(5) নাটঘৰ প্ৰতিষ্ঠা কিয় কৰা হৈছে?
উত্তৰ :- পুৰণি মন্দিৰবোৰৰ সৈতে নৃত্য গীত অভিনয়ৰ কাৰণে একোটাকৈ নাটঘৰ প্ৰতিষ্ঠা কৰা হৈছিল। এই নাটঘৰবোৰে ৰজা ঘৰিয়া পৃষঠপোষকতা লাভ কৰিছিল। অসমৰ ভালেমান প্ৰাচীন মঠ – মন্দিৰত নিয়মিতভাৱে নৃত্য গীতৰ চৰ্চা হৈছিল।
(6) অসমৰ ওজাপালিৰ ঐতিহ্য কেতিয়াৰ?
উত্তৰ :- অসমত ওজাপালিৰ ঐতিহ্য অতি প্ৰাচীন। এই পৰম্পৰা প্ৰাক শংকৰী যুগৰে পৰা অসমত প্ৰচলিত হৈ আহিছে।
(7) চৰ্যাগীতৰ সৈতে বৰগীতৰ সাদৃশ্য কোনখিনি?
উত্তৰ :- চৰ্যাগীতসমূহে দৰাচলতে প্রতিকধৰ্মী ভাষাত ৰচিত ধৰ্ম সাধনৰ গীত। এই গীতৰ ভাৱ আৰু বিষয়বস্তুৰ সৈতে শঙ্কৰদেৱ মাধৱদেৱ বিৰচিত বৰগীতৰ যথেষ্ট সাদৃশ্য আছে।
(8) চৰ্যাগীত আৰু গীতিৰামায়ণৰ সৈতে বৰগীতৰ কোন দিশত সাদৃশ্য পৰিলক্ষিত হয়?
উত্তৰ :- চৰ্যাগীতত থকা ভালেমান ৰাগ বৰগীততো সন্ধালনিভাৱে পোৱা যায়। চৰ্যাগীতত সন্নিবিষ্ট ৰাগৰ ভিতৰত পটমঞ্জাৰি, গবড়া, অৰু, গুৰ্জৰী, গঞ্জৰ, কচু গঞ্জৰী প্ৰভৃতি ৰাগে বৰগীততো আছে।
শঙ্কৰদেৱৰ সমসাময়িক কবি দুৰ্গাবৰ বিৰচিত গীতিৰামায়ণতো বিবিধ ৰাগ সন্নিবিষ্ট হৈছে। গতিকে অসমৰ ৰাগ সংগীতৰ ইতিহাস যথেষ্ঠ পুৰণি।