জিকিৰ- Class 10 Poem Assamese Medium

জিকিৰ class 10 poem

জিকিৰ কবিতা

জিকিৰ কবিতা

কবি পৰিচয়

ইছলাম ধৰ্মৰ প্ৰচাৰক আজান ফকীৰ সুদূৰ বাগদাদ চহৰৰ পৰা ভায়েক নবী পীৰৰ সৈতে অসমত প্ৰৱেশ কৰিছিল। আনুমানিক খ্ৰীষ্টিয় সপ্তদশ শতিকাৰ মাজভাগত গদাধৰ সিংহৰ শাসন কালত অসমলৈ অহা আজান ফকীৰে অতি কম সময়ৰ ভিতৰতে অসমীয়া মাত কথা সুন্দৰকৈ শিকি জিকিৰ আৰু জাৰি গীত ৰচনা কৰিছিল। তেওঁৰ আচল নাম হজৰত চাহ মিলন

জনশ্ৰুতি মতে আজান ফকীৰেই পোন প্ৰথমে অসমত আজান দি নামাজ পঢ়িবলৈ মুছলমানসকলক শিকাইছিল বাবে তেওঁৰ নাম আজান ফকীৰ হয়। আন এটা মত অনুসৰি তেওঁক অসমৰ স্থানীয় মানুহে অজান ঠাইৰ মানুহ হিচাপে গণ্য কৰি অজান ফকীৰ বা আজান ফকীৰ বুলিছিল। আজান ফকীৰৰ জীৱন বৰ সংঘাত পূৰ্ণ আছিল।

অসমত ইছলাম ধৰ্ম তত্ব প্ৰচাৰ কৰাৰ অপৰাধত আহোম ৰজাই ৰূপাই দাধৰা নামৰ এজন মুছলমান বিষয়াৰ হতুৱাই তেওঁক ৰাজসভালৈ ধৰাই নি চকু কাঢ়ে। পিছত তেওঁৰ মাহাত্ম্যৰ কথা বুজি পায় দিখৌমুখৰ সৰাগুৰি চাপৰিত মাটি- বাৰী দি মছজিদ সজাই দিয়ে। তাতে আজান ফকীৰে ছকুৰি ভকতৰ সৈতে ধৰ্ম চৰ্চা আৰম্ভ কৰে।

তেওঁ আঠকুৰি জিকিৰ ৰচনা কৰিছিল। মৃত্যুৰ পিছত তেওঁক শিৱসাগৰ চহৰৰ ধাই আলিত কবৰ দিয়ে।

মূলভাৱ

উত্তৰঃ সংসাৰ যেন এখন সাগৰ। প্রকৃত মুছলমানেহে কেৱল আল্লাৰ কৃপাত সংসাৰ সাগৰ পাৰ হ’ব পাৰে অর্থাৎ মায়াবন্ধনৰ পৰা মুক্তি লাভ কৰিব পাৰে –এয়াই কবিতাটোৰ মূলভাব। মানৱ জীৱন ক্ষণস্থায়ী। শৰীৰ বা দেহ অনিত্য, ক্ষণভংগুৰ; আত্মাহে অবিনশ্বৰ। দেহ আৰু আত্মাৰ সম্পর্ক যেন সঁজা আৰু মইনাৰ সম্পৰ্কৰ দৰে। মইনা অবিহনে সজাটো যিদৰে মূল্যহীন, আত্মা অবিহনে দেহৰাে একেই অৱস্থা। আকাশৰ শােভা তিৰবিৰ তৰালিয়ে বঢ়োৱাৰ দৰে সজা শুৱনি কৰে মইনাৰ মিঠা মাতে। মইনাৰ মিঠা মাতত ভােল যায় মানুহৰ মন, একেদৰে মানৱ শৰীৰৰ ভিতৰত থকা আত্মায়াে নানা সুখবিলাসী কর্মৰ বাবে যুক্তিৰে উচটাই জীৱক মায়াত বন্দী কৰে। পাৰ্থিৱ সুখবিলাসত মগ্ন হৈ জীৱই জীৱনৰ প্রকৃত অর্থ পাহৰি যায়।নানা দুখ-দুর্দশাত ভােগে। দেহৰ সুখ বিচাৰি থাকোতেই আত্মাই এদিন দেহটোক এৰে। দৰাচলতে আত্মা থকালৈকেহে দেহটোৰ মূল্য আছে। আত্মাহীন দেহ এদিন ছাই হৈ যায় বা মাটিত মিলি যায় কেৱল এনে অনিত্য শৰীৰৰ বাবে সংসাৰৰ যন্ত্ৰণাত ভুগি থকা জীৱৰ আত্মাই মুক্তি লাভ কৰিব পাৰে কেৱল আল্লাৰ দয়াত।

আল্লাক বিচাৰি পােৱাটো সাধাৰণ জীৱৰ বাবে অতি কঠিন কাম। নিজৰ অন্তর্নিহিত শক্তিৰ কথা উপলব্ধি কৰিব নােৱাৰি পানীয়ে পিয়াহত আৰু অগ্নিয়ে যিদৰে জাৰত মৰে, একেদৰে মােহাচ্ছন্ন জীৱই নিজ আত্মত বসবাস কৰা আল্লাক বিচাৰি হাবাথুৰি খায়। ওৰে জীৱন বৈষয়িক সুখত নিমজ্জিত থকাজনেও অৱশেষত আল্লাক বিচাৰি পৱিত্ৰ তীর্থ মক্কালৈ যায়। কিন্তু মক্কালৈ গৈও তেওঁলােকে আল্লাক বিচাৰি নাপায়। কিয়নাে জীৱনকালত তেওঁলােকে কোনােদিন আল্লাই নির্দেশ কৰা বাটেৰে খােজ দিয়া নাই। কেৱল বিষয় বাসনাত নিমজ্জিত হৈ নিজ স্বার্থহে পূৰণ কৰিছে। তেনে লােকে আল্লাৰ সন্ধান নাপায়। দৰাচলতে আল্লা লুকাই থাকে প্রকৃত মুছলমানৰ অন্তৰত। সৎকর্ম আৰু সৎ জীৱন-যাপনৰ মাজেৰে দিন অতিবাহিত কৰা মুছলমানৰ আত্মাত আল্লা সদায় বিৰাজমান। তেনে লােকেই আল্লাক স্মৰণ কৰি তেওঁৰ কৃপা লাভ কৰে আৰু সংসাৰ সাগৰ পাৰ হয়। পাৰ্থিৱ সুখ ত্যাগি দয়াৰ গৰাকী আল্লাৰ নাম স্মৰণ (জিকিৰ কৰি জীৱই সংসাৰ সাগৰ পাৰ কৰাৰ চেষ্টাত ব্রতী হ’ব লাগে—কবিতাটোৰ মাজত এনে গভীৰতত্ত্বই নিহিত হৈ আছে।

শব্দ অর্থ

শব্দঅর্থ
মােমিনবিশ্বাসী মুছলমান
বন্দোস্মৰণ কৰা
আদমআদি মানৱ, আল্লাৰ সৃষ্ট প্রথম মানুহ
ভেলদেহ
শাহ মিলানএগৰাকী ইছলামধর্মী সাধু পুৰুষ।
আচমানআকাশ।
তিৰবেণীত্রিবেণী। গংগা, যমুনা আৰু
সৰস্বতীৰ সংগম স্থল, পৱিত্ৰ ঠাই।
দৰিয়াসাগৰ,নদী
বেহাৰবেপাৰ কৰিব
ৰচুলদেৱদূত, ঈশ্বৰ প্ৰেৰিত, আল্লাৰ দূত।
ৰহমদয়া
সঞ্চাৰতলা, সঁচাৰ
জিকিৰজিকিৰবােৰ অসমীয়া ভাষাৰে
অমূল্য সম্পদ। এই শব্দটো আৰবী
 ‘চি’ শব্দৰ পৰাই ওলাইছে।
ইয়াৰ অর্থ হ’ল ঘনে ঘনে
উচ্চাৰণ কৰা।
টপালিজিভাৰে কৰা টপ টপ শব্দ।

১। চমু উত্তৰ দিয়া :
(ক) জিকিৰৰ ৰচক কোন?
উত্তৰঃ জিকিৰৰ ৰচক হ’ল শ্বাহ মিলান’ নামৰ এগৰাকী ইছলামী সাধু। তেওঁক “আজান ফকিৰ” বুলিও জনা যায়।

(খ) জিকিৰবােৰক কিহৰ লগত তুলনা কৰিব পাৰি?
উত্তৰঃ জিকিৰ বােৰক হিন্দুসকলৰ ভক্তিমূলক প্রার্থনা বা স্তুতিগীতৰ লগত তুলনা কৰিব পাৰি।

(গ) ‘জিকিৰ’ শব্দটো কি শব্দৰ পৰা ওলাইছে?
উত্তৰঃ জিকিৰ শব্দটো আৰবী ‘ ‘জিক্‌ৰ’ শব্দৰ পৰাই ওলাইছে। এই শব্দৰ মূল অর্থ হ’ল ঘনে ঘনে উচ্চাৰণ কৰা।

২। তলৰ শব্দবােৰৰ অৰ্থ লিখা ।
উত্তৰঃ 

ৰছুলঃ দেৱদূত, ঈশ্বৰ প্ৰেৰিত, আল্লাৰ দূত।
মােমিনঃ বিশ্বাসী মুছলমান
ৰহমঃ দয়া
কুটুবঃ ধ্রুব্র নক্ষত্র
বান্দাঃ ভৃত্য

৩। মক্কাৰ দুৱাৰত চাহাব জীবই মাৰে তালি
যেনে শালে শ’লৰ লগত দৰিকাৰ টপালি।।
— উল্লিখিত কবিতাফাকিৰ অন্তর্নিহিত ভাবটি বিশ্লেষণ কৰা।

উত্তৰঃ আজান ফকিৰৰ দ্বাৰা ৰচিত উক্ত কবিতাফাঁকিৰ মাজেৰে মানৱ জীৱনৰ কথা ক’বলৈ বিচৰা হৈছে। মক্কা হ’ল এক পৱিত্ৰ তীর্থস্থান। আল্লা অর্থাৎ ভগৱানৰ দর্শন লাভৰ বাবে বহুতেই মক্কালৈ গৈ জিকিৰ গায় বা আল্লাৰ নাম সোঁৱৰে। কিন্তু তাৰ মাজেৰে জীৱই আল্লাৰ কোনাে সন্ধান নাপায়। কিয়নাে জীৱনকালত যি এবাৰাে আল্লাই নির্দেশ কৰা পথত খােজ দিয়া নাই তেওঁক আল্লাই কাহানিবাই পৰিত্যাগ কৰিছে। মানুহে ভুল ধাৰণাৰ বশৱৰ্তী হৈ জীৱনত এটাৰ পাছত এটা পাপ কৰি শেষত মক্কালৈ যায় পৰম মুক্তি লাভৰ বাবে। কিন্তু অসৎ কর্মত লিপ্ত হােৱাজনে মুখেৰে আল্লাৰ নাম ল’লেই মুক্তি নাপায়। শাল আৰু শ’ল মাছৰ লগত দৰিকা মাছৰ টপালিয়ে যিদৰে প্রভাৱ পেলাব নােৱাৰে তেনেদৰে আল্লাক যি চিনি নাপায় তেওঁ মক্কালৈ গৈও আল্লাক বিচাৰি নাপাই হাবাথুৰি খায়। দৰাচলতে বিশ্বাসী মুছলমানজনৰ অন্তৰতে আল্লা লুকাই থাকে। কেৱল মাত্র তাক স্মৰণ কৰিলেই হ’ল ।

8। ব্যাখ্যা কৰাঃ
(ক) পানী মৰে পিয়াহত, অগ্নি মৰে জাৰত।
খােদা ৰছুল লুকাই আছে, মােমিনৰ আঁৰত।।
উত্তৰঃ  প্রসংগ:- উক্ত কবিতাফাকি আজান ফকিৰ ৰচিত ‘জিকিৰৰ পৰা তুলি দিয়া হৈছে।

সংগতিঃ: আল্লা অর্থাৎ ভগৱানৰ সান্নিধ্যৰ পথ কিদৰে লাভ কৰিব পাৰি তাকেই ক’বলৈ গৈ ব্যাখ্যেয় কবিতাফাকিৰ অৱতাৰণা কৰা হৈছে।

ব্যাখ্যাঃ পানী পিয়াহত মৰা আৰু অগ্নি জাৰত মৰা দুয়ােটা কথাই অসম্ভৱ। অর্থাৎ পানীৰ ভিতৰতে নিজৰ পিয়াহ গুচোৱা শক্তি লুকাই থাকে। তেনেদৰে জুইৰ উত্তাপ শক্তিও নিজৰ ভিতৰতে লুকাই থাকে। কিন্তু পানী আৰু জুয়ে নিজৰ সেই শক্তিৰ কথা নাজানে। একেদৰে পানীৰ পিয়াহত আতুৰজনে পানীক পানী বুলি চিনি নাপালে বা জাৰত কঁপি থকাজনে জুইৰ অস্তিত্বৰ কথা নাজানিলে তাক বিচাৰি চলাথ কৰিলেও বিচাৰি নাপায়। আল্লা বা ভগৱান আমাৰ হৃদয়তে আছে। কিন্তু আমি তেওঁক চিনি নাপালে, তেওঁৰ অপাৰ মহিমাৰ কথা নাজানিলে এই বিশ্বব্রহ্মাণ্ড চলাথ কৰিলেও আল্লা বা ভগৱানক বিচাৰি নাপাওঁ। সংসাৰ ধর্ম পালন কৰিবলৈ গৈ যি প্রকৃতিক অনাদৰ কৰে, জীৱজগতৰ ক্ষতি কৰে, নিজৰ স্বার্থ সিদ্ধিৰ বাবে আনৰ অপকাৰ কৰে, তেওঁ নিজ হৃদয়ত থকা আল্লাক দূৰলৈ যাবলৈ বাধ্য কৰায়। কিন্তু যি সৎ কর্মত বিশ্বাসী, প্রকৃত মুছলমানৰ কর্তব্য পালনত ব্ৰতী, তেওঁৰ অন্তৰতেই আল্লাৰ নিবাস তেওঁআল্লাক বিচাৰি হাবাথুৰি খাব নালাগে, আল্লাই স্বয়ং আহি তেওঁৰ উপলব্ধিত ধৰা দিয়েহি। প্রকৃত মুছলমানৰ অন্তৰতে আল্লা বিৰাজমান। ই পৰম সত্য।

(খ) মক্কাৰ দুৱাৰত চাহাব তিৰ্ বেণীৰ ঘাট।
      বেহাব নোৱাৰে তাত মায়াই ভেটে বাট।।

উত্তৰঃ- প্ৰসংগ: উক্ত কবিতাফাঁকি আমাৰ পাঠ্যপুথিৰ অন্তগৰ্ত আজান ফকীৰৰ দ্বাৰা ৰচিত ‘জিকিৰ’ নামৰ পাঠটিৰ পৰা তুলি দিয়া হৈছে।

 সংগতি: এই পদফাঁকিৰ জৰিয়তে কবিয়ে মায়াত আৱদ্ধ হৈ জীৱন পাৰ কৰি মানুহে কিদৰে জীৱনৰ অন্তিম দিনত ভগৱানক বিচাৰি গৈ হাবাথুৰি খাইছিল তাৰ কথা কোৱা হৈছে।

 ব্যাখ্যা :  ইয়াত মক্কাক পবিত্ৰ তিৰবেণীৰ ঘাট বুলি কোৱা হৈছে। তিৰবেণী অৰ্থাৎ ত্ৰিৱেণী হৈছে হিন্দু সকলৰ পবিত্ৰ তীৰ্থস্থান। হিন্দু সকলে পবিত্ৰ বুলি মানি অহা যমুনা, গংগা, আৰু সৰস্বতী নদীয়ে বাৰানসীৰ যি ঠাইত মিলিত হৈছিল সেই ঠাইয়েই হৈছে ত্ৰিৱেণী ঘাট। প্ৰতিগৰাকী হিন্দুৱেই যদি সেই ত্ৰিৱেণীলৈ গৈ তিনিও সংগমস্হল স্নান কৰিব পাৰে তেন্তে সকলোঁ পাপৰ খণ্ডন হয় বুলি বিশ্বাস কৰে। সেইবাবে পবিত্ৰ মক্কাক ত্ৰিৱেণীৰ লগত তুলনা কৰা হৈছে। মক্কা হল মুছলমান সকলৰ বাবে এখন পবিত্ৰ তীৰ্থস্থান, মক্কালৈ গলে হেনো সকলো পাপৰ পৰা মুক্তি লাভ হয় আৰু জীৱন মুক্তি লাভ কৰে। কিন্তু এই সংসাৰৰ মায়া মোহত বন্দী হৈ থকা মানুহে মক্কালৈ গলে মনত সুখ, শান্তি নাপায়। কিয়নো তেওঁলোকে সংসাৰৰ আন লোকে যোৱা দেখি মক্কালৈ গৈছে হয়, কিন্তু প্ৰকৃত অন্তৰেৰে মুক্তি বা আল্লাক বিচাৰিব পৰা নাই। সংসাৰৰ মায়াই তেওলোকক মুক্তিৰ পথত বাধা হে দিছে। ফলত জীৱই সুখৰ উপৰি দুখ হে পাব লগা হৈছে।

(গ) সজাৰ মইনাটিৰ অনেক যুগুতি।
      দেও মাৰি পাৰ হ’লে এৰিলে পীৰিতি।।
উত্তৰ: প্ৰসংগ : উক্ত কবিতাফাঁকি আমাৰ পাঠ্যপুথিৰ অন্তগৰ্ত আজান ফকীৰৰ দ্বাৰা ৰচিত ‘জিকিৰ’ নামৰ পাঠটিৰ পৰা তুলি দিয়া হৈছে।


 সংগতি :  উক্ত কবিতাফাঁকিৰ জৰিয়তে কবিয়ে মানব দেহত আৱদ্ধ হৈ থকা অবিনাশী আত্মাৰ মুক্তিৰ কথাকে কৈছে।

ব্যাখ্যা : মইনা চৰাইক সজাত বন্দী কৰি পুহি ৰখাৰ দৰেই আমাৰ আত্মাকো মানব দেহৰূপী সজাত বন্দী কৰি ৰখা হয়। সজা এটাত বন্দী মইনা চৰাই  এটাই  যিদৰে মিঠা মাত মাতি গৃহস্থৰ মন ভূলাই ঠিক তেনেদৰে মানব দেহত বন্দী আত্মায়ো নানা ধৰনৰ  আচৰণেৰে মানুহক সুখী কৰিবলৈ মুক্তি দি কাম কৰিবলৈ বাধ্য কৰায়। গোটেই জীৱন দেহটোৰ সুখ দুখৰ চিন্তা কৰি দেহটোৰ প্ৰেমত আচন্ন হৈ থাকে। কিন্তু দেহৰ সৈতে আত্মাৰ এই সম্পৰ্ক ক্ষন্তেকীয়া। এই সম্পৰ্কটো ছেদ হলেই আত্মাই দেহ ত্যাগ কৰে। জীৱহীন দেহ এটা মূল্যহীন, গতিকে আত্মা বা জীৱহীন দেহক  আমি  মৃতদেহ হিচাপে পুৰি বা পুতি পেলাওঁ। ইয়াক লৈ আত্মাৰ কোনো দুখ নাথাকে, মৃতদেহৰ পিছত সজাত্যাগি মইনাই যিদৰে সজা আৰু গৃহস্থৰ মৰম, স্নেহ, প্ৰেম, প্ৰীতিৰ পৰা মুক্ত হয়, তেনেদৰে আত্মায়ো নিজৰ মৃতদেহ আৰু সংসাৰৰ মায়া – মোহ, প্ৰেম – প্ৰীতিৰ পৰা মুক্ত হৈ পৰে।

ভাষা বিষয়ক প্ৰশ্নৱলী

১) সমাৰ্থক শব্দ লিখাঃ

চিন্তো, ঘাট, পিৰীতি, আচমান, দৰিয়া, পিয়াহ, বাট, ভেল

উত্তৰ :
চিন্তো – স্মৰণ কৰোঁ, ভাবোঁ।
ঘাট – বন্দৰ
পিৰীতি – প্ৰেম, প্ৰীতি
আচমান- আকাশ
দৰিয়া- নদী, সাগৰ
পিয়াহ – তৃষ্ণা
বাট – ৰাস্তা, পথ, আলি
ভেল – দেহ, শৰীৰ

অতিৰিক্ত প্ৰশ্নোত্তৰঃ-

ক) আজান ফকিৰ কোন শতিকাৰ কবি অনুমান কৰা হৈছে?
উত্তৰ : খ্ৰীষ্টীয় সপ্তম শতিকাৰ কবি বুলি অনুমান কৰা হৈছে।

খ) আজান ফকিৰৰ প্ৰকৃত নাম কি?
উত্তৰ :  হজৰত  চাহ  মিলন।

গ) আজান ফকিৰৰ মৃত্যু ক’ত হৈছিল?
উওৰ : দিখৌমুখৰ শৰাগুৰি চাপৰিত মৃত্যু হৈছিল।

ঘ) জিকিৰসমূহক অসমীয়া কি গীতৰ লগত তুলনা কৰিব পাৰি?
উত্তৰ : স্তুতি গীতৰ লগত।

ঙ) জিকিৰটোত উল্লেখ কৰা আদম কোন?
উত্তৰ :আদম  হল আল্লাই সৃষ্টি কৰা প্ৰথম মানব।

চ) মক্কাৰ দুৱাৰক কি ঘাটৰ লগত তুলনা কৰা হৈছে?
উত্তৰ : ত্ৰিবেণী ঘাটৰ লগত তুলনা কৰা হৈছে।

ছ) কোনে আজান ফকিৰৰ চকু কাঢ়িছিল?
উত্তৰ :ৰূপাই দা ধৰা নামৰ এজন লোক এজনে অজান ফকীৰৰ চকু কাঢ়িছিল।

জ) ‘মোমিন’ মানে কি?
উত্তৰ : বিশ্বাসী মুছলমান।

২। চমু প্রশ্নোত্তৰ:-

(ক) কি কাৰণে জিকিৰসমূহ সকলােৰে মাজত জনপ্রিয়?
উত্তৰঃ জিকিৰসমূহত ইছলাম ধৰ্মৰ মূল তত্ত্বসমূহ অন্তর্নিহিত হৈ আছে। এইবােৰত অসমৰ বৈষ্ণৱ সাহিত্য আৰু লােকগীতৰ প্রতিধ্বনিও শুনা যায়। এইবােৰ সহজ-সৰল অসমীয়া ভাষাত হােৱা বাবে নিৰক্ষৰ ললাকেও গাব পৰাকৈ ৰচনা কৰা হৈছিল। সেয়ে জিকিৰসমূহ সকলােৰে মাজত জনপ্রিয়।

(খ) আজান ফকিৰৰ প্রবর্তিত পন্থাৰ কিহৰ সৈতে সাদৃশ্য দেখা যায় ?
উত্তৰঃ আজান ফকিৰৰ প্ৰৱৰ্তিত পন্থাৰ অসমৰ বৈষ্ণৱ ধৰ্মৰ বহুতাে সাদৃশ্য দেখা যায়। আজান ফকিৰ ৰচিত বহুত জিকিৰত বৈষ্ণৱ সাহিত্য আৰু লােকগীতৰ প্রতিধ্বনি শুনা যায়।

(গ) দেওমাৰি পাৰ হৈ জীৱই আছে চাই।
চোৱা চোৱা জীৱসকল ভেলৰে বিলাই।
দেওমাৰি পাৰ হৈ জীৱই কি চাই আছে বুজাই লিখা।
উত্তৰঃ উক্ত কবিতাফাকিৰ মাজেৰে মানৱ জীৱনৰ ক্ষণভংগুৰতাৰ কথা ক’বলৈ বিচৰা হৈছে। মানৱ জীৱন দুদিনীয়া। জীৱিত কালত মানৱে দেহটোক লৈ গৌৰৱ কৰে। দেহটোক লৈ মায়াত বন্দী হয়। কিন্তু মৃত্যুৰ পাছত দেহটোৰ কোনাে মূল্য নােহাৱা হয়। ভেলৰ দৰে দেহটো এদিন পচি মাটিত মিহলি হৈ যায়। দেহৰ পৰা ওলাই যােৱা আত্মাই যেন দূৰৈৰ পৰা দেহটোৰ এনে অৱস্থা চাই থাকে। সজাৰ পৰা দেও মাৰি মইনা চৰাই ওলাই গৈ যিদৰে দূৰৈৰ পৰা সি সজাটোলৈ চাই থাকে, মৃত্যুৰ পাছতাে আত্মাই দেহটোলৈ যেন তেনেদৰে চাই থাকে। পাৰ্থিৱ শৰীৰটো দুদিনীয়া; দেহৰ ভিতৰত প্রাণ থকালৈকে দেহৰ মূল্য কিন্তু আত্মা অবিনশ্বৰ। আমাৰ শুদ্ধতা ৰক্ষা কৰি শুদ্ধ পথত চলিলেহে মৃত্যুৰ পাছতাে অমৰ হ’ব পাৰি। দেহটো সদায় নাথাকে, কিন্তু জীৱনকালত কৰা ভাল কামে মানুহক মৃত্যুৰ পাছত জীয়াই ৰাখে। আত্মাই শৰীৰ ত্যাগ কৰিলেহে সংসাৰ বন্ধনৰ পৰা জীৱই তেতিয়া মুক্তি পায়।

৩। প্রসংগ, সংগতি দর্শাই ব্যাখ্যা কৰা।
আচমানৰ কুটুব তৰা আদমৰ জাত।
সজাত মইনা আছে, ঘনে লগায় মাত৷৷

উত্তৰঃ প্রসংগঃ উক্ত কবিতাফাঁকি আমাৰ পাঠ্যপুথি ‘অসমীয়া সাহিত্য চয়নিকা’ৰ আজান ফকিৰৰ ‘জিকিৰ’পাঠটিৰ পৰা তুলি লােৱা হৈছে।

সংগতিঃইয়াৰ জৰিয়তে মানৱ জীৱনৰ ক্ষণভংগুৰতাৰ কথা ক’বলৈ বিচাৰিছে।

ব্যাখ্যাঃ আচমান অর্থাৎ আকাশৰ তৰাৰ লগত সম্পর্ক আছে। আকাশ হ’ল মহাশূন্য, তৰাইহে তাক পােহৰাই তােলে। তৰাৰ তিৰবিৰণি নহ’লে আকাশৰ উজ্জ্বলতা নাথাকিলহেঁতেন আৰু আকাশ সৌন্দর্যহীন তথা মূল্যহীন হৈ পৰিলহেঁতেন। একেদৰে মইনা অবিহনে সংগীকো সৌন্দর্য নাথাকে। কবিয়ে জীৱদেহৰ আত্মাক সজাত বন্দী মইনা চৰাইৰ লগত তুলনা কৰিছে। মইনা সজাত বন্দী হৈ থকাৰ দৰে মানৱ আত্মাও দেহৰ ভিতৰত বন্দী হৈ থাকে। সজাত বন্দীমইনটোৱে ধুনীয়া মাত মতাৰ দৰে আত্মা থকা বাবেই মানুহে ধুনীয়া আচৰণেৰে সপ্রতিভ হৈ থাকে। মইনা সজাৰ পৰা উৰি গুচি গ’লে সজাটো মূল্যহীন হৈ পৰে, একেদৰে আত্মা নােহােৱা মানৱ দেহাে কোনাে কামৰ হৈনাথাকে। আমাৰ দেহৰূপী সজাৰ পৰা মইনাৰূপীআত্মা ওলাই যােৱাৰ পাছত দেহটোৰ কোনাে অস্তিত্ব নােহােৱা হয়। মইনাই দূৰৈৰ পৰা সজালৈ চাই মাত লগােৱাৰ দৰে আত্মাইও যেন দূৰৈৰ পৰা মৃতদেহৰ অৱস্থা চাই থাকে। আত্মা থকালৈ দেহৰ সৌন্দর্য থাকে। আত্মা ওলাই যােৱাৰ পাছত দেহৰ অৱস্থা ভেলৰ দৰে হয়। অর্থাৎ প্রাণস্পন্দন থকালৈকেহে জীৱদেহৰ অস্তিত্ব থাকে। সেয়ে এনে দেহৰ সুখত মত্ত হৈ আল্লাক স্মৰণ কৰিবলৈ পাহৰি যােৱাটো অনুচিত বুলি কবিয়ে কৈছে। সৎ কর্ম, সৎ চিন্তাৰে আল্লাৰ নাম ল’লেহে সকলােৰে কল্যাণ হয় বুলি কবিতাটিত কোৱা হৈছে।

Leave a Comment

Your email address will not be published. Required fields are marked *

error

Enjoy this blog? Please spread the word :)

Scroll to Top