অৰুণিমা সিনহা- চমু উত্তৰ
(ক) অৰুণিমা সিনহাৰ কোন বিধ খেলত বিশেষ দক্ষতা আছিল?
উত্তৰঃ অৰুণিমা সিনহাৰ ভলীবল খেলত বিশেষ দক্ষতা আছিল।
(খ) অৰুনিমা সিনহাৰ ঘৰ কত আছিল?

উত্তৰঃ অৰুনিমা সিনহাৰ ঘৰ উত্তৰ প্ৰদেশত আছিল।
(গ) হস্পিতালত থাঁকোতে অৰুণিমাৰ মনত কি সপোনে তীব্ৰ ৰোপ লৈছিল?
উত্তৰঃ হস্পিতালত থাঁকোতে অৰুণিমাৰ মনত হিমালয়ৰ শৃংগলৈ উঠাৰ সপোনে তীব্ৰ ৰোপ লৈছিল।
(ঘ) চিকিতসালয়ৰ পৰা ওলাই গৈ অৰুণিমাই কাক আৰু কিয় লগ ধৰিছিল?
উত্তৰঃ চিকিতসালয়ৰ পৰা ওলাই গৈ অৰুণিমাই পৰ্বতাৰোহনৰ প্ৰশিক্ষণৰ বাবে বাচেন্দ্ৰি পালক লগ ধৰিছিল কিয়নো অৰুণিমাৰ আছিল পৃথিৱীৰ শীৰ্ষতম স্থানত অৰ্থাত এভাৰেষ্টত থিয় হোৱাৰ তীব্ৰ হেঁপাহ ।তেওৰ বিশ্বাস আছিল এভাৰেষ্ট বিজয়ী বাচেন্দ্ৰী পালে তেঁওক সঠিক পথ দেখুৱাই পৰামৰ্শ দিব পাৰিব।
অৰুণিমা সিনহা- বৰ্ণনা মূলক প্ৰশ্ন উত্তৰ
১. অৰুণিমা সিনহাই ৰেলযাত্ৰাৰ সময়ত কি দুৰ্ঘটনাৰ মুখামুখি হবলগীয়া
হৈছিল ?এই দুৰ্ঘটনাত অৰুণিমাই কি হেৰুৱাবলগীয়া হৈছিল?
উত্তৰঃ অৰুণিমা সিনহাই ৰেলযাত্ৰাৰ সময়ত দুৰ্বৃত্তৰ কবলত পৰিছিল। দুৰ্বৃত্তৰ দলটোৱে ৰেলযাত্ৰীসকলৰ পৰা টকা-পইচাৰ লগতে হাতৰ, কাণৰ, ডিঙিৰ আটাইবোৰ আ-অলংকাৰ কাহি লৈ গৈছিল । আন আন যাত্ৰীৰ লগতে অৰুণিমাৰ ডিঙিৰ চেইণডালবিছাৰিছিল । কিন্তো অৰুণিমাই চেইণডাল দিবৰ বাবে মান্তি হোৱা নাছিল । তেওঁ ডকাইতবোৰক কৈছিল যে সেইডাল এডাল চেইন নহয়, তাইৰ মাকে তাইক দিয়া আশীৰ্বাদ । ডকাইতবোৰে বাৰে বাৰে দিয়া ধমকিৰ ওচৰত অৰুণিমাই সেও মনা নাছিল।
অৱশেষত অন্য়ায়ৰ ওচৰত সেও নমনা অৰুণিমাইক ডকাইতবোৰে ডাংকোলাকৈ তুলি নি চলন্ত ৰেলগাৰীখনৰ পৰা বাহিৰৰ অন্ধকাৰলৈ দলিয়াই দিলে। সেই সময়তে ওচৰৰে আন এখন ৰেল গাড়ী আহি আছিল। অৰুণিমাৰ শৰীৰটো চলন্ত ৰেল গাড়ীখনত বস্তা এটাৰ দৰে খুন্দা খাই তললৈ পৰি গল। অৰুণিমাই প্ৰাণে প্ৰণে চিয়ৰিলে কিন্তো ৰেলৰ ইন্জিন আৰু চকাৰ শব্দত তাইৰ মাত তল পৰি গল । অৰুণিমা প্ৰায় ৭ঘন্টা সময় ৰেল আলিৰ কাষত পৰি থকিল আৰু সেই সময়ত কাষেদি ঊনচল্লিছখন ৰেল পাৰ হৈ গল।
এই দুৰ্ঘটনাত অৰুণিমাই এখন ভৰি চিৰদিনৰ বাবে হেৰুৱাব লগা হল আৰু আন খন ভৰিত লোৰ ৰদ সুমুৱাই তাৰ সহায়ত চলাফিৰা কৰিব পৰা হল। হেৰুৱা ভৰিখনৰ ঠাইত কৃটিম ভৰি সংযোজন কৰা হল।

২। অৰুণিমাৰ সপোন পূৰণ কৰাৰ ক্ষেত্ৰত বাচেন্দ্ৰি পালে কেনেদৰে সহায় কৰিছিল?
উত্তৰঃ ৰেলযাত্ৰাত দুৰ্বত্তৰ কবলত পৰি নিজৰ ভৰি হেৰুওৱা অৰুণিমা সিনহাৰ মনত হস্পিতালৰ বিছনাত শুই থাকোতেঁই হিমালয় শৃংগলৈ উঠাৰ সপোন তীব্ৰ হবলৈ ধৰিলে । এনেতে তেওঁ গম পালে এভাৰেষ্ট বিজয়ী বাচেন্দ্ৰী পালে তেওঁক সঠিক পৰামৰ্শ দিব পাৰিব। চাৰি মাহৰ মূৰত তেওঁ হস্পিতালৰ পৰা ওলাই ঘৰলৈ নগৈ পোনে পোনে বাচেন্দ্ৰী পালৰ ওচৰ পালেগৈ।
বাচেন্দ্ৰী পালে অৰুণিমাৰ সকলো কথা সহমৰ্মিতাৰে শুনিলে। ছোৱালিজনিৰ দুচকুত সপোন , প্ৰত্যাহবান আৰু আত্মপ্ৰত্যয়ৰ ভৱে তেওঁৰ মনতো বিশ্বাস জন্মালে যে সঠিক প্ৰশিক্ষণ আৰু সহাস পালে,এগৰাকী ছোৱালীয়ে নিশ্চয় এদিন লক্ষ্যত উপনীত হব পাৰিব। অৱশেষত টাটা ষ্টীল এডভেঞ্ছাৰ ফাউণ্ডেচনে চলোৱা অনুশীলন কেম্পত এভাৰেষ্ট বিজয়ী বাচেন্দ্ৰী পালৰ তত্বাবধানত অনুশীলন চলিল আৰু ২০১৩ চনৰ ২১ মেত তেওঁমাউণ্ট এভাৰেষ্ট আৰোহণ কৰিবলৈ সক্ষম হল।
৩. এভাৰেষ্ট বিজয়ৰ সপোন দিঠকত পৰিণত কৰিবলৈ অৰুণিমাই কেনেদৰে অনুশীলন কৰিছিল?
উত্তৰঃ এভাৰেষ্ট বিজয়ৰ সপোন সাকাৰ কৰিবলৈ অৰুণিমাই কঠোৰ অনুশীলন কৰিছিল । টাটা ষ্টীল এডভেঞ্চাৰ ফাউণ্ডেচনে চলোৱা অনুশীলন কেম্পত এভাৰেষ্ট বিজয়ী বাচেন্দ্ৰী পালৰ তত্বাবধানত অনুশীলন চলিল।
শাৰীৰিক, মানসিক, দুয়ো দিশতে একোৰে অভাৱ নাছিল অৰুণিমাৰ । ভৰিখন হেৰুৱাৰ দুৰ্ভাগ্যক সৌভাগ্যলৈ ৰুপান্তৰিত কৰাৰ প্ৰতিজ্ঞা সফল কৰিবলৈ উঠি পৰি লাগিছিল তেওঁ। প্ৰায় এবছৰ কাল একে লেথাৰিয়ে উতসাহ উদ্যমেৰে অহৰহ চেষ্টা অব্যাহত ৰাখি অনুশীলনতে আত্মসমৰ্পণ কৰিছিল অৰুণিমাই। কেতিয়াবা এনেকুৱাও হৈছিল আন সাধাৰণ মানুহে যিটো খোজ দুই বা তিনি মিনিততে শিকিব পাৰিছিল তেওঁৰ ক্ষেত্ৰত সেই খোজটো শিকিবৰ বাবে দুই তিনি ঘণ্টা লাগি গৈছিল। তথাপিও অৰুণিমাই আশা এৰি দিয়া নাছিল। এনেদৰে কঠোৰ অনুশীলনৰ পিছত অৰুণিমাই ২১ মে ২০১৩ চনত পৃথিৱীৰ শীৰ্ষতম স্থান অৰ্থাত এভাৰেষ্টত পদাৰ্পন কৰাৰ সপোন সাকাৰ হৈছিল।
৪. অৰুণিমা সিনহাই কিয় লাডাখত থকা মাউণ্ট চামছেৰ কাংৰিৰ অভিযান
সম্পূৰ্ণ কৰিব নোৱাৰিলে?
উত্তৰঃ লাডাখত থকা মাউণ্ট চামছেৰ কাংৰিৰ উচ্চতা আছিল ২১,১০৮ ফুট উচ্চতালৈ আৰোহণ কৰিবলৈ সক্ষম হল। সেই সময়ত বতৰ আছিল অত্যন্ত প্ৰতিকূল এনে প্ৰতিকূল বতৰত আভিযান চলোৱা অসম্ভৱ হৈ পৰাত শিখৰলৈ মাত্ৰ ৬৯০ ফুট অতিক্ৰম কৰিবলৈ বাকি থাকোতে অৰুণিমা সিনহা আৰু সংগীসকলে অভিযান সামৰি তললৈ নামি আহিব লগীয়া হ’ল।
৫। অৰুণিমা সিনহাৰ এভাৰেষ্ট অভিযানৰ বৰ্ণনা দিয়া।
উত্তৰঃ এভাৰেষ্ট বিজয়ৰ সপোন দিঠকত পৰিণত কৰিবৰ বাবে অৰুণিমাই কঠোৰ ভাবে অনুশীলন কৰিছিল। ভৰিখন হেৰুৱাৰ দুৰ্ভাগ্যক সুভাগ্যলৈ ৰুপান্তৰিত কৰাৰ প্ৰতিজ্ঞা সফল কৰিবলৈ উঠি পৰি লাগিছিল অৰুণিমা। কেতিয়াবা এনেকুৱা হৈছিল যে আন সাধাৰণ মানুহে যিটো খোজ দুই বা তিনি মিনিটত শিকিব পাৰিছিল তেওঁৰ ক্ষেত্ৰত সেই খোজটো শিকিবৰ বাবে দুই তিনি ঘণ্টা সময় লাগিছিল। তথাপিও অৰুণিমাই আশা এৰি দিয়া নাছিল। অৱশেষত লাডাখত থকা মাউণ্ট চামচেৰ কাংৰিৰ ২১,১০৮ ফুট উচ্চতালৈ আৰোহণ কৰিবলৈ সক্ষম হ’ল অৰুণিমা। মাউণ্ট এভাৰেষ্ট কাংৰিৰ উচ্চতম শিখৰলৈ উচ্চতা আছিল ২১,৭৯৮ ফুট।সেই সময়ত বতৰ আছিল অত্যন্ত প্ৰতিকূল। এনে প্ৰতিকূল বতৰত অভিযান চলোৱা অসম্ভৱ হৈ পৰাত শিখৰলৈ মাত্ৰ ৬৯০ ফুট অতিক্ৰম কৰিবলৈ বাকী থাকোঁতে অৰুণিমা সিনহা আৰু সংগীসকলে অভিযান সামৰি তললৈ নামি আহিবলগীয়া হ’ল।
মাউণ্ট চামচেৰ কাংৰিৰ ২১,১০৮ ফুট উচ্চতালৈ আৰোহণ কৰাটোৱে অৰুণিমাৰ মনোবল অধিক দৃঢ় কৰি তুলিলে। এইবাৰ অৰুণিমা মাউণ্ট এভাৰেষ্ট বগাবলৈ সাজু হ’ল। মাউণ্ট এভাৰেষ্টৰ শৃংগত থিয় হৈ ফটো তোলা ,ভিডিঅৰ জৰিয়তে বিশ্ববাসীক নিজৰ বিৰল অভিজ্ঞতাৰ বিষয়ে জনোৱাৰ অভিপ্ৰায়েৰে তেওঁ লগত দুটাকৈ কেমেৰা, পানী আৰু অক্সিজেন লৈ গৈছিল। চাৰি নং কেম্প পাওঁতে অৰুণিমাৰ দুয়োখন ভৰিৰ পৰা তেজ নিগৰি ভয়ংকৰ ৰুপ হৈছিল। লগত নিয়া অক্সিজেনো প্ৰায় শেষ হওঁ হওঁ হৈছিল।
অদম্য সাহস আৰু উতসাহেৰে তেওঁ আগুৱাই গৈ আছিল। তেজ নিগৰি থকা আঁঠু দুটাৰ পৰা ৰুমালেৰে তেজ মছি মছি আগুৱাই গৈ থাকোতেঁ বাটত তেওঁ বহুতো অভিযাত্ৰীৰ মৃতদেহ দেখা পাইছিল। কিন্তো একোৱে তেওঁক নিৰস্ত্ৰ কৰিব পৰা নাছিল। প্ৰচণ্ড পৰিশ্ৰম ,অদম্য মনোবল , আৰু কষ্টসহিষ্ণুতাৰ ফল অৱশেষত ফলিল। কাঠমাণ্ডুৰ পৰা যাত্ৰা আৰম্ভ কৰাৰ বাৱন দিনৰ অন্তত নিশা প্ৰায় আঠ বজাত তেওঁ ৮,৮৪৮ মিটাৰ উচ্চতাত অৱস্থিত মাউণ্ট এভাৰেষ্ট শৃংগত পদাৰ্পণ কৰিবলৈ সক্ষম হ’ল।তেওঁ প্ৰায় ডেৰ ঘণ্টা সময় তাত আছিল । তাৰিখটো আছিল ২১মে’ ২০১৩ চন।
৬। ”একোগৰাকী ব্যক্তীয়ে নিজৰ প্ৰতিভাৰে জাতীয় জীৱনত জিলিকি উঠি আন সহস্ৰজনৰ বাবে আশা আৰু প্ৰেৰণাৰ বতৰা কঢ়িয়াই আনে। ”-কথাষাৰৰ যুক্তিযুক্ততা অৰুণিমা সিনহাৰ জীৱনৰ আধাৰত বুজাই লিখা।
উত্তৰঃ একোগৰাকী ব্যক্তিয়ে নিজৰ প্ৰতিভাৰে জাতীয় জীৱনত জিলিকি উঠি আন সহস্ৰজনৰ বাবে আশা আৰু প্ৰেৰণাৰ বতৰা কঢ়িয়াই আনে । তেনে আশা আৰু প্ৰেৰণাই বহুজনক আনন্দ দিয়ে, হতাশা দূৰ কৰে আৰু আগলৈ পুনৰ নতুন উদ্যমেৰে আগবাঢ়ি গৈ লক্ষ্যত উপনীত হ’বলৈ সাহস যোগায় । তেনে এগৰাকী ব্যক্তি হ’ল অৰুণিমা সিনহা।
জীৱনৰ সফলতা তথা উন্নতিৰ মূল মন্ত্ৰ হ’ল প্ৰচণ্ড ইচ্ছাশক্তি আৰু দৃঢ়তা । প্ৰবল ইচ্ছাশক্তিয়ে লক্ষ্যত উপনীত হোৱাৰ বাটত থকা অনেক প্ৰত্যাহ্বান হেলাৰঙে অতিক্ৰম কৰাত সহায় কৰে। উত্তৰ প্ৰদেশৰ অৰুণিমা সিনহা নামৰ চাব্বিছ বছৰীয়া যুৱতীগৰাকীয়ে অসাধ্য সাধন কৰি বিশ্বৰ আগত উদাহৰণ দাঙি ধৰিছে। ৰাষ্ট্ৰীয় পৰ্যায়ৰ ভলীবল খেলুৱৈ অৰুণিমা সিনহা লক্ষ্নৌৰ পৰা দিল্লীৰ অভীমুখে ৰেলযাত্ৰাত দুৰ্বৃত্তৰ কবলত পৰি এখন ভৰি চিৰদিনৰ বাবে হেৰুৱাব লগীয়া হৈছিল। হেৰুওৱা ভৰিখনৰ ঠাইত কৃত্ৰিম ভৰি লগাব লগীয়া হৈছিল। অথচ দুৰন্ত সাহস আৰু আত্মবিশ্বাসক সাৰথি কৰি অৰুণিমাই নিজৰ শাৰীৰিক প্ৰতিবন্ধকতা নেওচি এভাৰেষ্ট বিজয়ৰ সপোন দেখিছিল। এভাৰেষ্ট বিজয় কৰা বাচেন্দ্ৰি পালৰ পৰামৰ্শ , সহায় আৰু প্ৰশিক্ষণৰ বলত অৰুণিমাই নিজকে পৰ্বতাৰোহণৰ বাবে সাজু কৰিছিল আৰু অৱশেষত ২০১৩ চনৰ ২১ মে’ত এভাৰেষ্ট আৰোহণ কৰি নিজৰ সপোন দিঠকত পৰিণত কৰিছিল।
যি সময়ত শাৰীৰিক প্ৰতিবন্ধকতা সহস্ৰজনে নিজৰ দুৰ্ভাগ্যৰুপে জ্ঞান কৰি আহিছে , তেনে সময়ত নিজৰ অধ্যৱসায়ৰ জৰিয়তে দুৰ্ভাগ্যক সৌভাগ্যলৈ ৰুপান্তৰিত কৰি জগতলৈ চানেকি দেখুওৱাইছে অৰুণিমা সিনহই।
৭. ক্ৰিকেট খেলুৱৈ যুৱৰাজ সিঙে অৰুণিমাক কেনেদৰে অনুপ্ৰাণিত কৰিছিল?
উত্তৰঃ ক্ৰিকেট খেলুৱৈ যুৱৰাজ সিঙে অৰুণিমাক এভাৰেষ্ট বিজয়ৰ সপোন সাকাৰ কৰাত অনুপ্ৰেৰণা যোগাইছিল। কৰ্কট ৰোগত আক্ৰান্ত যুৱৰাজ সিঙে নিজৰ অদম্য মানসিক শক্তিৰে সেই বেমাৰৰ পৰা আৰোগ্য লাভ কৰি নিজৰ লক্ষ্য পূৰণৰ বাটত আগুৱাই যাবলৈ সক্ষম হোৱাটো অৰুণিমাই দেখিবলৈ পাইছিল। যুৱৰাজে দেখুৱাই দিছিল , মনৰ বল আৰু আত্মবিশ্বাস থাকিলে শাৰীৰিক বাধাই কোনো প্ৰতিৰোধৰ সৃষ্টি কৰিব নোৱাৰে আৰু জীৱনৰ উত্তৰণৰ বাটত ই হেঙাৰ হ’ব নোৱাৰে। যুৱৰাজ সিঙৰ দ্বাৰা অণুপ্ৰাণিত হৈ দুৰন্ত সাহস আৰু আত্মবিশ্বাসক সাৰথি কৰি অৰুণিমাই নিজৰ শাৰীৰিক প্ৰতিবন্ধকতা নেওচি এভাৰেষ্ট বিজয় কৰিবৰ বাবে সক্ষম হয়।
অৰুণিমা সিনহা- চমুটোকা
বাচেন্দ্ৰি পাল, টেনজিং নৰগে
বাচেন্দ্ৰি পাল:- বাচেন্দ্ৰি পালৰ জন্ম হয় উত্তৰাখণ্ডৰ নাকুৰি গাৱঁত । প্ৰথম মহিলা এভাৰেষ্ট বিজয়ী বাচেন্দ্ৰি পালে প্ৰথমে পৰ্বতাৰোহন কৰিছিল ১২ বছৰ বয়সত । উচ্চতা আছিল ১৩,১২৩ ফুট। ১৯৮৪ চনত তেওঁ মাউণ্ট এভাৰেষ্টৰ শীৰ্ষত অৱতৰণ কৰিবলৈ সক্ষম হয়। ইয়াৰ বাবে তেওঁ শ্ৰেষ্ঠ পৰ্বতাৰোহী হিচাপে ১৯৮৪ চনত সোণৰ পদক লাভ কৰে।
টেনজিং নৰগে:- টেনজিং নৰগে জন্ম হয় নেপালৰ খোলোখুম জিলাত। হিউ ৰাটলেজৰ নেতৃত্বত ১৯৩৬ চনত ব্ৰিটিচ মাউণ্ট এভাৰেষ্ট অভিযান আৰু দ্বিতীয় মাউণ্ট এভাৰেষ্ট অভিযান। প্ৰতিকূল বতৰৰ বাবে তেওঁলোকে এই অভিযান সম্পূৰ্ণ কৰিব নোৱাৰিলে। এনেদৰে কেইবাবাৰো অভিযান চলোৱাৰ অন্তত ১৯৫৩ চনৰ ২৯ মে’ তাৰিখে তেওঁ এভাৰেষ্টত পদাৰ্পণ কৰে।
অৰুণিমা সিনহা- ভাষা-বিষয়ক
১) সন্ধি ভাঙাঃ
সংশয়, পৰ্বতাৰোহণ, উতসাহ, হিমালয়, প্ৰত্যাহ্বান, বিপদাপন্ন।
উত্তৰঃ
- সংশয় —-> সম+শয়
- পৰ্বতাৰোহণ —-> পৰ্বত+আৰোহণ
- উতসাহ —-> উত+সাহ
- হিমালয় —-> হিম+আলয়
- প্ৰত্যাহ্বান —-> প্ৰত্য+আহ্বান
- বিপদাপন্ন —-> বিপদ+আপন্ন
২। তলৰ শব্দকেইটাৰ উপৰ্সগ ভাঙি দেখুওৱাঃ
অনুৰাগ, অনুভৱ, অভিনয়, প্ৰতিফল।
উত্তৰঃ
- অনুৰাগ —-> অনু+ৰাগ
- অনুভৱ —-> অনু+ভৱ
- অভিনয় —-> অভি+নয়
- প্ৰতিকূল —-> প্ৰতি+কূল