Class 9 Assamese Chapter-8 | অন্ধবিশ্বাস আৰু কুসংস্কাৰ

অন্ধবিশ্বাস আৰু কুসংস্কাৰ

অন্ধবিশ্বাস আৰু কুসংস্কাৰ

শব্দার্থ আৰু টোকা

অপদেবতা – অহিত বা অকাৰ সধা দেৱতা; ভূত-প্রেত।
অবাঞ্ছিত –যিটো বাঞ্ছা কৰা নহয়; বিচৰা নহয়।
ইতিবাচক–সন্মতি সূচক
কলুষিত —কলংকিত; কলংকযুক্ত।
গতিৰােধক —গতিক বাধা দিয়া ব্যৱস্থা।
দেহাবয়ব —দেহৰ গঠন; দেহৰ অৱয়ব।
নেতিবাচক— ইতিবাচকৰ বিপৰীত। অসন্মতি সূচক।
প্রতিকূলতা— বাধা, বিপৰীত অৱস্থা।
প্রমূল্য—মানদণ্ড।
বন্দিত —যাক বন্দনা কৰা হয়; পূজনীয়।
বড়ি —ঔষধৰ সৰু-ঘূৰণীয়া গুটি।
ভ্রান্ত বিশ্বাস—ভুল ধাৰণা।
মনস্তাত্ত্বিক- মনৰ প্রকৃতি সম্পৰ্কীয়।

১। চমু উত্তৰ দিয়া

(ক) উৰাবাতৰি মানে কি?
উঃ যিবোৰ বাতৰি বা খবৰ কোনো সত্যতা নাথাকে, কিন্তু তাকেই বহুতে নভবা-নিচিন্তাকৈ সত্য বুলি বিশ্বাস কৰি লয় সেয়াই হৈছে উৰাবাতৰি।

(খ) কু-সংস্কাৰ বুলিলে কি বুজা?
উঃ যিবোৰ নীতি-নিয়ম, পৰম্পৰা তথা ব্যৱস্থাই সমাজৰ প্ৰগতিৰ পথত প্রতিবন্ধকতাৰ সৃষ্টি কৰে; কু-সংস্কাৰ বুলিলে এনেবোৰ নীতি-নিয়ম, পৰম্পৰাকে বুজা হয়।

(গ) অন্ধবিশ্বাস, কু-সংস্কাৰ পৃথিৱীৰ আটাইতকৈ গধুৰ বোজা’। —কথাষাৰ কোনে কৈছিল?
উঃ উক্ত কথাষাৰ ভাৰতৰ প্ৰাক্তন ৰাষ্ট্ৰপতি ড° সৰ্বপল্লী ৰাধাকৃষ্ণণে কৈছিল।

(ঘ) কোনখন সন্ধিৰ পিছত আৰু কেতিয়া অসম ব্ৰিটিছৰ অধীনলৈ যায় ?
উঃ ১৮২৬ খ্ৰীষ্টাব্দৰ ইয়াণ্ডাবু সন্ধিৰ পিছত অসম ব্ৰিটিছৰ অধীনলৈ গৈছিল।

(ঙ) অসমলৈ আহি শদিয়াৰ সেমেকা জলবায়ুত মিছনেৰীসকল কেনে ধৰণৰ ৰোগত আক্ৰান্ত হৈছিল?
উঃ অসমলৈ আহি শদিয়াৰ সেমেকা জলবায়ুত মিছনেৰীসকল কলেৰা ৰোগত আক্ৰান্ত হৈছিল।

২। অন্ধবিশ্বাস মানে কি ? অন্ধবিশ্বাসে সমাজত কেনেধৰণৰ সমস্যাৰ সৃষ্টি কৰিব পাৰে লিখা।
উত্তৰঃ যিবােৰ বিশ্বাস বা ধাৰণা যুক্তিৰ ওপৰত প্রতিষ্ঠিত নহয়, বিজ্ঞানে যিবােৰ বিশ্বাসক, ধাৰণাক, ঘটনাক অসত্য আৰু অমূলক বুলি প্রতিপন্ন কৰিছে, – সেইবােৰেই অন্ধবিশ্বাস। অন্ধবিশ্বাস আৰু কুসংস্কাৰে প্রেম, মমতা, মানৱতা আদি মানৱীয় মূল্যসমূহক আঘাত কৰি মানৱ সমাজ এখনক কলুষিত কৰে। জন জীৱনৰ সুস্থ জীৱন ধাৰণৰ ব্যৱস্থাটোক বিপর্যস্ত কৰি সমাজক অশান্ত আৰু অস্থিৰ কৰি তােলে।

৩। কি কি কাৰণত অন্ধবিশ্বাস, কুসংস্কাৰৰ দ্বাৰা জনসাধাৰণ প্ৰভাৱিত হয় ?
উত্তৰঃ অন্ধবিশ্বাস আৰু কু-সংস্কাৰৰ দ্বাৰা জনসাধাৰণ, প্ৰভাৱিত হােৱাৰ প্ৰধানকৈ সাতটা কাৰণ উল্লেখ কৰিছে। কাৰণকেইটা এনেধৰণৰ –

প্রথম কাৰণ, মানুহৰ জ্ঞানৰ অভাৱ। শিক্ষাৰ অভাৱতকৈ জ্ঞানৰ অভাৱতহে মানুহ অন্ধবিশ্বাস, কু-সংস্কাৰৰ বশৱৰ্তী হয়। শিক্ষা লাভ কৰিলেও মানুহ অধ্যয়নশীল নহয়। বহুতে আবেগত অন্ধবিশ্বাস, কু-সংস্কাৰক বিশ্বাস কৰে। অধ্যয়নবিমুখিতাৰ কাৰণেই মানুহে আবেগক নিয়ন্ত্রণ কৰিব নােৱাৰে।

দ্বিতীয় কাৰণটো হ’ল – যিকোনাে কথা বা ঘটনাৰ বাবে মানুহৰ ইতিবাচক দৃষ্টিভংগীৰ অভাৱ। প্রায়বােৰ মানুহে কথাবােৰ, সমুখত ঘটা ঘটনাবােৰ প্ৰায়ে নেতিবাচক দৃষ্টিভংগীৰে চায় কাৰণে অন্ধবিশ্বাস, কু-সংস্কাৰৰ বশবর্তী হয়।

তৃতীয় কাৰণ হ’ল, দায়িত্বশীল মানুহ কিছুমানেও ক্ষুদ্র ক্ষুদ্র স্বার্থ সিদ্ধিৰ কাৰণে কেতিয়াবা সমাজৰ বাবে নেতিবাচক কাম কৰে। এনে কার্য সমাজৰ বাবে কেতিয়াবা ভয়ংকৰ ক্ষতিকাৰক হৈ পৰে।

চতুর্থ কাৰণ হ’ল— ভ্ৰমণৰ ফলত মনৰ পৰিধি বহল হয়, ভাব আৰু সাহিত্য-সংস্কৃতিৰ বিনিময় ঘটে। ইয়াৰ অভাৱৰ কাৰণেও মনৰ অন্ধবিশ্বাস, কু-সংস্কাৰ সমাজৰ পৰা আঁতৰ নহয়।

পঞ্চমতে, নিজ স্বার্থ পূৰণৰ কাৰণেও কিছু লােকে জানি-শুনিও অসম্ভব লৈ মানুহৰ মাজত অন্ধবিশ্বাস, কু-সংস্কাৰৰ কথা প্রচাৰ কৰাত সাধাৰণ লােকে সেইবােৰ বিশ্বাস কৰাত সমাজত কু প্ৰভাৱ পৰে।

ষষ্ঠ কাৰণটো হ’ল— যত্ন নকৰাকৈ কিছুমান লােকে থাউকতে ধন-টকা-পইচা লাভ কৰিব বিচৰাৰ উপৰিও ৰােগ আদিও ভাল কৰিব বিচৰা মনােভাব হ’ল— অন্ধবিশ্বাস, কু- সংস্কাৰৰ কু প্রভাৱ।

সপ্তম কাৰণটো হ’ল— যুক্তিবাদী মন আৰু বিজ্ঞান মনষ্কতাৰ অভাৱতাে অন্ধবিশ্বাস, কু-সংস্কাৰে সমাজত বেয়া প্ৰভাৱ পেলায়।

অন্ধবিশ্বাস আৰু কুসংস্কাৰ

৪। অন্ধবিশ্বাস, কুসংস্কাৰ আদি নিয়ন্ত্রণ কৰিবলৈ কেনেধৰণৰ আঁচনি গ্রহণ কৰিব পাৰি?
উত্তৰঃ অন্ধবিশ্বাস, কু-সংস্কাৰ আদি নিয়ন্ত্রণ কৰিবলৈ সমাজত সজাগতা সৃষ্টি কৰাৰ প্রয়ােজন, – ঘাইকৈ বিদ্যালয়ৰ পাঠ্যপুথিত এই বিষয়টো অন্তর্ভুক্ত কৰি ছাত্ৰ-ছাত্ৰীৰ মাজত সজাগতা আনিব পাৰিলে সমাজতাে সজাগতা আহি এইবােৰ নিয়ন্ত্রিত হব। আনহাতে তথ্যচিত্র বা তেনেধৰণৰ প্ৰচাৰ মাধ্যমৰ জৰিয়তেওঁ এইবােৰৰ বিপক্ষে সমাজত সজাগতা আনিব পাৰি আৰু এইবােৰ নিয়ন্ত্রণ কৰিব পৰা যায়।

৫। ‘ডাইনী’, ‘সােপাধৰা’— এইবােৰ অন্ধবিশ্বাস। অন্ধবিশ্বাস বুলি জানিও কিছু লােকে এই বিষয় দুটাক লৈ উৰাবাতৰি প্ৰচাৰ কৰে আৰু বহু লােকে বিশ্বাস কৰিও লয়। ইয়াৰ কাৰণ কি কি বুলি ভাবা ?
উত্তৰঃ ‘ডাইনী’ বা ‘সােপাধৰাৰ দৰে অন্ধবিশ্বাসৰ সুযােগ গ্রহণ কৰি এচাম স্বার্থপৰ মানুহে হত্যাৰ দৰে অসামজিক আৰু অমানৱীয় কার্য সমাধা কৰি আহিছে। সাধাৰণতে দেখা গৈছে সম্পত্তিৰ লােভত বা ওচৰ চুবুৰীয়া কাৰােবাৰ যদি উন্নতি হয় তেওঁৰ প্রতি ঈর্ষান্বিত হৈয়াে সেই বিশেষ মানুহঘৰৰ কাৰােবাক ‘ডাইনী বুলি অভিহিত কৰি অসৎ প্রবৃত্তিৰ মানুহে সামাজিক উৎপীড়ন চলায়। এনেদৰে স্বার্থসিদ্ধিৰ বাবেই ‘সােপাধৰাৰ অপপ্রচাৰ চলায়। কেতিয়াবা হত্যাৰ দৰে জঘন্য ঘটনা সংঘটিত হয়। ‘ডাইনী’ অথবা ‘সােপাধৰা বিষয়টো সমাজৰ আবেগ-অনুভূতি আৰু ভুল বুজাবুজিৰ সাধাৰণ ঘটনা হিচাপে ৰেহাই দিয়াটো একেবাৰে উচিত নহয়। অন্ধ বিশ্বাস আৰু কু- সংস্কাৰৰ বিৰুদ্ধে উদাসীনতাই স্বার্থন্বেষী মানুহক উৎসাহিত কৰে।

৬। তােমালােকৰ অঞ্চলত প্রচলিত অন্ধবিশ্বাস, কু-সংস্কাৰ আদি তােমাৰ চকুত পৰিছে নেকি ? এই বিষয়ে এটি টোকা লিখা। সেইবােৰ নিৰাময়ৰ বাবে তােমাৰ ফালৰ পৰা কি কি ব্যৱস্থা লবা-
উত্তৰঃ আমাৰ অঞ্চলত শিক্ষা-দীক্ষা লাভ কৰা, আনকি উচ্চপদত অধিষ্ঠিত তথা বিভিন্ন চাকৰি কৰি থকা ভালেমান লােক আছে যদিও এই অঞ্চল অন্ধবিশ্বাস, কু-সংস্কাৰৰ পৰা সম্পূর্ণ মুক্ত হ’ব পৰা নাই। সাধাৰণ মানুহৰ মাজত জৰা-ফুকা কৰি, জাব-জৰি লৈ ৰােগ ভাল কৰিব পৰা, বিয়াৰ দৰা কইনা আৰু তেওঁলােকৰ নিকটাত্মীয়ই জাব-জুৰি লৈ বিপদৰ পৰা ৰক্ষা পাবলৈ বিচৰা, গ্রহৰ কু-দৃষ্টিৰ পৰা ৰক্ষা পাবলৈ বা ব্যৱসায়-বাণিজ্য, ভাগ্যোন্নতিৰ উদ্দেশ্যে বিভিন্ন পাৰ্থৰ ধাৰণ কৰা আদি অন্ধবিশ্বাস সমাজৰ পৰা আজিৰ এই বিজ্ঞানৰ চৰম উৎকৰ্ষৰ দিনতাে আঁতৰা নাই।

আনহাতে এওঁ উচ্চ জাতৰ, এওঁ নীচ জাতৰ, উচ্চ জাতৰ মানুহে নীচ জাতৰ ছােৱালী বিয়া কৰাব বা বিয়া দিব নাপায়, সম্পর্ক স্থাপন কৰিব নাপায়, তেনে বৈবাহিক সম্পর্ক কৰিলে সমাজচ্যুত কৰা বা এঘৰীয়া কৰা, জুই-পানী আলগ কৰা আদি কু-সংস্কাৰৰ পৰা এতিয়াও অঞ্চলৰ মানুহ মুক্ত হ’ব পৰা নাই।সেই অন্ধবিশ্বাস, কু-সংস্কাৰবােৰ নিৰাময়ৰ বাবে অঞ্চলৰ ঠায়ে ঠায়ে সজাগতা সভা পাতি ৰাইজৰ মনত থকা তথা তেনেবােৰ কাৰ্যকৰা মনােভাৱ আঁতৰ কৰিবলৈ আলােচনা- বিলােচনা, মত বিনিময় আদি কৰি সজাগতা আনিব পৰা যায়। অন্ধবিশ্বাস, কুসংস্কাৰৰ ফলত সততে ঘটি থকা ঘটনাবােৰ, কুফলবােৰ সবিস্তাৰে খবৰ কাগজ, ৰেডিঅ’, টি ভি আদিত প্ৰচাৰ হৈ থকা কথাবােৰ প্ৰতি অঞ্চলৰ মানুহ সকলৰ মনােযােগ আকর্ষণ কৰি তাৰ প্রতি সজাগ হ’বলৈ বুজাব পৰা যায়। আনহাতে এইবােৰৰ ওপৰত নাটক লিখি, অভিনয় কৰি চিত্র প্রদর্শন কৰিও মানুহক ইয়াৰ কুফলৰ জ্ঞান দিব পৰা যায়। এনেধৰণেৰে ব্যৱস্থা ল’লে মানুহে লাহে লাহে কু-সংস্কৰ আৰু অন্ধবিশ্বাসৰ প্ৰতি থকা বিশ্বাসৰ ভাৰ আঁতৰি যাব। শিক্ষণৰ লগে লগে প্রকৃত জ্ঞান লাভ হ’ব যদি এনেদৰে ব্যৱস্থা লব পৰা যায়।

৭। ব্যাখ্যা কৰা

(ক) অন্ধবিশ্বাস, কু-সংস্কাৰ পৃথিৱীৰ আটাইতকৈ গধুৰ বোজা।
উঃ ব্যাখ্যেয় কথাফাকি আমাৰ পাঠ্যপুথিৰ অন্তৰ্গত জয়ন্ত মাধৱ বৰাৰ ‘অন্ধবিশ্বাস আৰু কু-সংস্কাৰ’ নামৰ পাঠটিৰ পৰা উদ্ধৃত কৰা হৈছে।
অন্ধবিশ্বাস, কু-সংস্কাৰৰ কু-প্ৰভাৱৰ মাত্ৰাধিক্যৰ কথা ক’বলৈ গৈ লেখকে ব্যাখ্যেয় কথাফাকিৰ অৱতাৰণা কৰিছে।

অন্ধবিশ্বাসে সমাজ এখনৰ সুস্থ পৰম্পৰাক ভাঙে। বহু সময়ত এনে বিশ্বাসে সমাজক অশান্ত কৰি তোলে আৰু পৰিৱেশ বিনষ্ট কৰে। কেতিয়াবা অন্ধবিশ্বাসৰ প্ৰভাৱত কথা বাগৰি উৰাবাতৰিত পৰিণত হয় আৰু সেই উৰাবাতৰিয়ে মানুহৰ প্ৰাণনাশৰ কাৰণো পৰে । আকৌ কু-সংস্কাৰে বিলুপ্ত কৰে মানৱীয় প্ৰমূল্যবোধসমূহ। প্রেম, মমতা, মানৱতা আদি প্ৰমূল্যবোধসমূহক কুঠাৰাঘাত কৰি কু-সংস্কাৰে সমাজক অস্থিৰ কৰে। সমাজত অশান্তি বিয়পে। মানুহৰ বাবে মানুহেই হৈ পৰে ডাঙৰ শত্রু।

যিদৰে গধুৰ বোজাই মানুহক কোঙা, কুঁজা কৰে একেদৰে অন্ধবিশ্বাস, কু-সংস্কাৰৰ দৰে কু-প্রথাই সমাজ একোখনত বিশৃংখলাৰ সৃষ্টি কৰি তচনচ কৰিব পাৰে। এনে অর্থতে লেখকে ব্যাখ্যেয় কথাফাকিৰ প্ৰয়োগ কৰিছে। দৰাচলতে প্ৰশ্নোদ্ধৃত কথাষাৰিৰ বক্তা ড° সৰ্বপল্লী ৰাধাকৃষ্ণণ।

(খ) সংস্কাৰ এক জীৱন পদ্ধতি।
উঃ ব্যাখ্যেয় কথাফাকি আমাৰ পাঠ্যপুথিৰ অন্তৰ্গত জয়ন্ত মাধৱ বৰাৰ ‘অন্ধবিশ্বাস আৰু কু-সংস্কাৰ’ নামৰ পাঠটিৰ পৰা উদ্ধৃত কৰা হৈছে।
কু-সংস্কাৰৰ বিষয়ে ক’বলৈ গৈহে লেখকে ব্যাখ্যেয় কথাফাকিৰ অৱতাৰণা কৰিছে। জীৱন সুস্থভাৱে চলাই নিবলৈ যিবোৰ নীতি-নিয়ম, ব্যৱস্থা, পৰম্পৰা, আদর্শ মানি চলা হয় সেইবোৰেই হৈছে সংস্কাৰ। সংস্কাৰে এখন সমাজক প্ৰগতিৰ পথেৰে আগুৱাই নিয়ে ।

সংস্কাৰে ন ন চিন্তাৰ প্ৰতিফলন ঘটায়। মানৱীয় প্ৰমূল্যবোধৰ বিকাশ সাধন হয় সংস্কাৰৰ মাজত। সময়ৰ বোৱতী সোঁতৰ লগে লগেই সংস্কাৰৰো গতি। সভ্যতাক নতুন ৰূপত তুলি ধৰে সংস্কাৰে। ইয়াৰ পৰিৱৰ্তে সমাজক যদি স্থিতাৱস্থাত ৰাখিব খোজা হয়, তেন্তে সংস্কাৰ হৈ পৰে কু-সংস্কাৰ। সমাজৰ অগ্ৰগতিক বাধা দিয়ে এই কু-সংস্কাৰে। মানুহৰ মন কলুষিত কৰি পৰিৱেশ বিনষ্ট কৰে কু-সংস্কাৰে। সুস্থ জীৱনৰ গতিৰোধক হৈ পৰে কু-সংস্কাৰ। সংস্কাৰ অবিহনে জীৱন সুচাৰুৰূপে পৰিচালিত নহয়। ব্যাখ্যেয় কথাফাকিৰ মাজেৰে লেখকে তাকেই ক’ব বিচাৰিছে।

(গ) মানুহ শিক্ষিত হৈছে, কিন্তু সেই অনুপাতে হৈছে অধ্যয়নবিমুখ ।
উঃ ব্যাখ্যেয় কথাফাকি আমাৰ পাঠ্যপুথিৰ অন্তৰ্গত জয়ন্ত মাধৱ বৰাৰ ‘অন্ধবিশ্বাস আৰু কু-সংস্কাৰ’ নামৰ পাঠটোৰ পৰা উদ্ধৃত কৰা হৈছে।
অন্ধবিশ্বাস আৰু কু-সংস্কাৰে জনসাধাৰণক প্ৰভাৱিত কৰাৰ এটা কাৰণ হৈছে অধ্যয়নবিমুখিতা। সেই বিষয়ে ক’বলৈ গৈ লেখকে ব্যাখ্যেয় কথাফাকিৰ অৱতাৰণা কৰিছে।

একবিংশ শতিকাত বহু মানুহ আনুষ্ঠানিক শিক্ষাৰে শিক্ষিত হৈছে। নিতৌ ন ন দিশৰ শিক্ষা মুকলি হ’ব ধৰিছে অথচ সমাজত উচ্ছৃংখলতা কমা নাই। অন্ধবিশ্বাস, কু- সংস্কাৰে গা কৰিব এৰা নাই । তাৰ পৰিৱৰ্তে বহু বছৰ আগেয়ে আনুষ্ঠানিক শিক্ষাৰে শিক্ষিত নোহোৱা লোকৰো আছিল উচ্চ পৰ্যায়ৰ চিন্তাধাৰা । তাহানিৰ বিজ্ঞানসন্মত আৰু বৈপ্লৱিক চিন্তা আজিও আনকি প্ৰাসংগিক হৈ আছে। দৰাচলতে বৰ্তমান যুগত শিক্ষা হৈ পৰিছে চাকৰি লাভৰ এটা মাধ্যম। মানুহে জ্ঞান লাভৰ বাবে শিক্ষাগ্রহণ নকৰি সংস্থাপনৰ স্বাৰ্থতহে কৰিবলৈ লৈছে। ভোগ-বিলাসত মত্ত মানুহ হৈ পৰিছে অধ্যয়ন বিমুখ। ফলত শিক্ষিত মানুহো জ্ঞান লাভৰ পৰা দূৰতেই ৰৈছে। ব্যাখ্যেয় কথাফাকিৰ দ্বাৰা লেখকে ইয়াকেই ক’ব বিচাৰিছে।

ভাষা বিষয়ক প্ৰশ্ন উত্তৰ

৮। বিপৰীত শব্দ লিখা
মানৱীয়→ অমানৱীয়।
সজাগতা→অসজাগতা।
সামাজিক→ অসামাজিক
ৰাজনৈতিক→ অৰাজনৈতিক
সাংবিধানিক →অসাংবিধানিক
প্ৰচাৰ→অপ্রচাৰ।

৯। বিপৰীতার্থক বুজোৱা শব্দ লিখা।
নেতিবাচক→ইতিবাচক
অসৎ→সং
মােগাত্মক→ বিয়ােগাত্মক
অক্ষম →সক্ষম।
অনুচিত→উচিত
অভিশাপ→আশীর্বাদ

১০। পাঠত উল্লেখ থকা পাঁচোটা যুৰীয়া শব্দ বিচাৰি উলিওৱা।
উঃ নীতি-নিয়ম, পূজা-পাতল, ভূত-প্রেত, ক্রিয়া-কলাপ, যখিনী-ডাইনী

১১। বাক্য ৰচনা কৰা :
মৌলিক অধিকাৰ; অমানৱীয় কাৰ্য; প্ৰচাৰ মাধ্যম; সজাগতা সভা; স্বার্থান্বেষী লোক; আদিম স্তৰ।
উঃ মৌলিক অধিকাৰ : বাক স্বাধীনতা আমাৰ মৌলিক অধিকাৰ।
অমানৱীয় কাৰ্য : দুখীয়াক ইতিকিং কৰাটো অমানৱীয় কার্য।
প্ৰচাৰ মাধ্যম : প্ৰচাৰ মাধ্যমে দেশৰ খবৰ ৰাইজৰ মাজলৈ বিয়পায়।
স্বার্থান্বেষী লোক : স্বার্থান্বেষী লোকে বহু সময়ত সমাজত বিষবাষ্প বিয়পায় নেতিবাচক কথাৰে।
আদিম স্তৰ : কু-সংস্কাৰ, অন্ধবিশ্বাসে একবিংশ শতিকাৰ মানুহকো আদিম স্তৰলৈ লৈ যাব পাৰে।

অতিৰিক্ত প্রশ্নোত্তৰ

১। অতি চমু প্রশ্নোত্তৰ :
(ক) কোনখন উপন্যাসৰ বাবে জয়ন্ত মাধৱ বৰাই সাহিত্য অকাডেমি বঁটা লাভ কৰিছিল?
উঃ জয়ন্ত মাধৱ বৰাই ‘মৰিয়াহোলা’ উপন্যাসখনৰ বাবে সাহিত্য অকাডেমি বঁটা লাভ কৰিছিল।

(খ) কোনটো গল্প সংকলনৰ বাবে জয়ন্ত মাধৱ বৰাই অসম সাহিত্য সভাৰ অম্বিকাগিৰী ৰায়চৌধুৰী বঁটা লাভ কৰিছিল?
উঃ জয়ন্ত মাধৱ বৰাই ‘জাকৈয়া ছোৱালী’ গল্প সংকলনৰ বাবে অসম সাহিত্য সভাৰ অম্বিকাগিৰী ৰায়চৌধুৰী বঁটা লাভ কৰিছিল ।

(গ) কোনখন উপন্যাসৰ বাৰে জয়ন্ত মাধৱ বৰাই গিৰিধৰ শৰ্মা বঁটা লাভ কৰিছিল?
উঃ জয়ন্ত মাধৱ বৰাই ‘অমৃত’ নামৰ উপন্যাসখনৰ বাৰে গিৰিধৰ শৰ্মা বঁটা লাভ কৰিছিল।

(ঘ) অন্ধবিশ্বাস মানে কি?
উঃ যিবোৰ বিশ্বাস, ধাৰণা বা ঘটনাক বিজ্ঞানে অসত্য তথা অমূলক বুলি প্ৰতিপন্ন কৰিছে অথবা যিবোৰ কোনো যুক্তিৰ ওপৰত প্ৰতিষ্ঠিত নহয়, সেইবোৰকে অন্ধবিশ্বাস বুলি জনা যায় ।

(ঙ) অন্ধবিশ্বাস আৰু কু-সংস্কাৰ আঁতৰ কৰাৰ ক্ষেত্ৰত কিহক এক শক্তিশালী আহিলা হিচাপে গণ্য কৰা হয়?
উঃ সজাগতাক অন্ধবিশ্বাস আৰু কু-সংস্কাৰ আঁতৰ কৰাৰ ক্ষেত্ৰত এক শক্তিশালী আহিলা হিচাপে গণ্য কৰা হয় ।

(ক) অন্ধবিশ্বাস আৰু কুসংস্কাৰ প্ৰৱন্ধটিৰ লেখক কোন?
উত্তৰঃ জয়ন্ত মাধৱ বৰা।

(খ) জয়ন্ত মাধৱ বৰাৰ এখনি উপন্যাসৰ নাম লিখা।
উত্তৰঃ মৰিয়া হােলা।

(গ) জয়ন্ত মাধৱ বৰাৰ এখনি গল্পপুথিৰ নাম লিখা।
উত্তৰঃ জাকৈয়া ছােৱালী।

(ঘ) কোনখন উপন্যাসৰ বাবে জয়ন্ত মাধৱ বৰাই সাহিত্য অকাডেমী বঁটা লাভ কৰিছিল ?
উত্তৰ মৰিয়া হােলা নামৰ উপন্যাসৰ বাবে।

(ঙ) ড° সৰ্বপল্লী ৰাধাকৃষ্ণণ কোন?
উত্তৰ ভাৰতৰ প্ৰাক্তন রাষ্ট্রপতি।

(চ) শদিয়ালৈ মিছনাৰী সকল কিয় আহিছিল ?
উত্তৰ ৪ খ্রীষ্টান ধর্ম প্রচাৰৰ অর্থে।

(ছ) মিছনাৰীসকলে কলেৰাৰ পৰা উপশম পাবৰ বাবে কলেৰাৰ বড়ি কাক খাৰলৈ দিছিল?
উত্তৰঃ কলেৰাত আক্রান্ত স্থানীয় লােকক।

(জ) মিছনাৰীসকলে দিয়া কলেৰাৰ বড়ি স্থানীয় লােকে কিয় খােৱা নাছিল?
উত্তৰ জাত যােৱা আৰু এঘৰীয়া হােৱাৰ ভয়ত।

(ঝ) ফুটুকানিৰ মাজত কিহে হাঁহে বুলি কাহিনী শুনায়?
উত্তৰ: যখিনীয়ে।

(ঞ) সম্প্রতি অসমৰ সাক্ষৰতৰ হাৰ কিমান?
উত্তৰ: ৭৩,১৮শতাংশ।

(ট) শংকৰদেৱৰ বৈষ্ণৱ দৰ্শনৰ মূলমন্ত্র কি আছিল ?
উত্তৰ মানৱতা।

(ঠ) আবেগ নিয়ন্ত্রণ কৰিব নােৱাৰাৰ এটা মূল কাৰণ কি?
উত্তৰ : অধ্যয়ন বিমুখিতা।

(ড) ইতিবাচক চিন্তা কৰিব নােৱাৰা সমাজক কি বুলি কোৱা হয়?
উত্তৰঃ পংগু সমাজ বুলি কোৱা হয়।

(ঢ) বিনিময় নহলে কি নহয় বুলি কৈছে?
উত্তৰ: দিগন্ত প্ৰসাৰিত নহয়।

(ণ) বিজ্ঞান জীৱন ধাৰণৰ কি?
উত্তৰ: এটা প্রণালী।

(ত) অন্ধবিশ্বাস আৰু কুসংস্কাৰ আঁতৰ কৰাৰ এটা শক্তিশালী আহিলা কি?
উত্তৰঃ সজাগতা

২। কলেৰাৰ পৰা উপশম পাবলৈ মিছনেৰীসকলে দিয়া বড়ি খোৱা লোকসকলৰ বিৰুদ্ধে সমাজৰ বাকীবোৰ লোকে কি ব্যৱস্থা লৈছিল আৰু কিয় ?
উঃ কলেৰাৰ পৰা উপশম পাবলৈ মিছনেৰীসকলে দিয়া বড়ি খোৱা লোকসকলক সমাজৰ বাকীবোৰ লোকে জাত যোৱাৰ অপবাদ দি এঘৰীয়া কৰিছিল। তেওঁলোকৰ এনে আচৰণৰ কাৰণ তেওঁলোকৰ মনত থকা কুসংস্কাৰ। এনে কুসংস্কাৰৰ বশৱৰ্তী হৈ তেওঁলোকে ভাবিবলৈ লয় যে বেলেগ ধৰ্মৰ মানুহৰ হাতৰ পৰা কিবা খালে জাতকুল যায়

৩। ভূতপ্ৰেতক লৈ আমাৰ সমাজত কেনেধৰণৰ অন্ধবিশ্বাস প্ৰচলিত হৈ আছে?
উঃ ভূতপ্ৰেতক লৈ আমাৰ সমাজত ভিন ভিন অন্ধবিশ্বাস প্রচলিত থকা দেখা যায়। ৰাতি ভূত ওলোৱাৰ কথা গাঁৱত মানুহে বিশ্বাস কৰে, দিনত বৰগছৰ তলত, বাৰীত বুঢ়াডাঙৰীয়াক লগ পোৱাৰ কথা কয়। ফুটুকানিৰ মাজত আকৌ যখিনীৰ হাঁহি শুনা যায় বুলি আলোচনা কৰে। বুঢ়া ডাঙৰীয়া নৈপুখুৰীৰ পাৰতো থাকে বুলি কৈ ৰাছোৱালীক নৈপুখুৰীৰ পাৰলৈ যোৱাত নিষেধ বচন শুনায়। এনেধৰণৰ অন্ধবিশ্বাসৰ আমাৰ সমাজত প্ৰচলন থকাৰ কথা শুনা যায়।

৪। ব্যাখ্যা কৰা :

(ক) বিজ্ঞান এক সংস্কৃতি, এক সভ্যতা। বিজ্ঞান সর্বব্যাপী।
উঃ বিজ্ঞানসন্মত চিন্তাৰ বিষয়ে ক’বলৈ গৈ লেখকে ব্যাখ্যেয় কথাফাকিৰ অৱতাৰণাকৰিছে।
বিজ্ঞানক বাদ দি এতিয়াৰ মানৱ জীৱনৰ কল্পনাই কৰিব নোৱাৰি। ইটোৰ লগত সিটো অংগাংগীভাৱে জড়িত। বিজ্ঞান মানৱ জীৱনৰ এৰাব নোৱাৰা সংস্কাৰহে যেন। বিজ্ঞানে সভ্যতা-সংস্কৃতিকো প্ৰতিফলিত কৰে। পুৱা শুই উঠাৰ পৰা ৰাতি শুৱালৈকে বিজ্ঞানে আমাক নেৰে। বিজ্ঞান অবিহনে জীৱন-ধাৰণ অসম্ভৱ। সেয়ে বিজ্ঞানক আমি চিন্তাতো ঠাই দিয়া উচিত। আওপুৰণি চিন্তাবোৰ বাদ দি বিজ্ঞানসন্মতভাৱে কথাবোৰ চিন্তা কৰা উচিত। আমাৰ মনোবৃত্তি বিজ্ঞানৰ যুক্তিৰ ওপৰত প্ৰতিষ্ঠিত হ’লেহে সমাজ দোপতদোপে আগবাঢ়িব। বিজ্ঞানৰ সৰ্বব্যাপী প্ৰভাৱক স্বীকাৰ কৰিলে আমি এখন সুস্থ সমাজ পাব পাৰো। লেখকে কথাফাকিৰ জৰিয়তে ইয়াকেই ক’ব বিচাৰিছে।

৫। অন্ধবিশ্বাস আৰু কু-সংস্কাৰৰ বিৰুদ্ধে থকা উদাসীনতাই কেনেদৰে স্বার্থান্বেষী লোকক উৎসাহিত কৰে বুজাই লিখা
উঃ অন্ধবিশ্বাস আৰু কু-সংস্কাৰৰ বিৰুদ্ধে থকা উদাসীনতাই স্বার্থান্বেষী লোকক উৎসাহিত কৰে। তেওঁলোকে ক্ষুদ্ৰ স্বাৰ্থ পূৰণৰ বাবে সমাজত অন্ধবিশ্বাস কু-সংস্কাৰ বিয়পাই দিয়ে। অসৎ মনোবৃত্তিৰ লোকে সামাজিক উৎপীড়ন চলায়। পৰিৱেশ অস্থিৰ হৈ পৰে, কেতিয়াবা আকৌ মাৰ-পিট, হত্যা পর্যন্ত সংঘটিত হোৱা দেখা যায় ।

Leave a Comment

Your email address will not be published. Required fields are marked *

error

Enjoy this blog? Please spread the word :)

Scroll to Top