ভূ-আকৃতিক প্ৰক্ৰিয়া: Assamese Medium Elective Geography| Chapter-1

ভূ-আকৃতিক প্ৰক্ৰিয়া- Assamese Medium Elective Geography

ভূ-আকৃতিক প্ৰক্ৰিয়া: Textual Question Answers

) স্থলাকৃতি বুলিলে কি বুজা?

:- স্থলাকৃতি বুলিলে পৃথিৱী পৃষ্ঠৰ প্ৰাকৃতিক ভৌতিক গঠন বা ভূআকৃতি বুজা যায়। ই পৃথিৱীৰ ভূমিৰ বিভিন্ন ৰূপ, যেনে পাহাৰপৰ্বত, সমভূমি, উপত্যকা, নদী, হ্ৰদমালভূমিমৰুভূমি আদিৰ গঠন আৰু বিন্যাসক বুজায়।

 

) ভূআকৃতিক বিজ্ঞানৰ সংজ্ঞা দিয়া।

:- ভূআকৃতিক বিজ্ঞান হৈছে ভূগোলৰ এটা শাখা, পৃথিৱীৰ উপৰিভাগৰ আকৃতিগঠন আৰু সেই আকৃতিসমূহ কেনেদৰে সৃষ্টি আৰু পৰিবর্তন হয় সেইবোৰ অধ্যয়ন কৰা হয়।

 

) ভূআকৃতিক প্ৰক্ৰিয়াৰ অৰ্থ লিখা।

:-  ভূআকৃতিক প্ৰক্ৰিয়া (Geomorphological Process) বুলিলে পৃথিৱী পৃষ্ঠৰ আকৃতি গঠন, পৰিৱর্তন আৰু ধ্বংস ঘটোৱা প্ৰাকৃতিক শক্তিসমূহৰ কাৰ্যকলাপ।

অর্থাৎ, যিবোৰ প্ৰাকৃতিক শক্তিযেনে বায়ু, জলহিমবাহ, ভূমিকম্প, আগ্নেয়গিৰিআদিমাটিৰ ওপৰত ক্ৰিয়া কৰি পাহাৰ, উপত্যকা, সমতল ভূমি আদি গঠন কৰে বা সলনি কৰে, সেই সকলো কাৰ্যই ভূআকৃতিক প্ৰক্ৰিয়া বুলি কোৱা হয়।

) বাহ্যিক প্ৰক্ৰিয়া বা কাৰকৰ ভিতৰত কি কি পৰে লিখা।

:- বাহ্যিক প্ৰক্ৰিয়াৰ ভিতৰত পৰে

বায়ু, পানী, বতাহ, হিমবাহ, বৰষুণ, সূৰ্যৰ তাপ, সাগৰৰ ঢৌ, জীৱজন্তু আৰু উদ্ভিদৰ কাৰ্য।

 

) অৱনমন বুলিলে কি বুজা?

:-  মৰুভূমিত বতাহে কোনো এক অংশৰ পৰা ধূলিবালি উৰুৱাই নি সেই অংশটোক আপেক্ষিক ভাৱে কৰি তোলা প্ৰক্ৰিয়াকে অৱনমন বোলে।

 

) ইনছেলবাৰ্গ কি? ছবি আঁকি দেখুওৱা।

:- ইনছেলবাৰ্গ হৈছে মৰুভূমিত শক্তিশালী বতাহে কঢ়িয়াই নিয়া শিলবালি আদিয়ে গতিপথত থকা উচ্চভূমিত আঘাত কৰি সৃষ্টি কৰা এক অৱক্ষয় জনিত ভূঅৱয়ব।

চিত্ৰ কিতাপৰ পৃষ্ঠা নং ৪ৰ পৰা চাই আঁকি বা

 

) মৰুদ্যান কাক বোলে? ইয়াৰ তাৎপৰ্য কি?

:- মৰুভূমিত বতাহৰ অৱনমন কাৰ্যৰ ফলত একোটা উচ্চ অংশৰ উচ্চতা কমি ভূগৰ্ভস্থ জল পৃষ্ঠৰ ওচৰ পাব পাৰে। এনেদৰে অৱনমন কাৰ্যৰ ফলত সৃষ্টি হোৱা অ‍ংশটোক মৰুদ্যান বোলে।

ইয়াৰ তাৎপৰ্য ইয়াত কিছ পৰিমাণে পানী থকা বাবে ইয়াতেই মৰুভূমিৰ জীৱজন্তুবোৰে পানী খায় আৰু ইয়াতেই কিছু পৰিমাণে খেতিবাতি কৰা হয়।

) বালিয়াৰি কি আৰু ইয়াৰ সৃষ্টি কেনেকৈ হয় লিখা।

:- বালিয়াৰি হৈছে মৰুভূমিত বতাহৰ দ্বাৰা স্থানান্তৰিত বালিৰ সঞ্চয়েৰে গঠিত এটা প্ৰাকৃতিক উচ্চ ভূমি বা পাহাৰ সদৃশ টিলা।

 

বতাহৰ খনন, পৰিবহণ আৰু অৱক্ষেপন কাৰ্যৰ ফলত বালিয়াৰিৰ সৃষ্টি হয়। মৰুভূমিত বতাহৰ বেগ অধিক লে মাটিৰ ওপৰৰ সৰু সৰু বালিৰ কণাবোৰ বতাহৰ লগত উৰিবলৈ আৰম্ভ কৰে। উৰা বালিৰ কণাবোৰ বতাহৰ দিশত এক স্থানৰ পৰা আন ঠাইলৈ স্থানান্তৰিত বলৈ আৰম্ভ কৰে। যেতিয়া বতাহৰ গতি হ্ৰাস পায় বা কোনো ঠাইত বাধা পায়, তেতিয়া বতাহৰ লগত থকা বালিৰ কণাবোৰ সেই ঠাইত সঞ্চিত হয়। এই সঞ্চয়ৰ ফলত ধীৰে ধীৰে টিলা আকাৰৰ গঠন সৃষ্টি হয় যাক বালিয়াৰি বোলা হয়।

 

) অপঘৰ্ষণ কি? ইয়াৰ ফলত কি ধৰণৰ অৱয়বৰ সৃষ্টি হয়?

:- মৰুভূমিৰ শক্তিশালী বতাহে কঢ়িয়াই নিয়া শিলবালিয়ে গতিপথত থকা উচ্চভূমিত আঘাত কৰি সেইবোৰত অৱক্ষয় ঘটায়। ঘর্ষণৰ যোগেদি কৰা এই ধৰণৰ ক্ষয়কার্যক অপঘর্ষণ বোলা হয়

 

ইয়াৰ ফলত ইনছেলবাৰ্গ আৰু ইয়াৰদাঙ দৰে ভূঅৱয়বৰ সৃষ্টি হয় ǀ

 

১০) সংনিঘৰ্ষণৰ অর্থ লিখা

:- মৰুভূমিত বতাহে সৃষ্টি কৰা আন এটা ঘর্ষণজনিত প্রক্রিয়া হল সংনিঘর্ষণ। বতাহৰ দ্বাৰা পৰিবাহিত শিলবালিবোৰৰ মাজতো পৰস্পৰিক ঘর্ষণৰ সৃষ্টি হয়, অর্থাৎ পৰিবাহিত হৈ থকা অবস্থাতে সেইবোৰৰ মাজত খুন্দাখুন্দি লাগে ইয়াৰ ফলত শিলবোৰ ভাঙি সৰু সৰু টুকুৰাত পৰিণত হয় বা আকাৰত ক্ৰমে সৰু হৈ আহে। এই দৰে পাৰস্পৰিক ঘর্ষণৰ ফলত শিলবোৰ ভাঙিচিঙি টুকুৰাটকুৰ হোৱা প্রক্রিয়াকে সংনিঘর্ষণ বোলে ǀ

ভূ-আকৃতিক প্ৰক্ৰিয়া- Assamese Medium Elective Geography

১১) হিমবাহ কাক বোলে ? ইয়াৰ গতি অতি ধীৰ হোৱাৰ কাৰণ কি?

:- ভূপৃষ্ঠত জমা হৈ থকা বৰফৰ স্তূপবোৰ মাটিৰ ঢাল অনুসৰি ক্ৰমে তললৈ অতি ধীৰ গতিৰে নামি আহে। এনেকৈ ধীৰ গতিৰে নামি অহা বৰফৰ স্তূপবোৰকে হিমবাহ  বোলা হয়।

 

হিমবাহবোৰ মাটি বা পাহাৰ পৰ্বতৰ ঢাল অমুসৰি বৈ আহে ǀ ঢাল কম থাকিলে ইয়াৰ গতিবেগো কমি যায়। আনহাতে হিমবাহৰ লগত অন্য বহুতো পদাৰ্থ, শিল ,বালি, মাটি আদি পাহাৰৰ ওপৰৰ পৰা তললৈ বৈ আহে ǀ এইবোৰৰ উপস্থিতিয়েও হিমবাহৰ গতি ধীৰ কৰে

 

১২) হিমবাহ কেই প্ৰকাৰৰ? প্রত্যেকৰে বিষয়ে চমুকৈ লিখা।

 

উত্তৰঃ হিমবাহ প্ৰকাৰৰ ǀ সেইবোৰ হৈছে

 

) মহাদেশীয় হিমবাহঃ এই হিমবাহবোৰ মেৰু অঞ্চলৰ বৃহৎ এলেকাজুৰি বিস্তৃত হৈ আছে। উত্তৰ কানাডা, গ্রীণলেণ্ড, স্কান্দিনেভিয়া, এন্টার্কটিকা আদিত মহাদেশীয় হিমবাহবোৰ বিয়পি আছে। এই হিমবাহবোৰ ভূপৃষ্ঠৰ ঢাল অনুসৰি অতি ধীৰ গতিৰে নামি আহে।

 

) পার্বত্য হিমবাহঃ সুউচ্চ পর্বতৰ উচ্চাংশত এনে হিমবাহ দেখা যায়। প্রধানকৈ ইউৰোপৰ আল্পছ, উত্তৰ আমেৰিকাৰ ৰকি আৰু এছিয়া মহাদেশৰ হিমালয় পার্বত্য অঞ্চলত পার্বত্য হিমবাহ বিদ্যমান। সাধাৰণতে পার্বত্য বা উপত্যকা হিমবাহ দুশাৰী পৰ্বতৰ মাজৰ উপত্যকাৰে বৈ আহে। ইয়াৰ গতিবেগ মহাদেশীয় হিমবাহতকৈ যথেষ্ট বেছি।

 

) গিৰিপদ হিমবাহঃ কেতিয়াবা কেইবাটাও উপত্যকা হিমবাহ পার্বত্য অঞ্চলৰ পৰা নামি আহি পৰ্বতৰ পাদদেশত মিলিত হৈ পৰ্বতৰ দাঁতিকাষৰীয়া নিম্নভূমিত বিয়পি পৰে। গিৰিমালা বা পৰ্বতৰ পাদদেশত সৃষ্টি হয় কাৰণে এনে হিমবাহক গিৰিপদ বা শৈলপদী হিমবাহ বোলে উত্তৰ আমেৰিকাৰ আলাস্কাত এনে হিমবাহ দেখা যায়

১৩) হিমবাহ উপত্যকাৰ আকৃতি ছবি আঁকি দেখুওৱা।

:- কিতাপৰ পৃষ্ঠা নং পৰা চাই আঁকি বা।

 

১৪) ওলোমা উপত্যকা কি লিখা।

:- ওলোমা উপত্যকা হৈছে হিমবাহে সৃষ্টি কৰা এক ক্ষয়জনিত অৱয়ব। সাধাৰণতে মূল নদীলৈ উপনদীবোৰ বৈ অহাৰ দৰে মূল হিমবাহলৈও উপহিমবাহ কিছুমান বৈ আহে। মূল হিমবাহৰ উপত্যকা তুলনামূলকভাৱে ডাঙৰ আৰু দ। উপহিমবাহৰ উপত্যকা সৰু আৰু কম দ। আহি উপহিমবাহ মূল হিমবাহৰ লগ লাগে, তাতে স্বাভাৱিক কাৰণতে উপহিমবাহৰ উপত্যকাটো মূল হিমবাহৰ উপত্যকাৰ ওপৰত ওলমি থকা যেন লগে। সেয়ে উপ হিমবাহৰ উপত্যকাটোক ওলোমা উপত্যকা বুলি কোৱা হয় ǀ

 

১৫) গ্রাব কি? কেইপ্ৰকাৰৰ? চিত্র আঁকি গ্রাবৰ অৱস্থান দেখুওৱা।

:- পাহাৰ বা পৰ্বতৰ ঢালেদি বৈ আহোতে হিমবাহে বৰফৰ উপৰিও অন্য পদাৰ্থ কঢ়িয়াই আনে ǀ এইবোৰকেই সামগ্ৰিকভাৱে গ্ৰাব বোলে ǀ

 

চাৰি প্ৰকাৰৰঃ

)পাৰ্শ্ব গ্ৰাব

)মধ্য গ্ৰাব

)ভূমি গ্ৰাব

)প্ৰান্ত গ্ৰাব

 

চিত্ৰ কিতাপৰ নং পৃষ্ঠাৰ পৰা চাই আঁকি বা।

১৬) গোলকীয় উত্তাপ বৃদ্ধিয়ে হিমবাহৰ ওপৰত কি ধৰণৰ প্রভাব পেলাব সাধাৰণ জ্ঞানৰ ভিত্তিত তাৰ এটি আভাস দিয়া

 

উত্তৰঃ গোলকীয় উত্তাপ বৃদ্ধিয়ে হিমবাহৰ তলত উল্লেখ কৰা ধৰণৰ প্রভাব পেলাব

) হিমবাহবোৰ গলিবলৈ ধৰিব আৰু তাৰ ফলত সাগৰৰ জলপৃষ্ঠৰ উচ্চতা বৃদ্ধি পাব ǀ

) সাগৰমহাসাগৰৰ উপকূলৰ  বহুতো অঞ্চল তথা নিম্নভূমি সমূহ পানীৰ তলত বুৰ যাব ǀ

) সেইবোৰ অঞ্চলত উপলব্ধ মানৱ সভ্যতা আৰু জৈৱ বৈচিত্ৰ নিচিহ্ন হব ǀ

) সাগৰ মহাসাগৰ তথা বিশ্বৰ পাৰিপাৰ্শ্বিক  অৱস্হাত ব্যাঘাত জন্মিব ǀ

) জলবায়ু সলনি হব ǀ ঠাই বিশেষে বৰষুণ কমবেছি হব।

ভূ-আকৃতিক প্ৰক্ৰিয়া: Additional Question Answers

) ভূপৃষ্ঠৰ পৰিৱৰ্তন সাধন কৰা প্ৰধান কাৰক দুটা কি কি?

:- বাহ্যিক কাৰক আৰু আভ্যন্তৰীন কাৰক।

 

) দুটা বাহ্যিক কাৰক আৰু দুটা আভ্যন্তৰীন কাৰকৰ উদাহৰণ দিয়া।

:- বাহ্যিক কাৰকবতাহ, বৰষুণ।

আভ্যন্তৰীন কাৰকভূমিকম্প, আগ্নেয়গিৰী উদ্গীৰণ।

 

) ভূআকৃতিক প্ৰক্ৰিয়া বুলিলে কি বুজা?

:- স্থলাকৃতিৰ সৃষ্টি আৰু বিকাশৰ লগত জড়িত বাহ্যিক আৰু আভ্যন্তৰীণ প্ৰক্ৰিয়া বোৰক ভূআকৃতিক প্ৰক্ৰিয়া বোলা হয়।

 

) মৰুভূমিত বতাহে কি কি কাৰ্য সম্পাদন কৰে?

:- মৰুভূমিত বতাহে খনন, পৰিবহণ আৰু অৱক্ষেপন কাৰ্য সম্পাদন কৰে।

 

) বালিয়াৰি কেই প্ৰকাৰৰ আৰু কি কি?

:- বালিয়াৰি দুই প্ৰকাৰৰ।

() অনুদৈৰ্ঘ্য বালিয়াৰি আৰু () অনুপ্ৰস্থ বালিয়াৰি।

) বাৰখান কি?

:- বাৰখান মৰুভূমিত বালিয়াৰিয়ে সৃষ্টি কৰা এক অৰ্ধচন্দ্ৰাকৃতিৰ অৱয়ব।

 

) বালিয়াৰিৰ আকাৰ আৰু আকৃতি নিৰ্ভৰ কৰা দুটা কাৰক লিখা।

:- বায়ু প্ৰৱাহৰ ধৰ্ম আৰু গতিদিশ আৰু শক্তি।

 

) অপঘৰ্ষণ প্ৰক্ৰিয়াৰ ফলত গঠিত দুটা অৱয়বৰ নাম লিখা।

:- ইনছেলবাৰ্গ আৰু ইয়াৰদাং।

 

) মৰুভূমিৰ যিকোনো দুটা অৱক্ষয় জনিত ভূঅৱয়বৰ নাম লিখা।

:- ইনছেলবাৰ্গ আৰু ইয়াৰদাং।

 

১০) ইনছেলবাৰ্গ কি?

:- ইনছেলবাৰ্গ হৈছে মৰুভূমিত থকা অকলশৰীয়া চাপৰ পাহাৰ।

 

১১) হিমবাহৰ কোনটো ক্ৰিয়াৰ ফলত শীৰ্ষাংশ শংকুৰ সৃষ্টি হয়?

:- হিমবাহৰ খনন কাৰ্যৰ ফলত শীৰ্ষাংশ শংকুৰ সৃষ্টি হয়।

 

১২) আল্পছ পৰ্বতত থকা ক্ষয়জনিত শৃংগটোৰ নাম লিখা।

:- মেটাহৰ্ণ।

১৩) মেটাহৰ্ণ কি?

:- মেটাহৰ্ণ ছুইছ আল্পছ পৰ্বতত থকা ক্ষয়জনিত শৃংগ।

 

১৪) হিমবাহৰ কোনটো ক্ৰিয়াৰ ফলত ওলোমা উপত্যকাৰ সৃষ্টি হয়?

:- হিমবাহৰ ক্ষয়জনিত কাৰ্যৰ ফলত ওলোমা উপত্যকাৰ সৃষ্টি হয়।

 

১৫) হিমবাহৰ যিকোনো তিনিটা অৱক্ষেপন জনিত অৱয়বৰ নাম লিখা।

:- কেম, এস্কাৰ আৰু ড্ৰামলিন।


Discover more from YOUR SMART CLASS

Subscribe to get the latest posts sent to your email.

Leave a Comment

Scroll to Top

Discover more from YOUR SMART CLASS

Subscribe now to keep reading and get access to the full archive.

Continue reading