Class 9 Assamese Chapter-3 | গীত আৰু ছবি

গীত আৰু ছবি

চমু উত্তৰ দিয়া

(ক) কেনে গীত আৰু কেনে ছবিক কোনেও ভাল নোবোলে?
উঃ যি গীত আৰু ছবিৰ অৰ্থ সকলোৱে বুজি নাপায়, তেনে গীত আৰু ছবিক কোনেও ভাল নাপায়।

(খ) সদায় কাণেৰে শুনা সৰু কথাটিয়ে কেনেকৈ আমাৰ প্ৰাণ টানি ধৰে?
উঃ সদায় কাণেৰে শুনা সৰু কথাটিয়েও আমাৰ প্ৰাণ টানি ধৰে যেতিয়া ইয়াক গীতৰ আধাৰত পৰিৱেশন কৰা হয় ।

(গ) কবিৰ মতে কোনবোৰ বস্তু অজৰ অমৰ ?
উঃ কবিৰ মতে মিহি ভাব, মিহি গতি থকা কৌশলী বিদ্যা সম্বলিত শিল্প-কলাসমূহ হৈছে অজৰ অমৰ

(ঘ) কেনেকুৱা গীত আৰু ছবিক সকলোৱে ভাল বুলি কয়?
উঃ যি গীতে নুবুজাজনৰো হৃদয় জুৰায় আৰু যি ছবি নজনাজনৰো মনত সোমায়; অর্থাৎ যি গীত আৰু ছবিয়ে সকলোকে আনন্দ দিয়ে তেনে গীত আৰু ছবিক সকলোৱে ভাল পায়।

(ঙ) ‘সিহে পায় নিজে নিজে আলাসত ঠাই’ – ইয়াত আলাস’ শব্দটোৰ অৰ্থ কি?
উঃ ‘সিহে পায় নিজে নিজে আলাসত ঠাই’ – ইয়াত ‘আলাস’ শব্দটোৰ অৰ্থ উচ্চ স্থান।

উত্তৰ দিয়া

২। ভাল গীত আৰু ছবিৰ মহত্ত্ব কেনেকুৱা – কবিতাটোৰ সহায়ত বুজাই লিখা
উঃ ভাল গীত আৰু ছবিৰ এক সাৰ্বজনীন আৱেদন আছে। সকলো গীত আৰু ছবি কালজয়ী হ’ব নোৱাৰে। সেইবোৰ গীত বা ছবিহে মানুহৰ মনত ৰৈ যায় যিবোৰ মানুহে বুজি পায়। যি গীত আৰু ছবিৰ অৰ্থ সকলোৱে বুজি পায় আৰু আনন্দ লাভ কৰে তেনে গীত আৰু ছবিয়ে ভাল বুলি সৰ্বজনগ্রাহ্য হয়। সকলো শিল্পকলাৰে থকাৰ দৰে গীত আৰু ছবিতো কৌশলী বিদ্যাৰ প্ৰয়োগ থকা উচিত। মিহি ভাব আৰু মিহি গতিৰ কৌশলী বিদ্যা প্রয়োগ হোৱা গীত আৰু ছবিয়ে সকলোৰে প্ৰাণত ঠাই পায়৷ ‘গীত আৰু ছবি’ কবিতাটোত কবিয়ে এনেদৰে সুন্দৰভাৱে ভাল গীত আৰু ছবিৰ মহত্বৰ বিষয়ে বৰ্ণনা কৰিছে।

৩। সদায় চকুৰে দেখা গছ পাতটিও ছবিত কিয় ভাল হৈ পৰে বুলি তুমি ভাবা? নিজৰ মতামত আগবঢ়োৱা।
উঃ দৈনন্দিন জীৱনত আমি অজস্ৰ গছৰ পাত দেখোঁ। সেয়ে আমাৰ বাবে চিৰাচৰিত অনুভৱ গছৰ পাতে কঢ়িয়ায় ৷ সাধাৰণ কথা হৈ পৰে। কিন্তু সেই একেবোৰ পাতেই যেতিয়া ছবি এখনত দেখোঁ সি আমাৰ অনুভৱ সলনি কৰায়। সাধাৰণতে দেখাতকৈ ছবিত দেখিলে ভাল লাগি যায়। ইয়াৰ কাৰণ চিত্ৰকৰ এগৰাকীৰ মননশীল দৃষ্টি আৰু তেওঁৰ দুহাতৰ কৌশলী বিদ্যা বুলি ভাবোঁ। আমি সাধাৰণভাৱে চোৱা পাতটিক এগৰাকী চিত্ৰকৰে মননশীল দৃষ্টিৰে লক্ষ্য কৰে। সূক্ষ্মভাৱে পাতটোৰ প্ৰতি শিৰা-উপশিৰাৰ অৱস্থিতিলৈ মন কৰে । ছবিখন আঁকোতে তেওঁ মিহি-গতিৰে কাম কৰে যাতে প্রকৃত পাতটিৰ দৰে ছবিখন নিমজ হৈ পৰে। অৱশেষত মানুহে চিত্ৰকৰৰ সৃষ্টিক সৃষ্টিকৰ্তাৰ প্ৰকৃত সৃষ্টিৰ সৈতে তুলনা কৰি থৰ হৈ চায় আৰু মিল দেখি উৎফুল্লিত হৈ পৰে। মননশীল দৃষ্টি আৰু কৌশলী বিদ্যাই এখন ছবি ভাল হৈ পৰাৰ মূল কাৰণ বুলি সেয়ে ক’ব পৰা যায় ।

৪। কেনেকুৱা গীত আৰু ছবিক কোনেও ভাল নোবোলে আৰু কোনবোৰ গীত আৰু ছবিক সকলোৱে ভাল বুলি আদৰি লৈ আলাসত ঠাই দিয়ে নিজৰ ভাষাৰে বর্ণনা কৰা৷
উঃ যিবোৰ গীতৰ অৰ্থ গোৱাজনে বা লিখাজনেহে বুজি পায় কিন্তু আন কোনো লোকেই বুজি নাপায়, সেই গীতক কোনেও ভাল গীত বুলি নকয়। যিবোৰ গীতৰ অৰ্থ সকলোৱে বুজি পায়, তেনেবোৰ গীত সকলোৱে ভাল পায়। ঠিক সেইদৰে, যিবোৰ ছবি চোৱাৰ পাছত শিশুৰ পৰা আদি কৰি সকলো লোকে আনন্দ পায় তথা তেওঁলোকৰ মন-প্রাণ পুলকিত হয়, তেনেবোৰ ছবিক সকলোৱে ভাল বুলি স্বীকৃতি দিয়ে । কিন্তু যিবোৰ ছবি চোৱাৰ লগে লগে মানুহৰ মনত আনন্দ নজন্মে, তেনেবোৰ ছবিক উৎকৃষ্ট বুলি নকৈ বেয়া বুলি কোৱা হয়৷ গতিকে, ভাল গীত বা ছবি হ’বলৈ হ’লে সকলোৱে বুজি পোৱা বিধৰ আৰু মানুহৰ অন্তৰ আপ্লুত কৰিব পৰা বিধৰ হ’ব লাগিব।

গীত আৰু ছবি

৫। ‘গীত আৰু ছবি’ কবিতাটোৰ সাৰাংশ লিখা।

উত্তৰঃ গীত আৰু ছবি’ – কবিতাটোৰ কবি দুৰ্গেশ্বৰ শৰ্মা।কবিতাটোৰ জৰিয়তে কবিয়ে প্ৰকৃত গীত আৰু ছবিৰ সাৰ্বজনীন আবেদন আৰু মহত্বৰ কথা কলাত্মক ৰূপত তুলি ধৰিছে।
কবিয়ে কবিতাটিৰ আৰম্ভণিতে কৈছে যে – যিবোৰ গীত আৰু ছবিয়ে মানুহৰ মনত আনন্দৰ জোৱাৰ তুলিব নোৱাৰে, যিবোৰ গীত আৰু ছবি সাধাৰণ মানুহে সহজতে বুজিব নোৱাৰে, তেনেবোৰ গীত আৰু ছবিক কোনেও ভাল নাপায়। আনহাতে, যিবোৰ গীত আৰু ছবিয়ে মানুহক ৰস বোধৰ খোৰাক দিয়ে, হৃদয়ত আনন্দৰ নাহৰ তোলে তেনেবোৰ গীত আৰু ছবিয়ে সকলোৰে মনত ঠাই অধিকাৰ কৰিব পাৰে। অৰ্থাৎ সৰু বিষয়বস্তু এটাৰো কলাত্মক উপস্থাপনে মানুহক আকৰ্ষণ কৰিব পাৰে। আমি সদায় দেখি থকা গছ পাতখিলাও যেতিয়া চিত্ৰকৰে ৰং- তুলিকাৰে দাঙি ধৰে তেতিয়া সি অনন্য হৈ ধৰা দিয়ে। থিক তেনেদৰে আমি শুনি থকা কথাবোৰেই যেতিয়া গীতিকাৰে সুৰেৰে সজায়, সি আমাৰ কাণত অমৃত হৈ বৰষে। সৰু সৰু বিষয়বস্তু বোৰকো সূশ্ম ভাৱ অনুভূতিৰে কলাত্মক ৰূপত প্ৰকাশ কৰিলে তাৰ কেতিয়াও মৃত্যু নহয়। এইবোৰ কৌশলী বিদ্যা অজৰ-অমৰ। সকলোতে এই বিদ্যাৰ প্ৰচাৰ আৰু প্ৰসাৰ ঘটিব পাৰে ; বিভিন্ন ঠাইভেদে ই বিভিন্ন ৰূপ পৰিগ্ৰহণ কৰে।

বাখ্যা কৰা

(ক) সদায় চকুৰে দেখা গছ-পাতটিও
ছবিটিত ভাল হৈ পৰে,
সদায় কাণেৰে শুনা সৰু কথাটিও
গীত হ’লে প্ৰাণ টানি ধৰে
উঃ উক্ত কবিতা ফাঁকি দুৰ্গেশ্বৰ শৰ্মাদেৱৰ দ্বাৰা ৰচিত ‘গীত আৰু ছবি’ শীৰ্ষক কবিতাটিৰ পৰা উদ্ধৃত কৰা হৈছে।
কবিতা ফাঁকিৰ জৰিয়তে গীত আৰু ছবিৰ এক অপূৰ্ব শক্তিৰ কথা কোৱা হৈছে।

সাধাৰণ কথা এটি বা সাধাৰণ গছপাত এটিও শিল্পীৰ মননশীল দৃষ্টিত অসাধাৰণ হৈ পৰিব পাৰে । সাধাৰণতে কোনো মানুহে সাধাৰণ কথা বা গছপাত এটিলৈ ভ্ৰূক্ষেপ নকৰে। কাৰণ এইবোৰ সদায় শুনি বা দেখি থকা হয়। কিন্তু সাধাৰণ কথা এটি যেতিয়া গীতৰ আধাৰত পৰিৱেশন কৰা হয়, তেতিয়া সি সকলোকে আকৰ্ষণ কৰে ৷ তেনেদৰে গছ-পাত এটিও যেতিয়া চিত্ৰকৰৰ তুলিকাত প্ৰতিফলিত হয়, তেতিয়া সি বাটৰুৱা এজনকো ক্ষন্তেকৰ বাবে হ’লেও দৃষ্টিগোচৰ কৰায়। সকলো গীত আৰু ছবিয়ে কালজয়ী হ’ব নোৱাৰে। যি গীত আৰু ছবিৰ অৰ্থ সকলোৱে বুজি আনন্দ লাভ কৰিব পাৰে, তেনে গীত আৰু ছবিকহে সকলোৱে ভাল বুলি কয়। অৱশ্যে ইয়াৱ প্ৰকাশশৈলী মিহি ভাব আৰু মিহি গতিৰ দৰে হ’ব লাগিব। সকলো শিল্প-কলাৰে এটা কৌশলী বিদ্যা থাকিব লাগে। কাৰণ, কৌশল নাথাকিলে সকলো স্থান-কাল-পাত্ৰতে ই জীয়াই থাকিব নোৱাৰে। সেই বাবে মিহি ভাব আৰু মিহি গতিক অজৰ-অমৰ বুলি কোৱা হৈছে। ইয়াৰ কেতিয়াও মৃত্যু নঘটে। মানৱ জীৱনৰ ক্ষেত্ৰতো শিল্পী সুলভ কাৰ্য্যই মানুহক অজৰ-অমৰ কৰি ৰাখে। গতিকে, ‘Art for art sake; নহৈ ‘Art for life sake’ হোৱাহে উচিত।

(খ) “মিহি ভাব মিহি গতি কৌশলী বিদ্যাৰ
নাই মৃত্যু অজৰ অমৰ
য’তে-পৰে ত’তে গজে, বিভিন্ন আকাৰ –
ঠাই বুজি দীঘল-ডাঙৰ।’
উঃ ব্যাখ্যেয় কবিতা ফাঁকি কবি দুৰ্গেশ্বৰ শৰ্মাদেৱৰ দ্বাৰা ৰচিত ‘গীত আৰু ছবি’ কবিতাটিৰ পৰা তুলি লোৱা হৈছে।
কবিয়ে মিহি ভাব আৰু গতি মুক্ত শিল্প কলাৰ গুণাগুণ সম্পর্কে ক’বলৈ গৈ কবিতাফাকি উল্লেখ কৰিছে।
কৌশলী বিদ্যাৰ এক আচৰিত শক্তি আছে। এই শক্তিৰ জৰিয়তে–ই সকলো সময়তে আৰু সকলো স্থানতে স্থায়িত্ব লাভ কৰে। সকলো সময়তে ইয়াৰ সার্বজনীনতা নাইকীয়া নহয়। ই কালজয়ী। সেয়ে কৌশলী বিদ্যাক অমৰ বুলি কোৱা হৈছে, কাৰণ ই স্থান বুজি বিভিন্ন ৰূপত প্ৰকাশ পায়। তদুপৰি, ই য’তে ততে, প্ৰকাশ লাভ কৰাৰ সুবিধা পায়। মিহি ভাব আৰু মিহি গতিযুক্ত কৌশলী বিদ্যাইহে এই শক্তি লাভ কৰিব পাৰে।

ভাষা-বিষয়ক প্ৰশ্ন উত্তৰ

৭। সমার্থক শব্দ লিখা :
জগত, উলাহ, চকু, সৰু, ভাল, কাণ
উঃ জগত : পৃথিৱী, ধৰিত্ৰী
উলাহ : আনন্দ, উৎসাহ
চকু : নয়ন, অক্ষি
সৰু : ক্ষুদ্র, অকণমান
ভাল : শুভ, মংগল
কাণ : কৰ্ণ, শ্ৰৱণেন্দ্ৰিয়

৮। বাক্য ৰচনা কৰা :
কৌশলী বিদ্যা, অজৰ অমৰ, আলাসত ঠাই, ডাঙৰ-দীঘল ।
উঃ কৌশলী বিদ্যা : কৌশলী বিদ্যা জনাসকলে কোনোদিন অভাৱত পৰিব নালাগে।
অজৰ অমৰঃ নিজৰ কৃতিত্বৰে মহাত্মা গান্ধী পৃথিৱীত অজৰ অমৰ হৈ ৰ’ল।
আলাসত ঠাই : লিঅ’নাৰ্ডো দ্য ভিন্সিৰ ‘মনালিছা’ নামৰ ছবিখন আলাসত ঠাই পোৱাৰ যোগ্য।
ডাঙৰ-দীঘল : ৰীতাহঁত ককাকৰ সংস্কাৰেৰে ডাঙৰ-দীঘল হৈছে।

৯ । বিপৰীত শব্দ লিখা :
মিহি, প্রাণ, মৃত্যু, মূল, ক্ষুদ্র।
উঃ মিহি : খহটা
প্রাণ : অপ্রাণ
মৃত্যু : জীৱন
মূল : ছিন্নমূল
ক্ষুদ্র : বৃহৎ

অতিৰিক্ত প্রশ্নোত্তৰ

১ ।কবিয়ে কেনে ছবিয়ে আলাসত ঠাই পাই বুলি কৈছে?
উঃ কবিয়ে যি ছবি দেখি সকলোৱে একে আনন্দ-উলাহ অনুভৱ কৰে তেনে ছবিয়ে আলাসত ঠাই পাই বুলি কৈছে।

২। কবিয়ে কেনে গীতে হৃদয় জগাব বুলি কৈছে?
উঃ কবিয়ে ভাল গীতে সকলোৰে হৃদয় জগাব বুলি কৈছে।

৩। কবিয়ে কিহক অজৰ অমৰ বুলি কৈছে?
উঃ কবিয়ে কৌশলী বিদ্যাক অজৰ অমৰ বুলি কৈছে।

৪। সদায় চকুৰে দেখা গছ-লতাবোৰ ক’ত দেখিবলৈ ভাল লগা হয়।
উঃ সদায় চকুৰে দেখা গছ লতাবোৰো ছবিত দেখিবলৈ ভাল লগা হৈ পৰে।

৫। দুৰ্গেশ্বৰ শৰ্মা—অসমীয়া সাহিত্যত কি হিচাপে সুপ্রসিদ্ধ?
উঃ দুৰ্গেশ্বৰ শৰ্মা— অসমীয়া সাহিত্যত কবি হিচাপে সুপ্রসিদ্ধ।

৬। সৰু কথা এটি গীত হ’ব পাৰেনে?
উঃ সৰু কথা এটি গীত হ’ব পাৰে যদিহে সি সকলোকে সমানে আনন্দ দিব পাৰে।

৭। ‘গীত আৰু ছবি’ কবিতাটিৰ ৰচক কোন?
উঃ ‘গীত আৰু ছবি’ কবিতাটিৰ ৰচক কবি দুৰ্গেশ্বৰ শৰ্মা।

৮। ভাল গীতে কি জগায়?
উঃ ভাল গীতে হৃদয়ত আনন্দ জগায়।

Also Readনৱম শ্ৰেণীৰ অসমীয়া

৯ । কৌশলী বিদ্যা বুলি কাক কোৱা হৈছে?
উঃ মিহি ভাব আৰু মিহি গতিক কৌশলী বিদ্যা বুলি কৈছে।

১০। সদায় চকুৰে দেখা কি বস্তু ছবিত ভাল হৈ পৰে?
উঃ সদায় চকুৰে দেখা গছ-পাত ছবিত ভাল হৈ পৰে।

চমু প্রশ্নোত্তৰ

১। সাধাৰণ গছ-পাতটিও ছবিত কিয় ভাল হৈ পৰে আৰু সাধাৰণ কথাটিও গীতত কিয় ভাল হৈ পৰে?
উঃ ছবি হ’ল এবিধ কলা । চিত্র শিল্পী এজনৰ তুলিকাত যিকোনো সাধাৰণ বিষয় এটিয়ে অসাধাৰণ ৰূপ পায়। বাটৰ দুৱৰি বনৰ নিয়ৰৰ টোপালটো যি দৰে কবিৰ অনুভূতিত হীৰা হৈ জিলিকে। তেনেদৰে সদায় দেখি থকা গছ পাত এটিয়েও চিত্ৰকৰৰ হাতত এক আচৰিত শক্তি লাভ কৰে। সাধাৰণ গছপাত এটি বতাহত হালি-জালি থাকে আৰু এদিন সি মাটিত সৰি পৰে। মানুহে তাক গছকি যায় কিন্তু তালৈ কাৰো চকু নাযায় ৷ যেতিয়া কৌশলী বিদ্যাৰ বলত এজন শিল্পীয়ে তাক সজাই তোলে তেতিয়া সকলোৱে ক্ষন্তেকৰ বাবে হ’লেও ৰৈ চাবলৈ বাধ্য হয়। ঠিক সেইদৰে, সাধাৰণ কথায়ো কোনো গায়ক, গায়িকাৰ সুৰ-তাল-লয়ৰ স্পৰ্শত গীত হৈ শ্ৰোতাৰ মন-প্ৰাণ আনন্দত আপ্লুত কৰি তোলে। ইয়াৰ মূলতে হ’ল গীত আৰু ছবিৰ এক অপূর্ব শক্তি। এইবাবেই সাধাৰণ গছ-পাতটিও ছবিত ভাল হৈ পৰে আৰু সাধাৰণ কথাটিও গীতত ভাল হৈ পৰে।

২।“সিহে পায় নিজে নিজে আলাসত ঠাই,
সকলোৱে ভাল বুলি কয়।”
উঃ উক্ত কবিতা ফাঁকি দুৰ্গেশ্বৰ শৰ্মাদেৱৰ দ্বাৰা ৰচিত আমাৰ পাঠ্যপুথিত থকা “গীত আৰু ছবি” নামৰ কবিতাটিৰ পৰা লোৱা হৈছে।
এই কবিতা ফাকিৰ জৰিয়তে কবিয়ে গীত আৰু ছবিৰ বৈশিষ্ট্যৰ কথা কৈছে।
যিবোৰ গীত শুনিলে শ্ৰোতাৰ মন-প্ৰাণ আনন্দত আত্মহাৰা হৈ পৰে আৰু যিবোৰ ছবি দেখিলে সকলো লোকে ৰং পায় সেই গীত আৰু ছবিবোৰকে উৎকৃষ্ট বুলি কোৱা হয়। সকলোৰে উপকাৰ সাধন আৰু আনন্দদায়ক ছবিসমূহক সকলোৱে ভাল পায় ৷ আনহাতে, সকলোৱে বুজিব নোৱাৰা আৰু সকলোৰে অপ্রিয় ছবি বা গীতসমূহ শ্রেষ্ঠ ছবি বা গীত বুলি বিবেচিত নহয় ।

৩। কৌশলী বিদ্যাক কিয় অজৰ অমৰ বুলি কোৱা হৈছে?
উঃ কৌশলী বিদ্যাৰ এক আচৰিত শক্তি আছে। এই শক্তিৰ জৰিয়তে—ই সকলো সময়তে আৰু সকলো স্থানতে স্থায়িত্ব লাভ কৰে। সকলো সময়তে ইয়াৰ সার্বজনীনতা নাইকিয়া নহয়। ই কালজয়ী। সেয়ে কৌশলী বিদ্যাক অমৰ বুলি কোৱা হৈছে। কাৰণ ই স্থান বুজি বিভিন্ন ৰূপত প্ৰকাশ পায় ৷ তদুপৰি ই য’তে, ততে প্ৰকাশ লাভ কৰাৰ সুবিধা পায়। মিহি ভাব আৰু মিহি গতিযুক্ত কৌশলী বিদ্যাইহে এই শক্তি লাভ কৰিব পাৰে।

গীত আৰু ছবি- মূলভাব

সাধাৰণ কথা এটি বা সাধাৰণ গছপাত এটিও শিল্পীৰ মননশীল দৃষ্টিত অসাধাৰণ হৈ পৰিব পাৰে । সাধাৰণতে কোনো মানুহে সাধাৰণ কথা বা গছপাত এটিলৈ ভ্ৰূক্ষেপ নকৰে। কাৰণ এইবোৰ সদায় শুনি বা দেখি থকা হয়। কিন্তু সাধাৰণ কথা এটি যেতিয়া গীতৰ আধাৰত পৰিৱেশন কৰা হয়, তেতিয়া সি সকলোকে আকৰ্ষণ কৰে ৷ তেনেদৰে গছ-পাত এটিও যেতিয়া চিত্ৰকৰৰ তুলিকাত প্ৰতিফলিত হয়, তেতিয়া সি বাটৰুৱা এজনকো ক্ষন্তেকৰ বাবে হ’লেও দৃষ্টিগোচৰ কৰায়। সকলো গীত আৰু ছবিয়ে কালজয়ী হ’ব নোৱাৰে। যি গীত আৰু ছবিৰ অৰ্থ সকলোৱে বুজি আনন্দ লাভ কৰিব পাৰে, তেনে গীত আৰু ছবিকহে সকলোৱে ভাল বুলি কয়। অৱশ্যে ইয়াৱ প্ৰকাশশৈলী মিহি ভাব আৰু মিহি গতিৰ দৰে হ’ব লাগিব। সকলো শিল্প-কলাৰে এটা কৌশলী বিদ্যা থাকিব লাগে। কাৰণ, কৌশল নাথাকিলে সকলো স্থান-কাল-পাত্ৰতে ই জীয়াই থাকিব নোৱাৰে। সেই বাবে মিহি ভাব আৰু মিহি গতিক অজৰ-অমৰ বুলি কোৱা হৈছে। ইয়াৰ কেতিয়াও মৃত্যু নঘটে। মানৱ জীৱনৰ ক্ষেত্ৰতো শিল্পী সুলভ কাৰ্য্যই মানুহক অজৰ-অমৰ কৰি ৰাখে। গতিকে, ‘Art for art sake; নহৈ ‘Art for life sake’ হোৱাহে উচিত।

Leave a Comment

Your email address will not be published. Required fields are marked *

error

Enjoy this blog? Please spread the word :)

Scroll to Top