Class 9 Assamese Chapter-5 | মোৰ দেশ

মোৰ দেশ

মোৰ দেশ

মোৰ প্ৰাণৰো প্ৰাণৰ, মোৰ গানৰো গানৰ মোৰ দেশ ।
মোৰ প্ৰতিটো কামে, মোৰ প্ৰতিটো চিন্তাই এই দেশৰ বুকুত ৰচে
শ‍ইচ-সোনোৱালী ভৱিষ্যতৰ সপোন । মোৰ জীৱনৰ আহেঁ আহেঁ
মোৰ যৌৱনৰ কোহেঁ-কোহেঁ সেই সপোনৰ কলৰোল ।

দেশে-দেশে দেশ আছে । এনে বহু দেশৰ অৰঙে-দৰঙে
ম‍ই ঘূৰিছোঁ । বহু বন্ধুৰ সতে হাতে-হাত ধৰি ফুৰিছোঁ ।
কেতিয়াবা সাগৰ পাৰত, কেতিয়াবা খেজুৰ তলত, নতুবা
পাহাৰতলিত খন্তেক জিৰাইছোঁ । বন্ধুৰ সতে প্ৰাণ খুলি প্ৰাণৰ
কথা পাতিছোঁ । তাৰ পিছত আকৌ আৰম্ভ কৰিছোঁ নতুন যাত্ৰা ।

এনে বহু যাত্ৰাৰ শেষ মোৰ দেশ । যাৰ বুকুৰ উমে মোক দিছে
ভালপোৱাৰ আনন্দ, যৌৱনৰ প্ৰাচুৰ্য । জীৱনৰ নতুন অৰ্থ ।
এই দেশৰ প্ৰতিটো পুৱাই মোলৈ লুকাই আনে ঐশ্বৰ্যৰ বিপুল সম্ভাৰ
প্ৰতিটো সন্ধিয়াই বৈ আনে স্নিগ্ধ ফুলৰ সুবাস । প্ৰতিটো ঋতুৱে
মোক দি যায় জীৱনৰ আশীৰ্বাদ ।

মোৰ দেশৰ বাবে ম‍ই জীয়াই আছোঁ । এই দেশৰ বাবে ম‍ই
জীয়াই থাকিবলৈ মৰণ পণ কৰিছোঁ । ৰণুৱা, বনুৱা, হালোৱা
এই সকলোৰে মাজত ঐক্য হৈ, বিৰোধৰ মাজত
সংহতিৰ সম্ভাৱনা হৈ ম‍ই আছোঁ ।

জীৱনে-মৰণে, শয়নে-সপোনে এই দেশৰ আহ্বান ম‍ই শুনিছোঁ ।
শত্ৰু-মিত্ৰ সকলোকে ম‍ই চিনিছোঁ । সিহঁতৰ অন্তৰ ম‍ই বিশ্বাসেৰে
জিনিছোঁ । শান্তিৰ চৰাইযুৰিক আঁজলি ভৰাই দিছোঁ – ভঁৰালৰ
এমুঠি ধান, পৰাণৰ একোটি গান ।

আৰুতো মোৰ একো নাই !
মোৰ দেশ – মোৰ কল্লোলিত সপোনৰ উত্তাল তৰংগ‍ই
মোক লৈ যায় গভীৰৰ পৰা গভীৰতলৈ, আদৰ্শৰ কঠিন
পৰ্বত-মূললৈ ….

মোৰ দেশ- মূলভাৱ

‘মোৰ দেশ’ কবিতাটোৰ কবি হীৰেণ ভট্টাচাৰ্য। সুগন্ধি কবি হীৰেণ ভট্টাচাৰ্য দেৱৰ `মোৰ দেশ’ নামৰ কবিতাটি এটি স্বদেশ প্ৰেম মূলক কবিতা। কবিৰ বাবে নিজৰ দেশখন প্ৰাণতকৈও, গানতকৈও আপোন। তেওঁৰ প্ৰতিটো কাম আৰু চিন্তাই দেশখনৰ উন্নতিৰ কথাকেই সোঁৱৰাই। পৃথিৱীৰ বিভিন্ন দেশ কবিয়ে ঘূৰিছে, বিভিন্ন ঠাইৰ মানুহৰ লগত আন্তৰিকতা স্থাপন কৰিছে ; কিন্তু তেওঁৰ শৈশৱ আৰু যৌৱন অতিবাহিত কৰা দেশখনৰ প্ৰতি কবি সদা আকৃষ্ট, দায়বদ্ধ। এই দেশৰ প্ৰতিটো পুৱাই কবিক দিয়ে ঐশ্বৰ্য্যৰ বিপুল সম্ভাৰ, প্ৰতিটো সন্ধিয়াই স্নিগ্ধ ফুলৰ সুবাস আৰু প্ৰতিটো ঋতুৱে যেন কবিক দিয়ে জীৱনৰ আশীৰ্বাদ। সেয়েহে কবিয়ে এই দেশৰ প্ৰতিজন শ্ৰমিকৰ লগত নিজকে বিলীন কৰি দিছে। সকলোকে ঐক্যবদ্ধ ভাৱে ৰখাৰ প্ৰয়াস কৰিছে। শত্ৰু- মিত্ৰ সকলোকে অন্তৰ জিনি পৰস্পৰৰ মাজত শান্তিৰ শ্ৰীবৃদ্ধি কামনা কৰিছে। দেশৰ প্ৰতি গভীৰ ভালপোৱা কবিতাটোৰ মাজেৰে প্ৰকাশ পাইছে।

মোৰ দেশ কবিতাটোৰ প্ৰশ্ন উত্তৰ

অতি চমু উত্তৰ দিয়া

ক) হীৰেণ ভট্টাচাৰ্যৰ কত জন্ম হৈছিল?
উত্তৰ:- হীৰেণ ভট্টাচাৰ্যৰ ১৯০২ চনত যোৰহাটত জন্ম হৈছিল।

খ) হীৰেণ ভট্টাচাৰ্যই সম্পাদনা কৰা দুখন কাকতৰ নাম লিখা।
উত্তৰ:- হীৰেণ ভট্টাচাৰ্যই সম্পাদনা কৰা দুখন কাকতৰ নাম হল – চিত্ৰবন আৰু মনন।

গ) দেশৰ প্ৰতিটো পুৱাই কবিৰ বাবে কি লুকাই আনিছে?
উত্তৰ:- দেশৰ প্ৰতিটো পুৱাই কবিৰ বাবে লুকাই আনিছে ঐশ্বৰ্য্যৰ বিপুল সম্ভাৰ।

২। `মোৰ দেশ’ কবিতাটোৰ মূলভাৱ লিখা।
উত্তৰ:- `মোৰ দেশ’ কবিতাটোৰ মূলভাৱঃ

‘মোৰ দেশ’ কবিতাটোৰ কবি হীৰেণ ভট্টাচাৰ্য। সুগন্ধি কবি হীৰেণ ভট্টাচাৰ্য দেৱৰ `মোৰ দেশ’ নামৰ কবিতাটি এটি স্বদেশ প্ৰেম মূলক কবিতা। কবিৰ বাবে নিজৰ দেশখন প্ৰাণতকৈও, গানতকৈও আপোন। তেওঁৰ প্ৰতিটো কাম আৰু চিন্তাই দেশখনৰ উন্নতিৰ কথাকেই সোঁৱৰাই। পৃথিৱীৰ বিভিন্ন দেশ কবিয়ে ঘূৰিছে, বিভিন্ন ঠাইৰ মানুহৰ লগত আন্তৰিকতা স্থাপন কৰিছে ; কিন্তু তেওঁৰ শৈশৱ আৰু যৌৱন অতিবাহিত কৰা দেশখনৰ প্ৰতি কবি সদা আকৃষ্ট, দায়বদ্ধ। এই দেশৰ প্ৰতিটো পুৱাই কবিক দিয়ে ঐশ্বৰ্য্যৰ বিপুল সম্ভাৰ, প্ৰতিটো সন্ধিয়াই স্নিগ্ধ ফুলৰ সুবাস আৰু প্ৰতিটো ঋতুৱে যেন কবিক দিয়ে জীৱনৰ আশীৰ্বাদ। সেয়েহে কবিয়ে এই দেশৰ প্ৰতিজন শ্ৰমিকৰ লগত নিজকে বিলীন কৰি দিছে। সকলোকে ঐক্যবদ্ধ ভাৱে ৰখাৰ প্ৰয়াস কৰিছে। শত্ৰু- মিত্ৰ সকলোকে অন্তৰ জিনি পৰস্পৰৰ মাজত শান্তিৰ শ্ৰীবৃদ্ধি কামনা কৰিছে। দেশৰ প্ৰতি গভীৰ ভালপোৱা কবিতাটোৰ মাজেৰে প্ৰকাশ পাইছে।

বাখ্যা কৰা

(ক) অনৈক্যৰ মাজত ঐক্য হৈ, বিৰোধৰ মাজত
সংহতিৰ সম্ভাৱনা হৈ মই আছোঁ।
উ: সংগতি : ব্যাখ্যেয় কবিতাফাকি আমাৰ পাঠ্যপুথিৰ অন্তৰ্গত হীৰেন ভট্টাচাৰ্য ৰচিত ‘মোৰ দেশ’ শীর্ষক কবিতাটোৰ পৰা উদ্ধৃত কৰা হৈছে।
প্ৰসংগ : কবিয়ে তেওঁৰ দেশৰ বাবে কি কি কৰিব বিচাৰে তাকেই ক’বলৈ গৈ ব্যাখ্যেয় কবিতাফাকিৰ অৱতাৰণা কৰিছে।

ব্যাখ্যা : কবিৰ বাবে তেওঁৰ দেশ প্ৰাণতকৈও আপোন। স্বদেশেই কবিক দিয়ে জীৱনৰ নতুন অৰ্থ। প্ৰতিটো পুৱাই কবিলৈ লুকাই আনে ঐশ্বৰ্যৰ বিপুল সম্ভাৰ, প্ৰতিটো ঋতুৱে কবিক দিয়ে জীৱনৰ আশীৰ্বাদ। এনে এখন দেশৰ বাবেই কবিয়ে জীয়াই থাকিবলৈ মৰণপণ কৰিছে। যিকোনো প্ৰকাৰে কবিয়ে তেওঁৰ দেশৰ উন্নতি বিচাৰে। কবিৰ দেশ নানা জাতি-জনগোষ্ঠীৰ মিলনভূমি। স্বাভাৱিকতে সাময়িক অশান্তি হ ব পাৰে। কবিয়ে কিন্তু সেই অশান্তি নিবিচাৰে। নিজে হাতে-কামে লাগি দেশৰ জনতাৰ মাজত থকা অসূয়া-অপ্রীতি দূৰ কৰিব খোজে। বিৰোধ নাইকিয়া কৰি সংহতি গঢ়িব খোজে৷ তেৱেঁই যেন শান্তি-সম্প্ৰীতিৰ বাৰ্তা কঢ়িয়াই আনিব— এনে আশা কবিতাফাকিত স্পষ্ট হৈ উঠিছে।

(খ) মোৰ জীৱনৰ আঁহে আঁহে
মোৰ যৌৱনৰ কোঁহে কোঁহে সেই সপোনৰ কলৰোল।
উঃ সংগতিঃ ব্যাখ্যেয় কবিতাফাকি আমাৰ পাঠ্যপুথিৰ অন্তৰ্গত হীৰেন ভট্টাচাৰ্য ৰচিত ‘মোৰ দেশ’ শীৰ্ষক কবিতাটোৰ পৰা উদ্ধৃত কৰা হৈছে।
প্ৰসংগ : স্বদেশৰ প্ৰতি থকা গভীৰ প্ৰেমৰ কথা ক’বলৈ গৈ কবিয়ে ব্যাখ্যেয় কবিতাফাকিৰ অৱতাৰণা কৰিছে।
ব্যাখ্যা : কবিৰ বাবে স্বদেশ প্রাণতকৈও আপোন। শয়নে-সপোনে কবিয়ে দেশৰ উজ্জ্বল ভৱিষ্যতৰ বাবেই চিন্তা কৰে। তেওঁৰ প্ৰত্যেকটো কামেই হয় দেশৰ প্ৰগতিৰ হকে। দেশৰ বাবেই কবিয়ে জীয়াই আছে। দেশৰ প্ৰগতিয়েই তেওঁৰ আটাইতকৈ উজ্জ্বল সপোন। এই সপোনক বাস্তৱ কৰাৰ বাবেই যেন কবিৰ অহৰহ চেষ্টা। কবিৰ শিৰা-উপশিৰাই বৈ আছে এই সপোনৰ বীজ। যৌৱনৰ সমস্ত উদ্দীপনা এই সপোনৰ সতেই যেন জড়িত। যি দেশৰ বায়ু-পানীয়ে কবিক দিছে জীৱনৰ অৰ্থ । সেই দেশক উন্নতিৰ শিখৰলৈ নিয়াটোৱেই কবিৰ সেউজ সপোন আৰু এই সপোনেই কবিক জীয়াই ৰাখিছে।

মোৰ দেশ

৪। কবিতাটোত কবিৰ দেশপ্ৰেমৰ স্বৰূপ কেনেদৰে প্ৰকাশ পাইছে বুজাই লিখা।
উত্তৰঃ- `মোৰ দেশ’ কবিতাটিত এটি স্বদেশপ্ৰেমমূলক কবিতা। কবি হীৰেন ভট্টাচাৰ্য। কবিৰ বাবে নিজৰ দেশখন গানতকৈও, প্ৰাণতকৈও আপোন। তেওঁৰ প্ৰতিটো কামতে দেশখনৰ প্ৰগতি বাৰ্তা লুকাই থাকে। তেওঁ শৈশৱ আৰু যৌৱন অতিবাহিত কৰা দেশখনৰ প্ৰতি সদায় দায়বদ্ধ। সেয়েহে তেওঁ দেশৰ ৰণুৱা, বনুৱা, হালোৱা অৰ্থাৎ শ্ৰমিক শ্ৰেণীটোৰ লগত মিলি পৰিছে। সকলোকে যাতে ঐক্য আৰু সম্প্ৰীতিৰ ডোলেৰে বান্ধিব পাৰে তাৰ বাবে অহৰহ যত্ন কৰিছে। কবিয়ে বিভিন্ন দেশ বিদেশ ভ্ৰমণ কৰিছে যদিও সকলোৰে ওপৰত নিজৰ দেশক স্থান দিছে। এনেদৰে কবিতাটিত কবিৰ স্বদেশানুৰাগ ফুটি উঠিছে।

৫। প্ৰতিটো ঋতুৱে কৰিক কি দি যায় বুলি কবিতাটোত উল্লেখ কৰিছে?
উঃ প্ৰতিটো ঋতুৱে কবিক জীৱনৰ আশীৰ্বাদ দি যায় বুলি কবিতাটোত উল্লেখ কৰিছে।

৬। শান্তিৰ চৰাইজনীক আঁজলি ভৰাই কবিয়ে কি দিছে?
উঃ শাস্তিৰ চৰাইজনীক কবিয়ে আঁজলি ভৰাই ভঁৰালৰ এমুঠি ধান আৰু পৰাণৰ একোটা গান দিছে। তাৰ বাহিৰে কবিয়ে তেওঁৰ আৰু দিবলৈ একো নাই বুলি কৈছে।

ভাষা- বিষয়ক

৭) সমাৰ্থক শব্দ লিখাঃ 

দেশ , কাম , কলৰোল , সাগৰ, সপোণ, বন্ধু, শেষ, সম্ভাৰ, শইচ, বুকু, তৰংগ, কল্লোল
উত্তৰ:-

দেশ – ৰাষ্ট্ৰ
কাম – কৰ্ম
কলৰোল – কলৰৱ
সাগৰ – সমূদ্ৰ
সপোণ – স্বপ্ন
বন্ধু – মিত্ৰ
শেষ – সমাপ্ত
সম্ভাৰ – সামগ্ৰী
শইচ – শস্য
বুকু – হৃদয়
তৰংগ – ঢৌ
কল্লোল – কলৰৱ

৮। বিপৰীতাৰ্থক শব্দ লিখা: 

সপোন, দেশ , জীৱন, পাহাৰ, ঐক্য, সংহতি, শয়ন, বিশ্বাস, শত্ৰু
উত্তৰ:-

সপোন – দিঠক
দেশ – বিদেশ
জীৱন – মৰণ
পাহাৰ- ভৈয়াম
ঐক্য – অনৈক্য
সংহতি – বিৰোধ
শয়ন – জাগৰণ
বিশ্বাস – অবিশ্বাস
শত্ৰু – মিত্ৰ।

অতিৰিক্ত প্ৰশ্ন উত্তৰ

অতি চমু প্রশ্নোত্তৰ

১। ‘মোৰ দেশ’ কবিতাটোৰ ৰচক কোন?
উঃ ‘মোৰ দেশ’ কবিতাটোৰ ৰচক হ’ল হীৰেন ভট্টাচার্য।

২। কবিয়ে ক’ত তেওঁৰ শইচ-সোণোৱালী ভৱিষ্যতৰ সপোন ৰচাৰ কথা কৈছে?
উঃ কবিয়ে নিজ দেশত তেওঁৰ শইচ-সোণোৱালী ভৱিষ্যতৰ সপোন ৰচাৰ কথা কৈছে।

৩। কবিয়ে কাৰ সৈতে হাতে হাত ধৰি ফুৰা বুলি কৈছে?
উঃ কবিয়ে বহু বন্ধুৰ সৈতে হাতে হাত ধৰি ফুৰা বুলি কৈছে।

৪। কবিৰ যাত্ৰাৰ শেষ লক্ষ্যস্থান কি?
উঃ কবিৰ যাত্ৰাৰ শেষ লক্ষ্যস্থান হৈছে তেওঁৰ নিজ দেশ।

৫। দেশৰ প্ৰতিটো সন্ধিয়াই কবিৰ বাবে কি বৈ আনে?
উঃ দেশৰ প্ৰতিটো সন্ধিয়াই কবিৰ বাবে বৈ আনে স্নিগ্ধ ফুলৰ সুবাস।

৬। কবিয়ে কাৰ বাবে জীয়াই থাকিবলৈ মৰণ পণ কৰিছে?
উঃ কবিয়ে দেশৰ বাবে জীয়াই থাকিবলৈ মৰণ পণ কৰিছে।

৭। কবিয়ে নিজকে কিহৰ মাজত সংহতিৰ সম্ভাৱনা হৈ থকা বুলি কৈছে?
উঃ কবিয়ে নিজকে বিৰোধৰ মাজত সংহতিৰ সম্ভাৱনা হৈ থকা বুলি কৈছে।

৮। কবিয়ে জীবনে-মৰণে, শয়নে সপোনে কি শুনা বুলি কৈছে?
উঃ কবিয়ে জীৱনে-মৰণে, শয়নে-সপোনে দেশৰ আহ্বান শুনা বুলি কৈছে।

৯। কবিয়ে বিশ্বাসেৰে কাৰ অন্তৰ জিনিছে?
উঃ কবিয়ে বিশ্বাসেৰে শত্ৰু-মিত্ৰ সকলোৰে অন্তৰ জিনিছে।

১০।‘মোৰ দেশ’ কবিতাটোৰ মাজেদি কবিৰ কি মনৰ ভাব ফুটি উঠিছে?
উঃ ‘মোৰ দেশ’ কবিতাটোৰ মাজেদি কবিৰ মনৰ গভীৰ স্বদেশানুৰাগৰ ভাব ফুটি উঠিছে।

১১। হীৰেণ ভট্টাচাৰ্যৰ কবিতাত কি কবিতাৰ প্ৰতিধ্বনি শুনা যায়?
উঃ হীৰেণ ভট্টাচাৰ্যৰ কবিতাত জাপানী হাইকু কবিতাৰ প্ৰতিধ্বনি শুনা যায় ।

১২। হীৰেণ ভট্টাচাৰ্যৰ দুখন কবিতা পুথিৰ নাম লিখা।
উঃ ‘সুগন্ধি পখিলা’ আৰু ‘বিভিন্ন দিনৰ কবিতা’।

১৩। হীৰেণ ভট্টাচাৰ্যৰ ক’ত আৰু কেতিয়া জন্ম হৈছিল?
উঃ ১৯৩২ চনৰ ২৮ জুলাইত যোৰহাটত কবি হীৰেণ ভট্টাচাৰ্যৰ জন্ম হৈছিল।

১৪। কেতিয়া আৰু কিমান বয়সত হীৰেন ভট্টাচাৰ্যৰ মৃত্যু হয়?
উঃ ২০১২ চনৰ ৪ জুলাইত ৭৯ বছৰ বয়সত হীৰেণ ভট্টাচাৰ্যৰ মৃত্যু হয়।

১৫। কবি হীৰেণ ভট্টাচার্ষক কি কি নামেৰে জনা যায় ?
উঃ হীৰেণ ভট্টাচাৰ্যক—হীৰুদা, ‘সুগন্ধি পখিলা’ৰ কবি আৰু ‘প্ৰেম আৰু ৰ’দালিৰ কবি’ নামেৰে জনা যায়।

১৬। কোনখন কবিতা পুথিৰ বাবে হীৰেন ভট্টাচাৰ্যই সাহিত্য অকাডেমি বঁটা লাভ কৰিছিল?
উঃ ‘শইচৰ পথাৰ মানুহ’ কবিতা পুথিখনৰ বাবে হীৰেণ ভট্টাচাৰ্যই সাহিত্য অকাডেমি বঁটা লাভ কৰিছিল।

চমু প্রশ্নোত্তৰ

১। “মোৰ প্ৰাণৰো প্ৰাণৰ, —মোৰ গানৰো গানৰ, মোৰ দেশ।”— এইদৰে কোনে আৰু কিয় এনেদৰে কৈছে বুজাই লিখা।
উঃ কবি হীৰেণ ভট্টাচাৰ্যই এইদৰে কৈছে কাৰণ তেওঁ নিজ দেশখনক নিজৰ প্ৰাণতকৈও অধিক ভাল পায়, স্বদেশ হ’ল কবিৰ বুকুৰ কলিজা, হিয়াৰ আমঠু। তেওঁৰ কাৰণে স্বদেশৰ গান হৈছে হৃদয়স্পর্শী, সুমধুৰ গানতকৈও আপোন। কবিৰ বাবে সকলো সুখ-শান্তি, আশা-আকাংক্ষা, সপোনৰ কেন্দ্ৰস্থল হ’ল স্বদেশ, স্বদেশ, অবিহনে তেওঁৰ কোনো অস্তিত্ব নাই।

২। “মোৰ জীৱনৰ আঁহে আঁহে, মোৰ যৌৱনৰ কোঁহে কোঁহে সেই সপোনৰ কলৰোল”— কবিয়ে কি সপোনৰ কলৰোল শুনাৰ কথা কৈছে।
উঃ কবিয়ে তেওঁৰ প্ৰতিটো কামে, প্ৰতিটো চিন্তাই নিজ দেশৰ বুকুত ৰচা শইচ-সোণোৱালী ভৱিষ্যতৰ সপোনৰ কলৰোল শুনাৰ কথা কৈছে।

৩। কবিয়ে বিভিন্ন দেশৰ অৰঙে-দৰঙে ঘূৰি ফুৰোঁতে কি কি কৰিছিল ?
উঃ কবিয়ে বিভিন্ন দেশৰ অৰঙে-দৰঙে ঘূৰি ফুৰোঁতে বহু বন্ধুৰ হাতে হাত ধৰি ফুৰিছে, কেতিয়াবা সাগৰৰ পাৰত, কেতিয়াবা খেজুৰৰ তলত, নতুবা কেতিয়াবা পাহাৰতলিত ক্ষন্তেক জিৰাইছে, কেতিয়াবা তাত লগ পোৱা বন্ধুবোৰৰ সৈতে প্ৰাণ খুলি প্ৰাণৰ কথা পাতিছে আৰু তাৰ পিছত আকৌ নতুন যাত্ৰা আৰম্ভ কৰিছে।

৪। কবিয়ে তেওঁক নিজ দেশৰ বুকুৰ উমে কি দিয়া বুলি কৈছে?
উঃ কবিয়ে তেওঁক নিজ দেশৰ বুকুৰ উমে ভালপোৱাৰ আনন্দ, যৌৱনৰ প্ৰাচুৰ্য তথা জীৱনৰ এক নতুন অৰ্থ দিয়া বুলি কৈছে।

৫। কবিয়ে কাৰ কাৰ মাজত তেওঁ বিৰাজমান হৈ থকা বুলি কৈছে?
উঃ কবিয়ে দেশৰ ৰণুৱা, হালোৱা, বনুৱাসকলৰ লগতে অনৈক্যৰ মাজত ঐক্য হৈ আৰু বিৰোধৰ মাজত সংহতিৰ সম্ভাৱনা হৈ বিৰাজমান থকা বুলি কৈছে।

৬। কবিৰ কল্লোলিত সপোনৰ উত্তাল তৰংগই তেওঁক ক’লৈ লৈ যায় বুলি কৈছে?
উঃ কবিৰ কল্লোলিত সপোনৰ উত্তাল তৰংগই তেওঁক গভীৰৰ পৰা গভীৰতৰলৈ আৰু আদৰ্শৰ কঠিন পৰ্বতমূললৈ লৈ যায় বুলি কৈছে।

৭। ‘তাৰ পিছত আকৌ আৰম্ভ কৰিছোঁ নতুন যাত্রা’— কবিয়ে কিহৰ পিছত ক’লৈ নতুন যাত্ৰা আৰম্ভ কৰিছে? এই যাত্ৰাৰ শেষ লক্ষ্যস্থান কি?
উঃ কবিয়ে এখন দেশৰ অৰঙে-দৰঙে ঘূৰি তাত খন্তেক জিৰাই তাৰ বন্ধুসকলৰ সৈতে প্ৰাণ খুলি প্ৰাণৰ কথা পাতি অন্য এখন দেশলৈ নতুন যাত্ৰা আৰম্ভ কৰিছে। তেওঁৰ এই যাত্ৰাৰ শেষ লক্ষ্যস্থান হৈছে তেওঁৰ নিজ দেশ।

৮। ‘এনে বহু যাত্ৰাৰ শেষ মোৰ দেশ’— বহু যাত্ৰাৰ অন্তত পোৱা কবিৰ দেশখনে কবিক কি দিছে বুলি কৈছে?
উঃ বহু যাত্ৰাৰ অন্তত পোৱা কবিৰ দেশখনে কবিক নিজ বুকুৰ উমেৰে ভালপোৱাৰ আনন্দ, যৌৱনৰ প্ৰাচুৰ্য আৰু জীৱনৰ নতুন অৰ্থ দিছে। স্বদেশৰ প্ৰতিটো পুৱাই তেওঁলৈ ঐশ্বৰ্যৰ বিপুল সম্ভাৰ লুকুৱাই লৈ অনা, প্ৰতিটো সন্ধিয়াই স্নিগ্ধ ফুলৰ সুবাস বৈ অনা আৰু দেশৰ প্ৰতি ঋতুৱে তেওঁক জীৱনৰ আশীৰ্বাদ দি যোৱা বুলি কৈছে।

`মোৰ দেশ’ কবিতাটোৰ মূলভাৱঃ

 স্বদেশৰ প্ৰতি থকা ভালপোৱা কবিতাটোৰ শাৰীয়ে শাৰীয়ে উপচি আছে। কবিৰ বাবে স্বদেশ প্ৰাণতকৈও আপোন যেন এটা সুৱদী সুৰীয়া গান। কবিৰ চিন্তা আৰু কাম দেশৰ বাবেই সমর্পিত। দেশৰ ভাৱষ্যত উন্নতিৰ চিন্তা কবিৰ শিৰা উপশিৰাই প্রবাহিত।

দেশৰ প্ৰগতিয়েই হৈছে তেওঁৰ মনক জীপাল কৰি ৰখা সেউজ সপোন। পৃথিৱীৰ বহু দেশৰ অৰঙে-দৰঙে কবিয়ে বন্ধুত্বৰ সময় পাৰ কৰিছে। কিন্তু প্রেম-বন্ধুত্বৰ উমাল স্পর্শ কবিয়ে যেন কেৱল স্বদেশতহে পাইছে। স্বদেশৰ সূর্যোদয়ত আছে জীৱনৰ নতুন অর্থ। জীয়াই থকাৰ মৰণপণ কবিয়ে সেয়ে এই দেশৰ বাবে কৰিছে। নানা জাতি-জনগোষ্ঠীৰ মিলনভূমি কবিৰ স্বদেশ। ভিন ভিন সংস্কৃতি কঢ়িয়াই অনা এই জাতি- জনগোষ্ঠীৰ মাজত মিলনৰ সেতু কবিয়ে নিজেই গঢ়িব খোজে, সংহতিৰ জয়গান গাব খোজে।

দেশৰ শত্ৰু-মিত্ৰ সকলোৰে অন্তৰ বিশ্বাসেৰে জয় কৰি কবিয়ে দেশলৈ কঢ়িয়াই আনে শান্তিৰ বতৰা ৷ ইয়াতকৈ বেছি কবিয়ে দেশৰ বাবে কৰিব নোৱাৰে। জীৱনে-মৰণে, শয়নে- সপোনে দেশৰ শান্তিয়েই তেওঁৰ কাম্য ৷ জীৱন দিও তেওঁ দেশৰ শান্তি-সম্প্রীতি অক্ষুণ্ণ ৰখাৰ আদৰ্শ মনত ৰোপন কৰিছে। তাৰ বাবেই তেওঁ অহোপুৰুষাৰ্থও কৰিছে৷ কবিৰ এই আদৰ্শক গভীৰ কৰি তোলে স্বদেশৰ প্ৰতি থকা তেওঁৰ আকুণ্ঠ প্রেমে। স্বদেশপ্ৰেমৰ ঢৌৱে তেওঁৰ জীৱন সমুদ্র উত্তাল কৰি ৰাখে। কবিতাটোৰ পাঠককো এই ঢৌৱে উটুৱাই লৈ যায় স্বদেশৰ বুকুলৈ।

Leave a Comment

Your email address will not be published. Required fields are marked *

error

Enjoy this blog? Please spread the word :)

Scroll to Top