পৰিৱেশ ভূগোল: ASSAMESE MEDIUM ELECTIVE GEOGRAPHY| CHAPTER-2

পৰিৱেশ ভূগোল- ASSAMESE MEDIUM ELECTIVE GEOGRAPHY

পৰিৱেশ ভূগোল: ASSAMESE MEDIUM ELECTIVE GEOGRAPHY-Textual Question Answers

) পৰিৱেশ বুলিলে কি বুজা? পৰিৱেশক কিয় এটা তন্ত্ৰ হিচাপে বিবেচনা কৰা হয় ?

 

উত্তৰঃ বহল অর্থত পৰিৱেশশব্দটোৱে যিকোনো জীৱ বা জীৱসম্প্রদায়ৰ কেউকাষৰ অৱস্থাকে বুজায়। কেউকাষৰ অৱস্থা বুলি কওঁতে যিবোৰ উপাদানৰ ওপৰত জীৱৰ স্থিতি আৰু বিকাশ নির্ভৰ কৰে, সেই আটাইবোৰকে সামৰি লোৱা হয়। এই উপাদানসমূহ জাতীয় আৰু অজীবীয় উভয় প্রকাৰৰ পাৰে| এই দুয়ো প্ৰকাৰৰ উপাদানে পাৰস্পৰিক সম্পৰ্কৰ যোগেদি জীৱৰ বাবে প্রয়োজনীয় পৰিৱেশ গঢ়ি তোলে।

 

 পৰিবেশ অগণন উপাদানৰ পাৰস্পৰিক সম্পৰ্কৰ ফল। গোলকীয় পর্যায়ত পৰিৱেশে এটা অতি বিশাল আৰু জটিল তন্ত্ৰ হিচাপে ক্রিয়া কৰি আছে ǀ System বা তন্ত্ৰ শব্দটোৱে কিছুমান পাৰস্পৰিক সম্পৰ্ক থকা উপাদানে সৃষ্টি কৰা এটি বিশেষ পৰিস্থিতিক সূচায় ǀ পৃথিবীৰ পৰিবেশ তন্ত্ৰ অসংখ্য জীৱীয় আৰু অজীৱীয় জীৱৰ উপাদানৰ আন্তঃক্ৰিয়াৰ যোগেদি সৃষ্টি  হৈছে ǀপৃথিৱীৰ এই বিশাল পৰিৱেশ তন্ত্ৰৰ ভিতৰতে প্ৰতিটো অঞ্চল বা প্ৰতিখন ঠাইৰ নিজস্ব পৰিবেশ অৰ্ন্তভুক্ত হৈ আছে ǀ 

) পৃথিৱীৰ বায়ুমণ্ডল, স্থলমণ্ডল, জলমণ্ডল আৰু জীৱমণ্ডলৰ মাজৰ সম্পৰ্ক উদাহৰণ দি বুজোৱা ǀ

উত্তৰঃ পৃথিৱীৰ পৰিবেশৰ চাৰিওটা মণ্ডল ক্ৰমেবায়ুমণ্ডল,স্থলমণ্ডল, জলমণ্ডল আৰু জীৱমণ্ডল প্ৰত্যেকৰে সুকীয়া অস্তিত্ব আছে যদিও ইটো ইটোৰ লগত প্ৰাকৃতিকভাৱেই সম্পৰ্কিত ǀ

 উদাহৰণস্বৰূপেঃ জীৱমণ্ডলে পৃথিৱীৰ জীৱ অৰ্থাৎ প্ৰাণী আৰু উদ্ভিদ থকা অংশবোৰ সামৰি লয় ǀ পৃথিৱীৰ জীৱ থকা অংশবোৰ হৈছেস্থলপৃষ্ঠ,সাগৰ মহাসাগৰ আৰু বায়ু মণ্ডলৰ চৰাই চিৰিকটি আৰু কীট পতংগ উৰি ফুৰা অংশ ǀ গতিকে দেখা যায় যে জীৱমণ্ডল আটাইকেইটা মণ্ডলৰে অৰ্ন্তভুক্ত হৈ আছে ǀ ঠিক তেনেদৰে হ্ৰদ, নদ নদী ,সাগৰ মহাসাগৰৰ (জলভাগৰ )উপস্থিতি ভূভাগৰ ওপৰতে আকৌ জল আৰু স্থলভাগৰ ওপৰতে বায়ুমণ্ডলে অৱস্থান লৈ আছে ǀ জল আৰু স্থলভাগত হোৱা সামান্যতম পৰিবৰ্তনে বায়ুমণ্ডলৰ আমুল পৰিবৰ্তন ঘটাব পাৰে ǀ

) পৃথিৱীৰ সকলো অঞ্চলৰ পৰিবেশ কিয় একে নহয়, চমুকৈ লিখা


উত্তৰঃ পৃথিৱীৰ বিভিন্ন অঞ্চলৰ পৰিৱেশৰ মাজত পাৰস্পৰিক সম্বন্ধ থাকিলেও ভৌগোলিক কাৰণতে প্রতিটো অঞ্চলতে পৰিৱেশৰ কিছু সুকীয়া ধৰ্ম বা বৈশিষ্ট্য থাকে। প্রাকৃতিক উপাদানবোৰৰ গুণাগুণ পথিৱীৰ সকলো ঠাইতে একে নহয়। মাটি, পানী, উত্তাপ, জীৱ আদিৰ অঞ্চলভেদে  পার্থক্য দেখা যায়। ঠিক তেনেকৈ ভূপৃষ্ঠত ঠাইৰ অৱস্থান, ভূআকৃতি, সাগৰ মহাসাগৰৰ পৰা দূৰত্ব,সাগৰ পৃষ্ঠৰ পৰা উচ্চতা ,জলবায়ু, উদ্ভিদ,বন্যপ্ৰাণী আদি নানা কাৰকে সংশ্লিষ্ট ঠাইৰ প্ৰাকৃতিক পৰিবেশ নিৰূপণ কৰে ǀ এই কাৰকবোৰৰ অঞ্চল আৰু ঠাইভেদে পাৰ্থক্য আছে ǀ সেয়েহে  পৃথিৱীৰ সকলো অঞ্চলৰ পৰিবেশ  একে নহয় ǀউদাহৰণস্বৰূপে নিৰক্ষীয় অঞ্চলত সূৰ্যৰ তাপ থিয়কৈ পৰে বাবে সেই অঞ্চলবোৰ উষ্ণ ǀ তাৰ বিপৰীতে দুই মেৰুত সূৰ্যৰ তাপ হেলনীয়াকৈ পৰে বাবে সেই অঞ্চলবোৰ শীতল ǀ

) পৰিবেশ ভূগোলৰ সংজ্ঞা দিয়া ǀ

 

উত্তৰঃ ভূগোল বিষয়টোৰ যিটো শাখাই পৃথিৱীৰ পৰিবেশৰ স্বৰূপ  পৰিবৰ্তন আৰু সমস্যা অধ্যয়নৰ লগতে সেইবিলাকৰ সমাধানৰ উপায় উদ্ভাৱনৰ প্ৰয়াস কৰে ,তাকে পৰিবেশ ভূগোল বোলে ǀ

 

) ভূগোল বিষয়টোৰ এটা শাখা হিচাপে পৰিবেশ ভূগোলৰ গুৰুত্ব আলোচনা কৰা ǀ

 

উত্তৰঃ সম্প্রতি আমাৰ পৃথিৱীখনে নানা ধৰণৰ পাৰিৱেশিক সমস্যাৰ সন্মুখীন হৈছে। এহাতে দ্রুত হাৰত ঘটা জনসংখ্যা বৃদ্ধি আৰু নগৰীকৰণ আৰু ঔদ্যোগীকৰণৰ প্রসাৰ আৰু আনহাতে মানুহৰ জীৱন প্ৰণালীৰ চমকপ্রদ উন্নয়নে পৃথিৱীৰ পৰিৱেশৰ ওপৰতে স্বাভাৱিকতে হেঁচা প্রয়োগ কৰিছে। ইয়াৰ লগতে জড়িত হৈ আছে যাতায়াত পৰিবহনৰ অভূতপূর্ব প্রসাৰ, সকলো ধৰণৰ উৎসৰ পৰা সম্পদ আহৰণৰ প্রচেষ্টা, কৃষিৰ আধুনিকীকৰণ, বজাৰৰ সম্প্ৰসাৰণ, উদ্যোগ আৰু যানবাহনত খনিজ ইন্ধনৰ ব্যাপক প্রয়োগ আৰু বহুতো আর্থসামাজিক উন্নয়ন প্রক্ৰিয়া। এই প্ৰক্ৰিয়াবোৰৰ ফলতেই  বননি ধ্বংস, জৈৱবৈচিত্র্য সংকোচন, গোলকীয় উত্তাপ বৃদ্ধি, মৰুভূমিৰ প্ৰসাৰ, মাটিপানী বায়ু প্ৰদূষণ আদিৰ দৰে পাৰিৱেশিক সমস্যাই পৃথিৱীখনক জুমুৰি দি ধৰিছে ǀ এই সমস্যাবোৰৰ প্রণালীবদ্ধ বিশ্লেষণ আৰু সমাধানৰ লগতে ভূগোল বিষয়টোৰ ওপৰতো পৰিছে ǀ পৰম্পৰাগত ধ্যান ধাৰণা, কৌশল, পদ্ধতি আদিৰে এই জটিল সমস্যাবোৰৰ অধ্যয়ন কৰাটো টান ǀ ভূগোলবিদসকলে সেয়েহে  চিন্তা আৰু প্ৰযুক্তি প্ৰয়োগ কৰি এই সমস্যাবোৰৰ বিজ্ঞানভিত্তিক অধ্যয়ন কৰিবলৈ চেষ্টা কৰিছে ǀ এই উদ্দেশ্যে ভূগোল বিষয়ৰ অধ্যয়নৰ পৰিসৰৰ ভিতৰতে পাৰিবেশিক সমস্যাৰ  বিশেষ অধ্যয়নৰ বাবে পৰিবেশ ভূগোল নামৰ নতুন শাখা গঢ়ি তোলা হৈছে ǀ

পৰিৱেশ ভূগোল- ASSAMESE MEDIUM ELECTIVE GEOGRAPHY

) পৰিবেশভূগোলৰ উদ্দেশ্য আৰু অধ্যয়ন পৰিসৰৰ এটি আভাস দিয়া।

 

উত্তৰঃ পৰিবেশ ভূগোলে মানুহ আৰু মানুহৰ কৰ্মৰাজীক কেন্দ্ৰ কৰি অঞ্চলভেদে পৰিবেশৰ সৃষ্টি,স্বৰূপ আৰু পৰিবৰ্তন অধ্যয়ন কৰে ǀ কোনো এটা অঞ্চলত বনাঞ্চল ধ্বংসৰ পৰিমাণ আৰু কাৰণ, বানপানী ,গৰা খহনীয়া, ভূমিস্খলন আদি দুৰ্যোগ আদি কেনেকৈ সংঘটিত হৈছে, প্ৰদূষণে কি ধৰণে পৰিবেশ বিনষ্ট কৰিছে আদি কথাবোৰ পৰিবেশ ভূগোলত আলোচনা কৰিব পাৰি ǀ প্ৰাকৃতিক সম্পদৰ পৰিবেশ অনুকূল ব্যৱহাৰ,পৰিবেশৰ পৰিচালনা,বহনক্ষম উন্নয়ন আদিও পৰিবেশ ভৌগোলিক অধ্যয়নৰ বিষয়বস্তু ǀ পৰিবেশৰ ঐতিহাসিক বিকাশ, জনসংখ্যাৰ বৃদ্ধি আৰু পৰিবেশৰ লগত ইয়াৰ সম্বন্ধ, প্ৰাকৃতিক দুৰ্যোগ আৰু ইয়াৰ ব্যৱস্থাপনা, অৰ্থনীতি আৰু সংস্কৃতিৰ লগত পৰিবেশৰ সম্বন্ধ আদিৰ বিষয়ে অধ্যয়ন কৰাই পৰিবেশ বিজ্ঞানৰ মূল উদ্দেশ্য ǀ

 

পৰিবেশ বিজ্ঞানত বিজ্ঞানৰ প্ৰতিটো শাখাই কম বেছি পৰিমাণে জড়িত ǀ ৰাসায়ন বিজ্ঞান,ভূবিজ্ঞান, জীৱবিজ্ঞান, পদাৰ্থ বিজ্ঞান, জলবায়ু বিজ্ঞান, ভূগোল বিজ্ঞান সম্পৰ্কীয় বহুতো বিষয় পৰিবেশ বিজ্ঞানৰ অধ্যয়নে সামৰি লয় ǀ

) পৰিৱেশৰ উপাদান বুলিলে কি বুজা ? জীবীয় আৰু অজীৱীয় উপাদানৰ অৰ্থ লিখা।

 

উত্তৰঃ পৰিৱেশৰ অৰ্থ আৰু পৰিসৰ যথেষ্ঠ বহল ǀ স্থলমণ্ডল,জলমণ্ডল,বায়ুমণ্ডল আৰু জীৱমণ্ডলৰ সকলোবোৰকে পৰিৱেশৰ উপাদানে সামৰি লয় ǀপৰিবেশৰ অগণন উপাদানবোৰ এই আটাইকেইটা মণ্ডলৰ পাৰস্পৰিক সম্পৰ্কৰ এক জটিল বান্ধোনেৰে বান্ধ খাই আছে ǀ

 

জীবীয় উপাদানঃ জীৱীয় উপাদান সমূহ জীৱমণ্ডলৰ অন্তৰ্ভুক্ত ǀ নানা প্ৰজাতিৰ উদ্ভিদ আৰু অণুজীৱকে আৰম্ভ কৰি বৃহৎ আকাৰৰ প্ৰাণী পৰ্যন্ত জীৱীয় উপাদানৰ ভিতৰত পৰে ǀ যেনেজীৱ জন্তু,গছগছনি ইত্যাদি ǀ

 

অজীৱীয় উপাদানঃ স্থলমণ্ডল,জলমণ্ডল,বায়ুমণ্ডলৰ প্ৰাণীহীন সকলো উপাদান অজীৱীয় উপাদানৰ ভিতৰত পৰে ǀ যেনেমাটি,পানী,বতাহ,বিভিন্ন ধাতু ইত্যাদি

 

৮। তলত উল্লেখ কৰা উপাদানবোৰ জীৱীয় আৰু অজীৱীয়এই দুই ভাগত বিভক্ত কৰি লগত দিয়া তালিকাখন পুৰোৱা ǀ


উপাদানবালি, মণিক, বেক্টেৰিয়া, উদ্ভিদপ্লৱক (Phyloplankton), ঘাঁহ ,বৰষুণ, আর্দ্রতা (humidiy)., মাটি, পানী,অৰণ্য , কীটপতঙ্গ,ভাইৰাছ. কয়লা ,খনিজ তেল,মেনগ্ৰভ, সৌৰ শক্তি

)পাৰিৱেশিক সমস্যা মানে কি ?

 

উত্তৰঃ প্ৰাকৃতিক বা মানৱ সৃষ্ট বিভিন্ন কাৰকৰ ফলত পৰিবেশৰ ওপৰত যি বিৰূপ প্ৰভাৱ পৰে তাকে পাৰিৱেশিক সমস্যা বোলে ǀ

 

 ১০) পৃথিৱীৰ পাৰিবেশিক সমস্যা ক্ৰমে বৃদ্ধি পায় অহাৰ কাৰণবোৰ উল্লেখ কৰা ǀ

 

উত্তৰঃ মানব সভ্যতাৰ আৰম্ভণিত আজিৰ দৰে পৰিৱেশজনিত সমস্যাই মানুহক জুৰুলা কৰা নাছিল। পৃথিৱীয়ে অৱশ্যে যুগ যুগ ধৰি ভূমিকম্প, আগ্নেয় উদগিৰণ, ঘূর্ণীবতাহ, বানপানী, ভয়াবহ সাগৰীয় আদিৰ দৰে প্রাকৃতিক দূৰ্যোগৰ সম্মুখীন হৈ আহিছে। কিন্তু সাম্প্ৰতিক কালত পাৰিবেশিক সমস্যাৰ গুৰিতে আছে জনসংখ্যাৰ দ্ৰুত বৃদ্ধি, ব্যাপক হাৰত সম্পদ আহৰণ, উৎপাদনত ব্যৱস্থাৰ প্ৰযুক্তি বিদ্যাৰ ব্যাপক প্ৰয়োগ, যান বাহনৰ বৃদ্ধি ,নগৰ মহানগৰৰ সম্প্ৰসাৰণ ইত্যাদি ǀ

 

 ১১) পৰিবেশৰ ভাৰসাম্য অৱস্হা বুলিলে কি বুজা ?


উত্তৰঃ পৰিবেশত উপলব্ধ বিভিন্ন উপাদান সমূহ নিৰ্দিষ্ট অনুপাতত থাকিলেহে পৰিবেশৰ ভাৰসাম্যতা অটুত থাকে ǀ প্ৰাকৃতিক বা মানৱসৃষ্ট কাৰণত এই উপাদানসমূহৰ পৰিমাণ কমবেছি হলে পৰিবেশত এক ভাৰসাম্যহীন অৱস্থাৰ সৃষ্টি হয় ǀউদাৰণস্বৰূপেবায়ুমণ্ডলত থাকিবলগীয়া কাৰ্বন ডাই অক্সাইড গেছৰ পৰিমাণ .০৩৫ শতাংশ ǀ ইয়াতকৈ বেছি  কাৰ্বন ডাই অক্সাইড গেছৰ উপস্থিতিয়ে  বায়ুমণ্ডলত এক ভাৰসাম্যহীন অৱস্থাৰ সৃষ্টি কৰিব পাৰে ǀ 

১২) নিৰ্বনীকৰণ বহু সমস্যাৰ কাৰণ আৰু বহু উন্নয়নৰ ফলউক্তিটো যুক্তিৰে বিশ্লেষণ কৰা ǀ


উত্তৰঃ পৃথিৱীৰ পাৰিবেশিক সমস্যাবোৰৰ অন্যতম প্ৰধান হৈছে বননি ধ্বংস ǀ এই বননি ধ্বংস কৰা প্ৰক্ৰিয়াকে নিৰ্বনীকৰণ বোলে ǀ নিৰ্বনীকৰণৰ প্ৰধান কাৰণ হৈছে ঔদ্যোগিক বিকাশ আৰু মানুহৰ জীৱন প্ৰণালীৰ দ্ৰুত উন্নয়ন ǀনিৰ্বনীকৰণে এহাতে মানুহক বনজ সম্পদৰ যোগান ধৰি তথাকথিত আৰ্থিক উন্নয়ন সম্ভৱ কৰি তুলিছে আনহাতে পৰিবেশৰ ভাৰসাম্য বিনষ্ট কৰি নানা প্ৰকাৰৰ সমস্যাৰ সৃষ্টি কৰিছে ǀ দেখা যায়  চহৰ বা নগৰত উদ্যোগ বা কাৰখানা এটা স্থাপন কৰিবলৈ হলে প্ৰথমে তাত থকা হাবি জংঘল বোৰ কাটি পৰিষ্কাৰ কৰি লোৱা হয় ǀ ইয়াৰ ফলত অঞ্চলটোত উপলব্ধ গছগছনিৰ লগতে পশুপক্ষীৰ আশ্ৰয় স্হলো নাইকিয়া হয় ǀনিৰ্বনীকৰণৰ ফলত মাটিৰ গুণাগুণৰ ওপৰতো প্ৰভাৱ পৰে অৰ্থাৎ বলৈ গলে মাটিৰো অৱক্ষয় ঘটে  ǀ অঞ্চলটোৰ জলবায়ুৰ ওপৰতো তাৰ বিৰোপ প্ৰভাৱ পৰে ǀ সেয়েহে পাৰি নিৰ্বনীকৰণে এহাতে যেনেকৈ উন্নয়নৰ বাট মুকলাই দিছে ,আনফালে ইয়াক লৈ সমস্যাও সৃষ্টি হৈছে ǀ

১৩) গোলকীয় উত্তাপ বৃদ্ধি মানে কি ? ইয়াৰ প্ৰধান কাৰণবোৰ উল্লেখ কৰা ǀ

 

উত্তৰঃ মানুহৰ প্ৰকৃতি বিৰোধী কাৰ্যৱলীৰ ফলত বায়ুমণ্ডলৰ উত্তাপ বৃদ্ধি পোৱা পৰিঘটনাটোকে সামগ্ৰিকভাৱে গোলকীয় উত্তাপ বৃদ্ধি বুলি কোৱা হয় ǀ

 

ইয়াৰ প্ৰধান কাৰণবোৰ হৈছে

 

1) যান বাহনৰ ব্যাপক ব্যৱহাৰ তথা জীৱাষ্ম ইন্ধনৰ বহুল প্ৰয়োগ

 

2) শিল্প উদ্যোগৰ প্ৰসাৰ

 

3) বনজুই বা দুৰ্ঘটনাৰ ফলত সংঘটিত অগ্নিকাণ্ড

 

4) নগৰীকৰণ বাবে বনাঞ্চল ধ্বংস কৰা

 

5) ক্ৰমবৰ্ধমান হাৰত বৃদ্ধি পায় অহা শীত তাপ নিয়ন্ত্ৰিত যন্ত্ৰ, ৰেফ্ৰিজৰিটাৰ আদিৰ ব্যৱহাৰ

 

১৪) গোলকীয় উত্তাপ বৃদ্ধিৰ ফলত উদ্ভৱ পৰা সমস্যাবোৰৰ এটি আভাস দিয়া ǀ

 

উত্তৰঃ গোলকীয় উত্তাপ বৃদ্ধিৰ ফলত উদ্ভৱ পৰা সমস্যাবোৰ হৈছে

 

1) গোলকীয় উত্তাপ বৃদ্ধিৰ ফলত কৃষিৰ ওপৰত পোনপটীয়া প্ৰভাৱ পৰিব ǀ শস্যৰ উৎপাদন হ্ৰাস পাব আৰু ঠায়ে ঠায়ে বিভিন্ন অঞ্চল দুৰ্ভিক্ষৰ কবলত পৰিবǀ

 

2) গোলকীয় উত্তাপ বৃদ্ধিৰ ফলত উদ্ভিদজগতৰ ওপৰতো প্ৰত্যক্ষ প্ৰভাৱ পৰিব ǀ ভূপৃষ্ঠত উদ্ভিদৰ বৰ্তমানৰ যি বিতৰণ ,তাৰ লক্ষণীয় পৰিববৰ্তন ঘটিব ǀ বিশেষকৈ মৰুভূমিৰ কাষৰীয়া অঞ্চলবোৰত উদ্ভিদৰ পৰিমাণ হ্ৰাস পাব আৰু অৰণ্য এলেকা ঘাঁহনিলৈ ৰূপান্তৰিত ǀ ঠিক তেনেদৰে পাৰ্বত্য অঞ্চলতো হিমবাহৰ গলৰ ফলত উদ্ভিদৰ বৰ্তমানৰ ৰূপৰ পৰিবৰ্তন ঘটিব ǀ

 

3) বিভিন্ন কাৰণত পৃথিৱীপৃষ্ঠৰ উষ্ণতা ক্ৰমান্বয়ে বৃদ্ধি পাই অহাৰ  লগে লগে মেৰু অঞ্চলৰ বৰফবোৰ গলিছে তথা সাগৰপৃষ্ঠৰ উচ্চতা বৃদ্ধি পাইছে ǀ ইয়াৰ ফলত বহুতো সামুদ্ৰিক দ্বীপ,প্ৰবাল দ্বীপ আৰু দ্বীপ জলমগ্ন হোৱাৰ সম্ভাৱনা আছে ǀ

 

4) জলবায়ুৰ পৰিবৰ্তন ঘটিব ǀ ঠাই অতিবৃষ্টি বা অনাবৃষ্টিৰ কবলত পৰিব পাৰে ǀ

 

5) জলবায়ুৰ পৰিবৰ্তন ফলত অৰণ্য অঞ্চলত থকা জীৱজন্তুবোৰ খাদ্যাভাস,বাসস্থান আদিৰ পৰিবৰ্তন ǀ সঘন পৰিবৰ্তিত পৰিস্থিতিত অভিযোজন  কৰিব নোৱাৰা প্ৰাণীবোৰ বিলুপ্তপ্ৰায় ǀ


6) ভাইৰাচ আৰু বেক্টৰিয়া জনিত ৰোগৰ (মেলেৰীয়া,ডেংগো, গ্ৰহণী ) প্ৰকোপ বৃদ্ধি পাব ǀ ৰোগৰ অৰ্ভিভাৱ ǀ

১৫) গোলকীয় উত্তাপ বৃদ্ধি নিয়ন্ত্ৰণৰ ক্ষেত্ৰত মানুহৰ কৰ্তব্য সম্পৰ্কে চমুকৈ লিখা ǀ

 

উত্তৰঃ গোলকীয় উত্তাপ বৃদ্ধি নিয়ন্ত্ৰণৰ ক্ষেত্ৰত মানুহৰ কৰ্তব্যসমূহ হৈছে

 

1) যান বাহনৰ সীমিত ব্যৱহাৰ কৰা উচিত ǀ গাড়ীমটৰৰ পৰা সৃষ্টি হোৱা প্ৰদুষণ ৰোধ কৰিবলৈ সেইবোৰ উপযুক্ত বিভাগৰ দ্বাৰা পৰীক্ষাকৰণৰ ব্যৱস্থা হাতত লাগিব ǀ

 

2) শীত তাপ নিয়ন্ত্ৰক যন্ত্ৰ, ৰেফ্ৰ্িজৰেটাৰ আদিৰ ব্যৱহাৰ পৰাপক্ষত কম কৰিব লাগে ǀ

 

3) ব্যক্তিগত বা ৰাজহুৱাভাৱে বৃক্ষৰোপণৰ দ্বাৰা বনানীকৰণ প্ৰক্ৰিয়াত সহায়ৰ হাত আগবঢ়াব লাগিব ǀ

 

4) পৰিবেশ প্ৰদূষণ সম্পৰ্কীয় আইন কানুন সমূহ দেশ বা ৰাজ্য খনত কঠোৰভাৱে পালন কৰা উচিত

 

5) স্কুল,কলেজ আদিকে ধৰি অন্যান্য সামাজিক অনুষ্ঠান প্ৰতিষ্ঠানবোৰত পৰিবেশ প্ৰদূষণ সম্পৰ্কীয় সজাগতা সভাসমূহ অনুষ্ঠিত কৰি উঠি অহা প্ৰজন্মক এই বিষয়ত সচেতন কৰি তুলিব লাগিব ǀ

 

১৬) সেউজগৃহ গেছকেইটাৰ নাম লিখা

 

উত্তৰঃ  কাৰ্বন ডাই অক্সাইড, মিথেন, নাইট্ৰাছ অক্সাইড, ক্লৰোফ্লৰকাৰ্বন ইত্যাদি ǀ

১৭) বায়ু প্ৰদূষণ বুলিলে কি বুজা ? কি কি কাৰণত বায়ু প্ৰদূষিত হয় ?

 

উত্তৰঃ বায়ুত কোনো দূষিত পদাৰ্থ বা গেছ মিহলি হৈ ইয়াৰ স্বাভাৱিক ধৰ্মৰ পৰিবৰ্তন ঘটালে ,তেতিয়া তাক বায়ু প্ৰদূষণ বুলিব পাৰি ǀ বায়ুত মিহলি হৈ থকা দূষিত পদাৰ্থ বা গেছবোৰক প্ৰাকৃতিক প্ৰক্ৰিয়াৰে জীণ নিয়াব নোৱাৰি ǀ ক্ৰমে বায়ুক বিষাক্ত কৰি তোলে ǀ

 

বায়ু প্ৰদূষিত হোৱাৰ কাৰণবোৰ হৈছে

 

1) শিল্প উদ্যোগৰ প্ৰসাৰ

 

2) নগৰীকৰণ

 

3) যান বাহনৰ ব্যাপক ব্যৱহাৰ তথা জীৱাষ্ম ইন্ধনৰ বহুল প্ৰয়োগ

 

4) আণৱিক শক্তিৰ প্ৰয়োগ,

 

5) অৰণ্য ধ্বংস

 

6) বনজুই

 

7) মানুহৰ নানা অবিবেচিত কাৰ্য জাবৰজোথৰ মুকলি ঠাইত পেলোৱা, মুকলি ঠাইত মলমূত্ৰ ত্যাগ, চিগাৰেট সেৱন ইত্যাদি ǀ

১৮) বায়ু প্ৰদূষণে কেনে ধৰণৰ সমস্যাৰ সৃষ্টি কৰিব পাৰে লিখা ǀ

 

উত্তৰঃ বায়ু প্ৰদূষণে সৃষ্টি কৰা সমস্যাবোৰ  হৈছে

 

1) বায়ু প্ৰদূষণে মানুহৰ স্বাস্থ্যজনিত সমস্যাবিলাক বৃদ্ধি কৰিছে ǀ  শ্বাসপ্ৰশ্বাসৰ লগত জড়িত নানান ৰোগ (হাপানি,ব্ৰংকাইটিছ, হাওফাওঁৰ কৰ্কট,হাৰ্ট এটেক),  চৰ্মৰোগ আদিবোৰ লাহে লাহে বৃদ্ধি পাইছে ǀ

 

2) বায়ু প্ৰদূষণৰ ফলত এচিড বৰষুণৰ সৃষ্টি হয় ǀবায়ুত অত্যাধিক পৰিমাণত চালফাৰ ডাই অক্সাইড আৰু নাইট্ৰজেন ডাই অক্সাইডৰ উপস্হিতিয়ে এচিড বৰষুণৰ সৃষ্টি কৰে ǀ এচিড বৰষুণে গছগছনি ,খেতিবাতি নষ্ট কৰাৰ উপৰিও খাল বিলৰ পানীও নষ্ট কৰে ǀ

 

3) বায়ুমণ্ডলত বিভিন্ন কাৰণত কাৰ্বন ডাই অক্সাইড গেছৰ পৰিমাণ বাঢ়ি অহাৰ বাবে পৃথিৱীপৃষ্ঠৰ উষ্ণতা ক্ৰমান্বয়ে বৃদ্ধি পাই আহিছে ǀ ইয়াৰ লগে লগে মেৰু অঞ্চলৰ বৰফবোৰ গলিছে তথা সাগৰপৃষ্ঠৰ উচ্চতা বৃদ্ধি পাইছে ǀ

 

4) বায়ুমণ্ডলৰ ষ্টেটছফিয়াৰত থকা জন গেছৰ স্তৰটোৱে সূৰ্যৰ পৰা অহা  অতি বেঙুণীয়া ৰশ্মি বাধা প্ৰদান কৰি জীৱ জগতৰ উপকাৰ সাধে ǀ বায়ু প্ৰদূষণৰ ফলত এই জন গেছৰ তৰপটো ক্ৰমে দুৰ্বল হৈ পৰিছে ǀ

 

5) শীতকালত ধোৱা আৰু ধূলিৰ সংমিশ্ৰণত সষ্টি হোৱা কুঁৱলীৰ ফলত বাটে পথে নানান দূৰ্ঘটনা সংঘটিত হোৱা দেখা যায় ǀ 

১৯) পানী কিদৰে প্ৰদূষিত হয় ? পানী প্ৰদূষণৰ পৰা পৰা ক্ষতিৰ বিষয়ে চমুকৈ লিখা ǀ

 

উত্তৰঃ পানী প্ৰদূষণৰ কাৰণবোৰ হৈছে

 

1) ঔদ্যোগিক অপদ্ৰব্য

 

2) ৰাসায়নিক সাৰ আৰু কীটনাশক দ্ৰৱ্য প্ৰয়োগ কৰা কৃষিক্ষেত্ৰ

 

3) খনিজ পদাৰ্থৰ উদ্ঘাটনক্ষেত্ৰ

 

4) পেলনীয়া দ্ৰৱ্যৰ নিক্ষেপণ

 

5) নগৰীকৰণ আৰু জাবৰজোথৰ নিষ্কাষণৰ পৰ্যাপ্ত ব্যৱস্থা নথকা অপৰিকল্পিত নিৰ্মাণকাৰ্য

 

6) যান বাহনৰ পৰা হোৱা প্ৰদূষণ (বিশেষকৈ তেল পৰিবাহী জাহাজ সাগৰত দুৰ্ঘটনাগ্ৰস্থ লে সৃষ্টি হোৱা প্ৰদূষণ)

 

7) তেজস্ক্ৰীয় পদাৰ্থ পানীত মিহলি হলে

 

8) বায়ুমণ্ডলত জমা হোৱা চালফাৰ ডাই অক্সাইড বৰষুণ আকাৰে নামি আহিলে পানী প্ৰদূষণ হয় ǀ

 

পানী প্ৰদূষণৰ পৰা পৰা ক্ষতিসমূহ হৈছে

 

1) নদী এখনৰ পানী প্ৰদূষিত হলে উপত্যকাটোৰ বাসিন্দাসকল খাদ্য, খোৱাপানী আৰু জীৱিকা আদিৰ দৰে সমস্যাত ভুগিবলগীয়া হয় ǀ

 

2) শিল্পউদ্যোগৰ ৰা নির্গত হোৱা আৱৰ্জনা আৰু ৰাসায়নিক পদার্থ আৰু নগৰ অঞ্চলৰ বৃহৎ নিৰ্মাণৰ পেলনীয়া দ্রব্যই প্রধানকৈ ওচৰতে বিলখাল বা নদনদীৰ পানী প্ৰদূষিত কৰে।

 

3) পানী প্ৰদূষণে মানুহৰ বেমাৰ আজাৰ সৃষ্টি কৰে ǀ

 

4)  জল প্ৰদূষণে মাটি উৰ্বৰা শক্তি হ্ৰাস কৰে ǀ

 

5) বৃহৎ উদ্যোগৰ পৰা নিৰ্গত হোৱা পেলনীয়া দ্ৰৱ্যৰ ফলত আশে পাশে থকা জলাশয়ৰ নিৰ্মল পানীভাগত এচিডৰ পৰিমাণ বৃদ্ধি পাইছে ǀ মানুহৰ ব্যৱহাৰৰ অনুপযোগী হৈ পৰিছে ǀ পানীত এচিডৰ পৰিমাণ বৃদ্ধি পোৱাৰ লগে লগে বহুতো জলজ উদ্ভিদ আৰু জীৱ লুপ্তপ্ৰায় অৱস্হালৈ গতি কৰিছে ǀ 

২০) পাৰিবেশিক সমস্যা সমাধানৰ কাৰণে মানুহে কেনে ধৰণৰ পদক্ষেপ পাৰে বহলাই লিখা ǀ

 

উত্তৰপাৰিবেশিক সমস্যা সমাধানৰ কাৰণে মানুহে পৰা পদক্ষেপ সমূহ হৈছে

 

1) ব্যক্তিগত বা ৰাজহুৱাভাৱে বৃক্ষৰোপণৰ দ্বাৰা বনানীকৰণ প্ৰক্ৰিয়াত সহায়ৰ হাত আগবঢ়াব লাগিব ǀ

 

2) গাড়ীমটৰৰ পৰা সৃষ্টি হোৱা প্ৰদুষণ ৰোধ কৰিবলৈ সেইবোৰ উপযুক্ত বিভাগৰ দ্বাৰা পৰীক্ষাকৰণৰ ব্যৱস্থা হাতত লাগিব ǀ

 

3) সৰু আৰু বৃহৎ কাৰখানাৰ পৰা নিৰ্গত হোৱা ধোৱা আৰু পেলনীয়া দ্ৰৱ্য নিষ্কাষণৰ পৰিমাণ কম কৰিব লাগিব ǀ

 

4) স্কুল,কলেজ আদিকে ধৰি অন্যান্য সামাজিক অনুষ্ঠান প্ৰতিষ্ঠানবোৰত পৰিবেশ প্ৰদূষণ সম্পৰ্কীয় সজাগতা সভাসমূহ অনুষ্ঠিত কৰি উঠি অহা প্ৰজন্মক এই বিষয়ত সচেতন কৰি তুলিব লাগিব ǀ

 

5) পৰিবেশ প্ৰদূষণ সম্পৰ্কীয় আইন কানুন সমূহ দেশ বা ৰাজ্য খনত কঠোৰভাৱে পালন কৰা উচিত ǀ

 

6) পাহাৰ পৰ্বতত অবৈধ ভূমি খনন কাৰ্যত হস্তক্ষেপ কৰাৰ প্ৰয়োজনীয়তা আছে ǀ

 

7) আপুৰুগীয়া বন্যপ্ৰাণী আৰু গছ গছনি থকা বনাঞ্চলসমূহ সংৰক্ষণৰ ব্যৱস্থা কৰিব লাগে ǀ

 

8) শব্দ প্ৰদূষণ ৰোধ কৰিবলৈ অতি উচ্চ প্ৰাবল্যৰ মাইক, চাউণ্ড ছিচটেম, গাড়ী মটৰৰ হৰ্ণ ব্যৱহাৰৰ পৰা বিৰত থাকিব লাগিব ǀ

 

9) নলা নৰ্দমা পৰিষ্কাৰ কৰি ৰখা আৰু তাত জাবৰজোথৰ পেলোৱা নিষেধ কৰা ǀ


10) খেতি পথাৰত ৰাসায়নিক সাৰ আৰু কীটনাশক দ্ৰৱ্য প্ৰয়োগ কৰাতকৈ জৈৱিকভাৱে প্ৰস্তুত কৰা সাৰ আৰু কীটনাশক প্ৰয়োগ কৰা উচিত ǀ

পৰিৱেশ ভূগোল:ASSAMESE MEDIUM ELECTIVE GEOGRAPHY- Additional Question Answers

) ‘পৰিৱেশশব্দটিয়ে কি বুজায়?

:- পৰিৱেশ শব্দটিয়ে যিকোনো জীৱ বা জীৱ সম্প্ৰদায়ৰ কেউকাষৰ অৱস্থাক বুজায়।

 

) পৰিৱেশৰ মূল উপাদান দুটা কি কি?

:- জীৱীয় আৰু অজীৱীয়।

 

) তন্ত্ৰ শব্দটোৰ অৰ্থ কি?

:- তন্ত্ৰ শব্দটোৱে কিছুমান পাৰস্পৰিক সম্পৰ্ক থকা উপাদানে সৃষ্টি কৰা এটি বিশেষ পৰিস্থিতিক বুজায়।

 

) স্থলমণ্ডল বুলিলে কি বুজা? স্থলমণ্ডলে ভূপৃষ্ঠৰ কিমান শতাংশ ঠাই আগুৰি আছে?

:- শিল, মণিক, বালি, মাটি, আদিৰ দ্বাৰা গঠিত পৃথিৱীৰ স্থলভাগকেই স্থলমণ্ডল বুলি কোৱা হয়।

পৃথিৱীৰ প্ৰায় ২৯% ঠাই আগুৰি আছে।

 

) জলমণ্ডল বুলিলে কি বুজা? পৃথিৱীৰ কিমান শতাংশ ঠাই আগুৰি আছে?

:- নদনদী, সাগৰমহাসাগৰ, আদিৰ দ্বাৰা গঠিত পৃথিৱীৰ জলভাগকেই জলমণ্ডল বুলি কোৱা হয়।

পৃথিৱীৰ প্ৰায় ৭১% ঠাই আগুৰি আছে।

 

) মানুহৰ বৈজ্ঞানিক নামটো কি?

:- হমছেপিয়েনছ

 

) বায়ুমণ্ডল কিমান উচ্চতালৈ বিস্তৃত?

:- ভূপৃষ্ঠৰ পৰা প্ৰায় ৪৮০ কি:মি: পৰ্যন্ত বায়ুমণ্ডল বিস্তৃত।

) নাতিশীতোষ্ণ অঞ্চলবোৰত কেনে ধৰণৰ অৰণ্য দেখা যায়?

:- সৰলবৰ্গীয় গছৰ অৰণ্য।

 

) উপকূলীয় অঞ্চলত কেনে ধৰণৰ অৰণ্য দেখা যায়?

:- মেনগ্ৰভ (Mangrove)।

 

১০) পৰিৱেশ বিজ্ঞানক কিয় বিজ্ঞানৰ এক সমন্বিত অধ্যয়ন বুলি কোৱা হয়?

:- পৰিৱেশ বিজ্ঞানে ৰসায়ন বিজ্ঞান, ভূবিজ্ঞান, জীৱবিজ্ঞানপদাৰ্থ বিজ্ঞান, জলবায়ু বিজ্ঞান, ভূগোল বিজ্ঞান আদি বিষয়ক বহু কথা সামৰি লোৱা বাবে ইয়াক এক বিজ্ঞানৰ সমন্বিত অধ্যয়ন বুলি কোৱা হয়।

 

১১) পৰিৱেশ ভূগোল অধ্যয়নৰ প্ৰধান উদ্দেশ্য কি?

:- পৰিৱেশৰ ঐতিহাসিক বিকাশ, জনসংখ্যা বৃদ্ধি আৰু পৰিৱেশৰ লগত ইয়াৰ সম্বন্ধ, প্ৰাকৃতিক দুৰ্যোগ আৰু ইয়াৰ ব্যৱস্থাপনাঅৰ্থনীতি আৰু সংস্কৃতিৰ লগত পৰিৱেশৰ সম্বন্ধ আদিৰ বিষয়ে অধ্যয়ন কৰাই পৰিৱেশ ভূগোলৰ প্ৰধান উদ্দেশ্য।

 

১২) নিৰক্ষীয় অঞ্চলত কেনে ধৰণৰ অৰণ্য দেখা পোৱা যায়?

:- ডাঠ চিৰসেউজীয়া অৰণ্য।

 

১৩) মেৰু অঞ্চলত পোৱা দুটা জীৱৰ নাম লিখা।

:- বল্গা হৰিণ, বগা ভালুক, ছিল মাছ ইত্যাদি।

 

১৪) চাৰ্নোজেম কি?

:- চাৰ্নোজেম মধ্য অক্ষাংশৰ ঘাঁহনি অঞ্চলত পোৱা এবিধ মাটি।

১৫) পডজল কি?

:- পডজল উচ্চ অক্ষাংশৰ শীতল আৰু জীপাল পৰিৱেশত পোৱা একপ্ৰকাৰৰ মাটি।

 

১৬) সাগৰৰ পানীৰ সোৱাদ কেনেকুৱা?

:- লোণা বা লুণীয়া।

 

১৭) পাৰিৱেশিক সমস্যাৰ দুটাকৈ প্ৰাকৃতিক আৰু মানৱ সৃষ্ট কাৰণ উল্লেখ কৰা।

:- প্ৰাকৃতিক কাৰণ:- ভূমিকম্প, আগ্নেয়গিৰী উদ্গীৰণ, ঘূৰ্ণীবতাহ, বানপানী, ভয়াবহ সাগৰীয় ঢৌ আদি।

মানৱ সৃষ্ট কাৰণ:- জনসংখ্যাৰ দ্ৰুত বৃদ্ধি, যানবাহন বৃদ্ধি, ব্যাপক হাৰত সম্পদ আহৰণ, নগৰমহানগৰৰ সম্প্ৰসাৰণ আদি।

 

১৮) নিৰ্বনীকৰণ বুলিলে কি বুজা?

:- বননি ধ্বংস কাৰ্যক নিৰ্বনীকৰণ বুলি কোৱা হয়।

 

১৯) নিৰ্বনীকৰণৰ প্ৰধান কাৰণ দুটা কি কি?

:- উদ্যোগিক বিকাশ আৰু মানুহৰ জীৱন ধাৰণ প্ৰণালীৰ দ্ৰুত উন্নয়ন।

 

২০) পৰিৱেশৰ ভাৰসাম্য ৰক্ষাৰ বাবে কোনো এটা অঞ্চলত কিমান শতাংশ বনাঞ্চল থকা উচিত?

:- ৩৩%

 

২১) পাহাৰীয়া অঞ্চলত কিমান শতাংশ বনাঞ্চল থকা উচিত?

:- ৬০%

২২) ইষ্টাৰ দ্বীপ কোনখন মহাসাগৰৰ অন্তৰ্গত?

:- প্ৰশান্ত মহাসাগৰৰ অন্তৰ্গত।

 

২৩) সুন্দৰবন দ্বীপ অঞ্চলত কেনে ধৰণৰ অৰণ্য দেখা পোৱা যায়?

:- মেনগ্ৰ অৰণ্য।

 

২৪) সুন্দৰবন অঞ্চল কোন দেশৰ অন্তৰ্গত?

:- ভাৰত আৰু বাংলাদেশ।

 

২৫) পৰিৱেশ সংৰক্ষণৰ সৈতে জড়িত যিকোনো দুটা আন্দোলনৰ নাম লিখা।

:- চিপকো আন্দোলন আৰু ছাইলেন্ট ভেলী আন্দোলন।

 

২৬) হিমযুগ কোনটো ভূতাত্বিক যুগৰ অন্তৰ্গত?

:- প্লিষ্টচিন নামৰ ভূতাত্বিক যুগৰ অন্তৰ্গত।

 

২৭) বৰ্তমান কোনটো ভূতাত্বিক যুগ চলি আছে?

:- হলচিন।

 

২৮) পৃথিৱীয়ে লীন তাপ হিচাপে কিমান শতাংশ শক্তি বায়ুমণ্ডললৈ এৰি দিয়ে?

:- ৫১%

২৯) বায়ুমণ্ডলৰ উষ্ণতা বৃদ্ধিৰ বাবে আটাইতকৈ বেছি দায়ী গেছবিধৰ নাম কি?

:- কাৰ্বনডাইঅক্সাইড।

 

৩০) বায়ুমণ্ডলত সৰ্বাধিক পৰিমাণে থকা গেছ বিধৰ নাম কি?

:- নাইট্ৰজেন (৭৮.০৮%)

 

৩১) বায়ু প্ৰদূষণৰ বাবে দায়ী প্ৰাকৃতিক কাৰকটোৰ নাম লিখা।

:- আগ্নেয়গিৰী উদ্গীৰণ।

 

৩২) এচিড বৰষুণৰ বাবে দায়ী গেছবিধৰ নাম লিখা।

:- ছালফাৰ ডাই অক্সাইড আৰু নাইট্ৰজেন ডাই অক্সাইড।

 

৩৩) বায়ুমণ্ডলত কিমান শতাংশ অক্সিজেন আছে?

:- ২০.৯৪%

 

৩৪) দুবিধ সেউজ গৃহ গেছৰ নাম লিখা।

:- কাৰ্বন ডাই অক্সাইড, মিথেন, নাইট্ৰাছ অক্সাইড, ক্লফ্লুৰকাৰ্বনছ ইত্যাদি।

 

৩৫) মালদ্বীপ কোনখন মহাসাগৰত অৱস্থিত?

:- ভাৰত মহাসাগৰত অৱস্থিত।


Discover more from YOUR SMART CLASS

Subscribe to get the latest posts sent to your email.

Leave a Comment

Scroll to Top

Discover more from YOUR SMART CLASS

Subscribe now to keep reading and get access to the full archive.

Continue reading