Class 9 Assamese Chapter-7 | সময়

সময় Class 9 Question Answer

সময়- পাঠভিত্তিক প্রশ্নোত্তৰ

 শব্দার্থ আৰু টোকা

যুগ– সময়ৰ এটা ভাগ; বাৰ বছৰ।
প্রৱর্তন – প্রচলন, স্থাপন।
কিংবদন্তি– জনশ্রুতি, মুখে মুখে চলি তাহা।
নিৰূপণ– নির্ণয়, নির্ধাৰণ, ঠিক।
উদ্ভৱ– সৃষ্টি, উৎপন্ন, জন্ম।
সম্ভেদ– উমান, গম।
জালি -দিয়া ধলপুৱাতে চৰায়ে মতা।
ৰিং– উকি, চিঞৰ, গেৰি।।
চকু-পচাৰতে নিমিষতে, তৎক্ষণাতে।।
সদ্ব্যৱহাৰ– সঠিক মতে কৰা ব্যৱহাৰ।
মালঘৰ– মানুহ বহি কথা-বতৰা পাতা ঘৰ; বহাঘৰ।
অমূল্য— যাক মূল্য দিলেও পােৱা নাযায়।
সিন্ধি– চোৰ সােমাবলৈ কৰা সুৰংগ।
কল্প– পুৰাণ মতে ব্রহ্মাৰ এটা দিন এটা ৰাতি। মানুহৰ হিচাবত ৪৩২ কোটি বছৰ।
বাঁহতল— বিশৃংখল, লেতেৰা বা অশান্তিকৰ ঠাই বা অৱস্থা।
তুলসী– গুৰিতুলসী এবিধ পৱিত্ৰ উদ্ভিদ। ইয়াৰ গুৰিও সেই কাৰণেই পৱিত্ৰ আৰু শুচি। মানুহৰ মৃত্যু হলে মৃতকক এই পৱিত্র স্থান তুলসীগুৰিত কিছুসময় ৰখা হয়।

১। চমু উত্তৰ দিয়া :
(ক) সময়ক কিহৰ লগত তুলনা কৰিব পাৰি?
উঃ সময়ক নৈৰ সোঁতৰ লগত তুলনা কৰিব পাৰি।

(খ) কিহৰ ওপৰত ভিত্তি কৰি সময় ভাগ কৰা হয় ?
উঃ কাৰ্যক্ৰমৰ ওপৰত ভিত্তি কৰি সময় ভাগ কৰা হয়।

(গ) সময়ৰ ডাঙৰ ভাগবোৰ কি কি?
উঃ সময়ৰ ডাঙৰ ভাগবোৰ হ’ল – যুগ, কল্প আৰু শতাব্দী।

(ঘ) সময়ৰ দণ্ড, পল, অনুপলক কি বোলা হয় ?
উঃ সময়ৰ সৰু ভাগবিলাকৰ ভগ্নাংশই হৈছে দণ্ড, পল, অনুপল আদি।

(ঙ) সময় কি গতিত ঘূৰে?
উঃ সময় বৃত্তাকাৰ গতিত ঘূৰে।

। তাৎপর্য ব্যাখ্যা কৰা :
(ক) এলেহুৱাৰ দিন নাষায় নুপুৱায়।
উঃ লিখকে সময়ৰ সদ্ব্যৱহাৰ আৰু ইয়াৰ মূল্যায়নৰ দিশটোৰ কথা ক’বলৈ গৈ উক্ত কথাষাৰ উল্লেখ কৰিছে। সময় গতিশীল।ই কাৰো বাবে ৰৈ নাথাকে। কৰ্মী মানুহে কেতিয়া সময় পাৰ হৈ যায় গমেই নাপায়। চকুৰ পচাৰতে দিনটো গুচি যায়। সেয়ে হয়তো কোৱা হৈছে মানুহৰ এবছৰ দেৱতাৰ বাবে এদিন। কিন্তু এলেহুৱা লোকৰ বাবে দিনটো কোনোমতে যেন নাযায় নুপুৱায়। এই ক্ষেত্ৰত এলেহুৱাবোৰৰ আয়ুস কম বুলি কোৱা হয়। তেওঁলোক সকলো ক্ষেত্ৰতে বিফল হ’ব লগীয়া হয়। এলেহুৱা লোকৰ মনত এটা দিন এবছৰ যেন লাগে। কিন্তু মানুহৰ এক কল্প বা এহেজাৰ যুগে ব্ৰহ্মাৰ বাবে মাত্ৰ এদিন বা এৰাতি বুলি কোৱা হৈছে। সৃষ্টিৰ অব্যাহতি ৰাখিবলৈ ব্ৰহ্মাই বিৰাট কর্মক্ষেত্ৰ পাতিব লগীয়া হৈছিল। ইয়াৰ জৰিয়তে কৰ্মী লোকৰ কথা অৱতাৰণা কৰা হৈছে। কৰ্মী লোকৰ সময়ো ব্ৰহ্মাৰ দৰে বিৰাট কৰ্মক্ষেত্র।

সময় Class 9 Question Answer

(খ) মানুহৰ এক কল্পই ব্ৰহ্মাৰ এদিন।
উঃ লিখকে সময়ৰ সদ্ব্যৱহাৰ আৰু ইয়াৰ মূল্যায়নৰ দিশটোৰ কথা ক’বলৈ গৈ উক্ত কথাষাৰ উল্লেখ কৰিছে। সময় গতিশীল।ই কাৰো বাবে ৰৈ নাথাকে। কৰ্মী মানুহে কেতিয়া সময় পাৰ হৈ যায় গমেই নাপায়। চকুৰ পচাৰতে দিনটো গুচি যায়। সেয়ে হয়তো কোৱা হৈছে মানুহৰ এবছৰ দেৱতাৰ বাবে এদিন। কিন্তু এলেহুৱা লোকৰ বাবে দিনটো কোনোমতে যেন নাযায় নুপুৱায়। এই ক্ষেত্ৰত এলেহুৱাবোৰৰ আয়ুস কম বুলি কোৱা হয়। তেওঁলোক সকলো ক্ষেত্ৰতে বিফল হ’ব লগীয়া হয়। এলেহুৱা লোকৰ মনত এটা দিন এবছৰ যেন লাগে। কিন্তু মানুহৰ এক কল্প বা এহেজাৰ যুগে ব্ৰহ্মাৰ বাবে মাত্ৰ এদিন বা এৰাতি বুলি কোৱা হৈছে। সৃষ্টিৰ অব্যাহতি ৰাখিবলৈ ব্ৰহ্মাই বিৰাট কর্মক্ষেত্ৰ পাতিব লগীয়া হৈছিল। ইয়াৰ জৰিয়তে কৰ্মী লোকৰ কথা অৱতাৰণা কৰা হৈছে। কৰ্মী লোকৰ সময়ো ব্ৰহ্মাৰ দৰে বিৰাট কৰ্মক্ষেত্র।

(গ) কৰ্মৰ মাজেদি সময়ৰ গতি ধৰিব পাৰি।
উঃ সময়ৰ যিমানেই ভাগ কৰা নহওক আচলতে কৰ্মৰ জৰিয়তেহে প্ৰকৃত সময় নির্ণয় কৰা হয় । এজন মানুহে যদি ১০০ বছৰ কাল জীয়াই থাকিও জীৱনত একো কামত সফল হ’ব নোৱাৰে, তেন্তে তেওঁৰ সেই ১০০ বছৰ কালৰ কোনো চিনেই নাথাকে৷ আকৌ কোনো এজন মানুহে ২০ বছৰ থাকিও বহু কাম কৰিব পাৰে, কাৰণ কৰ্মইহে মানুহৰ প্ৰকৃত আয়ুস নিৰ্দ্ধাৰণ কৰে। কর্মক্ষেত্ৰত সময়ৰ অলপ ইফাল-সিফাল হ’লেই আউল লাগে ৷ দিগ্বিজয়ী নেপোলিয়নে পাঁচ মিনিট সময় পলম কৰা বাবে ৱাটালু যুদ্ধত পৰাজয় বৰণ কৰিব লগীয়া হৈছিল। শৰাইঘাটৰ যুদ্ধত গড়ৰ কামত অৱহেলা কৰাৰ বাবে মোমায়েকে লাচিতৰ হাতত মূৰ দিব লগা হৈছিল।

সেইদৰে পৰীক্ষাৰ আগত নপঢ়ি বহু ছাত্ৰ-ছাত্ৰীয়ে পৰীক্ষা গৃহত কলম কামুৰি বহি থাকিব লগীয়া অৱস্থাও হয়। প্রশ্নকাকত পিটিকি সময় ব্যয় কৰিলে ভাল ফল পাব নোৱাৰি।জেঠৰ খৰত কঠীয়া সিঁচিলে ভাল ফল নধৰে। ৰোগীক উপযুক্ত সময়ত চিকিৎসা নকৰিলে, পিছত ধন ভাগিও ব্যর্থ হ’ব লগীয়া হয়। গতিকে, ওপৰৰ আলোচনাৰ পৰা দেখা গ’ল যে সময়ৰ মূল্য বুজি তাৰ সদ্ব্যৱহাৰ কৰিলেহে প্ৰকৃততে সময়ে নির্ণায়ক ভূমিকা গ্রহণ কৰিব পাৰে। ইয়াৰ পৰিৱৰ্তে আমি ঘড়ীৰ দ্বাৰা সময়ৰ মূল্য নিৰূপণ কৰিব নোৱাৰোঁ। কাৰণ, ঘড়ীৰ
কাঁইটকেইডালে মানুহৰ কৰ্মজীৱন নিৰ্ণয় নকৰে।

৩। পাঠটিৰ লিখকৰ সাহিত্যৰাজিৰ পৰিচয় দিয়া।
উঃ ককা নীলমণি ফুকনে সাহিত্য জগতত প্ৰৱেশ কৰে ভাটি বয়সতহে। তেওঁ একেধাৰে কবি, সাহিত্যিক আৰু এজন সুবক্তাও আছিল। ১৯৩১ চনত তেওঁ যোৰহাটৰ পৰা প্ৰকাশ পোৱা সাপ্তাহিক বাতৰি কাকত এখন সম্পাদনা কৰে। ইয়াৰ পাছত ‘দৈনিক বাতৰি’ আৰু ‘ন-জোন’ নামৰ এখন শিশু আলোচনী সম্পাদনা কৰিছিল। তেখেতৰ মৌলিক পুথিসমূহ দ্বিতীয় মহাযুদ্ধ আৰম্ভ হোৱাৰ পাছৰে পৰা প্ৰকাশ পাবলৈ ধৰে।

গদ্য বা প্রবন্ধ পুথি : গদ্য বা প্রবন্ধ পুথিৰ ভিতৰত ‘চিন্তামণি’ (১৯৩৯) আৰু ‘সাহিত্য কলা’ (১৯৪২) উল্লেখনীয়।
কবিতা পুথি : ‘মানসী’, ‘গুটিমালি’, ‘জিঞ্জিৰি’, ‘সন্ধানী’, ‘অমিত্রা’, ‘আহুতি’,‘শতধাৰা’, ‘মৰডালৰ কুঁহিপাত’ আৰু ‘মানস প্ৰতিমা’ হৈছে ফুকনদেৱৰ দ্বাৰা ৰচিত উল্লেখনীয় কবিতা পুথি।

ফুকনদেৱৰ কবিতাত অতীন্দ্রিয়বাদ (Mysterism)ৰ প্ৰাধান্য দেখা যায়। ৰহস্য সন্ধানী কবিয়ে ক্ষুদ্ৰৰ মাজত বিৰাটক, প্রাকৃতিক সৌন্দৰ্যৰ মাজত চিৰসুন্দৰৰ ৰূপ দেখিবলৈ পায়৷ ইয়াত সুন্দৰৰ প্ৰতিফলন ঘটিছে এই কবিগৰাকীৰ ‘মানসী’ আৰু ‘সন্ধানী’ (বিশেষকৈ) নামৰ কবিতা পুথি দুখনৰ মাজত। ফুকনদেৱৰ দুই এটি কবিতাত স্বদেশপ্ৰেম আৰু গ্ৰাম্য জীৱনৰ সৰলতাৰ প্ৰতিচ্ছবিও দেখিবলৈ পোৱা যায়।

৪। ‘সময়’ পাঠটিৰ সাৰাংশ লিখা।
উত্তৰঃ নৈৰ সোঁত বৈ যােৱাৰ দৰে সময়াে বৈ যায়। সিহঁত দুয়াে ৰৈ নাথাকে। সেই কাৰণেই সময়ক নৈৰ সোঁতৰ লগত তুলনা কৰা হয়। নৈৰ সোঁতক চকুৰে দেখি, কিন্তু সময়ৰ সোঁতক কার্যৰেহে গম পােৱা যায়। সময়ক যুগ, কল্প, শতাব্দী,বছৰ, মাহ, ঋতু, পল, অনুপল আদি ভাগত ভূাগ কৰা হয়। সময়ৰ ভাগবিলাক বিশেষ বিশেষ লক্ষণযুক্ত। হিন্দু শাস্ত্রমতে চাৰিযুগৰ লক্ষণবিলাক ভাগ কৰি থােৱা আছে। একোটা বিশেষ ঘটনা বা মানুহৰ কার্যকলাপ অৱলম্বন কৰিও সময় ভাগ কৰা হয়। সংবৎ, শকাব্দ, খ্রীষ্টাব্দ, হিজৰি, শংকৰাব্দ, চৈতন্যবাদ আদি সময়ৰ মূলতেও এনে একো একোটা স্মৰণীয় ঘটনা বা কার্যকলাপ নিহিত হৈ আছে। প্রাকৃতিক জগতৰ গতি-বিধি লক্ষ্য কৰিও সময় নিৰূপণ কৰা হয়। ছয় ঋতুৰ উদ্ভৱ এনেকৈয়ে হৈছে। পদুমপাহ মুকলি হৈ আৰু জাপ গৈ ক্ৰমে ৰাতিপুৱা আৰু সন্ধিয়া হােৱাৰ ইংগিত দিয়ে। কঁঠালে মুচি পেলালে, আমে মলিয়ালে, ঢাপত কেতেকী গােন্ধালে একো একোটা ঋতুৰ সম্ভেদ দিয়ে। জীৱ-জন্তুৰ আচৰণেও সময় নিৰূপণত সহায় কৰে। কেঁকোৰা গাতত সােমালে, শামুকে পথাৰত দেখা দিলে, বালীমাহী চৰাই ওলালে, কুলি চৰায়ে মাতিলে, মাছে কণী পাৰিলে, ভেকুলীয়ে টোটোৰালে একোটা একোটা ঋতুৰ সম্ভেদ পােৱা যায়। ফেঁচাই জালি দিলে, বাহত পাৰই ৰুণ দিলে ৰাতি পুৱাবলৈ বেছি পৰ নাই বুলি জনা যায় আৰু কুকুৰাই ডাক দিলে ৰাতি পুৱাল বুলি গম পােৱা যায়। কোনােৱে আকৌ ৰিংটোৰ সময়, তামােলখন খাই শেষ কৰাৰ সময়, নিজৰ গাটোৰ ছাটোলৈ চাই এনেদৰে সময় নিৰূপণ কৰিছিল।

৫। চাৰিটা-পাঁচটা বাক্যত উত্তৰ দিয়া

(ক) প্রাকৃতিক জগত বুলিলে কাক বুজায় ?
উত্তৰ : গছ-গছনি, চৰাই-চিৰিকটি, বনৰীয়া পশু, কীট-পতংগ, পর্বত-পাহাৰ, নদ-নদী, জান-জুৰি, নিজৰা, বায়ু-পানী, আকাশ, গ্রহ-নক্ষত্রাদিৰ অৱস্থান যত তাকেই প্রকৃতি বুলি বুজা যায়। ছয় ঋতুৰ উদ্ভৱ, গছত কুঁহিপাত ওলােৱা, পদুম ফুলপাহ ৰাতিপুৱা ফুলি সন্ধিয় জাপ যােৱা, সূর্যোদয়, সূর্যাস্ত, নিশা আকাশত জোন-তৰা ওলােৱা, কঁঠালে মুচি পেলােৱা, আমে মলিওৱা, বাঁহে গাজ মেলা, ফুল ফুলা, চৰাই-চিৰিকটিৰ বিচৰণ, আটাহ-চিঞৰ, অন্যান্য জীৱ জন্তুৰ আচৰণ, চিঞৰ-বাখৰ, জান-জুৰি, নৈ-নিজৰাৰ সোঁত, পর্বত-পাহাৰৰ স্থিতি এই প্রকৃতিৰ বুকুতেই হয়।

(খ) কোনাে ঘটনাৰ ওপৰত ভিত্তি কৰি কিদৰে সময় ভাগ কৰিৰ পাৰি?
উত্তৰঃ বিভিন্ন প্রকাৰে সময় ভাগ কৰাৰ উপৰি কোনাে ঘটনা বা মানুহৰ কার্যকলাপৰ ওপৰত ভিত্তি কৰিও সময় ভাগ কৰিব পাৰি। ধর্ম, কলা-সাহিত্য, বুৰঞ্জী, কিংবদন্তি, যুদ্ধ- বিগ্রহ, ৰাজত্ব আদি বিষয় বা ঘটনাবিলাকে সময়ৰ একো একোটা ঢাপ তুলি সীমাবদ্ধ কৰি থৈ যায়। উদাহৰণস্বৰূপে শংকৰী যুগ, বৈষ্ণৱ যুগ, জোনাকী যুগ, আহােম যুগ, ব্রিটিছ যুগ, সংবৎ, শকাব্দ, খ্রীষ্টাব্দ, হিজৰি, শংকৰাব্দ, চৈতন্যাব্দ আদিৰ গুৰিতে ওপৰত উল্লেখ কৰা একো একোটা ঢাপ বা স্মৰণীয় ঘটনা জড়িত হৈ আছে।

(গ) লক্ষণাক্রান্ত মানে কি?
উঃ সময়ৰ ভাগবিলাক কিছুমান লক্ষণযুক্ত। পৃথিৱীৰ প্ৰায়ভাগ সমাজতে কিছুমান ধৰ্ম, মহাপুৰুষ,বিশেষ ঘটনা আদিৰ প্ৰভাৱ লক্ষ্য কৰিয়েই সময়ক বিভক্ত কৰে। যেনে— হিন্দুধৰ্মৰ কল্কি অৱতাৰৰ পাছত সত্য যুগ প্ৰৱৰ্তন, খ্ৰীষ্টানসকলৰ মিলেনিয়াম (হাজাৰ বছৰ) বা হাজাৰ বছৰ যীশুৰ ৰাজত্ব আদি ঘটনাৱলীয়েই একো একোটা যুগৰ লক্ষণ। তেনেদৰে, অসমত শংকৰদেৱৰ সময়খিনিক ‘শংকৰী যুগ’, অসমীয়া সাহিত্যৰ লক্ষ্মীনাথ বেজবৰুৱাৰ সময়খিনিক ‘বেজবৰুৱাৰ যুগ’, ব্ৰিটিছৰ শাসনৰ কালছোৱাক ভাৰত বুৰঞ্জীত ‘ব্ৰিটিছ যুগ’ আখ্যা দিয়া হৈছে। তেনেদৰেই সৃষ্টি হৈছে— শকাব্দ, হিজৰী, চৈতন্যাব্দ আদি। বিভিন্ন লক্ষণৰ ওপৰত ভিত্তি কৰি সময় বিভাজিত হোৱাৰ বাবে লক্ষণাক্রান্ত বুলি কোৱা হৈছে।

(ঘ) বিজ্ঞানৰ আৱিষ্কাৰৰ আগতে মানুহে কিহৰ ওপৰত ভিত্তি কৰি সময় সম্পর্কে অৱগত হৈছিল ?
উঃ পূৰ্বতে মানুহে দুই প্ৰকাৰে সময় সম্পর্কে ধাৰণা কৰিব পাৰিছিল – প্ৰকৃতিৰ গতিবিধি চাই আৰু জীৱ-জন্তুৰ আচৰণ চাই । প্ৰকৃতিৰ গতিবিধি চাই : সময়ৰ পৰিৱৰ্তনৰ লগে লগে প্রকৃতিও সলনি হয়। শীতৰ শেষত বসন্ত ঋতু আহে। গছে কুঁহিপাত মেলিলে, আমে মলিয়ালে, কুলিয়ে কুউ কুউ কৰিলে আৰু কপৌফুল ফুলিলে বসন্ত কাল অহা বুলি ধৰা হয় । তেনেকৈ বাঁহে গঁজালি মেলিলে, কঁঠালে মুচি পেলালেও বসন্ত কালৰ আগমনৰ কথা জানিব পাৰি ।

আকৌ শেৱালি ফুলিলে, নিয়ৰ পৰিলে শীতৰ আগমনৰ কথা জানিব পাৰি। জীৱ-জন্তুৰ আচৰণ চাই : ঋতু পৰিৱৰ্তনৰ লগে লগে কিছুমান জীৱ-জন্তুৰ আচৰণ বিধিও সলনি হয়। বাৰিষা আহিলে পথাৰত শামুক ওলায়, কেকোঁৰা ওলায়, মাছে কণী পাৰে, ভেকুলীয়ে টোৰ্ টোৰায়৷ তেনেদৰে, এন্দুৰ গাঁতত সোমালে, কেঁচু গাঁতত সোমালে শীত পৰা বুলি জানিব পাৰি। আকৌ পাৰই ৰুণ দিলে, ফেঁচাই কুৰুলি দিলে, ৰাতি প্ৰহৰৰ কথা জানিব পাৰি। কুকুৰাই ডাক দিলে, ফেঁচুৱে জালি দিলে ৰাতি পুওৱাৰ হোৱাৰ উমান পাব পাৰি। এনেদৰে বিজ্ঞানৰ আৱিষ্কাৰৰ আগেয়ে অর্থাৎ ঘড়ী নোহোৱাকৈও মানুহে সময়ৰ উমান পাব পাৰিছিল।

৬.তলৰ প্ৰশ্নকেইটাৰ অন্তর্নিহিত ভাব বিশ্লেষণ কৰা

(ক) সময়ৰ এই ভাগবিলাক ভাব বিশেষ বিশেষ লক্ষণাক্রান্ত।
উঃ সময়ৰ ভাগবিলাক কিছুমান লক্ষণযুক্ত। পৃথিৱীৰ প্ৰায়ভাগ সমাজতে কিছুমান ধৰ্ম, মহাপুৰুষ,বিশেষ ঘটনা আদিৰ প্ৰভাৱ লক্ষ্য কৰিয়েই সময়ক বিভক্ত কৰে। যেনে— হিন্দুধৰ্মৰ কল্কি অৱতাৰৰ পাছত সত্য যুগ প্ৰৱৰ্তন, খ্ৰীষ্টানসকলৰ মিলেনিয়াম (হাজাৰ বছৰ) বা হাজাৰ বছৰ যীশুৰ ৰাজত্ব আদি ঘটনাৱলীয়েই একো একোটা যুগৰ লক্ষণ। তেনেদৰে, অসমত শংকৰদেৱৰ সময়খিনিক ‘শংকৰী যুগ’, অসমীয়া সাহিত্যৰ লক্ষ্মীনাথ বেজবৰুৱাৰ সময়খিনিক ‘বেজবৰুৱাৰ যুগ’, ব্ৰিটিছৰ শাসনৰ কালছোৱাক ভাৰত বুৰঞ্জীত ‘ব্ৰিটিছ যুগ’ আখ্যা দিয়া হৈছে। তেনেদৰেই সৃষ্টি হৈছে— শকাব্দ, হিজৰী, চৈতন্যাব্দ আদি। বিভিন্ন লক্ষণৰ ওপৰত ভিত্তি কৰি সময় বিভাজিত হোৱাৰ বাবে লক্ষণাক্রান্ত বুলি কোৱা হৈছে।

(খ) সময়ৰ টিকনিডাল হেনাে আগফালে।
উত্তৰ→ মানুহৰ টিকনিড়াল থাকে পাছফালে। গতিকে পাছফালে গৈয়াে মানুহজনৰ টিকনিত ধৰি ৰাখি লগ পাব পাৰি। কিন্তু সময়ক ধৰিব লাগিলে সেই সময়তকৈ পিছত গ’লে সেই সময়ক ধৰিব নােৱাৰি। প্রকৃত সময়টোক ধৰিব লাগিলে সেই সময়তকৈ আগেয়েই যাব লাগিব বা উপস্থিত হ’ব লাগিব। দহ বজাৰ ৰেল ধৰিব লাগিলে দহ বজাৰ আগতেই ষ্টেচনত উপস্থিত হ’ব লাগিব, দহ বজাৰ এক মিনিট পিছত গ’লেও সেই ৰেল ধৰিব নােৱাৰি। সেই কাৰণেই জ্ঞানী আৰু কৰ্মী লােকে নির্ধাৰিত সময়ৰ দুই-চাৰি মিনিট হলেও আগেয়ে প্রস্তুত থাকে। সময় পাখি লগা কাঁড়ৰ দৰে এনেদৰে উৰা মাৰে যে তাক পিছৰ পৰা ধৰা কেতিয়াও সম্ভৱ নহয়। পাছফালৰপৰা বল দিয়া সৈন্যসকল নির্ধাৰিত সময়তকৈ মাত্র পাঁচ মিনিট পিছত গৈ পােৱাৰ কাৰণেই দিগ্বিজয়ী নেপােলিয়ন মার্টলু যুদ্ধ হাৰিবলগীয়া হৈছিল। এইবিলাক কাৰণতেই সময়ৰ টিকনিডাল আগফালে বুলি কোৱা হৈছে। ইয়াৰ দ্বাৰা সময়ৰ গুৰুত্ব বুজোৱা হৈছে।

(গ) সময়ৰ জোখ কামতহে, ঘড়ীৰ কাঁইটকেইডালত নাই।
উত্তৰ→ কৰিবলগীয়া কাম শৃংখলা লগাই কৰিব পাৰিলেই সময়ৰ সদ্ব্যৱহাৰ কৰা হয়। এই কামৰ জৰিয়তেহে সময়ৰ মূল্য তথা জোখ নিৰূপণ কৰিব পাৰি। শৃংখলা লগাই সময়ৰ সদ্ব্যৱহাৰ কৰিলে ঘৰ তথা ৰাজ্য এখন সুচাৰুৰূপে চলে। এজন মানুহে হয়তাে, এশ বছৰ জীয়াই থাকিও লক্ষ ধন উপার্জন কৰিব নােৱাৰে; কিন্তু দৌৰ বা ঘোড়া দৌৰ আদি প্রতিযােগিতাত এক মুহূর্ত আগবঢ়াৰ কাৰণেই লক্ষ লক্ষ ধন লাভ কৰিব পাৰে। পৰীক্ষাত প্রশ্ন কাকত লাৰি-পিটিকি এনেয়ে সময় নষ্ট কৰাজনতকৈ তলৰ মূৰ ওপৰকৰিবলৈ সময় নােপােৱা পৰীক্ষার্থীজনে বেছি নম্বৰ পাবই পাব।ঠিক সময়ত ঠিকমতে কাম নকৰিলে সেই কামৰপৰা ভাল ফল আশা কৰিব নােৱাৰি।খােৱাৰ সময়ত নাখালে পিত্ত হয়, ঠিক সময়ত ঔষধ নাখালে বেমাৰ বেছি হয়; বতৰতকঠীয়া নেপেলালে পিছতপেলােৱা কঠীয়াই ভাল ফল নিদিয়ে। পৰিপাটিকৈ ঠিক সময়ত ঠিকমতে কাম কৰি গ’লে পৰুৱাৰ দৰে লানি নিছিগা কামেও মানুহক জমুৰি দি ধৰিব নােৱাৰে। এলেহুৱা মানুহৰ দিনটো নাযায়-নুপুৱায়; তাৰ কাৰণে দিনটো বৰ দীঘলীয়া; কিন্তু কর্মী মানুহৰ মনত দিনটো পলকতে শেষ হ’ল যেন লাগে। তেওঁৰ কাৰণে দিনটো নিচেই চুটি। এশ বছৰ জীয়াই থাকিও এলেহুৱা, অকর্মীজনৰ পৃথিৱীত কোনাে কাম বা মূল্য নাথাকে; কিন্তু মাত্র কেইটামান বছৰ জীয়াই থাকিয়েই সময়ৰ সদ্ব্যৱহাৰ কৰা সৎ কর্মীজনে পৃথিৱীত অক্ষয়-কীর্তি ৰাখি যােৱাৰ অনেক উদাহৰণ আছে। গতিকে সময় নিৰূপক যন্ত্র ঘড়ীৰ কাইটকেইডালে সময়ৰ কথা সূচালেও প্রকৃততে সময়ৰ জোখ আৰু মূল্য কামৰ জৰিয়তেহে নিৰূপণ কৰা হয়।

(ঘ) সময় অমূল্য ধন বােলা কথাষাৰ সঁচা।
উত্তৰ→ এবাৰ গুচি যােৱা সময় কেতিয়াও কোনাে মূল্য দিয়াে ঘূৰাই আনিব নােৱাৰি। একোজন ধন কুবেৰেও এক মিনিটত হাজাৰ হাজাৰ টকা উপার্জন কৰিব পাৰে। আনহাতে কোনেজন মানুহে হয়তাে গােটেই জীৱন চেষ্টা কৰিও একেলগে এহাজাৰ টকা চকুৰে দেখাৰ সৌভাগ্য নঘটে। আদৌৰ, ঘোঁৰা-চেকুৰ আদি প্রতিযােগিতাত এক মুহূর্ত আগবঢ়া লােকে লক্ষ লক্ষ টকাৰ পুৰস্কাৰ পােৱাৰ দৃষ্টতি আছে। পৰীক্ষাত মাত্র তিনি বা চাৰি ঘণ্টাৰ ভিতৰত উত্তৰ কৰিবলৈ দিয়া প্রশ্নকাকতখন লুৰি-পিটিকি থকা পৰীক্ষার্থীজনতকৈ তলৰ মূৰ ওপৰ কৰিবলৈ আহৰি নােপােৱা পৰীক্ষার্থীজনে বেছি নম্বৰ পাবই। গতিকে সময়ৰ মূল্য ইমানেই অধিক যে ইয়াক টকা-পইচা বা আন বহুমূলীয়া বস্তুৰেও নির্ণয় কৰা সম্ভৱ নহয়।

৭। ‘প্রকৃতি জগতৰ গতিবিধি লক্ষ্য কৰিও সময় নিৰূপণ কৰা হয়।’—প্রাকৃতিক জগতৰ গতিবিধিবােৰ কি কি ? কেনেকৈ এই গতিবিধিৰ দ্বাৰা সময় নির্ণয় কৰিব পাৰি পাঠভিত্তিক আলােচনা কৰা।
উত্তৰঃ বিভিন্ন প্রকাৰে সময় নিৰূপণ কৰাৰ লগতে প্ৰকৃতিৰ গতি-বিধি লক্ষ্য কৰিও সময় নিৰূপণ কৰা হয়। এনে গতি-বিধিক লক্ষ্য কৰিয়েই ছয় ঋতুৰ উদ্ভৱ হৈছে। গছত নতুন পাত ওলালে বসন্ত কাল হােৱা বুলি জানিব পাৰি। পদুম ফুল ফুলিলে সূর্যোদয় হােৱা আৰু জাপ গ’লে সূর্যাস্ত হােৱাৰ কথা বুজিব পাৰি। সেইদৰে কঁঠালে মুচি পেলালে, আমে মলিয়ালে, ধান পকিলে, বাঁহে গাজ মেলিলে, কেতেকী ফুলৰ গােন্ধ ওলালে একো একোটা ঋতু বা সময়ৰ সম্ভেদ পাব পাৰি।

আনহাতে জীৱ-জন্তুৰ বিভিন্ন আচৰণাে এক প্ৰকাৰ প্ৰাকৃতিক জগতৰে গতি-বিধি। এই গতি বিধিৰদ্বাৰাও সময় নিৰূপণ কৰিব পাৰি৷ উদাহৰণস্বৰূপে কেঁকোৰা গাঁতত সােমালে, শামুকে পথাৰত দেখা দিলে, বালীমাহী চৰাই ওলালে, কুলি-কেতেকীয়ে মাতিলে, মাছে কণী পাৰিলে, চৰায়ে কুটা কঢ়িয়ালে, ভেকুলীয়ে টোটোৰালে একো একোটা ঋতু বা সময়ৰ সম্ভেদ পােৱা যায়। শিয়ালে হােৱা দি দি প্রতি প্ৰহৰৰ জাননী দিয়ে। কেঁচুৱে জালি দি, বাহত পাৰই ৰুণ দি ৰাতি পুৱাবলৈ যে বেছি পৰ নাই তাক জনায়। কুকুৰাই ডাক দি ৰাতি পুৱাল বুলি সকলােকে কৈ দিয়ে।

৮। নিয়মানুবর্তিতা আৰু সময়ৰ সদ্ব্যৱহাৰ’— বিষয় হিচাপে লৈ এটি আলচ যুগুত কৰা।
উত্তৰ: নিয়মানুৱৰ্তিতা আৰু সময়ৰ সদ্ব্যৱহাৰ বােলা কথা দুয়ােটা প্রায় একেই। কৰিবলগীয়া কামবােৰ নিয়মমতে আৰু উচিত সময়ত কৰাকেই নিয়মানুবর্তিতা আৰু সময়ৰ সদ্ব্যৱহাৰ বােলা হয়। কৰিবলগীয়া কামখিনি সময়মতে শৃংখলা লগাই কৰি উঠিলেই নিয়মানুবর্তিতা মনা হ’ল আৰু সময়ৰ সদ্ব্যৱহাৰ কৰা হ’ল বুলি ক’ব পাৰি। নিয়ম-শৃংখলা লগাই ৰেলগাড়ীৰ সময় তালিকা নিৰূপণ কৰা হয় বাবেই কেৰ্কেটুৱাই গছে গছে বগাই ফুৰাৰ দৰে মানুহে ইখন ৰেল এৰি সিখন ৰেলত উঠি দেশ-বিদেশ বৰঘৰ মাৰলঘৰ যেন কৰি ফুৰিব পাৰিছে। নিয়ম-শৃংখলা লগাই সময়ৰ সদ্ব্যৱহাৰ কৰি কাম কৰা কাৰণেই পৰুৱাৰ দৰে লানি নিছিগা কামেও কর্মী আৰু নিয়মানুৱর্তী মানুহক জুমুৰি দি ধৰিব নােৱাৰে। ঘখন চলােৱাৰপৰা এখন ৰাজ্য চলােৱালৈকে সকলাে কামতে নিয়মানুবর্তিতা বজাই ৰাখি শৃংখলাৰ মাজেদি সময়ৰ সদ্ব্যৱহাৰ নকৰিলে ঘৰ গুচি অচিৰে বাঁহতল হৈ উঠে, ৰাজ্য গুচি অৰাজকতাত পৰিণত হয়। নীতি-নিয়ম মানি সময়ৰ সদ্ব্যৱহাৰ কৰিব নােৱৰাৰ কাৰণেই। মাত্র পাঁচ মিনিটৰ কাৰণে বিশ্ববিজয়ী নেপােলিয়নৰ ৱার্টালু যুদ্ধত হাৰিবলগীয়া হৈছিল। নিয়মমতে পঢ়া-শুনা, কামন নকৰি সময় অথলে খেদোৱা ল’ৰা-ছােৱালীয়ে বা মানুহে জীৱনত শিক্ষা-দীক্ষাতাে লাভ কৰিব নােৱাৰেই জীৱনত কেতিয়াও উন্নতিও কৰিব নােৱাৰে। নিয়মানুবর্তিতা আৰু সময়ৰ সদ্ব্যৱহাৰ জীৱনৰ উন্নতিৰ মূল চাবি-কাঠী।

৯ . ভাব সম্প্ৰসাৰণ কৰা

(ক) আইৰাে বার্তা গংগাৰাে যাত্রা।
উত্তৰঃ ‘আইৰাে বার্তা গংগাৰাে যাত্রা’- এই কথাষাৰিৰ পােনপটীয়া অৰ্থ হ’ল আইৰ খা-খবৰ ল’বলৈ যােৱাতেই পৱিত্ৰ গংগাকো দর্শন কৰা বা গংগাত স্নান কৰি অহা। ইয়াৰ প্রকৃত ভাবার্থ হ’ল কোনাে এটা কামলৈ গৈ তাৰ চেগতে বা লগতে অথবা সেই যােৱা আন এটি মহৎ বা পৱিত্ৰ কাম সমাধান কৰা। এনে কাৰ্যই সময়ৰ সদ্ব্যৱহাৰ কৰাৰ লগতে মনলৈ এক আনন্দও কঢ়িয়াই আনে। এটা কামলৈ গৈ সেই কাম নিয়াৰিকৈ কৰাৰ লগতে আনৰ কামতাে যদি সহায় কৰা হয় বা আনৰ উপকাৰ কৰা হয় তেতিয়াই গংগাৰ যাত্ৰাৰ সমানেই পুন্য হয় বুলি ধাৰণা কৰা হয়। কিয়নাে গংগা এখনি পুণ্যলােৱা নদী। ইয়াক দর্শন কৰিলে বা ইয়াত স্নান কৰিলে পুণ্য হয়, শান্তি হয় বুলি বিশ্বাস।

খ) ৰাইজে নখ জোকাৰিলে নৈ বয়।
উঃ এজন মানুহৰ অকলশৰীয়া প্ৰচেষ্টাত কোনো এটা কাম সমাধা কৰিবলৈ অসম্ভৱ যেন লগা কাম একোটাকো সমূহীয়া প্ৰচেষ্টাৰে সম্ভৱপৰ কৰি তুলিব পাৰি। নৈ এখন বোৱাব পৰাটো এজন বা দুজন ব্যক্তিৰ বাবে সম্ভৱপৰ নহয়। কিন্তু গোটেই ৰাইজ মিলি যদি কামটো আৰম্ভ কৰা হয়, নৈ এখন বোৱাই নিয়াটো একো টান কাম নহয়। ৰাইজৰ নখৰ আগৰ এটোপা এটোপা পানীৰে নৈ বোৱাব পৰাৰ দৰে, এপইচা, দুপইচাকৈ উঠাই ৰাইজৰ পইচাৰে একোখন ডাঙৰ অনুষ্ঠান প্রতিষ্ঠান গঢ়াৰ দৰে মহৎ কার্যও অনায়াসে সম্পাদন কৰিব পাৰি। গতিকে, উক্ত বাক্যটিৰে সন্মিলিত শক্তিৰ মহত্ব তথা ক্ষমতাৰ কথাকেই আঙুলিয়াই দিয়া হৈছে। (সমাৰ্থক যোজনা : ৰাইজৰ নাও বামেৰেও চলে)।

(গ) সময়ৰ শৰ মাৰিব নাজানিলে শৰ পহুৰ মঙহ খাবলৈ আশা কৰা মিছা।
উত্তৰঃ মানুহ বা আন চিকাৰী জন্তু দেখিলেই শৰ পহু তীব্র গতিৰে আঁতৰি যায়। এই শৰ পহুৰ মঙহ খাবলৈ আশা কৰি ইয়াক বধ কৰিব খুজিলে ঠিক সময়ত শৰ মাৰিব নােৱাৰিলে সেই শৰে শৰ পহুক আঘাত কৰিব নােৱাৰে। গতিকে শৰ পহু বধ কৰিবলৈ হলে এটা মুহূর্তও পলম নকৰি শৰ নিক্ষেপ কৰিব লাগে। ঠিক তেনেদৰে ঠিক সময়ৰ কাম ঠিক সময়ত নকৰিলে সেই কামৰ ভাল ফল কেতিয়াও আশা কৰিব নােৱাৰি। ভােগ লগাৰ সময়ত ভাত নাখাই পিছত খালেও খােৱাৰ তৃপ্তি নাপায়েই । বতৰ চাইকঠীয়া নাপাৰিলে জেঠৰ বাৰখৰত সিঁচিলে সেই কঠীয়াই গুণ নধৰে। ঠিক সময়ত ঔষধ ব্যৱহাৰ নকৰিলে ঔষধে ৰােগী বচাব নােৱাৰে। সময়ৰ শৰ মাৰিব নজনা’কথাই সময়ৰ সদ্ব্যৱহাৰ কৰিব নজনাৰ কথাকেই বুজাইছে। গতিকে সকলাে কামৰে সুফল পাবলৈ হ’লে যিটো কাম যিটো সময়ত কৰিব লাগে, ঠিক সেই সময়তেই কৰা উচিত। ইয়াৰ অকণমানাে হেৰফেৰত সময়ৰ শৰ মাৰিব নাজানিলে শৰ পহুৰ মঙহ খাবলৈ আশা কৰিব নােৱাৰাৰ দৰে সেই কামৰ সুফলাে আশা কৰিব নােৱাৰি।

ভাষা বিষয়ক প্ৰশ্ন উত্তৰ

১০। সন্ধি ভাঙা: শকাব্দ, খ্রীষ্টাব্দ, শংকৰাব্দ, চৈতন্যাব্দ, লক্ষণাক্রান্ত, কল্পনান্তৰ, কৰায়ত্ত, মনস্তাপ
উত্তৰঃ
 সংবৎ = স + বং
শকাব্দ = ক + অন্দ
খ্রীষ্টাব্দ = খ্রীষ্ট + অব্দ
শংকৰাব্দ = শংকৰ + অব্দ
চৈতন্যাব্দ = চৈতন্য + অব্দ
লক্ষণাক্রান্ত ও লক্ষণ + আক্রান্ত
কল্পনাস্তব = ক + অন্তৰ
কৰায়ত্ত = ক + আয়ত্ত
মনস্তাপ = মন্মঃ + তাপ

১১। পাঠটিত থকা কেইটামান যুৰীয়া শব্দ ব্যৱহাৰ কৰি বাক্য সাজা।

উত্তৰঃ দিন ৰাতি →প্রকৃতিৰ সকলাে কামেই দিন-ৰাতি চলি আছে।
কার্যকলাপ→তাৰ কু-কার্যকলাপবােৰ দেখি বেয়া লাগিছে।
যুদ্ধ-বিগ্রহঃ→ যুদ্ধ বিগ্রহে দেশৰ শাস্তি নাশ কৰে।
গতি-বিধি→ প্রকৃতি জগতৰ গতি-বিধি লক্ষ্য কৰিও সময় নিৰূপণ কৰা হয়।
ঢাৰি-পাটী→ ৰাতিপুৱা সকলাে ঢাৰি-পাটী এৰি নিজ নিজ কামত ধৰিব লাগে।
দীঘল চুটি→ গাৰ ছাঁ কিমান দীঘল-চুটি তাক চায়াে আগতে সময়ৰ অনুমান কৰিছিল।
যন্ত্রপাতি→ আধুনিক যন্ত্রপাতিয়ে টান কামাে সহজ কৰিছে।
নাযায়-নুপুৱায়→ এলোৰ দিনটো নাযায়-নুপুৱায়।
দেশ-বিদেশ→ শৃংখলা লগাই ৰেলবােৰ চলিছে কাৰণে কোনাে অসুবিধা নােহােৱাকৈ মানুহে সহজে দেশ-বিদেশ ফুৰিব পাৰিছে।
লৰী-মটৰ → লৰী-মটৰ আদিৰে বস্তু-বাহানি কঢ়িওৱাত সহজ হৈছে।

অতিৰিক্ত প্রশ্নোত্তৰ

অতি চমু প্রশ্নোত্তৰ :

১। দুয়ো ৰৈ নাথাকে, বৈ যায়।’– ইয়াত ৰৈ নাথাকে বুলি কাৰ কাৰ কথা কোৱা হৈছে?
উঃ নৈৰ সোঁত আৰু সময়ৰ কথা কোৱা হৈছে।

২। সময়ৰ সৰু ভাগবিলাক কি কি?
উঃ সময়ৰ সৰু ভাগবিলাক হ’ল দিন, ৰাতি, প্ৰহৰ।

৩। হিন্দু শাস্ত্র মতে যুগ কেইটা?
উঃ হিন্দু শাস্ত্র মতে যুগ হ’ল চাৰিটা।

8। যুগসমূহৰ পৰিৱৰ্তনক কি নামেৰে জনা যায়?
উঃ যুগসমূহৰ পৰিৱৰ্তনক কল্পান্তৰ, চাইক্লিক আদি বিভিন্ন নামেৰে জনা যায় ।

৫। স্মৰণীয় ঘটনাসমূহক অৱলম্বন কৰি সময়ক কি কি ভাগত ভাগ কৰা হৈছে?
উঃ স্মৰণীয় ঘটনাসমূহক অৱলম্বন কৰি সময়ক সংবৎ, শকাব্দ, খ্রীষ্টাব্দ, হিজৰী, শংকৰাব্দ, চৈতন্যাব্দ আদি বিভাগত ভাগ কৰা হৈছে।

৬। ইয়াক বেলি-ঘড়ীও বুলিব পাৰি’— কাক বেলি-ঘড়ী বুলিব পাৰি বুলি কোৱা হৈছে?
উঃ বেলিফুল বা সূর্যমুখী ফুলক বেলি-ঘড়ী বুলিব পাৰি বুলি কোৱা হৈছে।

৭। খ্ৰীষ্টানসকলৰ মতে যীশুৰ ৰাজত্ব কাল কিমান?
উঃ খ্ৰীষ্টানসকলৰ মতে যীশুৰ ৰাজত্ব কাল হ’ল মিলেনিয়াম বা হাজাৰ বছৰ।

৮। প্রকৃতি জগতৰ কি গতি-বিধিত আমি বসন্ত ঋতুৰ আগমন ধৰিব পাৰোঁ?
উঃ জাৰত ঠেটুৱৈ ধৰি ঠেৰেঙা হৈ থকা গছৰ ডালত কুঁহিপাত ওলালেই বসন্ত ঋতুৰ আগমন ধৰিব পাৰি।

৯। কিহৰ ডাকত ৰাতি পুৱাল বুলি মানুহে শোৱা ঢাৰি-পাটী এৰিবৰ উপক্রম হয়?
উঃ কুকুৰাৰ ডাকত ৰাতি পুৱাল বুলি মানুহে শোৱা ঢাৰি-পাটী এৰিবৰ উপক্রম হয়।

১০। মানুহৰ এক কল্প বা এহেজাৰ যুগ ব্ৰহ্মাৰ কিমান দিন?
উঃ মানুহৰ এক কল্প বা এহেজাৰ যুগ ব্ৰহ্মৰ মাত্ৰ এদিন আৰু এৰাতি ।

১১। কিহৰ ওপৰত সময়ৰ যথার্থ মূল্য স্থিৰ কৰিব পাৰি?
উঃ সময়ৰ সদ্ব্যৱহাৰ কৰা কথাৰ ওপৰত সময়ৰ যথাৰ্থ মূল্য স্থিৰ কৰিব পাৰি।

১২। কেতিয়া ঘৰ গুচি বাঁহতল হৈ উঠে?
উঃ শৃংখলাৰ মাজেদি সময়ৰ সদ্ব্যৱহাৰ নকৰিলে ঘৰ গুচি অচিৰেই বাঁহতল হৈ উঠে৷

১৩। সময় কিহৰ দৰে উৰা মাৰে?
উঃ সময় পাখিলগা কাঁড়ৰ দৰে উৰা মাৰে।

১৪। দিগ্বিজয়ী নেপোলিয়নে ৱাটাৰ্ল যুদ্ধত কিয় পৰাস্ত হৈছিল বুলি কোৱা আছে?
উঃ পাছৰ পৰা বল দিয়া সেনা গৈ পোৱাত পাঁচ মিনিট পলম হোৱা বাবেই নেপোলিয়নে ৱাটাৰ্ল যুদ্ধত পৰাস্ত হৈছিল বুলি কোৱা আছে।

১৫। সময়ক কি ধন বোলা কথাষাৰ সঁচা ?
উঃ সময়ক অমূল্য ধন বোলা কথাষাৰ সঁচা।

১৬। সময় বাগৰি যোৱাৰ উমান ক’ত পোৱা যায় ?
উঃ সময় বাগৰি যোৱাৰ উমান কাৰ্যক্ষেত্ৰতহে পোৱা যায়।

১৭। ‘সময়’ পাঠটোৰ লেখক কোন?
উঃ ‘সময়’ পাঠটোৰ লেখক হ’ল নীলমণি ফুকন।

১৮| সময়ৰ জোখ ক’ত পোৱা যায়।
উঃ সময়ৰ জোখ কামতহে পোৱা যায়।

অতি চমু উত্তৰ দিয়া

(ক) নীলমণি ফুকন অসমীয়া সমাজত কি উপাধিৰে পৰিচিত?
উত্তৰঃ বাগ্মীৰ’ উপাধিৰে।

(খ) নীলমণি ফুকনৰ দুখন গ্ৰন্থৰ নাম লিখা।
উত্তৰঃ ‘জ্যোতিকণা’, ‘চিন্তামণি।

(গ) হিন্দু শাস্ত্রমতে যুগ কেইটা?
উত্তৰ চাৰিটা।

(ঘ) কল্কি অৱতাৰৰ পিছত কি যুগ প্রৱৰ্তন হ’ব বুলিছে?
উত্তৰঃ সত্যযুগ প্রৱৰ্তন হ’ব বুলিছে।

(ঙ) মানুহৰ এবছৰে দেৱতাৰ কিমান দিন বুলি কোৱা হৈছে?
উত্তৰঃ এদিন।

(চ) সময়ৰ ডাঙৰ ভাগবিলাক কি কি?
উত্তৰঃ যুগ, কল্প, শতাব্দী।

(ছ) সময়ৰ মজলীয়া ভাগবােৰ কি কি?
উত্তৰঃ ঋতু, বছৰ, মাহ।

(জ) সময় কিহেৰে জুখিব পাৰি?
উত্তৰঃ কামেৰে।

(ঝ) কি শক্তিৰ বলত মানুহে লাহে লাহে সময় নিৰূপণৰ কৌশল উলিয়াব ধৰে?
উত্তৰঃ উদ্ভাৱিকা শক্তিৰ বলত।

(ঞ) সময়’ নামৰ পাঠটিৰ লেখক কোন?
উত্তৰঃ বাগ্মীব নীলমণি ফুকন।

(ট) সময়ৰ সোঁতক কিহৰ লগত তুলনা কৰা হৈছে?
উত্তৰঃ নৈৰ সোঁতৰ লগত।

(ঠ) সময়ৰ গতি কিহৰ নিচিনা?
উত্তৰঃ পাখি লগা কাঁড়ৰ নিচিনা।

(ড) কিহৰ ওপৰত সময়ৰ যথার্থ মূল্য নিৰূপণ কৰিব পাৰি?
উত্তৰঃ সময়ৰ সদ্ব্যৱহাৰ কৰাৰ ওপৰত।

(ট) সময়ৰ প্ৰকৃত যন্ত্রপাতি কি?
উত্তৰঃ কর্ম।

চমু প্রশ্নোত্তৰ :

১। সময়ক কিয় নৈৰ সোঁতৰ লগত তুলনা কৰা হয় বুজাই লিখা?
উঃ সময়ক নৈৰ সোঁতৰ লগত তুলনা কৰাৰ কাৰণ হ’ল যিদৰে নৈৰ সোঁত নিৰৱধিভাৱে চিৰ প্ৰৱাহিত হৈ থাকে, সময়ৰ সোঁতো পাৰ হৈ গৈ থাকে। নৈৰ সোঁত যাওঁতে চকুৰে দেখি, কিন্তু সময় পাৰ হৈ যোৱাটো চকুৰে দেখা নাযায়, কেৱল কার্যক্ষেত্ৰতহে তাৰ উমান পোৱা যায়। যিদৰে বৈ যোৱা নৈৰ সোঁতক পুনৰাই উভতাই আনিব নোৱাৰি, ঠিক সেইদৰে পাৰ হৈ যোৱা সময়কো পুনৰাই ঘূৰাই আনিব পৰা নাযায়।

২। কার্যক্রম অনুসৰি সময়ক কেনেদৰে আৰু কি কি ভাগত ভাগ কৰা হৈছে?
উঃ কার্যক্রম অনুসৰি সময়ক যুগ, কল্প, শতাব্দী আদি ডাঙৰ ভাগত; ঋতু, বছৰ, মাহ আদি মজলীয়া ভাগত আৰু দিন-ৰাতি, প্ৰহৰ আদি সৰু সৰু ভাগত ভগোৱা হৈছে। এইবোৰকো আকৌ দণ্ড, পল, অনুপল আদিৰ দৰে ভগ্নাংশত ভাগ কৰা হৈছে।

৩। হিন্দু শাস্ত্রমতে কেতিয়া কল্কি অৱতাৰ হ’ৰ আৰু ইয়াৰ পিছত কি যুগৰ প্ৰৱৰ্তন হব?
উঃ হিন্দু শাস্ত্ৰ মতে চাৰি যুগৰ লক্ষণসমূহ নিৰ্ণয় কৰি থোৱা আছে। শাস্ত্ৰ অনুসৰি কলি যুগত বিষ্ণুৰ দশম বা শেষ অৱতাৰ কল্কি অৱতাৰ হ’ব। কল্কিয়ে পৃথিৱীৰ সমস্ত অত্যাচাৰীক নাশ কৰিব আৰু তাৰ পিছত সত্য যুগৰ প্ৰৱৰ্তন হ’ব।

৪। “জীৱ-জন্তুৰ আচৰণতো সময় নিৰূপণ কৰিব পাৰি’। — জীৱ-জন্তুৰ কি কি আচৰণত কেনেদৰে সময় নিৰূপণ কৰিব পৰা যায় ?
উঃ জীৱ-জন্তুৰ কিছুমান আচৰণত সময় নিৰূপণ কৰিব পৰা যায়, যেনে— কেঁকোৰা গাঁতত সোমালে, শামুকে পথাৰত দেখা দিলে, বালিমাহী চৰাই ওলালে, কুলি- কেতেকীয়ে মাতিলে, মাছে কণী পাৰিলে, চৰায়ে কূটা কঢ়িয়ালে, ভেকুলীয়ে টোৰটোৰালে একো একোটা ঋতুৰ গম পোৱা যায়। গৰুৱে চৰা ঠাইৰ পৰা ধূলি উৰাই উলটি আহিলে গধূলি হোৱা, শিয়ালৰ হোৱাত প্ৰতি প্ৰহৰৰ খবৰ পোৱা, ফেঁচুৱে জালি দিলে, টঙিত পাৰই ৰুণ দিলে পোহৰ হ’বলৈ আৰু বেছি পৰ নাই বুলি জানিব পৰা, কুকুৰাৰ ডাকত ৰাতি পুৱাল, ঢাৰি-পাটী এৰিবৰ হ’ল বুলি গম পোৱা আদি কথাৰ দ্বাৰা মানুহে সময় নিৰূপণ কৰিব পাৰে।

Leave a Comment

Your email address will not be published. Required fields are marked *

error

Enjoy this blog? Please spread the word :)

Scroll to Top