Class 10 Assamese Ch-11 | অৰণ্য যাত্ৰা

অৰণ্য যাত্ৰা

অৰণ্য যাত্ৰা- চমু উত্তৰ

(ক) বিদ্যালয়ৰ অষ্টম আৰু নৱম শ্ৰেণীৰ শিক্ষাৰ্থীসকলক কোনখন অৰণ্যলৈ নিয়াৰ সিদ্ধান্ত লৈছিল?

উত্তৰ:- কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানলৈ।

(খ) পল আৰু পাহি কোন শ্ৰেণীত পঢ়ে?

উত্তৰ:- পল নৱম শ্ৰেণীত আৰু পাহি অষ্টম শ্ৰেণীত পঢ়ে।

(ঘ) লৰ্ড কাৰ্জন কোন?

উত্তৰ:- লৰ্ড কাৰ্জন হল ইংৰাজ ভাইচৰয়।

( গ ) পলে কোনবোৰ কাম ছোৱালীৰ বুলি পাহিক কৈছিল?

উত্তৰ:- ঘৰ সাৰা, বাচন বৰ্তন ধোৱা, ঘৰৰ আচবাবৰ ধূলি- বালি মচা, নিজৰ কাপোৰ নিজে ধোৱা আদি।

অৰণ্য যাত্ৰা- উত্তৰ দিয়া

১.  ৰাছোৱালীৰ কামৰ পাৰ্থক্য দেখি পাহিয়ে মাকক কি কৈছিলমাকে ইয়াৰ প্ৰত্যুত্তৰত পাহিক কি বুজনি দিছিল?

উত্তৰ:- পাহিয়ে মাকক লৰা- ছোৱালীৰ কামৰ পাৰ্থক্য দেখি লৰা-ছোৱালীৰ কামবোৰ কোনে পৃথক কৰিলে সুধিছিল। তাই নিজে ককায়েকৰ দৰে পঢ়া- শুনা কৰে যদিও নিজে নিজৰ কামবোৰ কৰি লোৱাৰ উপৰিও মাককো সহায় কৰি দিয়ে। কিন্তু ককায়েকে মাকক সহায় কৰাটো বাদেই নিজৰ কামকেইটাও নিজে কৰি নলয়। মাক বা ভনীয়েকে কৰি দিব বুলি ভাবে। সেয়েহে পাহিয়ে লৰাই নিজৰ কামকেইটা নিজে কৰিব নালাগে বুলি কৰবাত লিখা আছে নেকি মাকক সুধিছিল।

       ইয়াৰ প্ৰত্যুত্তৰত মাকে কৈছিল যে তেওঁ লৰা- ছোৱালী দুয়োটাকে বয়স অনুযায়ী কৰিব পৰা কামবোৰ শিকাই গৈছে, লৰাই হওক বা ছোৱালীয়েই হওক যিমানেই পঢ়া- শুনা নকৰক বা পিছলৈ ব্যৱসায় বা ডাঙৰ চাকৰি নকৰক কিয় নিজৰ কামখিনি নিজে কৰিবলৈ শিকিবলৈ লাগিব । নিজৰ প্ৰয়োজনীয় কামখিনি নাজানিলে পৰনিৰ্ভৰশীল হবলৈ বাধ্য হব লাগিব। তেতিয়া সময় আৰু মানুহ সকলোৰে পৰা গৈ খাব লাগিব।

 প্ৰকৃতিৰ কোনবোৰ সুন্দৰ নিয়মে পাহিক আকৃষ্ট কৰে?

উত্তৰ:- প্ৰকৃতিৰ সকলোবোৰ উপাদানে মিলাপ্ৰীতিয়ে বাস কৰে। প্ৰতিজোপা গছৰ ৰং ভিন্ন পাতৰ আকাৰ ভিন্ন, তামোল গছজোপাৰ কাষতে থকা আম গছজোপাৰ চেহেৰাৰ মিল নাই, দুজোপা ভিন্ন গছ ওচৰা ওচৰিকৈ মিলাপ্ৰীতিয়ে থাকে। আকৌ, কল গছজোপাৰ কাষতে থকা নেমু গছজোপা, নেমুৰ কাইটে কল গছজোপাক কেতিয়াও বিন্ধিবলৈ নাযায়। প্ৰকৃতিৰ এই সুন্দৰ নিয়মবোৰ   প্ৰতিটো উপাদানে মানি চলে। প্ৰকৃতিৰ এই নিয়মবোৰে পাহিক আকৃষ্ট কৰে।

৩. কাজিৰঙালৈ যাবলৈ ওলাওঁতে পাহি আৰু পলক মাক আৰু দেউতাকে কি উপদেশ দিছিল?

উত্তৰ:- কাজিৰঙালৈ যাবলৈ ওলাওঁতে পাহি আৰু পলক মাক আৰু দেউতাকে উপদেশ দি কৈছিল যে তেওঁলোকে যেন শিক্ষকৰ লগ নেৰে, শিক্ষকে যি কথা কয় সেইমতে যাতে চলে। লগতে মাকে নিজৰ বয় বস্তুবোৰ চম্ভালিবলৈ উপদেশ দিয়াৰ লগতে কৈছিল যে অৰণ্যৰ পৰা বহু কথা শিকিবলগীয়া আছে। গতিকে তেওঁলোকে যিমান পাৰে অৰণ্যৰ পৰা শিকি অহা উচিত।

৪. কামত লৰাছোৱালী বুলি ভাগ নাই যেনেকৈ কাম ভাগ কৰি দিছোঁ তেনেকৈ কৰা।‘- কথাষাৰৰ বক্তা কোনতেওঁ কিয় এই কথাষাৰ কব লগা হৈছিল আঁতিগুৰি মাৰি লিখা।

উত্তৰ:- এই কথাষাৰৰ বক্তা পলহঁতৰ গণিতৰ শিক্ষক ৰঞ্জিত হাজৰিকা।

পলহঁতৰ পঢ়া বিদ্যালয় খনৰ অষ্টম আৰু নৱম শ্ৰেণীৰ শিক্ষাৰ্থীসকলক কাজিৰঙা অভয়াৰণ্যলৈ নিয়া হৈছিল। দুখন বাছত বেছ হুলস্থুল আৰু নাচ গান কৰি শিক্ষাৰ্থী আগবাঢ়িল কাজিৰঙা অভিমুখে। বাছৰ ভিতৰতে শিক্ষকসকলে ছাত্ৰ ছাত্ৰীৰ মাজৰ পৰা নেতা নেত্ৰী পাতি দিলে। পাহি আৰু বিদিশাক দায়িত্ব দিয়া হল বাছত থকা ছাত্ৰ ছাত্ৰীৰ সংখ্যা গণনা কৰিবলৈ আৰু অসুবিধাসমূহ চকু দিবলৈ। নৱম শ্ৰেণীৰ সৌৰভ আৰু আফতাবক দায়িত্ব দিয়া হল খাদ্য বস্তুৰ পেকেট আৰু পানীৰ বটল সকলোৰে মাজত সমভাৱে বিতৰণ কৰিবলৈ। সৌৰভে কামটো টান পাই কলে যে পাহি আৰু বিদিশাই খাদ্য বিলাওঁক, সৌৰভ আৰু আফতাবে সিহতক দিয়া কামটো কৰিব। সৌৰভে যুক্তি দি কলে সিহঁত যিহেতু লৰা, লগৰীয়াবোৰে উৎপাত কৰিলে শাসনো কৰিব পাৰিব আৰু অসুবিধাসমূহো চাব পাৰিব।

অৰণ্য যাত্ৰা

 সৌৰভৰ কথা শুনি গণিতৰ শিক্ষক ৰঞ্জিত হাজৰিকাৰ খং উঠিল আৰু তেখেতে উক্ত কথাষাৰেৰে সৌৰভ আৰু আফতাবক বুজাব বিচাৰিলে যে ল’ৰা-ছোৱালী সমান। ছোৱালীয়ে কৰিব পৰা কাম ল’ৰাও কৰিব লাগিব।

৫. কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান পল আফতাব কি বিপদত পৰিছিলএই বিপদৰ 

পৰা সিহতক কোনে উদ্ধাৰ কৰিছিল?

উত্তৰ:- বিদ্যালয়ৰ অষ্টম আৰু নৱম শ্ৰেণীৰ শিক্ষাৰ্থীসকল কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানলৈ গৈ পোৱাৰ পিছত সকলো শিক্ষাৰ্থীয়ে খাই বৈ শিক্ষকৰ নিৰ্দেশ মতে জিৰণি লবলৈ নিৰ্দিষ্ট কোঠালৈ গল। পিছে পল, সৌৰভ আৰু আফতাবে আন সকলে গম নোপোৱাকৈ পিছফালে মেটেকাৰে ভৰি থকা এখন বিল পালেগৈ আৰু বিলৰ কাষত খুটিত পুতি থোৱা নাও এখন দেখি তাতে উঠিলগৈ। খুটিৰ পৰা নাওখন খুলি সিহঁতে বঠা মাৰি নাওখন আগুৱাই নিলে। কিছুদূৰ গৈ নাওখন মেটেকাৰ মাজত সোমাই পৰিল আৰু নাওখন পানীত সোমাবলৈ আৰম্ভ কৰিলে। সিহঁতে তেতিয়াহে গম পালে যে নাওখনৰ তলিত ফুটা আছে। সিহঁতে বহুত চেষ্টা কৰিও নাওখন কাষলৈ চপাব নোৱাৰিলে। হঠাৎ নাওখন কাটি হৈ গল আৰু পল পানীত পৰিল। তেনেতে আন এখন বিলত মাছ মাৰি অহা কেইজনীমান ছোৱালীয়ে সিঁহতক দেখা পাই দৌৰি আহিল। তাৰে দুজনীয়ে তৎক্ষণাত বিলত জপিয়াই পৰিল আৰু পানী খাই ডুবিব খোজা পলক টানি নি পাৰত পেলালেগৈ। আনহাতে আন এজনীয়ে সাঁতুৰি গৈ নাৱত বঠা বাই বহু কষ্টেৰে নাওখন পাৰত লগাব খোজোতেই নাওখন কাটি হৈ পৰিল। পানীত আফতাব আৰু সৌৰভ পৰিল। এই সমগ্ৰ ঘটনাটো পাৰৰ পৰা বেছি দূৰত নাছিলে বাবে আটাইকেইটাকে ছোৱালীকেইজনীয়ে উদ্ধাৰ কৰিলে।

৬. শিক্ষক শিক্ষয়িত্ৰীসকলে অৰণ্য দৰ্শনৰ কাৰ্যসূচী কিয় বাতিল কৰিব 

খুজিছিলইয়াৰ পিছৰ পৰিস্থিতি কি  বহলাই লিখা।

উত্তৰ:- শিক্ষক- শিক্ষয়িত্ৰীসকলে অৰণ্য দৰ্শনৰ কাৰ্য্যসূচী বাতিল কৰিব খুজিছিল। কিয়নো ছাত্ৰ-ছাত্ৰীসকলৰ মাজৰ তিনিজন ছাত্ৰ পল, সৌৰভ আৰু আফতাবে শিক্ষক- শিক্ষয়িত্ৰীসকলক অৱমাননা কৰি মনে মনে গৈ বিলত নাও বাইছিলগৈ। যাৰ ফলত নাও ডুবি সিহঁত পানীত পৰিছিল। কেইজনীমান স্থানীয় ছোৱালী আহি সিহতক পানীৰ পৰা উঠাই আনিছিল। ছোৱালী কেইজনী নোহোৱা হলে হয়তো সিহঁত বাচিব নোৱাৰিলে হেতেন আৰু বিদ্যালয়খনো বদনামৰ ভাগি হলহেঁতেন। ছাত্ৰ ছাত্ৰীৰ দলটোক লৈ ঘূৰি ফুৰিবলৈ হলে কেৱল শিক্ষক- শিক্ষয়িত্ৰীসকল দায়িত্বশীল হলেই নহব, ছাত্ৰ ছাত্ৰীসকল নিজেও শিক্ষকৰ বাধ্য তথা দায়িত্বশীল হব লাগিব। সেয়েহে তেওঁলোকে অৰণ্যৰ কাৰ্য্যসূচী বাতিল কৰাৰে সিদ্ধান্ত ললে।

শিক্ষক- শিক্ষয়িত্ৰীসকলৰ সিদ্ধান্ত শুনাৰ পিছত ছাত্ৰ- ছাত্ৰীসকলৰ কাৰো মুখত মাত বোল নোহোৱা হল। তাৰ মাজতে পাহিয়ে নিজৰ বক্তব্য আগবঢ়াই কলে যে কেইজনমান ছাত্ৰৰ কাৰণে সকলো ছাত্ৰ-ছাত্ৰীকে বঞ্চিত কৰাটো উচিত হোৱা নাই। যি কেইজনে দোষ কৰিছে কেৱল তেওঁলোককহে শাস্তি দিয়া উচিত। তেওলোকক অৰণ্য দৰ্শনলৈ নিনিলেই হল। সকলো শিক্ষাৰ্থীয়ে পাহিৰ কথাত সমৰ্থন জনালে। পলেও থিয় হৈ সিহঁতৰ যে দোষ হৈছে সেই কথা স্বীকাৰ কৰি সিহঁতৰ কাৰণে যে আনসকলকো অৰণ্য দৰ্শনৰ পৰা বঞ্চিত নকৰে তাৰবাবে অনুৰোধ কৰিলে।

শেষত শিক্ষক- শিক্ষয়িত্ৰীসকলে পল, সৌৰভ আৰু আফতাবে নিজৰ ভূল উপলব্ধি কৰা বুলি জানি সকলোকে অৰণ্য দৰ্শন কৰিবলৈ নিবলৈ মান্তি হল।

৭. মহীচন্দ্ৰ মিৰি কোনকাজিৰঙাক বিশ্ব দৰবাৰত চিনাকি কৰাই দিবলৈ তেওঁ কেনে ভূমিকা লৈছিল?

উত্তৰ:- মহীচন্দ্ৰ মিৰি হল কাজিৰঙাৰ প্ৰথম ভাৰতীয় তথা অসমীয়া অৰণ্য বিষয়া। তেওঁ কাজিৰঙাৰ গড় আমেৰিকা যুক্তৰাষ্ট্ৰৰ চিৰিয়াখানালৈ পঠিয়াই কাজিৰঙা অৰণ্য যে গড়ৰ বসতিস্থল সেই কথা সমগ্ৰ জগতত প্ৰথম জনালে। বিশ্ব মানচিত্ৰত কাজিৰঙাক চিনাকি কৰি দিয়া প্ৰথম ব্যক্তি জনেই হল মহীচন্দ্ৰ মিৰি।

৮. নিগনা চিকাৰীৰ প্ৰকৃত নাম কিতেওঁ কাক প্ৰথমে কাজিৰঙাৰ গড় দেখুৱাইছিল?

উত্তৰ:- বাপীৰাম হাজৰিকা। লেডী কাৰ্জন।

৯. কাজিৰঙালৈ যাত্ৰা কৰি শিক্ষাৰ্থীসকলে কি কি বিশেষ শিক্ষা লাভ  কৰিলে বুলি শিক্ষক – শিক্ষয়িত্ৰী সকলক অৱগত কৰিছিল?

উত্তৰ:-

  • নিজে কৰিব পৰা কামসমূহ নিজেই কৰিব লাগে, আনে কৰিব বুলি বাট চাব নালাগে।
  • গছ- বনৰ, জীৱ- জন্তু মানুহৰ বন্ধু। মানুহে গছ নহলে জীয়াই থাকিব নোৱাৰে।
  • লৰা- ছোৱালী সকলো সমান।
  • আত্মৰক্ষা কৰিব নাজানিলে মৰসাহ দেখুওৱা মূৰ্খৰ কাম।
  • দলীয়ভাৱে কৰবালৈ গলে অনুশাসন – শৃংখলা মানি চলাটো জৰুৰী কথা।

অৰণ্য যাত্ৰাভাষা বিষয়ক

১। বাক্য় ৰচনা কৰা

ককাই-ভনী, টুলুং-ভুটুং, চিঞৰ-বাখৰ, মানুহ-দুনুহ, তিতি-বুৰি।

উত্তৰ- ককাই-ভনী: ককাই-ভনীয়েকে  সদায় মিলা-প্ৰীতিয়ে থাকিব লাগে।

টুলুংভুটুং: নাওঁখনে টুলুং-ভুটুংকৰিছে।

চিঞৰবাখৰ: ভূমিকম্প আহিলে চিঞৰ-বাখৰ কৰিব নালাগে।

মানুহদুনুহ: কাজিৰঙা অভয়াৰণ্য চাবলৈ দেশ-বিদেশৰ পৰা মানুহ-দুনুহ আহে।

তিতিবুৰি: মাম্পীয়ে তিতি-বুৰি স্কুললৈ গৈছে।

২ । মূৰ্দ্ধন্য ‘ণ’ হোৱাৰ কাৰণ দৰ্শোৱা

অৰণ্য, অৰ্পণ, কণ্ঠ, ওৰণি, পোৰণি, আড়ম্বৰপূৰ্ণ

উত্তৰ-

অৰণ্য : ‘ঋ, ‘ৰ’, ‘ষ’,-ৰ পাছত থকা একেটা পদতে থকা দন্ত্যন মূর্ধন্য ণ হয়।
অর্পণ : ‘ঋ, ৰ’, ‘ষ’,-ৰ পাছত থকা একেটা পদতে থকা দস্তন মূর্ধন্য ণ হয়।
কণ্ঠ: ‘ট’বৰ্গৰ বৰ্ণৰ লগত যুক্ত হলে ‘ন’ ‘ণ’হয়।
ওৰণি : ‘ঋ’, ৰ’, ‘য’,-ৰ পাছত থকা একেটা পদতে থকা দন্ত্যন মূর্ধন্য ণ হয়।
পােৰণি : ‘ঋ’, ৰ’, য’,-ৰ পাছত থকা একেটা পদতে থকা দন্ত্যন মূর্ধন্য ণ হয়।
আড়ম্বৰপূর্ণ : ‘ঋ’, ‘ৰ’, ‘য’,-ৰ পাছত থকা একেটা পদতে থকা দস্তন মুদ্ধন্য ণ হয়।

অতিৰিক্ত প্রশ্নোত্তৰ:-

১। অতি চমু প্রশ্নোত্তৰ :
(ক) পাহিহঁতৰ অৰণ্যযাত্ৰাৰ দলটোত মুঠ কিমান গৰাকী ছাত্ৰ-ছাত্ৰী হৈছিল ?
উঃ পাহিহঁতৰ অৰণ্যযাত্ৰাৰ দলটোত মুঠ ৫০ গৰাকী ছাত্ৰ-ছাত্ৰী হৈছিল।

(খ) শিক্ষক ছাত্র-ছাত্রী সকলক লগত কি লৈ যাবলৈ মানা কৰিছিল?
উঃ শিক্ষকে ছাত্র-ছাত্রীসকলক লগত কেমেৰা, ম’বাইল ফোন লৈ যাবলৈ মানা কৰিছিল।

(গ) কাজিৰঙা অভয়াৰণ্য কিহৰ বাবে পৃথিবী বিখ্যাত?
উঃ কাজিৰঙা অভয়াৰণ্য এটা খড়গ থকা গঁড়ৰ বাবে পৃথিৱী বিখ্যাত।

(ঘ) গছ আৰু বহুতাে জীৱই বায়ুত কি গেছ এৰি দিয়ে?
উঃ গছ আৰু বহুত জীৱই বায়ুত অম্লজান গেছ এৰি দিয়ে।

(ঙ) বিলত ‘নাওখন বান্ধি যােবা ৰছীডাল কোনে খুঁটিৰ পৰা খুলি দিছিল ?
উঃ বিলত নাওখন বান্ধি থােৱা ৰছীডাল আফতাবে খুঁটিৰ পৰা খুলি দিছিল।

(চ) পলহঁতে উঠা নাওখন কিহৰ মাজত সােমাই পৰিছিল ?
উঃ পলহঁতে উঠা নাওখন মেটেকাৰ মাজত সােমাই পৰিছিল।

(ছ) পলহঁতৰ নাওখনৰ ভিতৰত কিয় পানী সােমাইছিল?
উঃ নাওৰ তলিত ফুটা থকা কাৰণে পলহঁতৰ নাওখনৰ ভিতৰত পানী সােমাইছিল।

(জ)পাহিহঁতৰ অৰণ্য যাত্ৰাটোৰ দলপতি কোন আছিল ?
উঃ পাহিহঁতৰ অৰণ্য যাত্ৰাটোৰ দলপতি আছিল অংকৰ শিক্ষক ৰঞ্জিত হাজৰিকা।

(ঝ) লেডী কার্জন কোন আছিল?
উঃ লেডী কার্জন আছিল ব্রিটিছ ভাইচৰয় লর্ড কার্জনৰ পত্নী।

(ঞ) বিশ্বৰ দৰবাৰত কাজিৰঙাক চিনাকি কৰি দিয়া প্রথম ব্যক্তিগৰাকী কোন আছিল ?
উঃ বিশ্বৰ দৰবাৰত কাজিৰঙাক চিনাকি কৰি দিয়া প্রথমগৰাকী ব্যক্তি আছিল মহীচন্দ্র মিৰি।

২। চমু প্রশ্নোত্তৰ:

(ক) পাহিৰ কিয় গাত তত নাইকিয়া হৈ পৰিছিল?
উঃ পাহিহঁতৰ স্কুলৰ অষ্টম আৰু নৱম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীসকলক গৰম বন্ধত কাজিৰঙালৈ ফুৰাবলৈ নিয়াৰ কথা। পাহি আৰু ককায়েক পলাে যাব। তালৈ যাবলৈ জা-যােগাৰত ব্যস্ত হৈ পৰিছিল পাহি। সেয়ে পাহিৰ গাত তত্ নাইকিয়া হৈ পৰিছিল।

(খ) “তেতিয়া কেতিয়াবা সময়েও তােমালােকক ঠগিব আৰু মানুহেও ঠগিব। – এই কথাষাৰ কোনে, কাক আৰু কিয় কৈছিল?
উঃ প্রশ্নোদ্ধৃত কথাফাকি পাহিৰ মাকে পাহি আৰু ককায়েক পলক উদ্দেশ্যি কৈছিল। পাহি কামে কাজে আগৰণুৱা। নিজৰ প্ৰায়খিনি কাম দৈনন্দিন জীৱনত নিজেই কৰে, মাককো ঘৰুৱা কামত সহায় কৰি দিয়ে। কিন্তু ককায়েক পল সম্পূর্ণ বিপৰীত চৰিত্ৰৰ। নিজৰ পিন্ধা কাপােৰ, গা মচা কাপােৰ একোৱেই ঠিককৈ নথয়। ভাত খােৱা কাহীখন নিজে ধুই নথয়। পাহিয়ে মাকৰ পৰা জানিব খুজিছিল ককায়েক ল’ৰা হােৱা বাবেই এইবােৰ কাম কৰিব নাপায় নেকি। তেতিয়া মাকে প্রশ্নোদৃত কথাফাকিৰে বুজাই দিছিল যে সকলােৱে নিজৰ কাম নিজেই কৰা উচিত। কর্মত ল’ৰা-ছােৱালীৰ একো ভেদ-ভাব নাথাকে।

গ) যাত্ৰাটোত ওলােৱা ছাত্র-ছাত্রীসকলক শিক্ষকসকলে বেগত কি কি ল’বলৈ কৈছিল?
উঃ যাত্ৰাটোত ওলােৱা ছাত্র-ছাত্রীসকলক শিক্ষকসকলে বেগত ল’বলৈ কোৱা সামগ্ৰীবােৰ হ’ল- –এখন ডাঙৰ আৰু এখন সৰু টোকাবহী,কাপােৰৰ আৰামদায়ক জোতা, টুপী, পাতল গামােচা, প্রাথমিক চিকিৎসাৰ ঔষধ, টর্চলাইট, কপাহী কাপােৰ, কলম।

(ঘ) কাজিৰঙালৈ যাত্ৰা কৰাৰ আগমুহূর্তত পাহি আৰু পলক মাকে কি কৈছিল ?
উঃ কাজিৰঙালৈ যাত্ৰা কৰাৰ আগমুহূর্তত পাহি আৰু পলক মাকে কৈছিল যে অৰণ্যৰ পৰা শিকিবলগীয়া বহু কথা থাকে। পৃথিৱী বিখ্যাত অভয়াৰণ্যখনলৈ গৈ সিহঁতে যেন অৰণ্যৰ কথাবােৰ শিকি আহে। নিজৰ সামগ্ৰীবােৰ যাতে চম্ভালি ৰাখে সেয়াও সোঁৱৰাই দিছিল।

(ঙ) পাহি আৰু বিদিশাক কি দায়িত্ব দিয়া হৈছিল ?
উঃ বাছত থকা ছাত্র-ছাত্রীৰ সংখ্যা গণনা কৰা আৰু ছাত্ৰ-ছাত্ৰীসকলৰ অসুবিধাসমূহলৈ লক্ষ্য কৰাৰ দায়িত্ব দিয়া হৈছিল পাহি আৰু বিদিশাক।

(চ) সৌৰভ আৰু আফতাবক কি কি দায়িত্ব দিয়া হৈছিল?
উঃ সৌৰভ আৰু আফতাবক খাদ্য বস্তুৰ পেকেট আৰু পানীৰ বটল সকলােৰে মাজত সম-পৰিমাণে ভগােৱাৰ দায়িত্ব দিয়া হৈছিল।

(ছ) পলহঁতে কৰা ভুলৰ বাবে সিহঁতক কি শাস্তি দিয়া হৈছিল ?
উঃ অংকৰ শিক্ষক ৰঞ্জিত হাজৰিকা ছাৰে প্রথমে অৰণ্য দৰ্শনৰ কাৰ্যসূচী বাতিলৰ সিদ্ধান্ত ঘােষণা কৰিছিল পলহঁতে দলীয় অনুশাসন ভংগ কৰাৰ বাবে। কিন্তু পলহঁতে ভুল স্বীকাৰ কৰি ক্ষমা খােজাৰ পাছত সেই সিদ্ধান্ত সলনি কৰা হয় । অৱশ্যে সেয়া কৰাৰ চৰ্ত হিচাপে সকলােকে কাজিৰঙা ভ্ৰমণৰ বিষয়ে একোখনকৈ ৰচনা লিখিবলৈ কৈছিল। আৰু কৈছিল যে পলহঁতে নিজে কৰা ভুলৰ বিষয়েও সেই ৰচনাত লিখিব লাগিব—এয়ে আছিল সিহঁতে কৰা ভুলৰ শাস্তি।

(জ) অসমীয়া বিষয়ৰ শিক্ষক তপন বৰুৱাই শিক্ষার্থীসকলক তেওঁলােকক কিয় অৰণ্যলৈ নিয়া হৈছিল বুলি বর্ণনা কৰিছিল?
উঃ অসমীয়া বিষয়ৰ শিক্ষক তপন বৰুৱাই শিক্ষার্থীসকলক কৈছিল যে কেৱল এটা খড়গ থকা গড় দেখুৱাবলৈ সিহঁতক কাজিৰঙালৈ নিয়া হােৱা নাছিল। বৰং প্রকৃতি বিষয়ে জানিবলৈ, প্রকৃতি জগতৰ গছ-গছনি, লতা-তৃণ, কীট-পতংগ সকলােৰে বিষয়ে গম দিবলৈহে অৰণ্য দর্শন কাৰ্যসূচী স্থিৰ কৰা হৈছিল। তেওঁৰ মতে অৰণ্য একোখন মানুহৰ হাওঁফাওঁৰ দৰে। গছে কেৱল ফল, ছাঁ বা আশ্রয়েই নিদিয়ে, বৰং জীয়াই থাকিবলৈ মানুহক অম্লজান দিয়ে যাৰ অবিহনে প্রাণীকূলৰ প্ৰাণ অসম্ভৱ। এই সমস্ত কথাৰ জ্ঞান দিবলৈকে কাজিৰঙা অভয়াৰণ্যলৈ শিক্ষার্থীসকলক নিয়া হৈছিল।

৪। কাজিৰঙাত ছাত্র-ছাত্রীসকলক থাকিবলৈ দিয়া ঠাইখন কেনেকুৱা আছিল? ছাত্র- ছাত্রীসকলে তাত কেনেদৰে আনন্দ কৰিছিল?
উঃ কাজিৰঙাত ছাত্র-ছাত্রীসকলক থাকিবলৈ দিয়া ঠাইখন খুব সুন্দৰ আছিল। ঘৰবােৰ ধুনীয়া আছিল, কিছুমান আছিল আকৌ চাংঘৰ। ডাঙৰ চৌহদৰ ঘৰটোৰ আলহীঘৰটোও আছিল বৃহৎ, গছ-গছনিৰে আৱৰা। মুকলি পৰিৱেশত সকলােৱে আনন্দ মনেৰে খেলিছিল। ছাত্র-ছাত্রীসকলৰ কিছুমানে দোলনাত উঠিছিল, কোনােৱে খেলিছিল ফুটবল। কিছুমানে আকৌ জুম বান্ধি কথা পাতিছিল। মুঠতে এক আনন্দময় পৰিৱেশত সকলাে আছিল।

৫। “তােমাললাকে বন্য জীৱ-জন্তুক শত্ৰু বুলি কেতিয়াও নাভাবিবা।” -এই কথাষাৰ কোনে, কাক আৰু কি উদ্দেশ্যত কৈছিল?

উঃ প্রশ্নত উল্লেখিত কথাষাৰ অংকৰ শিক্ষক ৰঞ্জিত হাজৰিকাই অৰণ্য ভ্রমণলৈ যােৱা শিক্ষার্থীসকলক উদ্দেশ্যি কৈছিল। অৰণ্য ভ্ৰমণৰ সময়ত হাতীৰ পিঠিত উঠিবলৈ কিছুমানে ভয় কৰিছিল। সিহঁতে হাতীৰ আকাৰ দেখি দূৰে দূৰে আছিল। সিহঁতে নাজানিছিল যে বিনা কাৰণত হাতীয়েভ কাৰাে একো অপকাৰ নকৰে। মানুহে ক্ষতি কৰিলে হাতীয়ে আত্মৰক্ষাৰ বাবেহে আক্রমণ কৰে। এই কথা কেৱল হাতীয়েই নহয়, অন্য বনৰীয়া জীৱ জন্তুৰ ক্ষেত্ৰতাে খাটে। মানুহে অৰণ্য তথা অইন জীৱ-জন্তু থকা ঠাইবােৰ দখল কৰি পেলােৱা বাবে সিহঁতৰ থকা ঠাইৰ অভাৱ হয়, ফলত সময়ে সময়ে সিহঁতৰ খং উঠে। অন্যথা জীৱ-জন্তুৱে মানুহৰ ক্ষতি নকৰে। প্ৰশ্নত উল্লেখিত কথাষাৰিৰে হাজৰিকা ছাৰে শিক্ষার্থীসকলক ইয়াকেই বুজাব বিচাৰিছিল।

Leave a Comment

Your email address will not be published. Required fields are marked *

error

Enjoy this blog? Please spread the word :)

Scroll to Top