশ্ৰুতি। এনে কাহিনী প্রচলিত অঞ্চলৰ জনসাধাৰণে সেই কাহিনীবোৰ সত্য ঘটনাৰ ইতিবৃত্ত বুলি ভাবে। ধর্মীয় বা ধৰ্মনিৰপেক্ষ দৃষ্টিকোণ এনে কাহিনীত পৰিলক্ষিত হ’ব পাৰে৷ বৰ্তমান সময়তকৈ কিছু বেলেগ সময়ৰ প্ৰতিচ্ছবি জনশ্রুতিত প্রতিফলিত হয় যদিও স্থানৰ ক্ষেত্ৰত পিছে সাদৃশ্যহে দেখা যায়। সতী ৰাধিকাৰ গীত, বেউলা-লক্ষীন্দাৰৰ গীত, বৰনদীৰ গীত, ভৰলীৰ গীত আদি জনশ্ৰুতিৰ ওপৰত নিৰ্ভৰশীল জনশ্ৰুতিমূলক মালিতা ।

জিকিৰ : জিকিৰ শব্দটোৰ অৰ্থ আৰবী ‘জি’ শব্দৰ সৈতে একে। ইয়াৰ অৰ্থ ‘স্মৰণ কৰা’। মূলতঃ ইছলাম ধৰ্মৰ সৈতে জড়িত ‘জিকিৰ’ৰ প্ৰধান অৰ্থ হৈছে আল্লাৰ নাম, গুণ বা প্রশংসাৱলী পুনঃ পুনঃ উচ্চাৰণ কৰা। জিকিৰৰ ৰচক হৈছে শ্বাহ মিলন বা আজান পীৰ বা আজান ফকীৰ। মুক্ত পৰিৱেশত আল্লাক স্মৰণ কৰাটোৱেই জিকিৰৰ ব্যৱস্থা। ইছলাম ধৰ্মই নিৰাকাৰ স্ৰষ্টাক বিশ্বাস কৰে। জিকিৰবোৰত এই বাণী পোৱা যায়। আজান ফকীৰৰ জিকিৰক দুটা বহল ভাগত ভগাব পাৰি। এটা ভাগে শিক্ষা দিয়ে ফজ, চুন্নত, রাজেব আদি কামবোৰ পালন কৰাৰ, আকৗ দ্বিতীয়টো ভাগত পোৱা যায়। মাআফিত, হকিকত আদিৰ গূঢ়ার্থ চুফী ধাৰণা বা আধ্যাত্মিক সাধনাৰ আলোচনা। কিছুমান জিকিৰৰ বিষয়বস্তু আকৌ সমসাময়িক তান্ত্রিক শক্তি বা বৈষ্ণৱ কথা-কাহিনী৷ তদুপৰি ওজাপালি, দেহ-বিচাৰৰ গীত, বৰগীত আদিৰ প্রভাৱো কেতবোৰ জিকিৰত স্পষ্ট। প্ৰায়ভাগ জিকিৰেই পদ, ছবি দুলড়ী আদি ছন্দত ৰচিত। জিকিৰত সুৰৰ বৈচিত্র্যও পৰিলক্ষিত হয়। মূলতঃ ইছলাম ধৰ্মৰ বাণী প্ৰচাৰৰ অৰ্থে ৰচিত হ’লেও জিকিৰ অসমীয়া ভাষাৰ অমূল্য সম্পদ।

দেহ বিচাৰৰ গীতবুঢ়া ভকত, সংসাৰ বিৰাগী লোক, ব’ৰাগী আদিয়ে হাতত তাল, বেণু, খঞ্জৰী, টোকাৰী, বামকৰ তাল প্রভৃতি বাদ্যযন্ত্র বজাই গীত গাই গাই চাউল পাত ঘৰে ঘৰে খুজি-মাগি ফুৰে, এনে গীতেই দেহ বিচাৰৰ গীত। এই গীতবোৰ টোকাৰী গীতৰ অন্তৰ্গত। দেহ বিচাৰৰ গীতবোৰ সাংকেতিক, প্রতীকধর্মী বা ৰূপকধৰ্মী। শৰীৰ, সংসাৰ, জীৱাত্মা, পৰমাত্মা, গুৰু, ভকত সম্পৰ্কীয় দার্শনিক কথাৰে দেহবিচাৰৰ গীতবোৰ পৰিপুষ্ট। এই গীতবোৰত সংসাৰক নদী, অতিথিশালা আদি ৰূপত কল্পনা কৰি মানুহক বাটৰুৱা, হাটৰুৱা, অতিথি আদিৰ ৰূপত কল্পনা কৰি সংসাৰৰ দুখ, যাতনা, অনিত্যতা আদি প্ৰকাশ কৰা দেখা যায়। কিছুমান গীতত আকৌ শ্রেণীহীন সমাজ গঢ়াৰ মানসিকতাও দেখিবলৈ পোৱা যায়। দেহ বিচাৰৰ গীতৰ মূলভাব হৈছে জীৱন বিমুখিতা। দেহ বিচাৰৰ গীতবোৰত সহজযান, শৈৱ, বৈষ্ণৱ আদি ধৰ্মৰ দার্শনিক তত্ত্ব নিহিত হৈ আছে ৷

হুচৰি গীতঃ ব’হাগ বিহুত গাঁৱৰ ৰাইজে ঢোল, পেঁপা, তাল আদি লৈ ঘৰে ঘৰে গৈ গৃহস্থৰ মংগল কামনা কৰি সামূহিকভাৱে গোৱা বিহুৰ গীতেই হুচৰি গীত। হুচৰি মূলতঃ পুৰুষৰ অনুষ্ঠান। এই গীতবোৰ সাধাৰণতে মৌনভাব বর্জিত গহীন গীত। ই আশীৰ্বাদসূচক আৰু মাৰ্জিত ধেমালিৰে পূৰ্ণ। ঈশ্বৰৰ নামেৰে এই গীত আৰম্ভ কৰা হয় আৰু সমূহ ৰাইজৰ মাজত গাব পৰা, অশ্লীলতা নথকা বিহুনামেৰে নৃত্য-গীত কৰা হয়। হুচৰিৰ শেষত গৃহস্থই ফুলাম গামোচা, পইচা আদি শৰাইত আগ বঢ়াই ৰাইজৰ ওচৰত বছৰটোৰ বাবে আশীৰ্বাদ ভিক্ষা কৰে। হুচৰি গীতৰ জৰিয়তে আনন্দ লাভ কৰাৰ লগতে মানসিক শান্তিও পোৱা যায়।

৪। “লোকজীৱন তিনিটা ভাগত বিভক্ত”–লোকজীৱন কি কি তিনিটা ভাগত বিভক্ত? প্রত্যেকটি ভাগৰে চমু আভাস দিয়া।

উত্তৰঃ লোকজীৱন তিনিটা ভাগত বিভক্ত। সেইবোৰ ক্ৰমে ―

(ক) সামাজিক আচাৰ অনুষ্ঠান,

(খ) ভৌতিক বা বস্তুসংস্কৃতি আৰু

(গ) পৰিৱেশ্য কলা।

(ক) সামাজিক আচাৰ-অনুষ্ঠান : মানুহ সামাজিক প্রাণী। সমাজ পাতি বাস কৰা মানুহৰ মাজত পৰম্পৰাগতভাৱে প্ৰচলিত আছে কিছুমান লোকবিশ্বাস। তেনে লোকবিশ্বাসৰ আশ্রয়তেই গঢ় লয় সামাজিক আচাৰ-অনুষ্ঠানে। সমাজ আৰু পৰিয়ালৰ মাজত অনুষ্ঠিত কৃষি বা খেতি-বাতি, জন্ম-বিবাহ-মৃত্যু আদি বিষয়ক ৰীতি-নীতি, আচাৰ ব্যৱস্থা-অনুষ্ঠান আদিয়েই হ’ল সামাজিক আচাৰ-অনুষ্ঠান। সামাজিক আচাৰ অনুষ্ঠানক চাৰিটা ভাগত ভগাব পাৰি-উৎসব-অনুষ্ঠান, অৱসৰ বিনোদন আৰু খেল ধেমালি, লোকঔষধ আৰু লোকধর্ম।

(খ) ভৌতিক বা বস্তুসংস্কৃতি:  লোকসংস্কৃতিৰ যিটো দিশ দৃশ্যমান সেয়াই ভৌতিক বা বস্তুসংস্কৃতি। জীৱন ধাৰণৰ বাবে প্ৰয়োজনীয় সমল নির্মাণেই ভৌতিক সংস্কৃতিৰ মূল বিষয়। খোৱা-লোৱা বস্তু সামগ্ৰী আদিৰ ৰন্ধা-বঢ়া, প্রস্তুতি আদিও ভৌতিক সংস্কৃতিৰ অধ্যয়ন সামগ্ৰী লোককলা, লোকশিল্প, লোক স্থপতিকলা, লোক আভৰণ আৰু লোকৰন্ধন প্ৰণালী আদি হৈছে ভৌতিক সংস্কৃতিৰ উপ-বিভাগ।

(গ)পৰিৱেশ্য কলাঃ যাক পৰিৱেশন কৰা হয় সিয়েই পৰিৱেশ্য কথা। কোনো এটা সাধুকথা কোৱা বা লোকগীত গোৱাকে পৰিৱেশন কৰা বোলে। এজন বা কেইবাজনো লোকে লোক বাদ্য-যন্ত্র, নৃত্যৰ পোছাক পৰিচ্ছদ আৰু দৃশ্য বিৱৰণীৰ সৈতে ৰূপায়ণ কৰা পদ্ধতিও পৰিৱেশ্য কলাৰ অন্তৰ্গত। গীত, নৃত্ত নাটক, বাদ্যযন্ত্র আদি পৰিৱেশ্য কলাৰ পৰিসৰৰ ভিতৰুৱা।

৫। বহলাই লিখা :-

(ক) সামাজিক আচাৰ-অনুষ্ঠান

উত্তৰঃ সামাজিক আচাৰ-অনুষ্ঠান সমাজ আৰু পৰিয়ালৰ মাজত অনুষ্ঠিত কৃষি বা খেতি বাতি, জন্ম-বিবাহ-মৃত্যু আদি বিষয়ক ৰীতি-নীতি, আচাৰ-ব্যৱস্থা অনুষ্ঠান আদিয়েই সামাজিক আচাৰ-অনুষ্ঠান। সামাজিক আচাৰ-অনুষ্ঠান দৰাচলতে পৰম্পৰাগত জীৱনৰ প্ৰতিফলন মাথোন আৰু ই লোকসমাজ আশ্ৰয়ী। সমাজৰ ৰীতি-নীতি, আচাৰ-ব্যৱহাৰ আদি লোকবিশ্বাসৰ ওপৰত নিৰ্ভৰশীল। কিছুমান ৰীতি-নীতি, আচাৰ ব্যৱহাৰ সুনির্দিষ্ট আৰু স্থানীয় লোক সাধাৰণৰ সামাজিক আৰু ধৰ্মীয় দিশৰ পৰিচয় পোৱা যায় সামাজিক আচাৰ-অনুষ্ঠানৰ মাজেদিয়ে। যিবোৰ আচাৰ-অনুষ্ঠান আৰু ৰীতি-নীতি যাদুমুলক আৰু ধৰ্মীয় ভাবসম্পন্ন সেইবোৰক ক্ৰিয়া-কাণ্ড বা আচাৰ পদ্ধতি বোলে৷ সামাজিক আচাৰ-অনুষ্ঠান চাৰিটা ভাগত বিভক্ত— উৎসৱ-অনুষ্ঠান, অৱসৰ বিনোদন আৰু খেল-ধেমালি, লোকঔষধ আৰু লোকধৰ্ম। উৎসৱ-অনুষ্ঠান হৈছে ৰাজহুৱা ক্ৰিয়া-কাণ্ড, আচাৰ-অনুষ্ঠানৰ সৈতে আন আন সামাজিক আচৰণ সংমিশ্রণ হৈ সৃষ্ট সামাজিক লোকাচাৰ । গীত, নৃত্য, শোভাযাত্রা আদি এনে লোকাচাৰৰ ভিতৰুৱা। উৎসৱ-অনুষ্ঠান প্রতিষ্ঠিত হয় ধৰ্মীয় আৰু ধৰ্মনিৰপেক্ষ ঐতিহ্যৰ ওপৰত।

পৰম্পৰাগত খেল-ধেমালি আৰু অৱসৰ বিনোদনো সামাজিক আচাৰ-অনুষ্ঠানৰ ভিতৰুৱা। টাংগুটি, লুকালুকি, ভেকুটকুট, ধোপ খেল আদি পৰম্পৰাগতভাৱে চলি অহা খেল ৷ 

লোকধর্ম উপাসনা পদ্ধতিৰ গতি-নিৰ্ণায়ক। নানা ধৰণৰ পূজা-উপাসনা আদি লোকধৰ্মৰ লোকঔষধৰ ক্ষেত্ৰত প্ৰকৃতি আৰু যাদুবিদ্যা উভয়ৰে প্ৰভাৱ সুস্পষ্ট। বনৌষধি আৰু যাদুৰ সহায়ত জীৱ ৰক্ষা পৰা দেখা যায়। বিভিন্ন থলুৱা ঔষধৰ দ্বাৰা বেজ বাওজাই ৰোগ নিৰাময় কৰে৷ লোক ঔষধৰ ক্ষেত্ৰত মন্ত্ৰৰ প্ৰয়োগো তাৎপর্যপূর্ণ।

(খ) পৰম্পৰাগত খেল-

ধেমালি আৰু অৱসৰ বিনোদনো সামাজিক আচাৰ-অনুষ্ঠানৰ ভিতৰুৱা। টাংগুটি, লুকালুকি, ভেকুটকুট, ধোপ খেল আদি পৰম্পৰাগতভাৱে চলি অহা খেল৷

লোকধর্ম উপাসনা পদ্ধতিৰ গতি-নিৰ্ণায়ক। নানা ধৰণৰ পূজা-উপাসনা আদি লোকধৰ্মৰ লোকঔষধৰ ক্ষেত্ৰত প্ৰকৃতি আৰু যাদুবিদ্যা উভয়ৰে প্ৰভাৱ সুস্পষ্ট। বনৌষধি আৰু যাদুৰ সহায়ত জীৱ ৰক্ষা পৰা দেখা যায়। বিভিন্ন থলুৱা ঔষধৰ দ্বাৰা বেজ বা ওজাই ৰোগ নিৰাময় কৰে৷ লোক ঔষধৰ ক্ষেত্ৰত মন্ত্ৰৰ প্ৰয়োগো তাৎপর্যপূর্ণ।

(গ) লোক পৰিৱেশ্য কলা

উত্তৰঃ লোক পৰিৱেশ্য কলা  : যাক পৰিৱেশন কৰা হয় সিয়েই পৰিৱেশ্য কলা। লোক পৰিৱেশ্য কলাসমূহ কৃষক ৰাইজৰ দৈনন্দিন জীৱনৰ সৈতে জড়িত। পৰম্পৰাগত সংগীত, নৃত্য নাচ, সংগীত আদিয়েই হৈছে লোক পৰিৱেশ্য কলাৰ উপাদান। কোনো এটা সাধুকথা কোৱা বা লোকগীত গোৱাকে পৰিৱেশন কৰা বোলে৷ এজন বা কেইবাজনো লোকে লোক বাদ্য-যন্ত্র, নৃত্যৰ পোছাক পৰিচ্ছদ আৰু দৃশ্য বিৱৰণীৰ সৈতে ৰূপায়ণ কৰা পদ্ধতিও পৰিৱেশ্য কলাৰ অন্তর্গত। গীত, নৃত্ত-নাটক, বাদ্যযন্ত্র আদি পৰিৱেশ্য কলাৰ পৰিসৰৰ ভিতৰুৱা।

মূলতঃ গাঁওলীয়া সমাজৰ পাৰদৰ্শী গায়ক, নৰ্তক, বায়ন, অভিনেতাসকল লোক পৰিৱেশ্য কলাৰ ধাৰক আৰু বাহক হোৱা দেখা যায়।

লোকপৰিৱেশ্য কলাৰ চাৰিটা উপাদান নৃত্য-গীত-বাদ্য আৰু অভিনয়ৰ সমাহাৰ সম্পূর্ণরূপে কেৱল নাট্যকলাতে পোৱা যায়। পুতলা নাচ, ওজাপালি, ঢুলীয়া অনুষ্ঠান, খুলীয়া ভাওনা, কুশান গান, ভাৰীগান আদি লোক নাট্যানুষ্ঠানসমূহ লোক পৰিৱেশ্য কলাৰ অন্তৰ্গত। বিহুনৃত্য, বৈসাগু, বাগৰুম্বা, গুম্‌াগ, বাই ডিমা, ছাগ্রানাচ, ঝুমইৰ আদিও লোক পৰিৱেশ্য কলাৰ ভিতৰুৱা। একেদৰে বিহুনাম, বায়খু, অই নিতম, দোমাহী আলুন, হাইদাংগীত, চাথাৰ, বৰতৰ গীত আদিও লোক পৰিৱেশ্য কলা।

(গ) ভৌতিক বা বস্তু-সংস্কৃতি

ভৌতিক বা বস্তু-সংস্কৃতি : জীৱন ধাৰণৰ বাবে প্ৰয়োজনীয় সমল নির্মাণেই ভৌতিক সংস্কৃতিৰ মূল বিষয়। মানৱ জীৱনৰ মুখ্য প্রয়োজনীয় তিনি সম্পদ – খাদ্য, বাসস্থান আৰু পোছাক ভৌতিক-সংস্কৃতিৰ ভিতৰুৱা । সেয়ে জীৱনৰ লগত ভৌতিক সংস্কৃতিৰ সম্পর্ক অতি গভীৰ ৷ খোৱা খাদ্য প্ৰস্তুতকৰণ, ঘৰ-দুৱাৰ নিৰ্মাণ, পিন্ধিবলৈ কাপোৰ কানি প্ৰস্তুতকৰণ আদিৰ লগতে দৈনন্দিন জীৱন যাপনত প্রয়োজনীয় বিবিধ সামগ্ৰীৰ নির্মাণ কার্যক ভৌতিক সংস্কৃতিয়ে সামৰে। লোকসংস্কৃতিৰ দৃশ্যমান দিশ ভৌতিক সংস্কৃতিৰ উপ-বিভাগ পাঁচটা– লোককলা, লোকশিল্প, লোকস্থপতিকলা, লোক আভৰণ আৰু লোকৰন্ধন প্ৰণালী।

লোকশিল্প হৈছে দৈনন্দিন জীৱনত ব্যৱহাৰোপযোগী এনে বস্তু যিবোৰ পৰম্পৰাগতভাৱে প্ৰস্তুত কৰা হয়। লোকশিল্পক হস্তশিল্পও বুলিব পাৰি। মৃৎ শিল্প, বাঁহ-বেতৰ শিল্প, কাঠ-কুঁহিলাৰ শিল্প, হাঁতী দাঁতৰ শিল্প আদি লোকশিল্পৰ ভিতৰুৱা। লোকশিল্পই ব্যৱহাৰিক প্ৰয়োজনীয়তা পূৰণ কৰাৰ লগতে যেতিয়া নান্দনিক সৌন্দর্যও দান কৰে, তেতিয়া সেই শিল্প হৈ পৰে লোককলা। জীৱনক আনন্দ প্ৰদান কৰাটোৱেই লোককলাৰ মূল উদ্দেশ্য। লোকসাধাৰণে কোনো বিজ্ঞানসন্মত আদর্শ বা অনুকৃতিৰ অনুকৰণ নকৰাকৈ পৰম্পৰাগতভাৱে চৰ্চা কৰি অহা কলাই লোককলা। সাঁচিপতীয়া পুথিৰ চিত্ৰ, বিভিন্ন কাঠৰ মূৰ্তি, নামঘৰ সত্ৰ আদিত থকা সিংহাসন আদি অসমৰ লোককলা।

পৰম্পৰাগত প্ৰকৃতিলব্ধ সামগ্ৰী যেনে – বাঁহ, বেত, ইকৰা, খে, কাঠ আদিৰে নিৰ্মিত ঘৰ-দুৱাৰবোৰেই লোকস্থপতিকলা। এনে কলাৰ নিৰ্মাণৰ বাবে সাধাৰণতে পৰম্পৰাগতভাৱে শিকা কথা, বুঢ়া মেথাৰ বচন, ডাক পুৰুষৰ বাণী আদিৰ অনুসৰণ কৰা হয়৷ নামঘৰ, মন্দিৰ, গোঁসাইঘৰ ভঁৰালঘৰ, ঢেঁকীঘৰ, তাঁতঘৰ, গোহালিঘৰ, বৰঘৰ, চ’ৰাঘৰ, বাটচ’ৰা, পাটঘৰ, হোলোংঘৰ, শিঙৰি ঘৰ, টুপ দিয়া ঘৰ আদি অসমৰ স্থপতিৰ নিদর্শন।

জনসাধাৰণে ব্যৱহাৰ কৰা পৰম্পৰাগত সাজ-পাৰ, আ-অলংকাৰ আদিয়েই লোক আভৰণ। ধুতী, শাৰী, মেখেলা-চাদৰ, ৰিহা, চেলেং, এঙাচোলা, গোমচেঙৰ চোলা, নৰাচোলা, মোগলাই চোলা, গামোচা, চুৰিয়া, টঙালি, খনীয়া কাপোৰ, বৰকাপোৰ আদি অসমৰ পৰম্পৰাগত সাজ-পাৰ। আকৌ লোকােপাৰ, কেৰু, মতামণি, বিৰি, মগৰদানা, কেৰু, গলপতা, ডুগডুগি, সাতসৰী, জোনবিবি, গেজেৰা, ঢোলবিৰি আদি আ-অলংকাৰ অসমীয়া লোকআভৰণৰ ভিতৰুৱা । পৰম্পৰাগত খাদ্য সামগ্ৰী আৰু তাৰ প্ৰস্তুতকৰণেই লোকন্ধন। পঁইতা ভাত, জা-জলপান, লাড়ু-পিঠা খান্দহ, গোটকৰাই, কোমল চাউল, লুথুৰি (কেঁচুৱাৰ), খাৰ, টেঙা, কাঁহুদী, খাৰলি, ভাজি পুৰি, খৰিকাত দি, পাতত দি মাছ, পচলা, তিতা আদি পৰম্পৰাগত খাদ্য লোকৰন্ধনৰ অন্তর্ভুক্ত।

৬। লোকনাট কিহৰ সমষ্টি বুলি লিখকে কৈছে? এই শ্ৰেণীৰ নাটত সংলাপৰ ওপৰত গুৰুত্ব দিয়া হয়নে? তোমাৰ নিজৰ কথাৰে লিখা।

উত্তৰঃ লোকনাট গীত আৰু নৃত্যৰ সমষ্টি বুলি লিখকে কৈছে। লোকনাটত সংলাপৰ ওপৰত অধিক গুৰুত্ব দিয়া নহয়। সংলাপৰ তুলনাত গীত আৰু নৃত্যৰ গুৰুত্ব বেছি। লোকনাট সাধাৰণতে ‘লোকৰ বাবে অর্থাৎ সাধাৰণ গাঁৱলীয়া হোজা লোকৰ বাবে পৰিৱেশিত হয়। নিৰক্ষৰ বা সাধাৰণতে কম পঢ়া-শুনা কৰা লোকক কথাতকৈ গীত আৰু নৃতই অধিক আকর্ষণ কৰে। কথাংশ বা সংলাপে তেওঁলে তেওঁলোকে যুক্তিতকৈ অধিক বিশ্বাসক গুরুত্ব দিয়ে। তেওঁলোকৰ মাজত মৌখিক কথাৰ সমানৰ বেছি। নৃত্য-গীতৰ মাজত থকা ভাৱৰাশিয়ে তেওঁলোকৰ চিয়াক গতি দিয়ে, সংলাপে সেই গতিক দ্রুত নকৰে। সহজ-সৰলগ লোকে নৃত্য গীতৰ মাজতে প্রয়োজনীয় সমল বিচাৰি পায়।

৭। লোকসাহিত্যক কেইটা আৰু কি কি উপভাগত ভগাব পাৰি? ভাগবোৰৰ নাম লিখা।

উত্তৰঃ লোকসাহিত্যিক পাঁচ প্ৰকাৰৰ উপভাগত ভগাব পাৰি

 (ক) লোক বা মৌখিক কবিতা বা বাচিক কবিতা বা লোকগীত,

(খ) গদাধর্মী লোককথা

 (গ) প্রবচন, বচন, লোকোজি, যোজনা, পটন্তৰ

 (ঘ) সাঁথৰ আৰু

(ঙ) লোকভাষা৷

৮। ভৌতিক বা বস্তু-সংস্কৃতিৰ অধ্যয়ন সামগ্রী কি? ইয়াৰ উপ-বিভাগ কি কি?

উত্তৰঃ  জীৱন ধাৰণৰ বাবে প্রয়োজনীয় সমল নির্মাণ, নাইবা খোৱা-লোৱা বস্তু সামগ্ৰী আদিৰ ৰন্ধা-বঢ়া, প্রস্তুতি আদিয়েই ভৌতিক বা বস্তু-সংস্কৃতিৰ অধ্যয়ন সামগ্রী। ভৌতিক সংস্কৃতিৰ উপ-বিভাগসমূহ হ’ল লোককলা, লোকশিল্প, লোক স্থপতিকলা, লোক আভৰণ আৰু লোকৰন্ধন প্রণালী।

৮।“অ” মাই যশোৱা হে, মাই হে যশোৱা…” গীতটি কোনে লিখিত ৰূপ দিয়ে?

উত্তৰঃ  “অ” মাই যশোৱা হে, মাই হে যশোৱা…” গীতটিক লিখিত ৰূপ দিয়ে ডা ভূপেন হাজৰিকাদেৱে।

১০। তাৎপর্য ব্যাখ্যা কৰা :

(ক) লোকসংস্কৃতি পুৰণি হৈও নতুন নতুন হৈও পুৰণি।

উত্তৰঃ লোকসমাজৰ সংস্কৃতিয়েই বা লোক সমাজৰ আচৰণৰ সমষ্টিয়েই লোকসংস্কৃতি। লোকসমাজত সাধাৰণতে পুৰণি দিনৰ কথাৰহে সমাদৰ অধিক। তেওঁলোক নিৰক্ষৰ বা কম পঢ়া-শুনা কৰা লোক, সেয়ে তেওঁলোকে ছপা সমলতকৈ অধিক গুৰুত্ব দিয়ে মুখে মুখে চলি অহা গীত-পদ কথা কাহিনী, যোজনা পটন্তৰ আদিত। লোকসমাজে যুক্তিতকৈ অধিক গুরুত্ব দিয়ে বিশ্বাসত। সেয়ে তেওঁলোকক নতুন কথাতকৈ অধিক আকৰ্ষৰ্ণ কৰে পীৰিয়ে পীৰিয়ে চলি অহা কথাবোৰে। এই কাৰণতে লোকসংস্কৃতি পুৰণি। কিন্তু পুৰণি বুলিয়েই লোকসংস্কৃতিক অৱহেলা কৰা নাযায়। লোকসংস্কৃতি সাধাৰণতে গাঁওৰ ৰাইজৰ মাজত প্ৰচলিত সংস্কৃতি। গাঁৱৰ লোক 

এজনেই শিক্ষা-দীক্ষা লাভ কৰি বৈজ্ঞানিক মানসিকতা সমৃদ্ধ হয় আৰু কালক্ৰমত চহৰত বাস কৰিবলৈ লয় ৷ তেওঁ লগত লৈ অহা সংস্কৃতিয়ে নতুনৰ পৰশত আধুনিক ৰূপ লয়। অর্থাৎ লোকসংস্কৃতিয়ে পুৰণি হৈও নতুন ৰূপ পৰিগ্ৰহ কৰে। নতুন ৰূপ ল’লেও ই নিজৰ স্বৰূপ নেহেৰুৱায়। সেয়ে লোকসংস্কৃতি নতুন হ’লেও পুৰণি হৈ থাকেই।

দৰাচলতে সংস্কৃতি সদায়েই পৰিৱৰ্তনশীল। সময়ৰ সোঁতত ই যুগসাপেক্ষ স্থিতি লাভ কৰে৷ তাহানিৰ পথাৰৰ বিহু মঞ্চ পালেও বিশ্বৰ মূল স্বৰূপ সলনি হোৱা নাই, ইয়াত আধুনিকতাৰ পৰশ লাগিছে মাত্র। পৰিৱৰ্তিত সমাজত লোকসংস্কৃতি দ্বিতীয় অস্তিত্বত জীয়াই থাকে৷ সেয়ে ককা-আইতাৰ মুখত শুনি অহা সাধুকথাই পৰিমাৰ্জিত ৰূপ গ্ৰহণ কৰি ছপা ৰূপত প্ৰকাশ পায়। একেদৰে হুচৰি জাৰীগীতকে ধৰি বিভিন্ন লোকসংগীতে মৌখিক ৰূপতকৈ পৰিশিষ্ট ৰূপত ছপাৰ মুখ দেখিছে। নিঃসন্দেহে সেয়ে ক’ব পাৰি লোকসংস্কৃতি পুৰণি হৈও নতুন নতুন হৈও পুৰণি।

(খ) সমাজৰ পৰিৱৰ্তনৰ লগে লগে লোক সংস্কৃতিৰো পৰিৱৰ্তন ঘটে।

উত্তৰঃ ‘সমাজ’ শব্দৰ আভিধানিক অর্থ হৈছে উমৈহতীয়া নিয়ম-শৃংখলা মানি চলা লোকৰ সমষ্টি সাধাৰণতে গাঁৱলীয়া সমাজত প্ৰচলিত আচাৰ-অনুষ্ঠান, গীত পদ, নৃত্য নাচ, খোৱা লোৱা, পিন্ধা উৰা, পূজা উপাসনা, ৰীতি-নীতি, উৎসৱ-অনুষ্ঠান, খেলা ধূলা আদিৰ সমষ্টিয়েই লোকসংস্কৃতি। যিহেতু মানুহৰ মানসিকতা সলনি হোৱাৰ লগে লগে সমাজৰো নিয়ম-শৃংখলা সলনি হয়, একেদৰে সলনি হয় সংস্কৃতিৰো। লোকসমাজ বা গঞা লোক সাধাৰণতে নিৰক্ষৰ বা কম শিক্ষিত, তেওঁলোকৰ মাজত পুৰণি দিনৰ কথাৰ সমাদৰ অধিক। সেয়ে তেওঁলোকৰ জীৱনত যুক্তিতকৈ অধিক গুৰুত্ব পায় বিশ্বাসে।তেওঁলোকৰ সংস্কৃতিও হৈ থাকে প্রায় মৌখিক, ছপা সমলৰ প্রতি তেওঁলোকৰ গুৰুত্ব কম। কিন্তু গাঁৱৰ ৰাইজৰ মাজৰ পৰাই বহু লোকে উচ্চ শিক্ষা লাভ কৰি বিভিন্ন কাৰণত গৈ চহৰৰ বাসিন্দা হয় তেতিয়া তেওঁলোকে লগত লৈ যোৱা সংস্কৃতিয়ে চহৰীয়া সমাজৰ পৰশ পাই নতুন ৰূপ লাভ কৰে। পঢ়ি-শুনি বিজ্ঞানসন্মত দৃষ্টিভংগী আহৰণ কৰা বাবে তেওঁলোকৰ সংস্কৃতিত যুক্তিয়েও স্থান পায়। অর্থাৎ সমাজৰ পৰিৱৰ্তনৰ লগে লগে লোক সংস্কৃতিৰো পৰিৱৰ্তন ঘটে। পৰিৱৰ্তিত সমাজত লোকসংস্কৃতি দ্বিতীয় অস্তিত্বত জীয়াই থাকে। লোকসংস্কৃতিৰ প্ৰথম অস্তিত্ব হ’ল মৌখিক ৰূপ। গাঁৱৰ সমাজ গৈ যেতিয়া নগৰ চহৰৰ সমাজলৈ পৰিৱৰ্তিত হয়, তেতিয়া সংস্কৃতিয়েও শিক্ষাৰ পৰশত লিখিত ৰূপ পায়, ছপাৰ মুখ দেখে৷ ই লোকসংস্কৃতিৰ দ্বিতীয় অস্তিত্ব। মানুহৰ মুখে মুখে চলি অহা গীত-পদ, কথা-কাহিনী আদি বিভিন্ন উপাদানে পৰিমার্জিত ৰূপ লৈ আধুনিকতাৰ পৰশত যুদসাপেক্ষে স্থিতি গ্ৰহণ কৰে সমাজ পৰিৱৰ্তনৰ লগে লগে। অর্থাৎ সমাজৰ পৰিবে মশ্চিতভাৱে কঢ়িয়ায় লোকসংস্কৃতিৰো পৰিৱৰ্তিত পৰিমার্জিত ৰূপ।

১১। তলৰ শব্দকেইটাত মূৰ্দ্ধন্য ” আৰু ” হোৱাৰ কাৰণ দৰ্শোৱা:-

কৃষি, অনুষ্ঠান, ধাৰণ, আহৰণ।

উত্তৰঃ 

  • কৃষি ―স্বাভাৱিকতে মূৰ্দ্ধণা ‘য’ হৈছে।

* অনুষ্ঠান ―ই-কাৰান্ত আৰু উ-কাৰান্ত উপসৰ্গৰ পাছত থকা স্থা, সি, সি, আদি ধাতুৰ দন্ত্য ‘স’ মূদ্ধণ্য ‘ষ’ হয়। সেয়ে অনু শব্দৰ পাছত থকা স্থান শব্দৰ ‘স’ ‘খ’ হৈ ‘ষ্ঠান’ হৈছে।

  • ধাৰণ ― 3. একেটা পদতে থকা ‘ঋ’, ‘ৰ’ আৰু ‘য’ ৰ পাছত থকা দন্ত্য ‘ন’ মুৰ্দ্ধণ ” হয়।
  • আহৰণ ―একেটা পদতে থকা ‘ঋ’, ‘ৰ’ আৰু ‘য’ ৰ পাছত থকা দন্ত্য ‘ন’ মুৰ্দ্ধণ্য ‘ণ’ হয়।

১২। বিপৰীত অর্থ বুজোৱা শব্দ লিখা :- 

বিশ্বাস, মৌখিক, সংযোগ প্রয়োজনীয়, জন্ম, উচিত।

উত্তৰঃ 

বিশ্বাস ―অবিশ্বাস

মৌখিক ―লিখিত

সংযোগ ―বিয়োগ

প্রয়োজনীয় ―অপ্রয়োজনীয়

জন্ম ―মৃত্যু

উচিত ―অনুচিত

১৩। সমার্থক শব্দ লিখা :-

গঞা, পিতা, বেমাৰ চহৰ, লোক।

উত্তৰঃ 

গঞা  ― গাঁৱলীয়া, চহা, গ্ৰামীণ, গ্রাম্য

পিতা ― পিতৃ,দেউতা, পিতাই

বেমাৰ ―ৰোগ, অসুখ, নৰিয়া

চহৰ ― নগৰ, মহানগৰ, 

লোক ― ব্যক্তি, জন,গণ

Leave a Comment

Your email address will not be published. Required fields are marked *

error

Enjoy this blog? Please spread the word :)

Scroll to Top