অন্যৰ প্ৰতি ব্যৱহাৰ- শব্দার্থ আৰু টোকা
অনুপান→আনুষঙ্গিক উপাদান, লগত অনা বা দিয়া বস্তু।
আটক→ বাধা।
চাটুকাৰ→ছলাহী কথাৰে আনৰ অন্তৰ জয় কৰা মানুহ।
প্রৌঢ়ী→জনাজাত, ব্যক্ত, প্ৰচাৰ।
ব্যৱহাৰ→আচৰণ।
ভাজন→পাত্র।
দুলাহী→ ঠগ কথা বা আচৰণ, প্রবঞ্চনা কৰা।
উলাই →অবজ্ঞা
কেটে→কঠুৱা, টান, কর্কশ।
অর্বুদ→ দহ কোটি (সংখ্যা বিশেষ)
নিমিষতে →তৎক্ষণাত, খন্তেকতে।
দম্ভালি→ অহংকাৰ, মই বৰ ভাৱ, নিজেই বৰ ডাঙৰবাৰৰ জানালােক এনেভাৱ।
বিনীত→ স্বভাৱ, শান্ত-শিষ্ট।
বখনা→প্রশংসা কৰা।
মহত্ত্ব→উচ্চতা, গৰিষ্ঠতা।
দুৰাচাৰ →বেয়া আচৰণৰ।
সুচল→ সুবিধা, সুযােগ।
সজাতী →বিশ্বাসী, প্রিয়ভাজন, আপােন।
লােকৰ কথা খুচুৰি ফুৰা→ আনর ভাল-বেয়া কথা জানিবলৈ বিচাৰি ফুৰা, আনৰ ভাল-বেয়া কথা কৈ ফুৰা।
শ্রেয়স→ শ্রেষ্ঠ, উৎকৃষ্ট, অতি ভাল।
খুত→দোষ, ব্যতিক্রম।
উপলুঙা →ভেঙুচালি, ঠাট্টা-মস্কৰা।
শঠ →ছলনাকাৰী, বঞ্চক।
শঠতা→ছলনা, বঞ্চনা।
আটাৱন্ত→ ধনৱন্ত।
মানাৱন্ত→মানী, মান-সম্মান থকা।
জেউতি→পােহৰ, উজ্জ্বলতা।
পুৰুষালি→বল, বীর্য, সাহস।
নিকৃষ্ট→ নিচেই সৰু।
বিগতি→ইতিকিং।
অন্যৰ প্ৰতি ব্যৱহাৰ- অতি চমু উত্তৰ দিয়া
(ক) সাৰথি’ পুথিখন কাৰ ৰচনা?
উঃ ‘সাৰথি’ পুথিখন সত্যনাথ বৰাৰ ৰচনা।
(খ) কি নজনাৰ নিমিত্তে বহুত মানুহে জীৱনত নানাবিধ উপদ্ৰৱ ভূগিবলৈ পায় ?
উঃ মানুহে মানুহৰ লগত কেনেদৰে ব্যৱহাৰ কৰিব লাগে আৰু কেনেকৈ চলিলে সংসাৰত সুখ-সন্তোষে কাল নিয়াব পাৰি তাক নজনাৰ বাবে মানুহে জীৱনত নানাবিধ উপদ্ৰৱ ভূগিব লগা হয়।
(গ) কোনটো শ্ৰেণীৰ মানুহৰ শত্ৰু সৰহ?
উঃ আনৰ লগত কেটেৰা মাৰি কথা কোৱা খিংখিঙীয়া শ্ৰেণীৰ মানুহৰ শত্ৰু সৰহ।
(ঘ) সজ ব্যৱহাৰৰ অনুপান কি?
উঃ নম্রতা সজ ব্যৱহাৰৰ অনুপান।
(ঙ) মনত অহঙ্কাৰ ৰাখি মুখত নম্র হলে মানুহক কি কৰা হয়?
উঃ মনত অহংকাৰ ৰাখি মুখত নম্র হলে মানুহক ছল (ছলনা) কৰা হয়।
(চ) এই শ্ৰেণীৰ মানুহৰ স্বভাৱ নিচেই পাতল ৷ ’ইয়াত কোনটো শ্ৰেণীৰ মানুহৰ কথা কোৱা হৈছে?
উঃ যি শ্ৰেণীৰ মানুহে আনৰ গুপ্ত কথা লুকাই ৰাখিব নােৱাৰে সেই শ্ৰেণীৰ মানুহৰ স্বভাৱ নিচেই পাতল বুলি লিখকে কৈছে।
(ছ) কাৰ লগত সম্বন্ধ ৰাখিলে শঠতাক প্রশ্রয় দিয়া হয়?
উঃ শঠ মানুহৰ লগত সম্বন্ধ ৰাখিলে শঠতাক প্রশ্রয় দিয়া হয়।
(জ) বহল ব্যাকৰণ’ পুথিখন কাৰ ৰচনা ?
উঃ ‘বহুল ব্যাকৰণ’ পুথিখন সত্যনাথ বৰাদেৱৰ ৰচনা।
অন্যৰ প্ৰতি ব্যৱহাৰ- চমুকৈ বুজাই লিখা
(ক) ব্যৱহাৰ প্ৰণালীক সামান্য কথা বুলি কিয় উলাই কৰিব নােৱাৰি ?
উঃ ব্যৱহাৰ প্রণালীক সামান্য কথা বুলি উলাই কৰিব নােৱাৰি। কাৰণ মানুহৰ প্রতি মানুহে কৰা আচাৰ-ব্যৱহাৰৰ ওপৰতে সমাজ জীৱনৰ সুখ, আৰু শান্তি নির্ভৰ কৰে। আচাৰ-ব্যৱহাৰ বেয়া হ’লে জীৱনত নানা উপদ্ৰৱ ভূগিব লগা হয়। বহুত চৰিত্ৰৱান মানুহেও অসজ ব্যৱহাৰৰ ফলত আন মানুহৰ গৰিহণাৰ পাত্র হয়। আকৌ বহুত কপটীয়া ছলাহী মানুহেও সজ ব্যৱহাৰৰ ফলত মানুহৰ মৰমৰ পাত্র হয়।
(খ) বিনয় ভাৱত দান কৰিব লাগে বুলি জ্ঞানী সকলে কিয় কৈছে?
উঃ বিনয় মানে নম্রতা। নম্রতাই মানুহক মানুহৰ ওচৰত মৰমীয়াল কৰি তােলে। বিনয়ভাৱক অলংকাৰৰ লগত তুলনা কৰিব পাৰি। অলংকাৰে যেনেকৈ মানুহৰ শাৰীৰিক সৌন্দর্য বৃদ্ধি কৰে তেনেকৈ বিনয়ভাৱে মানুহৰ ব্যক্তিত্ব প্রকাশত অৰিহণা যােগায়। সেয়ে দান দিয়াৰ সময়ত বিনয়ভাৱত দান কৰিব লাগে বুলি জ্ঞানীসকলে কৈছে। বিনয়ী ভাৱত দান কৰিলে মানুহৰ মাজত মৰম, চেনেহ, শ্রদ্ধা-ভক্তি আদি গুণৰ বিকাশ হয় আৰু সামাজিক জীৱনাে সুখৰ হয়।
অন্যৰ প্ৰতি ব্যৱহাৰ- তাৎপর্য ব্যাখ্যা কৰা
(ক)নম্রতা সজ ব্যৱহাৰৰ অনুপান।
উঃ নম্রতা সজব্যৱহাৰৰ অনুপান’—কথাষাৰসত্যনাথ বৰাদেৱৰ অন্য়ৰ প্রতি ব্যৱহাৰ নামৰ পাঠটিত সুন্দৰভাৱে ব্যাখ্যা কৰিছে। সজ ব্যৱহাৰে মানুহৰ সামাজিক জীৱন সুখ আৰু সন্তোষেৰে ভৰাই তােলে। নম্রতা (বিনয়ভাৱ) হৈছে সজ ব্যৱহাৰৰ এক অন্যতম অনুপান (উপাদান)। নম্র ব্যৱহাৰে মানুহক মানুহৰ ওচৰত মৰমীয়াল কৰি তােলে। বিনয়ভাৱক অলংকাৰৰ লগত তুলনা কৰিব পাৰি। অলংকাৰে যেনেকৈ মানুহৰ শাৰীৰিক সৌন্দর্য বৃদ্ধি কৰে তেনেকৈ বিনয়ভাৱে মানুহৰ ব্যক্তিত্ব প্রকাশত অৰিহণা যােগায়। লােকৰ মাজত নম্র ভাৱ থাকিলে মুখেৰে আপােনা- আপুনি মিঠা মাত ওলায়। কিন্তু মনত অহংকাৰ ৰাখি মুখেৰে নম্রতা প্রকাশ কৰিব বিচাৰিলেওঁ কেতিয়াও প্ৰকৃত নম্র হ’ব নােৱাৰে।
![অন্যৰ প্ৰতি ব্যৱহাৰ](https://sp-ao.shortpixel.ai/client/to_auto,q_glossy,ret_img,w_999,h_445/https://yoursmartclass.com/wp-content/uploads/2022/12/ffffff-jpg.webp)
(খ) সােণৰ জেউতি অমান্য কৰিলে নকমে।
উঃ সােণ এবিধ অতি মূল্যৱান ধাতু। ইয়াৰ দ্বাৰা অলংকাৰ তৈয়াৰ কৰা হয়। ই অতি উজ্জ্বল। ইয়াৰ উজ্জ্বলতাক কোনেও অস্বীকাৰ কৰিব নােৱাৰে আৰু অস্বীকাৰ কৰিলেও সােণৰ মূল্য নকমে। সােণৰ উপমাটিৰ দ্বাৰা লিখকে ইয়াকে বুজাব খুজিছে যে মান্যবন্ত অর্থাৎ গুণী লােক সদায় মানুহৰ ওচৰত মৰম, সন্মান আৰু গুৰুত্ব পায়। কিছুমান মানবীয় গুণ যেনেঃ নম্রতা, অকপট আচৰণ, দয়া, পৰােপকাৰ আদিয়ে মানুহক মান্যৱন্ত কৰি তােলে। কিন্তু সমাজত এনে কিছুমান লােক আছে যিসকলে মান্যৱন্ত লােকৰ কথা অমান্য কৰে আৰু সুযােগ পালেই তেনে লােকৰ লগত ছল কৰিব বিচাৰে। কিন্তু তেনে কৰিলে মান্যৱন্ত লােকৰ গুণ অকনাে নকমে ঠিক সােণৰ দৰে যাৰ গুণ অস্বীকাৰ কৰিলেও ইয়াৰ মূল্য হ্রাস নাপায়।
অন্যৰ প্ৰতি ব্যৱহাৰ- ভাষা বিষয়ক প্ৰশ্ন উত্তৰ
প্রশ্ন ৪। বিপৰীতার্থক শব্দ লিখা ?
সুখ, সন্তোষ, সজ, চৰিত্ৰৱন্ত, কপটীয়া, মিঠা, বিনয়, নম্রতা, লঘু, উচ্চ, নিন্দা, গুপ্ত, দোষ, গহীন, আঢ্যৱন্ত।
উত্তৰ
সুখ→দুখ।
মিঠা→ তিতা
সতে→অসন্তোষ।
বিনয়→ উগ্র।
সজ→অসজ।
নম্রতা→ উগ্রতা
চৰিত্ৰৱন্ত→ চৰিত্ৰহীন।
লঘু→গুৰু
কপটীয়া →উদাৰ।
উচ্চ →নীচ।
নিন্দা→প্ৰশংসা
গহীন→ পাতল।
গুপ্ত→প্রকাশ্য।
আঢ্যৱন্ত→ দৰিদ্র।
দোষ→নির্দোষ।
প্রশ্ন ৫। বাক্য ৰচনা কৰা ।
চকুৰ কুটা, পেটত কথা ৰাখ।
উত্তৰ: চকুৰ কুটা⇒(শত্রু,দেখিব নােৱৰা) : আনৰ অপকাৰ কৰি ফুৰা মানুহ আনৰ চকুৰ কুটা দাঁতৰ শাল হৈ পৰে।
পেটত কথা ৰাখ⇒ (ক’ব নলগীয়া কথা ব্যক্ত নকৰি মনতে ৰাখা) আনৰ গুপ্ত কথা প্রকাশ নকৰি পেটত কথা ৰাখিব পাৰিলে মানুহৰ শত্রুতা কমে।
বুজাই লিখা
(ক) কেনেকৈ চলিলে সুখে-সন্তোষে কাল নিয়াব পাৰি বুলি লিখকে কৈছে?
উত্তৰঃ যিবিলাক মানুহেৰে সৈতে সম্বন্ধ জন্মে বা যিবিলাকেৰে সংসাৰত সমাজপাতি থকা যায় সিবিলাক মানুহৰ ভিতৰত কাৰ লগত কেনেকুৱা ব্যৱহাৰ কৰিব লাগে বা কেনেকৈ চলিব লাগে তাক সংসাৰ যাত্ৰীয়ে ভালদৰে জানিলে সুখে-সন্তোষেৰে কাল নিয়াব পাৰি। এই কথা ভালদৰে নজনাৰ কাৰণেই বহু মানুহে জীৱনত নানান কষ্ট ভুগিব লগাত পৰে। সেই কাৰণে মানুহে সুখে-সন্তোষেৰে কাল নিয়াবলৈ সজ ব্যৱহাৰৰ কথা ভালদৰে জনা উচিত। সজ ব্যৱহাৰত নম্রতা থাকিলে ইয়ে মানুহক আৰু আকর্ষিত কৰিব পাৰে।
(খ) “চৰিত্র সজ হলেই ব্যৱহাৰ সজ হ’ব বুলি ভবা উচিত নহয়।” – কিয় ?
উত্তৰঃ চৰিত্র সজ হলেই ব্যৱহাৰ সজ হ’ব বুলি ভবা অনুচিত। কাৰণ অনেক চৰিত্ৰৱন্ত মানুহ ব্যৱহাৰৰ দোষত আনৰ হিংসা আৰু গৰিহণাৰ পাত্র হয়। সজ চৰিত্ৰৰ মানুহাে কর্কশ মাত কথাৰ আৰু দুব্যৱহাৰ হ’ব পাৰে। গতিকে তেনে চৰিত্ৰৱন্ত লােকক সজ ব্যৱহাৰৰ লােক বুলি পৰিচয় দিব নােৱাৰে। আনহাতে অনেক কপটীয়া, ছলাহী, দুঃচৰিত্ৰৰ মানুহাে সজ ব্যৱহাৰৰ গুণত আনৰ মৰমৰ পাত্ৰ হ’ব পাৰে।
(গ) “মিঠা মাত ব্যৱহাৰ প্ৰণালীৰ ঘাই মন্ত্র।” – কথাষাৰৰ তাৎপর্য ব্যাখ্যা কৰা।
উত্তৰঃ মাত কথাৰ ওপৰত ব্যৱহাৰ বৰকৈ নিৰ্ভৰ কৰে। স্বভাৱত বহুত দোষ থাকিলেও মিঠা-মাতৰ গুণত মানুহ সৰবৰহী হ’ব পাৰে। নিজলৈ আনৰ মৰম-ভক্তি জন্মােৱাটো মানুহৰ মুখ্য উদ্দেশ্য। ব্যৱহাৰত মিঠা-মাতৰ অভাৱ হ’লে সেই উদ্দেশ্য সিদ্ধ নহয়। মিঠা মাত ব্যৱহাৰৰ কলপৰ নিচিনা। যিদৰে মিঠা বস্তুৰ কলপ লগাইহে বেজেও অকটা দৰব ৰুগীয়াক খাবলৈ দিয়ে আৰু ৰুগীয়েও খাই ভাল পায় সেইদৰে কপটীয়া বা দুষ্ট মানুহে মিঠা মাতেৰে সকলােৰে পৰা মৰম-শ্রদ্ধা আদায় কৰে। সেয়ে সজ ব্যৱহাৰত মিঠা মাতৰ ৰহণ বা কলপ লগালেহে মানুহৰ মনত সন্তোষ লগাব পাৰে।
(ঘ) অবাবতে কেটে মাত মাতা মানুহৰ বিষয়ে লিখকে কি কৈছে?
উত্তৰ : অবাবতে কেটে মাত মাতা মানুহে আনৰ মনত বেজাৰ দিয়ে। এয়া কৰা অনুচিত। নির্বোধ, খিংখিঙিয়া-মানুহে ভৱিষ্যত নুগুনি কেটেৰা মাৰিহে মানুহৰ লগত কথা কয়। এই শ্রেণীৰ মানুহ শত্রু বেছি। সিহঁতে মনে জানি কাৰাে অহিত নকৰিলেও কেৱল কঠুৱা মাতৰ দোষতেই সকলােৰে চকুৰ কুটা যেন হৈ পৰে। সিহঁতৰ গাত লক্ষ গুণ থাকিলেও অকল কেটে বা তিতা মাতেই সকলাে ঢাকি পেলায়। কেটে মাত মাতিলে। সহস্ৰ উপকাৰ মানুহে একেতিলে পাহৰে, অবুদ দানৰ ফল নিমিষতে লয় হয়।
(ঙ) “নম্রতা এটা মনৰ গুণ, মিঠা মাত তাৰ ফল।” – তাৎপর্য ব্যাখ্যা কৰা।
উত্তৰঃ মিঠা গছৰ ফল যিদৰে মিঠা হয় ঠিক সেইদৰে মানুহৰ মিঠা গুণ নম্ৰতাৰ ফলাে হৈছে মিঠা মাত। মনত নম্ৰতাৰ ভাব থাকিলেহে মুখেৰে আপােনা-আপুনি মিঠামাত ওলায়। মনত নম্ৰতাৰ পৰিবৰ্তে অহংকাৰ ভাৱ ৰাখি মুখেৰে মিঠা মাত কেতিয়াও নােলায়, সেই মাত অলপ নহয় অলপ কর্কশ হ’বই। অহংকাৰ ৰাখি নম্র হ’বলৈ গ’লে মানুহে ছল কৰাহে হয়। তেনে আচৰণ অনুচিত। সেয়ে ব্যৱহাৰত মনে-মুখে একে হ’বলৈ সততে চেষ্টা কৰা উচিত।
(চ) “চাটুকাৰক মূখ বা দাম্ভিক মানুহে ভাল পাব পাৰে; কিন্তু জ্ঞানী মানুহে ঘিণায়।” কথাষাৰ বুজাই লিখা।
উত্তৰ :চাটুকাৰৰ স্বভাৱ হ’ল সমুখত আনৰ প্রশংসা কৰি নিজৰ উদ্দেশ্য সাধন কৰা। মূৰ্খ বা দাম্ভিক লােকে এই কথা ভাল পালেওঁ জ্ঞানীলােকে ঘিণ কৰে। মূৰ্খ বা দাম্ভিক লােকে চাতুকাৰৰ গােপন উদ্দেশ্যৰ কথা বুজি নাপায় তাৰ মুখত নিজৰ প্রশংসা শুনি বৰ আনন্দ পায় আৰু গৌৰৱবােধ কৰি গপত ওপন্দি পৰে। এই কথাই চাটুকাৰৰ গােপন উদ্দেশ্য পূৰণ হােৱাত সহায় কৰে। চাটুকাৰৰ এনে ছলাহীপূর্ণ প্রশংসাই মূৰ্খ বা দাম্ভিক লােকক অনেক বিপদতাে পেলায়। সেয়ে চাটুকাৰৰ তেনে প্রশংসাক জ্ঞানীলােকে কোনাে প্ৰকাৰেই প্রশ্রয় নিদিয়ে, বৰং ঘিণহে কৰে।
সংক্ষিপ্ত প্ৰশ্ন উত্তৰ
প্ৰঃ সাৰথি পুথিখন কাৰ ৰচনা?
উঃ ‘সাৰথি’ পুথিখন সত্যনাথ বৰাৰ ৰচনা।
প্ৰঃ সজ ব্যৱহাৰৰ অনুপান কি?
উঃ নম্রতা সজ ব্যৱহাৰৰ অনুপান।
প্ৰঃ বহল ব্যাকৰণ’ পুথিখন কাৰ ৰচনা ?
উঃ ‘বহুল ব্যাকৰণ’ পুথিখন সত্যনাথ বৰাদেৱৰ ৰচনা।
প্ৰঃ কাৰ লগত সম্বন্ধ ৰাখিলে শঠতাক প্রশ্রয় দিয়া হয়?
উঃ শঠ মানুহৰ লগত সম্বন্ধ ৰাখিলে শঠতাক প্রশ্রয় দিয়া হয়।
অতিৰিক্ত প্রশ্নোত্তৰ
১। ব্যৱহাৰ প্ৰণালীৰ ঘাই মন্ত্র কি?
উঃ ব্যৱহাৰ প্ৰণালীৰ ঘাই মন্ত্ৰ হ’ল মিঠা মাত ।
২। কিহৰ দোষত অনেক চৰিত্ৰৱন্ত মানুহেও হিংসা আৰু গৰিহণাৰ ভাজন হয়?
উঃ ব্যৱহাৰৰ দোষত অনেক চৰিত্ৰৱন্ত মানুহেও হিংসা আৰু গৰিহণাৰ ভাজন হয় ।
৩। মিঠা মাতৰ গুণত কি হ’ব পাৰি?
উঃ মিঠা মাতৰ গুণত স্বভাৱত বহুত দোষ থাকিলে সৰবৰহী হ’ব পাৰি ।
8। কোনবোৰ মানুহে ভৱিষ্যৎ নুগুণি কেটেৰা মাৰি মানুহৰ লগত কথা কয় ?
উঃ নির্বোধ আৰু খিংখিঙীয়া মানুহে ভৱিষ্যৎ নুগুণি কেটেৰা মাৰি মানুহৰ লগত কথা কয়।
৫। কিহৰ দোষত মানুহ সকলোৰে চকুৰ কুটা যেন হৈ পৰে?
উঃ কঠুৱা মাতৰ দোষত মানুহ সকলোৰে চকুৰ কুটা যেন হৈ পৰে।
৬। মানুহৰ গাত লক্ষ গুণ থাকিলেও কিহে সেইবোৰ ঢাকি পেলায় ?
উঃ মানুহৰ গাত লক্ষ গুণ থাকিলেও অকল তিতা মাতেই সকলোকে ঢাকি পেলায়।
৭। কোনবোৰ কথা মানুহৰ কাণত কাঁড় ফুটা দি ফুটে?
উঃ দম্ভালি কথা মানুহৰ কাণত কাঁড় ফুটা দি ফুটে।
৮। সন্মুখত প্রশংসা কৰাটো কাৰ স্বভাৱ?
উঃ সন্মুখত প্রশংসা কৰাটো চাটুকাৰৰ স্বভাৱ।
৯। সকলোৰে সৈতে মিলেৰে থাকিবলৈ আনৰ কি কথা লুকাই ৰাখিব জানিৰ লাগে?
উঃ সকলোৰে সৈতে মিলেৰে থাকিব খুজিলে আনৰ গুপ্ত কথা লুকাই ৰাখিব জানিব লাগে।
১০। অনেক মানুহে কি গুণৰ অভাৱত বন্ধু-বান্ধৱ হেৰুওৱাৰ লগতে গৰিহণা খাব লগা হয়?
উঃ গুপ্ত কথা লুকাই ৰাখিব পৰা গুণৰ অভাৱত অনেক মানুহে বন্ধু-বান্ধৱ হেৰুওৱাৰ লগতে গৰিহণা খাব লগা হয়।
১১। কোনবোৰ মানুহৰ আগত নিজৰ গুপ্ত কথা ক’লে ভৱিষ্যতে হিংসা কৰিবলৈ সূচল কৰি দিয়া হয় ?
উঃ দুৰাচাৰ বা খিয়লীয়া মানুহৰ আগত নিজৰ গুপ্ত কথা ভাঙি ক’লে ভৱিষ্যতে হিংসা কৰিবলৈ সুচল কৰি দিয়া হয়।
১২। কোনবোৰ কথা সদায় সাবধানে লুকাই ৰাখিব লাগে ?
উঃ যিবোৰ কথা প্ৰকাশ কৰিলে দুজনৰ ভিতৰত কন্দল লাগিব পাৰে, তেনে কথা সদায় সাৱধানে লুকাই ৰাখিব লাগে ।
১৩। কোনবোৰ মানুহে নিজেই নিজৰ নীচ আশয়ৰ চিনাকি দি আনৰ কোপত পৰে?
উঃ যিবোৰ মানুহে আনৰ দোষ বিচাৰি ফুৰে সি নিজেই নিজৰ নীচ আশয়ৰ চিনাকি দি আনৰ কোপত পৰে।
১৪। কোনবোৰ কথা আনৰ কাণত বিহ যেন লাগে?
উঃ নিজৰ মুখত নিজৰ গুণৰ কথা আনৰ কাণত বিহ যেন লাগে।
১৫। গুণৰ গৌৰৱ কেতিয়া নোহোৱা হয়?
উঃ নিজৰ গুণ নিজে বখানিলে গুণৰ গৌৰৱ নোহোৱা হয় ।
১৬। কোনটো কথা বৰ নিকৃষ্ট?
উঃ ‘তই’ কথা বৰ নিকৃষ্ট।
চমু প্রশ্নোত্তৰ
১। আনৰ গুণ বখানোতে কোনবোৰ কথালৈ গুৰুত্ব দিব লাগে আৰু কিয় ?
উঃ আনৰ গুণ বখানোতে কেতিয়াও সন্মুখত বখানিব নালাগে কাৰণ মুখৰ আগত গুণ বখানিলে নিন্দা কৰা যেন হয় আৰু গুণীজনে তোমাক চাটুকাৰ বুলিও ভাবিব পাৰে ৷ চাটুকাৰক মুৰ্খ মানুহে ভাল পায় কিন্তু জ্ঞানী মানুহে ঘিণায়। কোনো মানুহৰ গুণৰ কথা সন্মুখত ক’ব লগীয়া হ’লে সংক্ষেপে ক’ব লাগে আৰু এজনৰ গুণ আন এজনৰ আগতহে ক’ব লাগে, কিয়নো তাৰ পৰা নিজৰ সৰলতাৰ চিনাকি পোৱা যায় আৰু গুণীজনৰো উপকাৰ হয়।
২। মানুহৰ সৰু মনৰ পৰিচয় ক’ৰ পৰা পোৱা যায় ?
উঃ সংসাৰত মানুহৰ অৱস্থা সদায় সমানে নাথাকে, একেজন মানুহকে আঢ্যৱন্ত অৱস্থাত মান দেখুৱাই দৰিদ্ৰ অৱস্থাত অমান্য কৰাটো উচিত নহয়, অর্থাৎ লোকক সুদিনত সৎকাৰ কৰি দুর্দিনত ইতিকিং কৰা স্বভাৱৰ পৰাই মানুহৰ সৰু মনৰ পৰিচয় পোৱা যায়।
৩। কেনেকৈ সকলোৰে সঁজাতী হ’ব পাৰি?
উঃ আনৰ গুপ্ত কথা লুকাই ৰখাৰ লগতে যি কথা প্ৰকাশ কৰিলে দুজনৰ মাজত কন্দল লাগিব পাৰে, তেনে কথা সাৱধানে লুকাই ৰাখিব পাৰিলে সকলোৰে সঁজাতী হ’ব পাৰি।
৪। বিশেষ প্রয়োজন নাথাকিলে আনৰ আগত নিজৰ কথা কিয় সৰহকৈ ক’ব নালাগে?
উঃ বিশেষ প্রয়োজন নাথাকিলে আনৰ আগত নিজৰ কথা সৰহকৈ ক’ব নালাগে কাৰণ নিজৰ গুণ নিজে বখানিলে গুণৰ গৌৰৱ নাথাকে আৰু নিজৰ মুখত নিজৰ গুণৰ কথা আনৰ কাণত বিহ যেন লগা হয়।
৫। অচিনাকি মানুহক কিয় পোন প্ৰথমে বিশ্বাস কৰাটো যুগুত নহয়?
উঃ পৃথিৱীত নানা ৰকমৰ মানুহ আছে, কোন সাধু, কোন চোৰ, কোন শঠ, কোন সৰল বিধৰ তাক দেখিলেই চিনিব নোৱাৰি, কাৰণ বহু চোৰেও আনক ছলিবলৈ সাধুৰ ভাও ধৰে। সেয়েহে অচিনাকি মানুহক পোন প্রথমে বিশ্বাস কৰাটো যুগুত নহয় ।
৬। লেখকে আনৰ দোষৰ ভাগ এৰি গুণৰ ভাগ ধৰাই শ্রেয়স বুলি কিয় কৈছে?
উঃ আনৰ দোষ বিচাৰি ফুৰিলে তাৰ পৰা কাৰো একো উপকাৰ নহয় বৰঞ্চ এনে কৰিলে মানুহৰ নীচ আশয়ৰ চিনাকিহে পোৱা যায় আৰু যাৰ দোষ বিচাৰে তেওঁৰ কোপত পৰিব লগীয়া হয়, সেয়েহে লেখকে আনৰ দোষৰ ভাগ এৰি গুণৰ ভাগ ধৰাই শ্ৰেয়স বুলি কৈছে।
৭। পাঠটোৰ জৰিয়তে লেখকে আমাক কি বুজাই দিবলৈ চেষ্টা কৰিছে?
উঃ পাঠটোৰ জৰিয়তে লেখকে আমাক জীৱন-যুদ্ধত প্ৰয়োজনীয় ব্যৱহাৰ প্ৰণালীৰ আঁতি- গুৰি আৰু জীয়াই থকাৰ কৌশলবোৰ বুজাই দিবলৈ চেষ্টা কৰিছে। লগতে মানুহ সজ হোৱাৰ উপৰি আনৰ অন্তৰ জয় কৰিবলৈ কেনে ব্যৱহাৰ কৰিব লাগে এই কথাবোৰৰো জ্ঞান দিছে।