Class VI Assamese Chapter-1 to 3 All Question Answer

CHAPTER-1 All Question Answer
A. জন্মভূমিৰ বিষয়ে দহটা বাক্য-
1. মোৰ জন্মভূমি অসম ।
2. ই ভাৰত ৰাষ্ট্ৰৰ এখন অন্যতম অংগৰাজ্য ।
3. অসম ভাৰতৰ একেবাৰে পূৱ প্ৰান্তত অৱস্থিত ।
4. অসমৰ মাজেৰে মহাবাহু ব্ৰহ্মপুত্ৰ বৈ গৈছে ।
5. এই নদী আৰু ইয়াৰ উপনদীবোৰ যুগ-যুগান্তৰৰ পৰা পলস পেলাই অসমৰ মাটি সাৰুৱা কৰি আহিছে ।
6. মৰাপাট আৰু চাহখেতিৰ বাবে অসম পৃথিৱীত বিখ্যাত ।
7. এটা খৰ্গযুক্ত গঁড়ৰ বাবেও অসমৰ বিশ্ববাসীয়ে জানে ।
8. অসম ভূ-খণ্ড সেউজীয়া গছ-গছনি আৰু জীৱ-জন্তুৰে ভৰা ।
9. ইয়াৰ প্ৰাকৃতিক জলাশয়বোৰত অজস্ৰ প্ৰজাতিৰ মাছ পোৱা যায় ।
10. প্ৰাকৃতিক সম্পদেৰে ভৰপূৰ হ’লেও অসমত বানপানীৰ লেখীয়া বহুতো প্ৰাকৃতিক আৰু দুৰ্নীতিৰ দৰে মানৱ সৃষ্টি সমস‍্যা আছে।

B. সবাতোকৈ আপোন কবিতা মূলভাব-
‘সবাতোকৈ আপোন’ নামৰ কবিতাটিৰ মাজেৰে কবি নৱকান্ত বৰুৱাদেবে জন্মদাত্ৰী আই, স্বদেশ আৰু মাতৃভাষাক আটাইতকৈ আপোন বুলি কৈছে ৷ তেৱেঁই সেউজীয়া ধুনীয়া পৃথিৱীখনক চিনাকী কৰি দিয়ে ৷ স্বদেশ আন সকলো দেশতকৈ ধনী নহ’ব পাৰে ৷ তথাপি জন্মভূমিৰ সমান কোনো দেশ আপোন হ’ব নোৱাৰে ৷ স্বদেশৰ নগৰ-গাওঁ, জান-জুৰি নিজৰ প্ৰাণৰ চিনাকী ৷ কবিয়ে কৈছে যে, নিজ মাতৃ হয়তো সকলোতকৈ শুৱনি নহ’ব পাৰে, তথাপিও নিজৰ আই আটাইতকৈ আপোন ৷ মাতৃভাষা আমাৰ সকলোতকৈ আপোন ভাষা, হয়তো এই ভাষা আটাইতকৈ শুৱলা নহ’ব পাৰে ৷ মাতৃ, স্বদেশ আৰু মাতৃভাষাৰ যোগেদি মানুহে জগতখন চিনি পায় আৰু পৃথিৱীখনত একতাৰে সকলোৰে লগত খোজ মিলায় ৷
C. Question Answer – সবাতোকৈ আপোন কবিতা-
1. কবিয়ে কাক কাক সবাতোকৈ আপোন বুলি কৈছে ?
Ans:- কবি নৱকান্ত বৰুৱাদেবে নিজৰ আই, স্বদেশ আৰু মাতৃভাষাক সবাতোকৈ আপোন বুলি কৈছে ৷
2. কবিতাটিত অন্তৰৰ ভাব কিহেৰে প্ৰকাশ কৰা বুলি কোৱা হৈছে ?
Ans:- কবিয়ে নিজৰ ভাষাৰে অন্তৰৰ কুমলীয়া ভাব প্ৰকাশ কৰা বুলি কৈছে ।
3. সুধীশাল পৃথিৱীত কেনেকৈ, কাৰ স’তে খোজ দিবলৈ কবিয়ে ইচ্ছা কৰিছে ?
Ans:- সুবিশাল পৃথিৱীখনত কবিয়ে একতাৰ ডোলেৰে হাতে হাতে ধৰাধৰিকৈ সকলোৰে লগত খোজ দিবলৈ ইচ্ছা কৰিছে ৷
D. বাক্য ৰচনা কৰা-
শুৱনি, সুৰীয়া, ধুনীয়া, চহকী, কুমলীয়া, সুবিশাল
শুৱনি : পকা পকা ধানেৰে পথাৰখন বৰ শুৱনি হৈ পৰিছে ।
ধুনীয়া : অভিপসাহঁতৰ ঘৰৰ সন্মুখত এখন বৰ ধুনীয়া ফুলনি আছে ।
চহকী মানুহঘৰ চহকী হ’লেও বৰ কৃপন ।
সুৰীয়া : আইতাহঁতৰ মুখৰ সুৱদি সুৰীয়া বিয়া নামবোৰ শুনি বৰ ভাল লাগিছিল ।
কুমলীয়া : চোৱাচোন, ফুলমতীহঁতে কেনেকৈ চাহগছৰ কুমলীয়া পাতবোৰ ছিঙি আছে ।
সুবিশাল : সুবিশাল সাগৰৰ ঢৌবোৰ উপকূলত ঠেকা খাইছেহি ।
*********************************************************************************
CHAPTER-2 All Question Answer
1. বুধিয়ক বীৰবল’ কাহিনীটো নিজৰ কথাৰে কোৱা ।
Ans:- এদিনাখন চিকাৰলৈ যাওঁতে ভাগৰ লগাত দুয়ো এজোপা গছৰ তলত জিৰালে । গছজোপাত দুটা ফেঁচাই কুৰুলিয়াই আছিল । সিহঁতে কথা পাতি থকা যেন লাগিছিল । তেতিয়া আকবৰে বীৰবলক ক’লে যে — বীৰবলে পশু-পক্ষীৰ মাত বুজি পায় বাবে তেওঁ ক’ব লাগে সেই ফেঁচা দুটাই কি কথা পাতি আছে । তেতিয়া বীৰবলে ফেঁচা দুটাৰ কথা শুনাৰ ভাও জুৰি ক’লে যে— দুখন অৰণ্যৰ ৰজা সেই ফেঁচা দুটাই সিহঁতৰ সন্তানৰ মাজত বিয়া পতাৰ কথা আলোচনা কৰি আছে । ৰাজকোঁৱৰৰ পিতৃ ফেঁচাটোৱে সুধিছে যে বন্য সমাজৰ নিয়ম অনুসৰি ৰাজকন্যাৰ লগত বিয়াত চল্লিশখন পশু-পক্ষীহীন অৰণ্য দিব পৰা যাব নে নাযাব । তেতিয়া কন্যাৰ পিতাকে কৈছে যে বর্তমানে পঁচিশখনমানহে তেনে অৰণ্য দিব পৰা যাব । চল্লিশ খন পশু-পক্ষী নথকা অৰণ্য দিবলৈ হ’লে আৰু দুমাহমান অপেক্ষা কৰিব লাগিব । তেতিয়া চল্লিশ খন কিয়, পঞ্চাশ খনতকৈ অধিক পশু-পক্ষীহীন অৰণ্য দিব পৰা যাব । তেতিয়া আকবৰে সুধিলে যে ফেঁচাটোৱে এই কথা কেনেদৰে ইমান দৃঢ়কৈ ক’ব পৰিছে । তেতিয়া বীৰবলে ক’লে যে– ফেঁচাটোৱে অনুমান কৰিছে যে সম্রাটে যিটো হাৰত চিকাৰ কৰি আছে, অচিৰেই আৰু বিশ-ত্ৰিশখন হৰিৰ পশু-পক্ষী নিঃশেষ হৈ যাব । বীৰবলে আওপকীয়াকৈ কোৱা কথাখিনিৰ গৃঢ়াথ আকবৰে বাৰুকৈয়ে উপলব্ধি কৰিলে। তেওঁ আৰু ভবিষ্যতে চিকাৰ নকৰাৰ সিদ্ধান্ত ল’লে আৰু ৰাজপ্ৰসাদলৈ উলটি যাবলৈ ওলাল ।

2. বীৰবল কোন?
Ans:- বীৰবল (১৯২৮-১৫৮৬) ভাৰতৰ বুন্দেলখণ্ডত এজন ব্ৰাহ্মণ পণ্ডিতৰ ঘৰত জন্মগ্ৰহণ কৰে৷ সম্ৰাট আকবৰৰ সান্নিধ্য লাভ কৰি তেওঁ বীৰবল উপাধি পাইছিল। তেওঁ মহেশ দাস, বীৰবল বা ৰাজা বীৰবল নামেৰেও পৰিচিত। বীৰবলৰ অৰ্থ হ’ল- জ্ঞানী। তেওঁৰ উপস্থিতি বুদ্ধি, পাণ্ডিত্য, ৰসিকতা আদি সৰ্বগুণৰ বাবে তেওঁক মগল সম্ৰাট আকবৰে প্ৰধান মন্ত্ৰী পাতিছিল।
3. অৰণ্যত চিকাৰ কৰি কোনে ভাল পাইছিল?
Ans:- সম্ৰাট আকবৰে ডেকা বয়সত চিকাৰ কৰি ভাল পাইছিল ।
4. আকবৰৰ প্ৰশ্নৰ উত্তৰত বীৰবলে কি কৈছিল?
Ans:- আকবৰৰ প্ৰশ্নৰ উত্তৰত বীৰবলে কৈছিল যে ফেঁচা দুটা দুখন অৰণ্যৰ ৰজা । সিহঁতে দুটাই সিহঁতৰ সন্তানৰ মাজত বিয়া পতাৰ কথা আলোচনা কৰি আছে ।
*****************************************************************************************************************
CHAPTER-3 All Question Answer
1. শতিকা মানে কি?
Ans:- শতিকা বা শতাব্দী মানে ১০০ বছৰৰ মুঠ সময় আৰু সহস্ৰাব্ধ মানে হ’ল ১০০০ বছৰ বিয়পি থকা কাল । দশক মানে হ’ল ১০ বছৰ বিয়পা কাল ।
2. নিগাজি সমাৰ্থক শব্দ
Ans:- নিগাজি – চিৰস্থায়ী
3. প্ৰাকশংকৰী যুগ বুলি কোনটো যুগক কোৱা হয় খুড়া ?” এইটো এটা প্ৰশ্নবোধক বাক্য । তোমালোকেও এনেধৰণৰ তিনিটা প্ৰশ্নবোধক বাক্য নিজৰ মতে সাজা ।
Ans:-
অসমীয়া ভাষাৰ মূল কি আছিল?
কোনটো ঋতুত শেৱালি ফুল ফুলে ?
4. Word Meanings
খিল্ খিল্ – নাৰীয়ে আনন্দতে হঁহা মুক্ত হাঁহিৰ শব্দ ।
খিয়াতি – যশ, খ্যাতি ।
খুঁটি – গোঁজ; সৰু খুঁটা ।
খোৱাৰ – গৰু-ছাগলী আটক কৰি ৰখা ফাকেট ।
গ :-গংগা – ভাগীৰথী নদী; জাহ্নবী ।
গঁড় – নাকৰ ওপৰত শিঙৰ দৰে খড়্গ থকা এবিধ ডাঙৰ তৃণভোজী জন্তু।
গন্ধ – ঘ্ৰাণ, বাস ।
গা – দেহ; শৰীৰ ।
গাদী – কপাহ আদিৰে কৰা আৰামী আসন ।
গাফিলতি – অৱহেলা; অমনযোগ ।
গুলী – বন্দুকেৰে মৰা ধাতুৰ বাৰুদযুক্ত গুটি ।
গেৰেলা – শিয়ালৰ নিচিনা এবিধ জন্তু ।
গোৰ – ভৰিৰে কৰা আঘাত ।
গোহালি – গৰু ৰখা বা বন্ধা ঘৰ ।
ঘড়ী – সময় নিৰূপক যন্ত্ৰ ।
ঘঁৰিয়াল – এবিধ চাৰিঠেঙীয়া চিকাৰী প্ৰকৃতিৰ উভচৰ সৰীসৃপ ।
ঘাগৰি – ঘূৰি; মেখেলাৰ দৰে এবিধ পোচাক ।
ঘাঁহ – তৃণ; সৰু সৰু ডাল নথকা উদ্ভিদৰ প্ৰজাতি ।
ঘুণ – কাঠ ফুটা কৰা উৰণীয়া পোক বিশেষ ।
ঘোঁৰা – অশ্ব; তুৰঞ্জ; এবিধ তীব্রবেগী তৃণভোজী জন্তু ।
ঘোল – জুলীয়া আৰু গোটা বস্তুৰ মিশ্ৰণ ।
ঘোষণা – মুখেৰে উচ্চাৰণ কৰি দিয়া জাননী ।
ঘোষা – ওজাই লগাই দিয়াৰ পাছত পালীসকলে গোৱা গীত-পদ ।
5. মানুহৰ মুখে মুখে প্ৰচলিত সাহিত্যক মৌখিক সাহিত্য বোলে ।
মৌখিক সাহিত্য বুলিলে সাধুকথা, আইনাম, ধাইনাম, বিহুনাম, বিয়ানাম আদিকে বুজা যায় ।
তুমি জনা এফাকি বিহুনাম আৰু এফাকি বিয়ানাম লিখা ।

এফাকি বিহুনাম :
পৰ্বতে পৰ্বতে বগাব পাৰোঁ মই
লতা বগাাবলৈ টান ।
বলীয়া হাতীকো বলাব পাৰোঁ মই
চেনাইক বলাবলৈ টান ।।

এফাকি বিয়ানাম :
ৰাম ৰাম পানী তুলিবলৈ ।
ৰাম ৰাম সোণৰে কলচী ।
ৰাম ৰাম ৰূপেৰে কলচী লোৱা হে ।
ৰাম ৰাম যমুনাৰ ঘাটলৈ ।
ৰাম ৰাম উৰুলি জোঁকাৰে ।
ৰাম ৰাম দূৰে বাটে বুলি যোৱা হে ।।

Leave a Comment

Your email address will not be published. Required fields are marked *

error

Enjoy this blog? Please spread the word :)

Scroll to Top