Class 8 Assamese | অংকুৰণ Chapter 6 | প্ৰগতিৰ সোণালী বাট

প্ৰগতিৰ সোণালী বাট

প্ৰগতিৰ সোণালী বাট

২। উত্তৰ দিয়া।
) হাইস্কুলৰ প্ৰকাণ্ড খেলপথাৰখন লোকেলোকাৰণ্য হোৱাৰ কাৰণ কি ?
উত্তৰ: অঞ্চলটোৰ মহিলাসকলে আত্মসহায়ক গোটৰ প্ৰদৰ্শনী পাতিছিল কাৰণেই হাইস্কুলৰ প্ৰকাণ্ড খেলপথাৰখন লোকেলোকাৰণ্য হৈ আছিল |


) প্রদর্শনীখন কোনে পাতিছিল?
উত্তৰ: অঞ্চলটোৰ মহিলাসকলে আত্মসহায়ক গোটৰ প্ৰদৰ্শনী পাতিছিল |


() মানুহে ভিৰ কৰা বিপণিখনত কি প্ৰদৰ্শন কৰা হৈছিল?
উত্তৰ: মানুহে ভিৰ কৰা বিপণিখনত এড়ী পলু পোহাৰ পদ্ধতি প্ৰদৰ্শন কৰা হৈছিল |


) অঞ্চলটোৰ মহিলাসকলে সৰু সৰু গোটত ভাগ হৈ কি উদ্যোগ গঢ়ি তুলিছে?
উত্তৰ: অঞ্চলটোৰ মহিলাসকলে সৰু সৰু গোটত ভাগ হৈ ভালেমান ক্ষুদ্ৰ উদ্যোগ গঢ়ি তুলিছে |

() স্বাৱলম্বনৰ কাৰণে গঠন কৰা গোটবোৰক কি বুলি জনা যায়?
উত্তৰ: স্বাৱলম্বনৰ কাৰণে গঠন কৰা গোটবোৰক আত্মসহায়ক গোট বুলি জনা যায় |


) এই গোটবোৰে উৎপাদন কৰা সামগ্ৰীসমূহ কি কৰা হয়?
উত্তৰ: এই গোটবোৰে উৎপাদন কৰা সামগ্ৰীসমূহ সুলভ মূল্যৰ বিনিময়ত গ্ৰাহকৰ চাহিদা পূৰ কৰা হয় |


) ২০০১ চনটো কি বর্ষ হিচাপে ঘোষণা কৰা হৈছিল?
উত্তৰ: ২০০১ চনটো আন্তৰ্জাতিক নাৰী সবলীকৰণ আৰু সমমৰ্যাদৰ বৰ্ষ হিচাপে ঘোষণা কৰা হৈছিল |


জ়) উত্তৰপূৰ্বাঞ্চলত উল্লেখযোগ্য স্থান দখল কৰা কুটীৰ শিল্পটোৰ নাম কি?
উত্তৰ: উত্তৰপূৰ্বাঞ্চলত উল্লেখযোগ্য স্থান দখল কৰা কুটীৰ শিল্পটোৰ নাম বয়ন শিল্প |

() প্ৰাক্স্বাধীন কালতেই নাৰীক অর্থনৈতিকভাৱে স্বাৱলম্বী কৰাৰ বাবে কোনে চিন্তা কৰিছিল ?
উত্তৰ: মহাত্মা গান্ধীয়ে প্ৰাক্স্বাধীন কালতেই নাৰীক অর্থনৈতিকভাৱে স্বাৱলম্বী কৰাৰ বাবে চিন্তা কৰিছিল |


/  চমুকৈ বৰ্ণনা কৰা |
(
) আত্মসহায়ক গোটবোৰে দুখীয়া পৰিয়ালৰ মহিলাসকলক কেনেকৈ সহায় কৰে?
উত্তৰ: আত্মসহায়ক গোটবোৰে স্থানীয় সহজলভ্য সম্পদ বিলাকক লৈ এই গোটবোৰে অতি সহজ সৰল পদ্ধতিৰ নানা আকৰ্ষণীয় সামগ্ৰী উৎপাদন কৰে আৰু সুলভ মূল্যৰ বিনিময়ত গ্ৰাহকৰ চাহিদা পূৰণ কৰে | এনেকৈয়ে আত্মসহায়ক গোটবোৰে দুখীয়া পৰিয়ালৰ মহিলাসকলক সহায় কৰে |

() পাঠত থকা প্ৰাচীন কালৰ জ্ঞানৰ অধিকাৰিণী মহিলা দুগৰাকীৰ বিষয়ে চমুকৈ লিখা।
উত্তৰ: পাঠত থকা প্ৰাচীন কালৰ জ্ঞানৰ অধিকাৰিণী মহিলা দুগৰাকী হল গাৰ্গী আৰু মৈত্ৰেয়ী |

গাৰ্গী গাৰ্গী এগৰাকী প্ৰাচীন ভাৰতীয় দাৰ্শনিক আছিল | বৈদিক সাহিত্যত তেওঁক এগৰাকী মহান প্ৰাকৃতিক দাৰ্শনিক হিচাপে সন্মানিত কৰা হয় | তেওঁ বৈদিক কালত পুৰুষৰ দৰে বেদ আৰু উপনিষদত জ্ঞানী আছিল আৰু বিতৰ্কত পুৰুষ দাৰ্শনিকসকল ভালদৰে প্ৰতিদ্বন্দ্বিতা কৰিব পাৰিছিল |


মৈত্ৰেয়ী মৈত্ৰেয়ী প্ৰাচীন ভাৰতৰ বৈদিক যুগৰ এগৰাকী দাৰ্শনিক আছিল | বৃহদাৰণ্যক উপনিষদ অনুসৰি তেওঁ বৈদিক ঋষি যাজ্ঞবল্ক্যেৰ দুই পত্নীৰ অন্যতম আছিল | একাধিক প্ৰাচীন ভাৰতীয় গ্ৰন্থত মৈত্ৰেয়ীৰ উল্লেখ পোৱা যায় | বৃহদাৰণ্যক উপনিষদ গ্ৰন্থত যাজ্ঞবল্ক্যেৰ সৈতে কথোপকথনেৰ মাধ্যমত তেওঁ হিন্দু দৰ্শনৰ আত্মা সংক্রান্তিয় ধাৰণাৰ পৰ্যালোচনা কৰিছিল। এইকথোপকথন অনুসৰি ব্যক্তিৰ আত্মাৰ পৰা প্ৰেম নিঃসৰিত হয়। মৈত্রেয়ী আত্মা আৰু ব্ৰহ্মৰ প্ৰকৃতি আৰু সেই দুয়োৰে একতা আলোচনা কৰিছিল। এই ধাৰণা অদ্বৈত বেদান্ত দৰ্শনৰ মূল কথা। বৃহদাৰণ্যক উপনিষদ গ্ৰন্থৰ এই মৈত্রেয়ীযাজ্ঞবল্ক্য সংবাদসুৰেশ্বৰৰ বাৰ্ত্তিক টীকাৰ মূল বিষয়বস্তু।

বৈদিক যুগত নাৰীসকলে শিক্ষাৰ সুযোগ লাভ কৰিছিল আৰু দার্শনিক সমাজত খ্যাতি অর্জন কৰিবলৈ সক্ষম হৈছিল তাৰে উদাহৰণ হিচাপে মৈত্রেয়ীৰ নাম উল্লেখ কৰা হয়। তেওঁক ভাৰতীয় বিদুষীসমূহৰ প্ৰতীক বুলি গণ্য কৰা হয়। নতুন দিল্লীত মৈত্রেয়ীৰ সন্মানার্থে এখন শিক্ষানুষ্ঠানৰ নাম তেওঁৰ নামেৰে নামকৰণ কৰা হৈছে।

() মহিলাক স্বাৱলম্বী কৰাৰ ক্ষেত্ৰত মহাত্মা গান্ধীৰ প্ৰথম পদক্ষেপ কি আছিল?
উত্তৰ: মহিলাক স্বাৱলম্বী কৰাৰ ক্ষেত্ৰত মহাত্মা গান্ধীৰ প্ৰথম পদক্ষেপ আছিল খাদী উদ্যোগ | তেওঁ গংগাবেন মজুমদাৰ নামৰ এগৰাকী বিধৱা মহিলাৰ দ্বাৰা গুজৰাটৰ সৱৰমতী আশ্ৰমত খাদী কাপোৰ উৎপাদনৰ পাতনি মেলিছিল |


() মহাত্মা গান্ধীয়ে কাৰ কাৰ সহায়ত সৱৰমতী আশ্ৰমত উৎপাদনৰ পাতনি মেলিছিল?
উত্তৰ: মহাত্মা গান্ধীয়ে গংগাবেন মজুমদাৰ নামৰ এগৰাকী বিধৱা মহিলাৰ দ্বাৰা গুজৰাটৰ সৱৰমতী আশ্ৰমত খাদী কাপোৰ উৎপাদনৰ পাতনি মেলিছিল |

 

৪। নাৰী সবলীকৰণৰ বিভিন্ন আঁচনিসমূহৰ নাম লিখা। তাৰে এখন আঁচনিৰ বিষয়ে বহলাই
লিখা।
উত্তৰ: নাৰী সবলীকৰণৰ আঁচনিসমূহ হল

/ উত্তৰ পূৱ উন্নয়ন আৰু বিত্তীয় নিগম,

/ কেন্দ্ৰীয় সমাজ কল্যাণ পৰিষদ ,

/ ৰাষ্ট্ৰীয় মহিলা আয়োগ,

/ ইন্দিৰা মহিলা যোজনা |

উত্তৰপূব উন্নয়ন আৰু বিত্তীয় নিগম (নেড্‌ফি)১৯৯৫১৯৯৬ চনত কেন্দ্ৰীয় চৰকাৰে কেৱল উত্তৰপূৰ্বাঞ্চলৰ বাবে এটা পৃথক বিত্তীয় অনুষ্ঠান স্থাপনৰ কথা ঘোষণা কৰে। এই অনুষ্ঠানটো উত্তৰপূব উন্নয়ন আৰু বিত্তীয় নিগম,ইংৰাজীত North Eastern Development Finance Corporation Ltd. চমুকৈ নেড্‌ফি (NEDFi) ১৯৯৬ চনৰ ২৩ ফেব্ৰুৱাৰী তাৰিখে ভাৰতৰ তদানীন্তন প্রধান মন্ত্রীয়ে নেড্‌ফি উদ্বোধন কৰে।

উত্তৰপূৰ্বাঞ্চলৰ অৰ্থনৈতিক বিকাশ ত্বৰান্বিত কৰাটোৱেই নেড্‌ফিৰ লক্ষ্য। উত্তৰপূৰ্বাঞ্চলৰ মহিলাসকল এক বিশেষ সামাজিক মর্যাদাৰ অধিকাৰী যদিও সামগ্ৰিকভাৱে অৰ্থনৈতিক দিশত সিমান টনকিয়াল নহয়। সেয়েহে সমাজৰ আৰ্থসামাজিক উন্নয়নৰ বাবে উত্তৰপূব উন্নয়ন আৰু বিত্তীয় নিগমে মহিলা উদ্যোগ উন্নয়ন প্রকল্পৰ জৰিয়তে বিভিন্ন আঁচনি ৰূপায়িত কৰিছে। নেড্‌ফিয়ে মহিলাসকলৰ বাবে আগবঢ়োৱা কেইখনমান আঁচনি

/ ক্ষুদ্ৰ বিত্ত সাহায্য আঁচনি ( মাইক্ৰফাইনেঞ্চ স্কীম) |
/ উত্তৰ পূব ইকুইটি ফাণ্ড আঁচনি |
/ উত্তৰ পূৰ্বাঞ্চলৰ বাবে হস্ততাঁত আৰু হস্তশিল্প আঁচনি |
/ মৰাপাট উদ্যোগ আঁচনি |


৫। তল্‌ৰ শব্দবোৰৰ অৰ্থ শব্দ সম্ভাৰ আৰু অভিধানৰ পৰা বিচাৰি উলিয়াই লিখা।

উত্তৰ:
বিপণী দোকান

প্রদর্শন দেখুওৱা কাৰ্য

ক্রেতা কিনোতা

সুপ্ত নিহিত, অন্তৰ্নিহিত

অফুৰন্ত শেষ নোহোৱা , অসীম

টনকিয়াল শক্তিশালী

স্বাৱলম্বী আত্মনিৰ্ভৰশীল, স্বয়ং সম্পূৰ্ণ

গঠনাত্মক গঠনমূলক

পদমর্যাদা যিকোনো পদত অধিষ্ঠিত কৰি মৰ্য্যাদা বা সন্মান কৰা |

পদক্ষেপ প্ৰয়াস, চেষ্টা

সমমর্যাদা সমান মৰ্যাদা

আন্তর্জাতিক আন্তঃৰাষ্ট্ৰীয়

৬। অসমীয়া শিপিনীয়ে কাপোৰত সপোন ৰচিব পাৰে’— এই কথাষাৰ কোনে কেতিয়া আৰু কিয় কৈছিল?
উত্তৰ: এই কথাষাৰ মহাত্মা গান্ধীয়ে কৈছিল | মহাত্মা গান্ধীয়ে এবাৰ অসমলৈ আহি এই কথাষাৰ কৈছিল | কাৰণ অসমীয়া শিপিনীয়ে বোৱা কাপোৰ দেখি স্তম্ভিত হৈ এনেকুৱা মন্তব্য কৰিছিল |


৭। বুজাই কোৱা আৰু লিখা।
(
) আত্মসহায়ক গোট আৰু ইয়াৰ কামকাজ
উত্তৰ: আত্মসহায়ক গোট হল দুখীয়া শ্ৰেণীৰ ৰাইজৰ দ্বাৰা স্বেচ্ছামূলক ভাৱে গঠিত এটি গোট | এই গোটৰ সদস্যসকলৰ আৰ্থিক অৱস্থা একে পৰ্যায়ৰ হয় | তেওঁলোকৰ মাজত মিলাপ্ৰীতি , সদ্ভাব থাকিব লাগে | গোটটোৰ প্ৰতিজন সদস্যই উপাৰ্জনৰ ৰাহি ধন সাপ্তাহিক বা পষেকীয়া বা মাহেকীয়া কিস্তিত জমা কৰি এটা সমূহীয়া পুঁজি গঠন কৰে | প্ৰয়োজন অনুসৰি অভাৱী সদস্যলৈ এই সমূহীয়া পুঁজিৰ পৰা ঋন দিয়ে | এই ঋনৰ বাবে গোটটোৱে এটা নিৰ্দিষ্ট হাৰত সুত লয় | এই আত্মসহায়ক গোটৰ মূল উদ্দেশ্য নিয়মীয়াকৈ সঞ্চয় কৰা, সঞ্চয় পুঁজিৰ পৰা ঋন দিয়া, গোটটো পৈণত হৈ উঠিলে বেংকৰ লগত সংযোগ স্থাপন কৰি ঋন লোৱাৰ ব্যৱস্থা কৰা |

() নাৰী সবলীকৰণৰ বিভিন্ন আঁচনিসমূহ আৰু ইয়াৰ কাম
উত্তৰ: নাৰী সবলীকৰণৰ বিভিন্ন আঁচনিসমূহ

/ উত্তৰ পূৱ উন্নয়ন আৰু বিত্তীয় নিগম,

/ কেন্দ্ৰীয় সমাজ কল্যাণ পৰিষদ ,

/ ৰাষ্ট্ৰীয় মহিলা আয়োগ,

/ ইন্দিৰা মহিলা যোজনা |

এই সংস্থাসমূহে নাৰীৰ শিক্ষা, বৃত্তিমূলক প্ৰশিক্ষণ, আৰ্থ সামাজিক উন্নয়নৰ আঁচনি আৰু নাৰীৰ অধিকাৰৰ কাৰণে কাম কৰে |


() কি কি কাম কৰি মহিলাসকল স্বাৱলম্বী পাৰে।
উত্তৰ: আত্মসহায়ক গোটৰ সহায়ত মহিলাসকলে একেলগ হৈ একো একোটা ক্ষুদ্ৰ উদ্যোগ গঢ়ি তুলিব পাৰে | আৰু সেই ক্ষুদ্ৰ উদ্যোগ সমূহত স্থানীয় সহজলভ্য সম্পদবিলাকক লৈ সহজ সৰল পদ্ধতিৰে নানা আকৰ্ষণীয় সামগ্ৰী উৎপাদন কৰিব পাৰে | আৰু সেই উৎপাদিত সামগ্ৰীসমূহ সুলভ মূল্যৰ বিনিময়ত গ্ৰাহকৰ ওচৰত বিক্ৰী কৰি মুনাফা অৰ্জন কৰিব পাৰে |

মহিলাসকলে তেওঁলোকৰ উৎপাদিত সামগ্ৰীসমূহৰ বিক্ৰী উন্নীতকৰণৰ কাৰণে প্ৰদৰ্শনী সভাৰ আয়োজন কৰিব পাৰে , যত তেওঁলোকে তেওঁলোকৰ উৎপাদিত সামগ্ৰীসমূহ যেনে লাৰু, পিঠা, আচাৰ, পাপৰ, কাঁহুদি, খৰিচা, খাৰলি আদিৰ উপৰি হাতে সজা বেগ, পুতলা, মমবাতি, বাঁহবেতৰ সামগ্ৰী আদিৰ প্ৰদৰ্শন কৰি বিক্ৰী বৃদ্ধি কৰি তেওঁলোক স্বাৱলম্বী পাৰে | লগতে মহিলাসকলে নিজে তাঁতশালত বোৱা কাপোৰ, গামোচা আদি বিক্ৰী কৰিও মুনাফা অৰ্জন কৰিব পাৰে | এনেকৈয়ে বিভিন্ন ধৰণৰ কাম কৰি মহিলাসকলে স্বাৱলম্বী পাৰে |


৮। অৰ্থৰ পাৰ্থক্য দেখুৱাই বাক্য ৰচনা কৰা।

উত্তৰ:

নাৰী ( মহিলা ) বৰ্তমান সময়ত নাৰী সমাজ সকলো দিশতে আগৰনুৱা |
নাড়ী ( নাড়ীভুৰু) তেখেতৰ কথা শুনি মোৰ পেটৰ নাড়ী ভুৰু ওলাই অহা যেন লাগিল |


আচল (প্ৰকৃত) বিপদৰ বন্ধুৱেই আচল বন্ধু |
আঁচল (কাপোৰৰ আগ) তাইৰ কাপোৰৰ আঁচল মাটিত পৰি |


আচাৰ ( সামূহিক আচৰণ) তেখেতৰ আচাৰ ব্যৱহাৰ বহুত ভাল |
আছাৰ (বলেৰে কোবাই দিয়া) ৰাটোক আছাৰ মাৰি পেলাই দিলে |


লক্ষ (লাখ) লক্ষ টকা খৰচ কৰি তেখেতে এই ভৱন নিৰ্মাণ কৰিছিল |
লক্ষ্য ( উদ্দেশ্য ) চেষ্টা কৰিলে সকোলোৱে নিজৰ লক্ষ্যত উপনীত হব পাৰিব |


তাত ( অৱস্থান) তাত এটা কলম আছে |
তাঁত (তাঁতশাল) মহিলাজনীয়ে তাঁতশালত কাপোৰ বৈ আছে |

ফাঁকি (প্ৰতাৰণা বা প্ৰৱন্ধনা) আনক কেতিয়াও ফাঁকি দিব নালাগে |
ফাকি (পদ্যৰ এক চৰণ) এই পদ কেইফাকি কবিতাটোৰ পৰা লোৱা হৈছে |

৯। তলৰ বিপৰীত অৰ্থ বুজোৱা শব্দবোৰ পাঠটোৰ পৰা বিচাৰি উলিয়াই লিখা।

উত্তৰ:
কঠিন কোমল
নবীন প্ৰাচীন
পৰনিৰ্ভৰশীল আত্মনিৰ্ভৰশীল
দুর্লভ সুলভ
খৰগতি মন্থৰ গতি, ধীৰগতি
পূর্ণিমা অমাবস্যা
অনধিকাৰ অধিকাৰ
নিন্দা প্ৰশংসা
অনাৱশ্যক আৱশ্যক
জাগ্রত সুপ্ত
ধ্বংস সৃষ্টি
অসম্ভৱ সম্ভৱ


১০৷ এটা শব্দত প্ৰকাশ কৰা।

উত্তৰ:

() যি আনৰ ওপৰত নিৰ্ভৰ কৰে পৰনিৰ্ভৰশীল |
(
) যি নিজৰ ওপৰত নিৰ্ভৰ কৰি চলে = স্বাৱলম্বী |
(
) স্থানীয়ভাৱে পোৱা সম্পদ আৰু সাধাৰণ আহিলাৰ সহায়ত ঘৰে ঘৰে গঢ়ি উঠা শিল্প কুটিৰ শিল্প |
(
) যি আনক হিংসা নকৰে অহিংসুক |
(
) যি নিজৰ স্বাৰ্থৰ কথা চিন্তা কৰে স্বাৰ্থপৰ |
(
) যিজনে নিজৰ ওপৰত বিশ্বাস ৰাখে আত্মবিশ্বাসী |

১১/ সন্ধি ভাঙা আৰু গঠন কৰা।

উত্তৰ:

() স্ব+অধীন = স্বাধীন
উৎনতি = উন্নতি
উৎ+মত্ত =উন্মত্ত
সম্ + কৃত = সংস্কৃত
জীৱঅন্ত =জীৱন্ত
স্বঅৱলম্বন =স্বাৱলম্বন
উৎঘাটন = উদ্ঘাটন
উৎচাৰণ = উচ্চাৰণ

) পৰাধীন = পৰ + অধীন
উন্নয়ন = উৎ + নয়ন
সংগীত = সম + গীত
মহাত্মা = মহা + আত্মা
অতীত = অতি + ইত
যথেষ্ট = যথা + ইষ্ট
যথোচিত = যথা + উচিত
বিদ্যোৎসাহী = বিদ্যা + উৎসাহী


১২। তলৰ শব্দবিলাক বহুবচনলৈ পৰিবৰ্তন কৰা।

উত্তৰ:
শিক্ষক শিক্ষকসকল‌, শিক্ষকবৃন্দ |
ছাত্র ছাত্ৰ সকল |
মানুহ মানুহসকল |
গৰু গৰুবোৰ |
গ্ৰন্থ গ্ৰন্থসমূহ |
গুৰুগুৰুসকল, গুৰুবৃন্দ |
পৰ্বত পৰ্বত সমূহ |
মহিলা মহিলা সকল |

১৩/ তলত দিয়া যুক্তাক্ষৰ কেইটাৰে অৰ্থ প্ৰকাশক শব্দ লিখা |
উত্তৰ:
চ্ছ বিচ্ছেদ |
স্তু বস্তু |
গ্র গ্ৰন্থ |
ণ্ঠ কণ্ঠ |
ন্থ মন্থৰ, গ্ৰন্থ |
দ্ধ আবদ্ধ |
ণ্ট কণ্টক |
ঞ্চ বেঞ্চ |


১৪/ বাক্য ৰচনা কৰা |

উত্তৰ:

দূৰ দুৰণি দূৰ দুৰণিৰ পৰা মানুহ আহি প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি আছে |


বিধে বিধে ৰমেশে আলহীৰ কাৰণে বিধেবিধে খাদ্য বস্তু তৈয়াৰ কৰিছে |

শিপিনীঅসমীয়া শিপিনীয়ে কাপোৰত সপোন ৰচিব পাৰে |


লোকে লোকাৰন্য খেলপথাৰত ফুটবল খেল চাবলৈ লোকে লোকাৰন্য হৈ পৰিছে |

সা সুবিধা আত্মসহায়ক গোটসমূহে মহিলাসকলক নানা সা সুবিধা প্ৰদান কৰে |


চুকে কুণে কৰিমক অসমৰ চুকে কুণে সকোলোৱে চিনি পায় |


আত্মবিশ্বাস আত্মবিশ্বাস থাকিলেহে মানুহে জীৱনত আগবাঢ়িব পাৰে |


দলদোপ্‌হেন্দোলদোপ সভাখনৰ চাৰিওফালে দলদোপ্‌হেন্দোলদোপ |


১৫/ লিংগ নিৰ্ণয় কৰা |

উত্তৰ:
নাৰী স্ত্ৰীলিংগ |
যুৱক পুলিংগ |
পুৰুষ পুলিংগ |
বুঢ়ী স্ত্ৰীলিংগ |
ছোৱালী স্ত্ৰীলিংগ |
ডেকা পুলিংগ |
দাদা পুলিংগ |
দেউতা পুলিংগ |
আমৈ স্ত্ৰীলিংগ |


১৬/ তলৰ উপসৰ্গ কেইটা লগ লগাই একোটাকৈ শব্দ গঠন কৰা |

উত্তৰ:
প্ৰ প্ৰদান |
অপ অপমান |
অতি অতিশয় |
পৰা পৰামৰ্শ |
উপ উপকাৰ |
প্ৰতি প্ৰতিকাৰ |


১৭/মহিলাসকলে কম খৰচতে কি ধৰণৰ কাম কৰি নিজকে স্বাৱলম্বী কৰি তুলিব পাৰে? তেনেধৰণৰ কাম কেইপদমানৰ নাম লিখা।
উত্তৰ: মহিলাসকলে কম খৰচতে স্থানীয় সহজলভ্য সম্পদবিলাকক লৈ অতি সহজ সৰল পদ্ধতিৰে নানা আকৰ্ষণীয় সামগ্ৰী উৎপাদন কৰি আৰু এইবোৰ সুলভ মূল্যত বিক্ৰী কৰি , তাৰ পৰা মুনাফা অৰ্জন কৰি নিজকে স্বাৱলম্বী কৰি তুলিব পাৰে |

তেনেধৰণৰ কাম কেইপদমান ঘৰতে লাৰু, পিঠা, আচাৰ, পাপৰ, কাঁহুদি, খৰিচা, খাৰলি আদি বনোৱা কামৰ লগতে বেগ , পুতলা, মমবাতি, বাঁহ বেতৰ সামগ্ৰী, নিত্য ব্যৱহাৰ্য ভিন ভিন সামগ্ৰী বনোৱা কাম |


১৮/ ভাব বহলাই লিখা।
(
) ৰাইজে নখ জোকাৰিলে নৈ বয়।
উত্তৰ: কোনো এটা কঠিন কাম এজন ব্যক্তিৰে সমাধান কৰিবলৈ অসম্ভৱ হলেও বহুতো মানুহৰ প্ৰচেষ্টাৰে এই কামটো সম্ভৱ কৰি তুলিব পাৰি | ঠিক সেইদৰে ৰাস্তা এটা বনাবলৈ হলেও এজন মানুহে অকলে বনাব নোৱাৰে বা বনাব পৰিলেও বহুত সময়ৰ প্ৰয়োজন হয় | কিন্তু বহুত মানুহে একেলগ হৈ ৰাস্তা বনোৱা কামটো অতি কম সময়ত সমাধান কৰিব পাৰিব|
এই ফকৰা যোজনাত কোৱাৰ দৰে নদী এখন বোৱাবলৈ হলেও এজন মানুহে অকলে নোৱাৰে | বহুতো ৰাইজৰ সহযোগিতাত নৈ এখনো বোৱাই দিয়া সম্ভৱ| সেয়েহে এই ফকৰা যোজনাৰ সহায়ত কোৱা হৈছে যে ৰাইজৰ সহযোগীতা থাকিলে বা বহুত মানুহে মিলি একগোট হৈ যিকোনো কঠিন কামো সহজতে কৰিব পাৰি |


() মন কৰিলে চন, বাকৰি মাটিতে ধন
উত্তৰ: কেতিয়াবা কেতিয়াবা আমি ভাবো যে এইটো কাম বহুত কঠিন | এই কাম আমি কৰিব নোৱাৰিম | আচলতে কোনো কামেই কঠিন নহয় | সকলো কাম কৰাৰ ক্ষমতা নিৰ্ভৰ কৰে মানুহৰ মনৰ ওপৰত | যদিহে এজন মানুহৰ মনত একাগ্ৰতা, দৃঢ়তা, ধৈৰ্য্য আৰু উৎসাহ থাকে তেন্তে তেওঁ যিকোনো কঠিন কামো অতি সহজতে কৰিব পাৰিব |
এই ফকৰা যোজনাৰ সহায়ত কোৱা হৈছে যে কষ্ট কৰিলে বাকৰি মাটিতো শস্য উৎপাদন কৰিব পাৰি | গতিকে কোনো কাম কঠিন বুলি নাভাবি ধৈর্য্য সহকাৰে , একাগ্রতাৰে কৰিব লাগে |


১৯৷ কুটীৰ শিল্পত উৎপাদিত দৈনন্দিন জীৱনত ব্যৱহাৰ হোৱা কেইপদমান সামগ্ৰীৰ নাম লিখা। লগতে প্রতিবিধ সামগ্রী উৎপাদিত হোৱা শিল্পটোৰ নাম লিখা।
উত্তৰ: কুটীৰ শিল্পত উৎপাদিত দৈনন্দিন জীৱনত ব্যৱহাৰ হোৱা কেইপদমান সামগ্ৰীৰ নাম মেখেলা চাদৰ, ৰিহা, গামোচা, টেকেলি , চাকি, গছা, ডলা, চালনি, কুলা, খৰাহী, কাঁহী, বাটি, বঁটা |

বয়ন শিল্প মেখেলা চাদৰ, গামোচা, ৰিহা
মৃৎ শিল্প টেকেলি, চাকি, গছা
বাঁহ বেতৰ শিল্প ডলা, চালনী, কুলা, খৰাহী
কাঁহ শিল্প কাঁহী , বাটি, বঁটা


২০। সাঁথৰ ভাঙা।
(
) ওপৰে জাপি তলে জাপি
মাজত শলা কাঠী
এশ পুত্ৰক কোলাত লৈ
ৰৈ আছে মাকজনী।
উত্তৰ: তামোল গছ |


() বিধাতাৰ নিৰ্মিত ঘৰ নাহিকে দুৱাৰ,
যোগেন্দ্ৰ পুৰুষে তাতে থাকে অনাহাৰ
যেতিয়া পুৰুষ হয় অতি বলৱান,
বিধাতাৰ ঘৰ ভাঙি কৰে থানবান।
উত্তৰ: কণী |

() পক্ষী নহয় সিটো ডালত কৰে বাস,
চন্দ্ৰ নহয় সূৰ্য নহয় কৰন্ত প্ৰকাশ
ভ্ৰমৰ নহয় সিটো বহু ৰস পিয়ে
দিনত নহয় কিন্তু ৰাতি লে জীয়ে৷
উত্তৰ: চাকি |

Leave a Comment

Your email address will not be published. Required fields are marked *

error

Enjoy this blog? Please spread the word :)

Scroll to Top