Chapter-2 যুগমীয়া শৰাইঘাট
যুগমীয়া শৰাইঘাট পাঠভিত্তিক প্রশ্ন আৰু উত্তৰ :-
উত্তৰ দিয়া :
(ক) অতীত শৰাইঘাটৰ সমস্যাবোৰ কি আছিল?
উত্তৰ : অতীত শৰাইঘাটৰ সমস্যাবোৰ আছিল সামৰিক। চুবুৰীয়া দেশসমূহৰ লগত যুদ্ধ-বিগ্রহ আদিয়ে সেই সময়ত প্রধান সমস্যা ৰূপে দেখা দিছিল।
(খ) বৰ্তমান শৰাইঘাটৰ সমস্যাবোৰ কি?
উত্তৰ : বৰ্তমান শৰাইঘাটৰ সমস্যাবোৰ হৈছে সামাজিক, অর্থনৈতিক, ৰাজনৈতিক আৰু ঐতিহাসিক।
(গ) ৰামসিংহ কোন আছিল?
উত্তউত্তৰঃ ৰামসিংহ ৰাজপুতসকলৰ ৰজা আছিল। শৰাইঘাটৰ যুদ্ধত ৰামসিংহই মোগলসকলৰ প্ৰতিনিধিত্ব কৰিছিল।
(ঘ) তেওঁ কিয় অসমলৈ আহিছিল?
উত্তৰঃ তেওঁ মোগলৰ হৈ অসমৰ বিৰুদ্ধে যুদ্ধ কৰিবলৈ আহিছিল।
(ঙ) শৰাইঘাটৰ ৰণ কাৰ কাৰ মাজত হৈছিল?
উত্তৰঃ শৰাইঘাটৰ ৰণ আহোম আৰু মোগলৰ মাজত হৈছিল।
(চ) লাচিতৰ অধীনত কিমান সৈন্য আছিল?
উউত্তৰঃ লাচিতৰ অধীনত এক লাখ সৈন্য আছিল।
(ছ) মোগলে নাৱেৰে সৈতে ধৰি ৰখা শৰাইঘটীয়া সেনাপতিজনৰ নাম কি?
উত্তৰঃ মোগলে নাৱেৰে সৈতে ধৰি ৰখা শৰাইঘটীয়া সেনাপতিজনৰ নাম কোৱামৃদ্ধা হাজৰিকা।
(জ) মোগলৰ সেনাপতিক চৰাই খোজাৰ দায়ত লাচিত বৰফুকনে কাক লোৱা লগাই থৈছিল?
উত্তৰঃ মোগলৰ সেনাপতিক চৰাই খোজাৰ দায়ত লাচিত বৰফুকনে ৰামচৰণ কটকীক লোৱা লগাই থৈছিল।
(ঝ) ৰজা ৰামসিংহই বীৰ লাচিতক আফুগুটিৰ সহায়ত কি বুজাবলৈ গৈছিল?
উত্তৰঃ ৰজা ৰামসিংহই বীৰ লাচিতক আফুগুটিৰ সহায়ত নিজ সৈন্য শক্তিৰ পৰিচয় দিব খুজিছিল।
(ঞ) লাচিতে অসমীয়া সৈন্যবল বুজোৱাৰ উদ্দেশ্যে ৰামসিংহলৈ কি পঠিয়াইছিল?
উত্তৰঃ লাচিতে অসমীয়া সৈন্যবল বুজোৱাৰ উদ্দেশ্যে ৰামসিংহলৈ এচুঙা বালি পঠিয়াইছিল।
প্রশ্ন ৩। পাঠটোত থকা কঠিন শব্দবোৰৰ অৰ্থ শব্দ-সম্ভাৰ আৰু অভিধান চাই জানি লোৱা।
উত্তৰ :-
যুগমীয়াঃ এক যুগ যোৱা, বহুকাল থকা
সামৰিকঃ সমৰ সম্পৰ্কীয়
লম্ভিঃ সঙোৰ খাই থকা
চিৰন্তনঃ চিৰকলীয়া, পুৰণি কালৰেপৰা থকা
মনোবৃত্তিঃ মনৰ ক্ৰিয়া
হৃদয়ংগমঃ মনত লগা
এনয়ঃ এনেকুৱা
বনুৱাঃ ৰণ বা যুদ্ধ কৰা লোক
গড়ঃ মাটিৰ ওখ ঢিপ
মৃত্যুপণঃ মৰণ প্ৰতিজ্ঞা
সুচিন্তিতঃ সৎ চিন্তা কৰা
বিচক্ষণঃ পাৰ্গত

নিয়মানুবর্তিতাঃ নির্দিষ্ট নিয়ম মানি চলা
নির্ভীকতাঃ ভয়হীনতা, দৃঢ়তা
আত্মকন্দলঃ নিজৰ ভিতৰত হোৱা কাজিয়া পেচাল
আহিলা-পাতিঃসা-সঁজুলি
উৎপাটনঃখান্দি পেলোৱা কাৰ্য, গুৰি গছ উখালি পেলোৱা কাৰ্য, নষ্টকৰণ
অভিলাষঃ ইচ্ছা, বাঞ্ছা
এক তিলোঃ অলপমানো, তিলটোৰ সমান
বিচলিতঃ অস্থিৰ, অধৈর্য
অহোপুৰুষাৰ্থঃ বৰ বেছি যত্ন বা শ্রম
হেংদানঃ আহোম স্বৰ্গদেৱে হাতত লোৱা এবিধ তৰোৱাল
প্রচণ্ডঃপ্রবল, ভয়ানক
অগ্নিঃ জুই
সর্গঃ সাপ
প্রলোভনঃ লোভ
অনাভুৱা, নিচিনা নজনা
মতলীয়াঃ মদৰ ৰাগিয়ে যাক ধৰিছে, ৰাগিয়ে ধৰাৰ নিচিনা
নাওঁবৈচাঃ নাও বাওঁতা
সাউৎকৰেঃ তুৰন্তে বেগতে, একে চিপতে, ততালিকে।
প্রশ্ন ৪। পাঠত থকাৰ দৰে সংলাপবোৰ লিখা।
(ক) কথাৰ যুদ্ধৰে বলে নোৱাৰি ৰামসিংহই ব্ৰহ্মপুত্ৰ পাৰ হৈ গুৱাহাটীৰ গড় ল’বলৈ চেষ্টা কৰা সময়ত জ্বৰৰ গাৰে লাচিত বৰফুকনে অসমীয়া ৰণুৱাসকলক কি কৈছিল?
উত্তৰঃ কথাৰ যুদ্ধৰে বলে নোৱাৰি ৰামসিংহই ব্ৰহ্মপুত্ৰ পাৰ হৈ গুৱাহাটীৰ গড় ল’বলৈ চেষ্টা কৰা সময়ত জ্বৰৰ গাৰে লাচিত বৰফুকনে অসমীয়া ৰণুৱাসকলক চিঞৰি কৈছিল, “অসমীয়া ৰণুৱাসকল, মই যুঁজিহে মৰিম। চিলা পৰ্বতৰ ওপৰত এচপৰা মাটি কিনি থৈছোঁ। তাতে মোৰ শ’টো থ’বা, নাইবা মোক বঙালে ধৰি লৈ যাওঁক, তোমালোকে সুখেৰে ঘৰলৈ উভতি যোৱা।”
(খ) অসম এৰি যোৱাৰ সময়ত ৰামসিংহই অসমক প্রশংসা কৰি কি কৈছিল?
উত্তৰঃ অসম এৰি যোৱাৰ সময়ত ৰামসিংহই অসমক প্রশংসা কৰি কৈছিল, “ধন্য ৰজা, ধন্য মন্ত্ৰী, ধন্য সেনাপতি, ধন্য সেনা। অকল এজন মানুহে সকলো সৈন্য চলায়, ই কি আচৰিত। মই হেন ৰামসিংহ নিজে যুদ্ধৰ সেনাপতি হৈও একোতে সুবিধা নাপাওঁ।”
(গ) কোনোবাই যুদ্ধৰ কামত মন এৰি ইফাল-সিফাল কৰে বুলি বীৰ লাচিত বৰফুকনে কামাখ্যা গোঁসানীলৈ সেৱা কৰি কি ঘোষণা কৰিছিল?
উত্তৰঃ কোনোবাই যুদ্ধৰ কামত মন এৰি ইফাল-সিফাল কৰে বুলি বীৰ লাচিত বৰফুকনে কামাখ্যা গোঁসানীলৈ সেৱা কৰি ঘোষণা কৰিছিল, “যুদ্ধৰ কামত পাছ হুহুঁকিলে মই এই হেংদানেৰে দুডোখৰ কৰি কাটিম, পাছতহে স্বৰ্গদেউক জনাম।”
(ঘ) বৰ আই কুঁৱৰীয়ে কাপোৰৰ আঁৰৰপৰা স্বৰ্গদেউক কি উপদেশ দিছিল?
উত্তৰঃ বৰ আই কুঁৱৰীয়ে কাপোৰৰ আঁৰৰপৰা স্বৰ্গদেউক এই বুলি উপদেশ দিছিল, “বৰফুকনৰ কথা মানি চলিলেহে যুদ্ধত জয়লাভ হ’ব। ফুকনৰ কথা নৰজিলে আমাৰ পৰাজয় হোৱাটো নিশ্চয়।”
প্রশ্ন ৫। বহলাই লিখা :
(ক) যুদ্ধত জয় হ’বলৈ যুদ্ধৰ আহিলাৰ বাহিৰেও আৰু কিহৰ প্ৰয়োজন আছে লিখা।
উত্তৰঃ যুদ্ধত জয় হ’বলৈ যুদ্ধৰ আহিলাৰ বাহিৰেও আন বহুতো প্রয়োজন আছে। অকল যুদ্ধ সামগ্ৰীৰে যুদ্ধ জয় কৰিব নোৱাৰি। যুদ্ধৰ কাৰণে আহিলা- পাতিৰ প্ৰয়োজনতকৈ অধিক প্রয়োজন হৈছে সৈনিকবৃন্দ আৰু সমগ্ৰ জাতিৰ স্বার্থহীন মনোবৃত্তি, কর্মনিষ্ঠতা, যুদ্ধ জয়ৰ বাবে উত্ৰাবল অথচ নিশ্চিত অভিলাস, সুচিন্তিত আঁচনি আৰু বিচক্ষণ সংগঠন।
(খ) সেনাপতি কোৱামুদ্ধা হাজৰিক্যই কি কৌশলেৰে মোগল সৈন্যৰ মাজৰ পৰা সাৰি আহিবলৈ সক্ষম হৈছিল বর্ণনা কৰা।
উত্তৰঃ শৰাইঘাটৰ যুদ্ধত কোৱামৃদ্ধা হাজৰিকা নামে এক অসমীয়া সেনাপতি আছিল আৰু তেওঁ ব্ৰহ্মপুত্ৰত নাওত উঠি মোগল সৈন্যৰ লগত যুদ্ধ কৰিছিল। মোগল সৈন্যই কোৱামৃদ্ধা হাজৰিকাক নাৱে সৈতে ধৰি আনন্দত মতলীয়া হৈ তেওঁক নাচিবলৈ ক’লে। কোৱামৃদ্ধাৰ নাওখনৰ চাবিওপিনে মোগল সেনাব নাও। কোৱামৃদ্ধা হাজৰিকাই ক’লে—“মই নাচিম। ঢোল-মৃদংগ-খঞ্জৰী নাই, তোমালোকে চাপৰি মাৰা।” তেতিয়া মোগল সৈন্যবোৰে নাওৰ বৈঠাৰ পৰা হাত এৰি চাপৰি মাৰিবলৈ ধৰিলে। কোৱামৃদ্ধা হাজৰিকাই নিজৰ নাও বৈঠাক টিপ দিলে নাৱৰ মূৰ অসমীয়া নাৱৰ পিনে টোৰাবলৈ। হাজৰিকাৰ নাচোনৰ ছেও দেখি মোগল সৈন্য মচণ্ডল হ’ল। সেই ছেগতে কোৱামৃদ্ধাৰ নাওখন মূৰ তিয়াই সাউৎকবে আঁতৰি গ’ল। মোগল সেনাই বৈঠা মাৰি নাও ভিৰাই তেওঁক খেদিবলৈ যো-জা কৰোতেই হাজবিকাৰ নাও নিজ ঠাই পালেগৈ। এনেদৰে কৌশল কবি কোৱামৃদ্ধা হাজবিকাই সৈন্যৰ মাজৰপৰা আহিবলৈ সক্ষম হৈছিল।
(গ) শৰাইঘাটৰ ৰণত অসমৰ বিজয়ৰ মূলতে থকা কথাবোৰ লিখা।
উত্তৰঃ শৰাইঘাটৰ ৰণত অসমৰ বিজয়ৰ মূলতে আছিল—সুচিন্তিত আঁচনি,শৰাইঘাটৰ সৈন্যসকলৰ বিচক্ষণ সংগঠন, শৃংখলামূলক আয়োজন, সুদৃঢ় নিয়ামানুবর্তিতা, বিপদত ধৈর্য, সংকটত নিৰ্ভীকতা, দুর্নীতি দমন, দেশৰ মঙ্গল কাৰ্যত সম্পূর্ণ আত্মনিয়োগ, স্বার্থত্যাগ আৰু আত্মকন্দল নোহোৱা কৰা আদি। এনেবোৰ কথাৰ বাবে শৰাইঘাটৰ যুদ্ধত অসম বিজয়ী হৈছিল।
প্রশ্ন ৬। প্রসঙ্গ-সঙ্গতি দৰ্শাই বুজাই লিখা :
(ক) অগ্নি, সৰ্প আৰু প্রলোভন—এই তিনি একেধৰণেৰে বিষাক্ত।
উত্তৰঃ কথাফাঁকি আমাৰ পাঠ্যপুথিত সন্নিবিষ্ট ডঃ সূর্যকুমাৰ ভূঞাই ৰচিত ‘যুগমীয়া শৰাইঘাট’ নামৰ পাঠটোৰপৰা লোৱা হৈছে।
জুই, সাপ আৰু প্ৰলোভন—একেধৰণৰে বিষাক্ত বুলি কোৱা হৈছে কাৰণ তিনিওটাই সাংঘাতিক ধৰণৰ অনিষ্ট কৰিব পাৰে। জুইৰ ফিৰিঙতিৰপৰা খাণ্ডব বন দাহ হোৱাৰ কথা শাস্ত্ৰত উল্লেখ আছে। সেইদৰে সাপো একেধৰণৰ বিষাক্ত। ফেঁটীসাপ আৰু ছয় আঙুলীয়া খন্তীয়া সাপ দুয়োটাই প্রাণহানি কৰিব পাৰে। সেইদৰে প্ৰলোভনেও মানুহৰ নিজৰ আৰু সমাজৰ অশেষ অন্যায় কৰিব পাৰে। প্রলোভন সৰ্প এবাৰ যুদ্ধ শিৱিৰত সোমালে সর্বনাশ সংঘটিত হোৱাটো ধুৰূপ। প্রলোভনত পৰি মানুহে গোপন তথ্য প্রকাশ কৰিব পাৰে, ফলস্বৰূপে শত্রুপক্ষই অন্যায় কৰাত সহায়ক হয়। সেয়ে কোৱা হয় অগ্নি, সৰ্প আৰু প্ৰলোভন একেধৰণৰ বিষাক্ত।
(খ) বাৰীৰ ভিতৰৰ পুখুৰী সিচোঁতেও আঠোঁটা-দহোটা মানুহক শিঙিয়ে, বিন্ধে।
উত্তৰঃ উদ্ধৃত কথাফাঁকি আমাৰ পাঠ্যপুথিত সন্নিবিষ্ট ড° সূৰ্যকুমাৰ ভূঞাই লিখা ‘যুগমীয়া শৰাইঘাট’ নামৰ পাঠটোৰপৰা লোৱা হৈছে।
ইয়াত লিখকে যুদ্ধত নিহত হোৱা সৈন্য সম্পর্কে উল্লেখ কৰিছে। আলবৈৰ ৰণত একেদিনত দহ হেজাৰ অসমীয়া সৈন্য নিহত হোৱাত সেনাপতি লাচিত বৰফুকনে বৰ বেজাৰ পাইছিল। লাচিত বৰফুকনে অসমীয়া সৈন্যসকলৰ ওপৰত বৰ গুৰুত্ব দিছিল। স্বৰ্গদেৱৰ অবিবেচনাৰ বাবে একেদিনে ইমান সৈন্য নিহত হৈছিল। লাচিত বৰফুকনে কৈছিল—একোটা সৈন্য একোটা হাতীৰ সমান, তেনে সৈন্য তেওঁ দহ হেজাৰ হেৰুৱালে। এই কথা তেওঁ স্বৰ্গদেৱক জনাব খোজাত ৰাজমন্ত্ৰী বুঢ়াগোঁহাই ডাঙৰীয়াই বাধা দি কৈছিল—“বাৰীৰ ভিতৰৰ পুখুৰী সিচোঁতেও আঠোটা-দহোটা মানুহক শিঙিয়ে বিন্ধে। এইটো ৰণহে হৈছে। এই জানি দুই-চাৰিজন লোক কিয় নপৰিব? এই কথা ৰজাক জনোৱা ভাল নহয়।” বুঢ়াগোহাঁইয়েএইদৰে কৈছিল কাৰণ তেওঁ ভাবিছিল যে যুদ্ধ হ’লে কিছু সংখ্যক লোকৰ মৃত্যু হ’বই। নিজৰ বাৰীৰ ভিতৰত থকা পুখুৰীটো সিচোঁতে যেনেকৈ মানুহক শিঙি মাছে বিন্ধে, সেইদৰে এখন যুদ্ধত সৈন্য নিহত হোৱাটো স্বাভাৱিক। গতিকে তেওঁ কথাটো ৰজাক নজনাবলৈ কৈছিল। কিন্তু লাচিত বৰফুকনে এই ঘটনাত বৰ দুখ পাইছিল আৰু ৰাজমন্ত্ৰীৰ দৰে সহজভাৱে ল’ব পৰা নাছিল।
(গ) ‘সেয়ে শৰাইঘাট নাই, কিন্তু শৰাইঘাট আছে।’
উত্তৰঃ উদ্ধৃত কথাফাঁকি আমাৰ পাঠ্যপুথিত থকা ড° সূৰ্যকুমাৰ ভূঞাই লিখা ‘যুগমীয়া শৰাইঘাট’ নামৰ পাঠটোৰপৰা তুলি দিয়া হৈছে।
ইয়াত লেখকে শৰাইঘাটৰ যুদ্ধৰ বিষয়ে উল্লেখ কৰিছে। সুবিবেচনাৰে কাৰ্যপন্থা নিৰূপণ আৰু ক্ষিপ্ৰভাৱে কাৰ্যপন্থা গ্ৰহণ আৰু সম্পাদনেই আছিল শৰাইঘাটৰ ৰণৰ বিজয়ৰ কাৰণ। শৰাইঘাট ৰণৰ কাৰ্যপন্থা অতুলনীয়, ই অসমীয়াৰ বাবে আৱশ্যক আছিল আৰু ভৱিষ্যতেও আৱশ্যক হ’ব। সৈন্যবাহিনীৰ বিভিন্ন অংগ যেনে—–ঘোঁৰা, নাও-নাৱৰা, অস্ত্র-শস্ত্ৰ, চাউল-যোগনীয়া আদি প্রত্যেকে লগ লাগিদেশৰ মঙ্গলৰ বাবে কাম কৰিব নোৱাৰিলে বিষম বেমেজালি আৰু অনিষ্ট হয়। আগৰ দিনৰ শৰাইঘাটৰ সমস্যা আছিল সামৰিক কিন্তু বর্তমান যুগত শৰাইঘাটৰ সমস্যা অনেক। সেয়ে লেখকে কৈছে—শৰাইঘাট নাই কিন্তু শৰাইঘাট আছে। অৰ্থাৎ শৰাইঘাটৰ যুদ্ধ এতিয়া নাই কিন্তু শৰাইঘাট যুদ্ধৰ আদৰ্শ এতিয়াও আছে।
(ঘ) আফুগুটি পঠিয়াইছা পটাত পিহিলে পানী হ’ব।
উত্তৰঃ উদ্ধৃত কথাফাকি আমাৰ পাঠ্যপুথিত থকা ড° সূৰ্যকুমাৰ ভূঞাই ৰচনা কৰা ‘যুগমীয়া শৰাইঘাট’ নামৰ পাঠটোৰপৰা তুলি দিয়া হৈছে।
উক্ত কথাফাঁকি ৰজা ৰামসিংহক আহোম সেনাপতি লাচিত বৰফুকনে কৈছিল। মোগল সেনাপতি ৰজা ৰামসিংহই কটকী পঠাই লাচিত বৰফুকনলৈ এটোপোলা আফুগুটি দিছিল আৰু কৈছিল তাত থকা আফুগুটিৰ সংখ্যা মোগল সেনাৰ সমান। ৰামসিংহই ভাবিছিল যে সেইদৰে মোগল সেনাৰ সংখ্যা বুজালে লাচিত বৰফুকনে ভয় খাব আৰু যুদ্ধ ত্যাগ কৰিব। কিন্তু লাচিত বৰফুকনে উত্তৰত কটকীক কৈছিল যে ৰামসিংহই আফুগুটি দিছে, পটাত পিহিলে পানী হ’ব। লাচিতৰ প্ৰত্যুত্তৰৰপৰাই তেওঁৰ নিৰ্ভীকতাৰ পৰিচয় পোৱা যায়।
(ঙ) এই সমস্যাবোৰৰ ভালৰূপে সমাধান নহ’লে অসমৰ অস্তিত্বলৈ টনাটনি হ’ব।
উত্তৰঃ উদ্ধৃত কথাফাকি আমাৰ পাঠ্যপুথিত সন্নিৱিষ্ট ড° সূর্যকুমাৰ ভূঞাৰ দ্বাৰা ৰচিত ‘যুগমীয়া শৰাইঘাট’ নামৰ পাঠটিৰপৰা তুলি দিয়া হৈছে। বৰ্তমান শৰাইঘাটৰ (অর্থাৎ অসমৰ) সমস্যাবোৰৰ কথাক প্রসঙ্গ কৰি লেখকে এই কথাষাৰ কৈছে। অতীতৰ শৰাইঘাটৰ সমস্যা আছিল কেৱল সামাজিক। কিন্তু বৰ্তমানৰ শৰাইঘাটৰ সমস্যাবোৰ হৈছে সামাজিক, অর্থনৈতিক, ৰাজনৈতিক আৰু ঐতিহ্যিক। অসমৰ বিভিন্ন সমস্যা হৈছে বছৰি হোৱা বানপানীৰ দুর্যোগ, খৰাং- বতৰৰ দুর্যোগ, মাৰি-মৰক, ভূমিকম্প, দাঁতিকাষৰীয়া জাতি-জনজাতিৰ সৈতে মতভেদ, বিশ্বজগতৰ লগত যোগাযোগ আৰু চলাচল ব্যৱস্থা, মানুহৰ বেয়া প্রবৃত্তি, দমনৰ আৱশ্যকতা, শিক্ষা বিষয়ক তথা প্রশাসনীয় সমস্যা ইত্যাদি। এই সমস্যাবোৰ একেৰাহে চলি থাকিলে অসমৰ অস্তিত্ব নাথাকিব বুলি লেখকে মন্তব্য কৰিছে।
প্রশ্ন ৭। তলৰ শব্দবোৰ উদাহৰণত দেখুওৱাৰ দৰে সন্ধি ভাঙি কি সন্ধি হ’ব নাম লিখা।
উত্তৰঃ
শব্দ | সন্ধি ভাঙি | সন্ধি নাম |
পৰীক্ষা | পৰি + ঈক্ষা | স্বসন্ধি |
দৈনিক | দিন + এক | স্বসন্ধি |
নৰেন্দ্ৰ | নৰ + ইন্দ্ৰ | স্বসন্ধি |
উল্লেখ | উৎ + লেখ | ব্যঞ্জনসন্ধি |
মহার্ঘ | মহা + অর্থ | স্বসন্ধি |
সংযম | সম + যম | ব্যঞ্জনসন্ধি |
উজ্বল | উৎ + জল | ব্যঞ্জনসন্ধি |
মুনীন্দ্ৰ | মুনি + ইন্দ্ৰ | স্বসন্ধি |
ইত্যাদি | ইতি + আদি | স্বসন্ধি |
প্রত্যেক | প্রতি + এক | স্বসন্ধি |
নয়ন | নে + অন | স্বসন্ধি |
মহাত্মা | মহান + আত্মা | স্বসন্ধি |
নিশ্চয় | নিঃ + চয় | বিসর্গসন্ধি |
সঞ্চয় | সম্ + চয় | ব্যঞ্জনসন্ধি |
উদ্ধাৰ | উৎ + হাৰ | ব্যঞ্জনসন্ধি |
সম্রাট | সম্ + ৰাট | ব্যঞ্জনসন্ধি |
উন্নতি | উৎ + নতি | ব্যঞ্জনসন্ধি |
দুর্নীতি | দুঃ + নীতি | বিসর্গসন্ধি |
দেৱালয় | দেৱ + আলয় | স্বসন্ধি |
হিমালয় | হিম + আলয় | স্বসন্ধি |
বিদ্যালয় | বিদ্যা + আলয় | স্বসন্ধি |
ষড়ানন | ষট্ + আনন | স্বসন্ধি |
সতীশ | সতী + ঈশ | স্বসন্ধি |
দুশিন্তা | দুঃ + চিন্তা | বিসর্গসন্ধি |
শিৰচ্ছেদ | শিৰ + ছেদ | বিসর্গসন্ধি |
জগনাথ | জগৎ + নাথ | ব্যঞ্জনসন্ধি |
উচ্ছৃংখল | উৎ + শৃংখল | ব্যঞ্জনসন্ধি |
প্রশ্ন ৮। তলত দিয়া বিশেষ্য পদবোৰৰ বিশেষণ ৰূপটো পাঠত আছে বিচাৰি উলিয়াই লিখা।
উত্তৰঃ
বিশেষ্য | বিশেষণ |
যুগ | যুগমীয়া |
অসম | অসমীয়া |
মাতাল | মতলীয়া, |
যোগান | যোগনীয়া |
শৰাইঘাট | শৰাইঘটীয়া |
ইতিহাস | ঐতিহাসিক |
সমৰ | সামৰিক |
অর্থনীতি | অর্থনৈতিক |
ৰাজনীতি | ৰাজনৈতিক |
সমাজ | সামাজিক |
(ক)
বিশেষ্যৰপৰা বিশেষণলৈ নিয়া :
বিশেষ্য | বিশেষণ |
গাঁও | গাঁৱলীয়া |
নগৰ | নগৰীয়া |
চহৰ | চহৰীয়া |
পাহাৰ | পাহাৰীয়া |
মিছা | মিছলীয়া |
যুগমীয়া শৰাইঘাট প্ৰশ্ন উত্তৰ
ক) অতীত শৰাইঘাটৰ সমস্যাবোৰ কি আছিল?
উত্তৰঃ অতীত শৰাইঘাটৰ সমস্যাবোৰ আছিল সামৰিক। চুবুৰীয়া দেশসমূহৰ লগত যুদ্ধ-বিগ্রহ আদিয়ে সেই সময়ত প্রধান সমস্যা ৰূপে দেখা দিছিল।
(খ) বৰ্তমান শৰাইঘাটৰ সমস্যাবোৰ কি?
উত্তৰঃ বৰ্তমান শৰাইঘাটৰ সমস্যাবোৰ হৈছে সামাজিক, অর্থনৈতিক, ৰাজনৈতিক আৰু ঐতিহাসিক।
(গ) ৰামসিংহ কোন আছিল?
উত্তৰঃ ৰামসিংহ ৰাজপুতসকলৰ ৰজা আছিল। শৰাইঘাটৰ যুদ্ধত ৰামসিংহই মোগলসকলৰ প্ৰতিনিধিত্ব কৰিছিল।
(ঘ) তেওঁ কিয় অসমলৈ আহিছিল?
উত্তৰঃ তেওঁ মোগলৰ হৈ অসমৰ বিৰুদ্ধে যুদ্ধ কৰিবলৈ আহিছিল।
(ঙ) শৰাইঘাটৰ ৰণ কাৰ কাৰ মাজত হৈছিল?
উত্তৰঃ শৰাইঘাটৰ ৰণ আহোম আৰু মোগলৰ মাজত হৈছিল।
(চ) লাচিতৰ অধীনত কিমান সৈন্য আছিল?
উত্তৰঃ লাচিতৰ অধীনত এক লাখ সৈন্য আছিল।
(ছ) মোগলে নাৱেৰে সৈতে ধৰি ৰখা শৰাইঘটীয়া সেনাপতিজনৰ নাম কি?
উত্তৰঃ মোগলে নাৱেৰে সৈতে ধৰি ৰখা শৰাইঘটীয়া সেনাপতিজনৰ নাম কোৱামৃদ্ধা হাজৰিকা।