Class 10 Assamese Ch-15 । বিষাদ যোগ

বিষাদ যোগ

বিষাদ যোগ- চমু প্ৰশ্ন উত্তৰ

ক) মহাৰথী কাক বোলে?

উত্তৰ : যি একে দশ সহস্ৰ ধানুকীক মুঝকৈ তাক মহাৰথী বোলে। (অৰ্থাৎ যিয়ে একেলগে দহ হাজাৰ ধনুধাৰৰ সৈতে যুদ্ধ কৰিব পাৰে তাক মহাৰথী বোলে) ।

খ) কৌৰৱৰ বিশিষ্ট সেনাপতি সকলৰ নাম লিখা?

উত্তৰ :কৌৰৱৰ বিশিষ্ট সেনাপতি সকলৰ নাম হৈছে – গুৰু দ্ৰোণাচাৰ্য, ভীষ্ম পিতামহ, কৰ্ণ মহাৰথী, কৃপ অগ্ৰগণী, অশ্বষ্থামা, বিকৰ্ণ আৰু পুত্ৰ ভূৰিশ্ৰবা।

গ) সেনাপতি ভীস্মৰ যুদ্ধোৎসব দেখি কি কি ৰণবদ্যৰ মহাশব্দ হৈছিল?

উত্তৰ : সেনাপতি ভীষ্মৰ   যুদ্ধোৎসব দেখি শংখ, ভেৰী, আনক, গোমূখ আদি ৰনবদ্যৰ মহাশব্দ হৈছিল।

ঘ) আততায়ী  কাক বোলে?

উত্তৰ : যি আনক বিষ দি, জুই লগা অথবা অন্যপ্ৰকাৰে অনিষ্ট সাধন কৰিব বিচাৰে, যি আনৰ ধন সম্পত্তি কাঢ়ি নি, ৰাজ্য কাঢ়ি নি ভাৰ্যাক অপমান কৰে অথবা অস্ত্ৰ ধৰি প্ৰাণ নাশ কৰে তাকে আততায়ী বোলে।

(ঙ) কুলক্ষয় দোষ কি?

উত্তৰ :কুলক্ষয় দোষ হল – কুলক্ষয় হলে কুলধৰ্ম নষ্ট হয়, ধৰ্ম নষ্ট হলে অৱশিষ্ট কুশকো অধৰ্মই বিৰাজ কৰে। আৰু অধৰ্ম বিয়পিলে কুলস্ৰীসকল দুষ্ট হয়।

বিষাদ যোগ- বহল প্ৰশ্ন উত্তৰ

২) তোমাৰ পাঠটোত উল্লেখ কৰা অনুসৰি পাণ্ডবসকলৰ যুদ্ধোৎসবৰ বিষয়ে লিখা?

উত্তৰ : ভট্টদেবৰ ‘বিষাদ  যোগ’ নামৰ পঠটিত উল্লেখ কৰা অনুসৰি কৌৰব সকলে যুদ্ধোৎসব বাবে ঘোষণাৰ কৰাৰ লগে লগে পাণ্ডৱ সকলেও যুদ্ধৰ উতসৱ ঘোষণা কৰিলে। শুকুলা বৰণৰ ঘোঁৰাৰ ৰথত উঠি কৃষ্ণ আৰু অজুনে দিব্য সংঙ্খ ক্ৰমে পাঞ্চজন্য আৰু দেৱদঁত  বজালে, তাকে দেখি ভীমে পৌণ্ড্ৰক, যুদ্ধিষ্টিৰে অনন্ত, নকুলে সুঘোষ আৰু সহদেৱে মণিপুষ্পক নামৰ  শংখ বজাব ল’লে। এই সংঙ্খৰ মহা শব্দই 

গোটেই পৃথিৱী বিয়পি পৰিলে। এই শব্দত কৌৰবসকলৰ  মনত এক ধৰণৰ ভয় ভাব জন্ম হব ধৰিলে। এনেদৰেই যুদ্ধক্ষেত্ৰত পাণ্ডৱসকলে  যুদ্ধোৎসব আৰম্ভণি কৰিছিলে।

৩) অৰ্জুনে শ্ৰীকৃষ্ণক উভয় সেনাৰ মাজত ৰথ ৰাখিবলৈ কিয় কৈছিল?

উত্তৰ : কুৰুক্ষেত্ৰৰ যুদ্ধ আৰম্ভ হোৱাৰ পূৰ্বে উভয় পক্ষৰ সৈন্যই দুয়োকাষে অৱস্থান গ্ৰহণ কৰি আাছিলে। তেতিয়া অৰ্জুনে শ্ৰীকৃষ্ণক উভয় সৈন্যৰ মাজত ৰথখন ৰাখিবলৈ কলে। অৰ্জুনে আচলতে কোনসকল বীৰৰ মাজত অবতীৰ্ণ হব লাগিব বা দুবুদ্ধি দুৰ্যোধনৰ প্ৰীতি লাভ কৰিবৰ উদ্দেশ্যৰে কোন সকল বীৰ পাণ্ডৱৰ বিৰুদ্ধে তেওঁ অস্ত্ৰ ধাৰণ কৰিছে, সেই সকলোবোৰ তেওঁ এবাৰ নিজ চকুৰে চাব বিচাৰিছিলে তেওঁৰ নিজৰ আত্মীয়স্বজন সকলৰ সেইবাবে অৰ্জুনে শ্ৰীকৃষ্ণক উভয় সেনাৰ মাজত ৰথখন ৰাখিবৰ বাবে অনুৰোধ জনাইছিল।

৪) অৰ্জুনে যুদ্ধক্ষেত্ৰলৈ গৈ কাক কাক দেখা পাই শ্ৰীকৃষ্ণক কি কলে তোমাৰ নিজৰ কথাৰে লিখা।

উত্তৰ : অৰ্জুনে যুদ্ধক্ষেত্ৰ লৈ তেওঁৰ পিতৃতুল্য, মাতৄতুল্য, ভাতৄ, পুত্ৰকে আদি কৰি সকলোবোৰ আত্মীয়ক দুয়োটা সৈন্য দলত দেখিবলৈ পালে। এনেদৰে সকলোয়ে যুদ্ধৰ বাবে সাজু হোৱা দেখি অৰ্জুনে আবেগিক হৈ কৃষ্ণক কৈছে যে এই জাতি ভাইসকল যুদ্ধ কৰিবলৈ আগবাঢ়ি অহা দেখি তেওঁৰ হাত ভৰি, কঁপিবলৈ ধৰিছে, মুখ শুকাইছে শৰীৰ কঁপিবলৈ ধৰিছে। তেওঁৰ এনে কাৰণৰ বাবে লাজ লগা বুলি কৈছে। অৰ্জুনে লগতে কৈছে যে যুদ্ধত আপোনাক বধ কৰি একো লাভ নাই। এনে বিজয়ৰ তেওঁ আকাংঙ্খা নকৰে, ৰাজ্যৰ ইচ্ছা আৰু সুখৰো বাঞ্চা তেওঁ নকৰে বুলি কৈছে।

৫। কুলক্ষয় পেষক কিয় মহাপাপ বোলা হৈছে? আলোচনা কৰা।

উত্তৰ : কুলক্ষয় হলে কুলধৰ্ম নষ্ট হয়, ধৰ্ম নষ্ট হলে বাকী থকা কুলকো অধৰ্মই চানি ধৰিব। অধৰ্মই চানি ধৰিলে কুলৰ স্ত্ৰীসকল বিপথে যাব। স্ত্ৰী সকল বিপথে গলে বৰ্ণসংকৰ হব আৰু কুল নৰকত যাব। তেতিয়া আকৌ পিতৃ সকলৰ লুপ্তপিণ্ড সমূহ জ্বলাজ্ঞলিহীন হৈ পৰিব। এনে বোৰ দোষৰ বাবে সকলো জাতি ধৰ্ম, কুলধৰ্ম, বৰ্ণাশ্ৰম ধৰ্ম নষ্ট হৈ মানুহবোৰ নৰকত বাস কৰিব। সেয়েহে কুলক্ষয় দোষক মহাপাপ বোলা হৈছে।

৬) “জানা ৰাজা যুদ্ধৰ সন্মুখত অৰ্জুনে এহি বাক্য বুলি ধনুষৰ এৰি কম্পিত হৈলো ……. “এইদৰে কোনে কাক কৈছে? অৰ্জুনে কি বাক্য কৈ ৰথৰ ওপৰত বহি পৰিল তোমাৰ কথাৰে লিখা।

উত্তৰ : উক্ত কথাফাকি মাজেৰে ৰজা ধৃতৰাষ্ট্ৰক কৈছে। যুদ্ধক্ষেত্ৰত গৈ অৰ্জুনে কৃষ্ণক উভয় সেনা ৰ মাজত ৰথ খন ৰাখিবলৈ কৈছিল। যেতিয়া কৃষ্ণই উভয় সেনাৰ মাজত ৰথ খন ৰখালে তেতিয়া অৰ্জুনে তেওঁৰ চাৰিও পিনে যুদ্ধক্ষেত্ৰত পিতৃব্য, পিতামহ, আচাৰ্য, মাতুন, ভাতৃ, পুত্ৰ, পৌত্ৰ, সখী, শহুৰ আৰু সুহৃদ সকলক উভয় সেনাৰ মাজতে। যুদ্ধক্ষেত্ৰত যেতিয়া অৰ্জুনে নিজৰ আত্মীয়স্বজনসকলৰ সৈতে যুদ্ধ কৰিব লগীয়াত পৰিল তেতিয়া তেওঁৰ মনত বৰ দুখ লাগিল আৰু শ্ৰীকৃষ্ণক কলে যে এই প্ৰজাতি ভাই সকলক যুদ্ধ কৰিবলৈ আহা দেখি তেওঁৰ হাত ভৰিৰ কঁপনি উঠিছে, নোম বোৰ শিয়ৰি গৈছে আৰু তেওঁ নিজে লজ্জাজনক অনুভৱ কৰিছে। তেওঁ যেন সন্মুখত নানা ধৰনৰ অমংগলৰ হে চিহ্ন দেখা গৈছে পাছে। তেওঁ কৈছে যে যদিও কৌৰব সকলে আততায়ী ৰূপ লৈছে, লোভত পৰি কুলক্ষয় দোষ কৰিছে, তথাপিও যদি তেওঁলোকৰ সৈতে মই অৰ্জুনে যুদ্ধ কৰোঁ ময়ো মহাপাপ ত পৰিম, এই বুলি কৈ অৰ্জুনে অস্ত্ৰ নধৰি মনে মনে ৰথৰ ওপৰত বহি পৰিল। তাত কৈ যদি দুৰ্যোধনে আহি অস্ত্ৰ ধৰি মোক বধ কৰে সেয়াই মোৰ বাবে মংগল হব। অন্তত এই মহাপাপ নহব। এই বুলি অৰ্জুনে কৃষ্ণক কলে।

) ভট্টদেৱৰ গদ্যৰ বৈশিষ্ট্য সমূহ উল্লেখ কৰা।

উত্তৰ : ভট্টদেৱক অসমীয়া গদ্য সাহিত্যৰ জনক ৰূপে জনা যায়। তেখেতৰ গদ্যৰ স্বকীয় বৈশিষ্ট্য আছে। খ্ৰীষ্টীয় ষষ্ঠদশ শতিকাৰ শেষ ভাগত আৰু সপ্ত দশ শতিকাৰ প্ৰথম ভাগত তেখেতৰ সাহিত্য চৰ্চা, কৰা বৈষ্ণৱ কবি ৰূপে জনা গৈছিল। তেখেতৰ সম্পূৰ্ণ নাম আাছিল বৈকুণ্ঠ নাথ ভাগৱত ভট্টাচাৰ্য। তেখেতে সংস্কৃত আৰু কথিত অসমীয়া শব্দৰে ৰচনাসমূহ লিখিছিল। তেখেতৰ ৰচনাৰ বিষয়বস্তু অনুযায়ী ভাষাত গুৰু সম্ভীৰ হোৱা দেখা গৈছিল। তেখেতৰ ৰচনাত কথিত ভাষাৰ লগতে প্ৰচুৰ তত্সম শব্দ আৰু বাক্যৰীতিৰ প্ৰয়োগ হোৱাৰ বাবে কেতিয়াবা বহু পৰিমাণে বাক্য বোৰ কৃত্ৰিম হোৱা দেখিবলৈ পোৱা গৈছিল। ভট্টদেৱৰ গদ্যৰ ভাষা বোৰ পোনপতীয়া আছিল। তেখেতৰ গদ্যত মন কৰিব লগীয়া বিষয়তো হৈছে চুতি চুতি বাক্যৰ ব্যৱহাৰ। তেখেতৰ ৰচনা সমূহত মই, মোক, মোৰ আদিৰ সলনি স্হানভেদ পুৰণি অসমীয়া শব্দ মঞি, অামি, আমাক, আামাৰ, আৰু তাৰ, তাক শব্দৰ ঠাইত তান, তাহান, তাংক আদিৰ শব্দবোৰ ব্যৱহাৰ হৈছিল। গদ্যৰ ঠায়ে ঠায়ে তেখেতে ব্যৱহাৰ কৰিছিল ফকৰা, জতুৱা ঠাঁচ, আদিৰ ব্যৱহাৰে গদ্যত বিশেষত্ব প্ৰদান কৰিছিল। তেখেতৰ কথোপকথন মূলক গদ্য ৰীতি আন এক বৈশিষ্ট্য আাছিল।

বিষাদ যোগ- ভাষা বিষয়ক প্ৰশ্ন উত্তৰ

বিষাদ যোগ

১। তলত দিয়া শব্দবােৰৰ একোটিকৈ সমার্থক শব্দ লিখাঃ
নিপুণ, সমীপ, বিস্তৰ, সহস্র, সদৃশ, বাদ্য,কৰ-চৰণ, চর্ম, শ্রুতি, বিমঙ্গল, বান্ধব।
উঃ নিপুণ : পাকৈত
সমীপ : ওচৰত
বিস্তৰ : বহুত
সহস্ৰ: হাজাৰ
সদৃশ :একে
বাদ্য : বাজনা
কৰ-চৰণ : ভৰিত ধৰা
চর্ম : ছাল
শ্ৰতি : বেদ
বিমঙ্গল : অমংগল
বান্ধৱ : মিত্র

২। তলত দিয়া শব্দকেইটাৰ আধুনিক ৰূপ লিখাঃ
হুয়া, কহা, চক্ষু, কৰিলা, চাঞো, মঞি, বুলিলা, খাস, ফুঙ্কিলা, বাইলা, ৰহিবে, ৰহো
উঃ হুয়া : হৈ
কহা : কোৱা
চক্ষু : চকু
কৰিলা : কৰিলে
চাঞো : চাও
মঞি : মই
বুলিলা : ক’লে
খাস : সহিপৰা
ফুঙ্কিলা : ফুকিলে
বাইলা : বজালে
ৰহিবে : ৰােৱা।
ৰহাে : ৰৈ থকা

অতিৰিক্ত প্রশ্নোত্তৰ

১। অতি চমু প্রশ্নোত্তৰ :

(ক) ধৃতৰাষ্ট্ৰই কাৰ পৰা কুৰুক্ষেত্র যুদ্ধৰ বিৰণ শুনিছিল?
উঃ ধৃতৰাষ্ট্ৰই সঞ্জয়ৰ মুখে কুৰুক্ষেত্ৰৰ যুদ্ধৰ বিৱৰণ শুনিছিল।

(খ) ধৃষ্টদ্যুম্ন কাৰ পুত্ৰ আছিল?
উঃ ধৃষ্টদ্যুম্ন দ্রুপদৰ পুত্ৰ আছিল।

(গ) সূভদ্ৰাৰ পুত্ৰৰ নাম কি আছিল?
উঃ সুভদ্ৰাৰ পুত্ৰৰ নাম আছিল অভিমন্যু।

(ঘ) ভট্টদেৱৰ সম্পূর্ণ নাম কি?
উঃ ভট্টদেৱৰ সম্পূর্ণ নাম হ’ল বৈকুণ্ঠনাথ কবিৰত্ন ভাগৱত ভট্টাচার্য্য।

(ঙ) অসমীয়া গদ্য সাহিত্যৰ জন্মদাতা কোন?
উঃ অসমীয়া গদ্য সাহিত্যৰ জন্মদাতা হ’ল ভট্টদেৱ বা বৈকুণ্ঠনাথ কবিৰত্ন ভাগৱত ভট্টাচাৰ্য্য।

(চ) “বিষাদ যােগ” পাঠটো কৰ পৰা লোৱা হৈছে?
উঃ “বিষাদ মােগ” পাঠটো ভট্টদেৱৰ “কথা গীতা” পুথিখনৰ পৰা লােৱা হৈছে।

(ছ) পাণ্ডৱসকলৰ পিতৃ কোন আছিল?
উঃপাগুৱসকলৰ পিতৃ আছিল পাণ্ডু।

(জ) কুৰুক্ষেত্ৰৰ যুদ্ধত কৃষ্ণই বজোৱা শংখটোৰ নাম কি আছিল ?
উঃ কুৰুক্ষেত্ৰৰ যুদ্ধত কৃষ্ণই বজোৱা শংখটোৰ নাম আছিল পাঞ্চজন্য।

(ঝ) ভট্টদেৱৰ ৰচিত দুখন গ্ৰন্থৰ নাম লিখা।
উঃ ভট্টদেৱৰ ৰচিত দুখন গ্ৰন্থৰ নাম হ’ল -“কথা-গীতা” আৰু “কথা ভাগৱত”।

(ঞ) ভট্টদেৱে তেওঁৰ পাণ্ডিত্যৰ বাবে কি কি উপাধি লাভ কৰিছিল?
উঃ ভট্টদেৱে তেওঁৰ পাণ্ডিত্যৰ বাবে “কবিৰত্ন” আৰু “ভাগৱত ভট্টাচার্য্য” উপাধি লাভ কৰিছিল।

২। চমু প্রশ্নোত্তৰ :
(ক) কুৰুক্ষেত্ৰৰ যুদ্ধ কাৰ কাৰ মাজত হৈছিল? এই যুদ্ধত পাণ্ডৱৰ পক্ষে যুঁজাৰীসকল কোন কোন আছিল?
উঃ- কুৰুক্ষেত্ৰৰ যুদ্ধ কৌৰৱ আৰু পাণ্ডৱসকলৰ মাজত সংঘটিত হৈছিল। এই যুদ্ধত পাণ্ডৱৰ পক্ষে যুঁজাবীসকল আছিল পঞ্চপাণ্ডৱ যুধিষ্ঠিৰ, ভীম, অর্জুন,নকুল আৰু সহদেৱৰ লগতে দ্রুপদৰ পুত্র ধৃষ্টদ্যুম্ন, সাত্যকি, বিৰাট, চেকিতান, কাশীৰাজ, পূজিত, কুন্তীভােজ,যুধামন্যু, দ্রৌপদীৰ পঞ্চপুত্র, সুভদ্ৰাৰ পুত্ৰ অভিমন্যু।

(খ) অর্জুনে যুদ্ধক্ষেত্ৰত উপস্থিত হৈ যুদ্ধ নকৰোঁ বুলি কিয় কৈছিল?
উঃ অর্জুনে যুদ্ধক্ষেত্ৰত উপস্থিত হৈ দুর্যোধনৰ কৌৰৱৰ পক্ষত যুঁজিবলৈ অহা বীৰসকলৰ মাজত নিজৰ পিতৃতুল্য পিতামহ ভীষ্ম, আচাৰ্য্য দ্রোণাচাৰ্য, ভাতৃ, মাতুল, পুত্র, সখি,শহুৰ, বন্ধুসকলক দেখা পাই তেওঁলােকৰ বিৰুদ্ধে যুদ্ধ কৰিব লগা হােৱাত সােকত মর্মাহত হৈ পৰিছিল। তেওঁৰ হাতৰ পৰা গাণ্ডীৱ খহি পৰিছিল। তেওঁ নিজৰ প্ৰাণৰাে প্ৰাণৰ আত্মীয়সকলক বধ কৰি যুদ্ধত জয়ী হৈ ৰাজ্য সুখ ভােগ কৰাৰ কোনাে বাঞ্চা কৰা নাছিল আৰু তেওঁৰ মনক এই যুদ্ধৰ বাবে প্রস্তুত কৰিব পৰা নাছিল। সেয়ে অর্জুনে যুদ্ধক্ষেত্ৰত উপস্থিত হৈ যুদ্ধ নকৰোঁ বুলি কৈছিল।

(গ) পাণ্ডু পুত্র পঞ্চ পাণ্ডৱৰ নাম কি কি আছিল?
উঃ পাণ্ডু পুত্র পঞ্চপাণ্ডৱসকলৰ নাম আছিল যুধিষ্ঠিৰ, ভীম, অর্জুন, নকুল আৰু সহদেৱ।

(ঘ) কুৰুক্ষেত্ৰৰ যুদ্ধোৎসৱত পাণ্ডৱ পক্ষই কি কি শংখ বজাইছিল ?
উঃ কুৰুক্ষেত্ৰৰ যুদ্ধোৎসৱত পাণ্ডৱ পক্ষৰ শ্ৰীকৃষ্ণই পাঞ্চজন্য শংখ, অর্জুনে দেৱদত্ত শংখ, ভীমে পৌণ্ড্রক নামৰ শংখ, যুধিষ্ঠিৰে অনন্ত নামৰ মহাশংখ, নকুলে সুঘােষ শংখ আৰু সহদেৱে মণিপুষ্পক শংখ বজোৱাৰ লগতে বাকী বীৰসকলেও পৃথক পৃথক শংখ বজাইছিল।

(ঙ) গাণ্ডীধাৰী অর্জুনে ভগবান শ্রীকৃষ্ণক কি কৈছিল নিজৰ ভাষাত লিখা।
উঃ গাণ্ডীৱধাৰী অর্জুনে শ্রীকৃষ্ণক প্রথমতে কুৰুক্ষেত্ৰত উপস্থিত হৈ কৌৰৱসকলৰ পক্ষত যুঁজা বীৰসকলক চোৱাৰ ইচ্ছাৰে ৰথখন দুয়াে পক্ষৰ সেনাৰ মাজত ৰখাবলৈ কৈছিল। অর্জুনে কুৰুবীৰসকলৰ মাজত ভীষ্ম পিতামহ, গুৰু দ্রোণাচায আদিক দেখি শােকত বিচলিত হৈ শ্রীকৃষ্ণক কৈছিল যে নিজৰ আত্মীয়সকলক যুঁজ দিয়াৰ বাবে যুদ্ধত উপস্থিত থকা দেখি তেওঁৰ হাত-ভৰি ভাঙি গৈছে, মুখ শুকাইছে, শৰীৰ কপিছে, গাৰ নােম শিহৰি উঠিছে। তেওঁৰ হাতৰ পৰা গাণ্ডীৱ খহি পৰিছে। তেওঁ যুদ্ধ কৰিব নােৱাৰে মনত মহাভ্ৰম হৈছে, য’ত সব বিমংগল হােৱাহে দেখিছে। তেওঁ যুদ্ধত স্বজনক বধ কৰাৰ কোনাে ফল নেদেখে, তেওঁ এনে বিজয়ৰ আশা নকৰে আৰু এনে ৰাজ্যসুখ ভােগ কৰাৰাে তেওঁৰ কোনাে বাঞ্ছা নাই। যি আত্মীয় সকলক ত্রৈলােক্য ৰাজ্যৰ বাবেও বধ কৰিব নােৱাৰে তেনে আত্মীয় পৃথিৱীৰ বাবে বধা কি বুলিব। অর্জুনে তেওঁলােকৰ বিৰুদ্ধে যুঁজিব নােৱাৰে, তেওঁলােকে যদি পাণ্ডৱক মাৰেও মাৰক। ইয়াৰ পাছতাে তেওঁলােকে যদি লােভত পৰি কুলক্ষয় দোষ মিত্রদ্রোহ পাপক নেদেখে, তথাপি পাণ্ডৱে সেই পাপ দেখি পাপত নিবৃত্ত নহয়।ৰাজ্য সুখৰ বাবে স্বজনক বধিব উদ্যত হৈ মহাপাপ কৰা বুলি অর্জুনে ভাবে। সেয়ে অস্ত্র নধৰি তেওঁ মৌন হৈ থাকিব খােজে লাগিলে দুর্যোধনহতে অস্ত্র ধৰি অর্জুনক মাৰি নেপেলাওক কিয়।

(চ) পাণ্ডৱৰ সেনাসকলক বেহুৰূপে দেখি দুর্যোধনে গুৰু দ্রোণাচাৰ্যৰ ওচৰলৈ গৈ কি কৈছিল?
উঃ পাণ্ডৱৰ সেনাসকলক বেহুৰূপে দেখি দুর্যোধনে গুৰু দ্রোণাচাৰ্য্যৰ ওচৰলৈ গৈ কৈছিল যে হে আচার্য্য, পাণ্ডৱসকলৰ বিশাল সেনা চোৱা, দ্রুপদৰ পুত্ৰ শিষ্য ধৃষ্টদ্যুম্নই বেহু পাতি আছে। ভীমার্জুনৰ দৰে ধনুৰ্ধৰ বীৰসকল আছে। সকলােৱে মহাৰথী যি একেলগে দহ হাজাৰ ধনুর্বীৰৰ সৈতে যুঁজিব পাৰে। আমাৰ পক্ষতাে নানা অস্ত্রত পাৰ্গত, যুদ্ধত বিশাৰদ বীৰ আছে। তথাপি এই বীৰ সকল আমাৰ পক্ষত থকাৰ পিছতো, ভীষ্ম পিতামহক প্রধান সেনাপতি হিচাপে ৰখাৰ পিছতাে আমাৰ একাদশ অক্ষৌহিনী সেনায়াে পাণ্ডৱৰ বিৰুদ্ধে যুঁজিবলৈ সামৰ্থ প্ৰকাশ কৰা নাছিল। আপােনালােকে ভীষ্ম পিতামহক সাৱধানে থাকি ৰক্ষা কৰিব। ভীষ্ম পিতামহৰ জীৱনেই আমাৰ জীৱন।

(ছ) “মােৰ পুত্ৰসব পাণ্ডুপুত্ৰসৰ ধৰ্মভূমি কুৰুক্ষেত্ৰত যুদ্ধ ইচ্ছাই মিলিত হুয়া কি কর্ম কৰিলা”- এই কথাষাৰ কোনে,কাক,কেতিয়া আৰু কিয় সুধিছিল?
উঃ উক্ত কথাষাৰ মহাৰাজ ধৃতৰাষ্ট্ৰই সঞ্জয়ক সুধিছিল যেতিয়া ৰাজ্য লাভৰ বাবে কুৰুক্ষেত্ৰত পাণ্ডৱসকল আৰু কৌৰৱসকল যুদ্ধত অৱতীৰ্ণ হৈছিল। ধৃতৰাষ্ট্ৰই চকুৰে নেদেখিছিল, সেয়ে তেও কুৰুক্ষেত্ৰৰ পৰা আঁতৰত হস্তিনাপুৰত থাকিয়ে বিদূৰৰ মুখে কুৰুক্ষেত্ৰৰ যুদ্ধৰ বিৱৰণ শুনিছিল।

(জ) “ভীষ্ম সেনাপতি সৰ্ব্বত্রভাৱে ৰাখিতেও আমাৰ একাদশ অক্ষৌহিনী সেনায়ে পাণ্ডৱ সমে যুঝি সমর্থ হেন প্রকাশ নকৰিলা” কোনে, কাক আৰু কিয় কৈছিল?
উঃ উক্ত কথাষাৰ দুর্যোধনে তেওঁৰ গুৰু দ্রোণাচাৰ্যক কৈছিল যেতিয়া পাণ্ডৱ পক্ষত যুঁজ দিবলৈ অহা বীৰসকলৰ ৰণকৌশল দেখিছিল। দুর্যোধনে পাণ্ডৱৰ বীৰসকলক দেখি চিন্তিত হৈছিল কাৰণ ভীষ্ম পিতামহ, গুৰু দ্রোণাচার্য্য, কৰ্ণৰ দৰে বীৰসকল। কৌৰৱৰ পক্ষত থকাৰ পিছতাে, ভীষ্মক প্রধান সেনাপতি হিচাপে ৰখাৰ পিছততা পাণ্ডৱসকলক পৰাস্ত কৰিব পৰা নাছিল। সেয়ে তেওঁ গুৰু দ্রোণাচাৰ্য্যক উক্ত কথাষাৰ কৈছিল।

(ঝ) ভট্টদেৱৰ সাহিত্যিক কৰ্মৰাজিৰ বিষয়ে চমুকৈ লিখা।
উঃ অসমীয়া ভাষা সাহিত্যৰ ইতিহাসত ভট্টদেৱৰ স্থান অতিশয় গুৰুত্বপূর্ণ। তেওঁৰ হাততেই অসমীয়া গদ্য-সাহিত্যই জন্ম লাভ কৰে। ভট্টদেৱৰ প্রকৃত নাম বৈকুণ্ঠনাথবাআছিল। তেওঁ নিজৰ পাণ্ডিত্য গুণৰ বাবে “কবিৰত্ন” আৰু “ভাগৱত ভট্টাচার্য্য” উপাধি লাভ কৰিছিল। ভট্টদেৱে অসমীয়া আৰু সংস্কৃত দুয়ােটা ভাষাতে যি গদ্য আৰু পদ্য ৰচনা কৰি থৈ গৈছে সেইবােৰ অসমীয়া সাহিত্যৰ ইতিহাসত চিৰদিন। জিলিকি আছে। তেওঁৰ মুখ্য ৰচনাৰাজি হ’ল –“শ্রীভাগৱত কথা”, “গীতা-কথা” বা“কথা-গীতা”,“ৰত্নাৱলী কথা”, “শ্রীমদভক্তিৱিবেক”, “ভক্তিসাৰ’,“প্রসংগ-মালা”, “গুৰু বংশাৱলী”, “শৰণমালিকা”, “ভাগৱতাধিকৰণ” আৰু “বিষ্ণুসহস্রনাম”।

ইয়াৰে “শ্রীভাগৱতকথা”, “গীতা কথা” আৰু “ৰত্নাৱলী কথা” গদ্যত ৰচিত। আনহাতে শ্রীমদ্ভক্তিবিৱেক, ভক্তিসাৰ, শৰণমালিকা আৰু ভাগৱতাধিকৰণ সংস্কৃত ভাষাত ৰচিত। তদুপৰি কবিৰত্ন বা ভট্টদেৱৰ ভণিতাৰে “নন্দোৎসৱ”নামৰ ঘােষা এখনিও পােৱা যায়।

৩। প্রসংগ সংগতি দর্শাই ব্যাখ্যা কৰা :
(ক) “শংখৰ মহাশব্দ আকাশ পৃথিৱী সমে দশােদিশ পূৰি কৌৰৱ সৈন্যৰ মহাভয় জন্মাইলা, হৃদয় বিদাৰ কৰিলা।”
উঃ প্রসংগ:- উক্ত কথাষাৰি আমাৰ পাঠ্যপুথি ‘অসমীয়া সাহিত্য চয়নিকা’ৰ অন্তৰ্গত ভট্টদেৱ বিৰচিত ‘বিষাদ যােগ’ পাঠটোৰ পৰা লােৱা হৈছে।

সংগতি:- পাণ্ডৱসকলৰ যুদ্ধোৎসৱত বীৰসকলে বজোৱা শংখৰ মহাশব্দই কেনেদৰে কৌৰৱ সৈন্যৰ মনত মহাভয়ৰ সৃষ্টি কৰিছে তাকে কথাষাৰিৰ জৰিয়তে লেখকে প্ৰকাশ কৰিছে।
ব্যাখ্যা:- কুৰুক্ষেত্ৰৰ যুদ্ধ আৰম্ভ কৰাৰ সময়ত পাণ্ডৱৰ পক্ষে যুদ্ধ কৰিবলৈ যােৱা বীৰসকলে পৃথকে পৃথকে শংখ বজাবলৈ ধৰিছিল। শ্রীকৃষ্ণই পাঞ্চজন্য শংখ, অর্জুনে দেৱদত্ত শংখ, যুধিষ্ঠিৰে অনন্ত, ভীমে পৌণ্ড্রক নামৰ শংখ বজোৱাত সেই শংখৰ মহাশব্দই আকাশ-বতাহ, স্বর্গ-মত্য পৰিপূৰ্ণ কৰি তুলিছিল। এই দেখি কৌৰৱৰ সৈন্যসকলৰ মাজত মহাভয়ৰ সৃষ্টি হৈছিল আৰু হৃদয় বিদীর্ণ হৈ পৰিছিল। কৌৰৱৰ সৈন্যবাহিনী বিশাল হলেও কৌৰৱ সৈন্যই পঞ্চপাণ্ডৱ আৰু তেওঁলােকৰ পক্ষত যুঁজ দিবলৈ অহা বীৰসকলৰ বীৰত্বৰ কথা ভালদৰে বুজিব পাৰিছিল। তাকেই কথাষাৰিৰ জৰিয়তে বুজোৱা হৈছে।

(খ) “অহো কি কষ্ট। মহাপাপ কৰিতে আমি নিচয় কৰিলাে ৰাজ্যসুখ লােভে স্বজন বধিতে আমি উদ্যত ভৈলাে।”
উঃ  প্রসংগ:- উক্ত কথাষাৰি আমাৰ পাঠ্যপুথি ‘অসমীয়া সাহিত্য চয়নিকা’ৰ অন্তৰ্গত ভট্টদেৱ বিৰচিত ‘বিষাদ যােগ’ পাঠটোৰ পৰা লােৱা হৈছে।

সংগতি:- কথাষাৰিৰ জৰিয়তে ৰাজ্য সুখ লাভৰ লােভ আত্মীয়-স্বজনক বধ কৰিবলৈ নিশ্চয় কৰি মহাপাপ কৰিবলৈ উদ্যত হােৱা কথাটোত অর্জুনে মনােকষ্ট পােৱাৰ কথা প্রকাশ কৰিছে।
ব্যাখ্যা:- কুৰুক্ষেত্ৰৰ যুদ্ধত উপস্থিত হৈ অর্জুনে বিপৰীত পক্ষত যুঁজিবলৈ অহা নিজৰ প্ৰাণৰাে প্ৰাণৰ আত্মীয়সকলক দেখি শােকত ভাগি পৰিছিল। অর্জুনে জানিছিল যে অর্থশাস্ত্র মতে দুষ্টক বধিলে দোষ নাই কিন্তু ধর্মশাস্ত্র মতে দুষ্টক বধিলেও তেওঁক পাপে পাব। তেওঁ কুলক্ষয় দোষৰ ভাগি বিচৰা নাছিল। যুধিষ্ঠিৰে অনন্ত তেওঁ ইমানবােৰ কথা শ্রুতিত বা বেদত শুনাৰ পিছতো এনে পাপ কৰিবলৈ আগবাঢ়ি আহিবলৈ নিশ্চয় কৰিছিল, তাকে লৈ যুদ্ধৰ আগমুহূর্তত নিজকে ধিক্কাৰ দি মনােকষ্টত ভুগিছে। আত্মীয়ক বধি ৰাজ্যসুখ ভােগ কৰাৰ যে কোনাে অর্থ নাই, কোনাে সুখ নাই এই কথা জনাৰ পাছতাে মানুহে এইবােৰ কবিলৈ গ’লে কেৱল দুখ, মনােকষ্টহে লাভ কৰে। তাকে এই কথাষাৰিৰ দ্বাৰা বুজোৱা হৈছে।

Leave a Comment

Your email address will not be published. Required fields are marked *

error

Enjoy this blog? Please spread the word :)

Scroll to Top